ধান খেতিৰ বিষয়ে ৰচনা | অসমীয়া ৰচনা

ধানখেতি

ইয়াত class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ ধান খেতিৰ বিষয়ে ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই  ধান খেতিৰ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। 

ধান খেতি 

পৰিচয়ঃ ধান গছ এবিধ তৃণজাতীয় ওষধি উদ্ভিদ। ই ২/৩ হাতলৈ ওখ হয় ৷ ইয়াৰ গাটো কোপোলা আৰু গা-গছৰ মাজে মাজে গাঁঠি থাকে। দুটা গাঁঠিৰ মাজৰ অংশক পাব বোলে। ধান গছৰ পাত দীঘল আৰু ঠেক। পাতবোৰ খহটা, কাষ দুটা চোকা। ধান গছৰ গুৰিত বহুতো গজালি ওলায়৷ গছৰ আগেদি ঠোক ওলায়। ঠোকবোৰত অসংখ্য গুটি ধৰে। গুটিবোৰক ধান বোলে। ধানৰ ভিতৰত থকা অংশটোৰ নাম চাউল। 

প্ৰকাৰঃ ধান বহু প্ৰকাৰৰ থাকিলেও অসমত আহু, শালি, বাও আৰু বৰো - এই চাৰি প্ৰকাৰৰ ধানখেতি কৰা হয় যদিও আইজং ধানৰ খেতিৰ চাহিদা আমাৰ ৰাজ্যখনত বাঢ়িছে। 

আহু ধানঃ আহু মানে বাম মাটিত সিঁচি খেতি কৰা আৰু সোনকালে পকা এজাতি ধান। পলসুৱা, শুকান মাটিত আহু খেতি ভাল হয়। চ'ত, ব'হাগ মাহ আহু খেতিৰ বাবে উপযোগী। প্ৰথমতে মাটিডৰা চাহ কৰি লোৱা হয়। তাৰ পাছত আহু ধান সিঁচা হয়। ধান গজি ওখ হোৱাৰ পিছত এবাৰ বিন্ধা দিব লাগে। বিন্ধা দিলে ধানডৰা পাতল হয় আৰু ওখ হ'বলৈ সুবিধা পায়। পিছত ধানৰ মাজত গজা অলাগতিয়াল বন আদি নিৰাই দিব লাগে। জেঠ আৰু আহাৰ মাহত আহু ধান কটা হয় ৷ 

আজিকালি আগতীয়া আহু ধানৰ খেতি জনপ্ৰিয় হৈ উঠিছে। ১০০/১০৫ দিনৰ ভিতৰতে হোৱা আগতীয়া আহুৰ ফচল পোৱা যায়। আগতীয়া আহুৰ জাতৰ ভিতৰত পুচা ২-২১, ৰাঁচি, চকেট, আই আৰ-৩৬, লুইত, কপিলী আদিয়েই প্ৰধান। এই খেতি ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা আৰম্ভ কৰা হয় । 

শালি ধানঃ দ মাটিত হোৱা অসমৰ প্ৰধান ধান। শালি ধানৰ বাবে জেঠ-আহাৰ মাহত কঠীয়া সিঁচা হয়। শাওণ-ভাদ মাহত শালি খেতিৰ মাটিডৰা বোকা কৰি সমান আঁতৰে আঁতৰে কঠীয়াবোৰ ৰুই দিয়া হয়। পানী সমান আৰু পৰ্যাপ্ত পৰিমাণত ৰাখিবৰ বাবে খেতিডৰাৰ মাজে মাজে আলি বান্ধি দিয়া হয়। আঘোণ-পুহ মাহত ইয়াক চপোৱা হয় 

বাওধানঃ দ মাটিত সিঁচা, বাঢ়নী পানীতো নষ্ট নোহোৱা এবিধ ধান। আহু ধানৰ দৰে শুকান দ মাটি চাহ কৰি চ'ত-ব'হাগ মাহত বাও ধান সিঁচা হয়। বাও ধানৰ বাবে পানী অত্যন্ত আৱশ্যক অৰ্থাৎ বাও ধানত সকলো সময়তে পানী থাকিবই লাগিব । সাধাৰণতে আহু-শালি কৰিব নোৱৰা দ মাটিতহে বাও ধানৰ খেতি কৰা হয় ৷ আঘোণ- পুহ মাহত এই খেতি চপোৱা হয় । 

বৰো ধানঃ বৰো ধানৰ বাবে আঘোণ-পুহ মাহত কঠীয়া সিঁচি মাঘ-ফাগুন মাহত এই ধানৰ খেতি কৰা হয়। দ খাল-বিলতো এই খেতি কৰা হয়। বৰো ধানৰ খেতিও আজিকালি জনপ্ৰিয় হৈ উঠিছে। চৰকাৰী অনুমোদিত জাতৰ ভিতৰত বৰো-১, বৰো ২, কালচাৰ, মাচুৰি, বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ, কলিংগ আদিয়েই প্ৰধান। 

আমাৰ দেশত ধান খেতিৰ বাবে মাটি চহাবলৈ গৰু ম'হে টনা নাঙল, মৈ ব্যৱহাৰ হয়। খেতি চপাবলৈ অৰ্থাৎ গছবোৰ কাটিবলৈ কাঁচি ব্যৱহাৰ কৰা হয়। তথাপিও আজিকালি এই দুয়োটা কাৰ্যতে ট্ৰেক্টৰ, পাৱাৰটিলাৰ ব্যৱহাৰ কৰা হয়। পানীৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হয় । ধানৰ গুটিবোৰ ৰ'দত শুকুৱাই ঢেকীত বা মেচিনত খুন্দি চাউল উলিওৱা হয়। চাউল সিজালে ভাত হয়। ভাত আমাৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰে চাউলৰ পৰা চিৰা, সান্দহ, নানাধৰণৰ পিঠা, পায়স আদি জনপ্ৰিয় খাদ্য তৈয়াৰ কৰিব পাৰি। বৰা ধানৰ চাউল, কোমল চাউল অতি উত্তম জলপান। পূজা-পাৰ্বন আৰু তাৰ নৈবেদ্য সম্ভাৰত চাউল অপৰিহাৰ্য ৷ 

সামৰণিঃ বৰ্তমান বিশ্বত জনসংখ্যা বৃদ্ধিৰ লগে লগে ধানৰ চাহিদাও বাঢ়ি  আছে। কিন্তু দেখা যায় ধানৰ উৎপাদন ইয়াৰ চাহিদা অনুপাতে বৃদ্ধি পোৱা  নাই। উৎপাদন বৃদ্ধিৰ আশাত খেতিত নানা ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত খেতিৰ উৰ্বৰা শক্তি নষ্ট হৈছে। সেয়ে আমি ধান খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে জৈৱিক তথা পচন সাৰ প্ৰয়োগ কৰা উচিত।

-- সমাপ্ত --

ছাত্ৰ-ছাত্ৰী সকলে  ধান খেতিৰ বিষয়ে অসমীয়া ৰচনাখন কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)

Next Post Previous Post
No Comment
Add Comment
comment url