কুকুৰৰ বিষয়ে ৰচনা | Dog Essay In Assamese

কুকুৰ

ইয়াত class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ এখন কুকুৰৰ বিষয়ে ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই কুকুৰৰ বিষয়ে ৰচনা (Dog Essay In Assamese) খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। 

কুকুৰৰ বিষয়ে ৰচনা

পৰিচয়ঃ কুকুৰ এবিধ পোহনীয়া জন্তু। দেশ, বিদেশভেদে বিভিন্ন জাতৰ কুকুৰ পোৱা যায়। পৃথিৱীৰ সকলো ঠাইতে কুকুৰ আছে। মতা কুকুৰক ধেকুৰা আৰু মাইকী কুকুৰক ধেকুৰী বুলি কোৱা হয়। বিদেশী উন্নত জাতৰ কুকুৰৰ ভিতৰত এলচিচিয়ান (এলচেচিয়ান), ডবাবমেন, লেব্ৰাডোৰ, স্পেনিয়েল, ভূটীয়া আদিয়ে প্ৰধান । ইয়াৰ ভিতৰত এলচিচিয়ান, স্পেনিয়েল, ডবাৰমেন আদি কুকুৰ চিকাৰ কৰা বিষয়ত বা চোৰ, অপৰাধীক ধৰা আদিত বৰ পাকৈত। 

আকৃতিঃ কুকুৰৰ গাটো নোমেৰে আগুৰা । ইয়াৰ মুখখন জোঙা আকৃতিৰ । দাঁত দুপাৰি। দাঁতবোৰ বৰ চোকা। ইয়াৰ ঠেং চাৰিখন। পিছৰ ঠেং দুখন বেঁকা আকৃতিৰ ৷ প্ৰতি ঠেঙতে পাঁচোটাকৈ নখ আছে। চকু দুটা সৰু কিন্তু উজ্জ্বল। কিছুমানৰ কাণ দুখন তললৈ ওলমি পৰা আৰু কিছুমানৰ থিয়। নেজডাল ওপৰলৈ ঘোৰ খোৱা। ঠাই আৰু পৰিৱেশ ভেদে কুকুৰ আকৃতিত ডাঙৰ-সৰু আছে। ভূটীয়া বা ঠাণ্ডা দেশত বাস কৰা কুকুৰৰ গাৰ নোমবোৰ দীঘল আৰু ঘন। 

বৰণঃ ক'লা, বগা, ৰঙা, মুগা, পখৰা আদি নানা বৰণৰ কুকুৰ আছে। 

খাদ্যঃ মাংস বা জন্তুৰ হাড় কুকুৰৰ প্ৰিয় খাদ্য যদিও মানুহে খোৱা প্ৰায়বোৰ খাদাই কুকুৰে খায়। 

প্ৰকৃতিঃ কুকুৰ বৰ প্ৰভুভক্ত প্ৰাণী। কুকুৰ সাহসী আৰু ইয়াৰ গোন্ধ পোৱা-শক্তি বৰ চোকা। ই বৰ চিকাৰী জন্তু। ইয়াৰ টোপনি বৰ কম। কুকুৰৰ ভাগৰ লাগিলে জিভা উলিয়াই ঘনকৈ উশাহ লয় আৰু আনন্দ লাগিলে বা সন্তুষ্টি প্ৰকাশ কৰিলে নেজ জোকাৰে। ইয়াৰ স্মৃতিশক্তিও বৰ প্ৰবল। অৱস্থা অনুযায়ী কুকুৰ খঙাল আৰু উগ্ৰ স্বভাৱৰ। খং উঠিলে দাঁত নিকতাই গেঙেৰি মাৰে। মাইকী কুকুৰে এবাৰত ৪/৫টাকৈ পোৱালি দিয়ে। 

কুকুৰৰ উপকাৰিতাঃ কুকুৰ বৰ উপকাৰী জন্তু। ই ৰাতি গৰাকীৰ ঘৰত পহৰা দি থাকে। চিকাৰীবোৰে কুকুৰক চিকাৰ ধৰা কামত খটুৱায় । প্ৰশিক্ষণ দি চোৰ-ডকাইত আদি অপৰাধী ধৰা কামত পুলিচে কুকুৰক ব্যৱহাৰ কৰে। চাৰ্কাছতো কুকুৰক খেল প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। তুষাৰ অঞ্চলত কুকুৰৰ দ্বাৰা ‘শ্লেজ' গাড়ী টনা হয়। প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰক চিনেমাতো অভিনয় কৰোৱা হয় । 

কুকুৰৰ অপকাৰিতাঃ কুকুৰে মানুহক কেতিয়াবা বিপদতো পেলায়। কুকুৰ পগলা হ'লে ভয়ানক হৈ পৰে আৰু যাকে য’তে পায় কামোৰে । কুকুৰে কামুৰিলে জলাতংক ৰোগ হোৱাৰো সম্ভাৱনা থাকে। ইয়াৰ নখ আৰু দাঁতত ৰেবিচ্‌নামৰ এবিধ ৰোগৰ বীজাণু থাকে।

সামৰণিঃ সকলো জন্তুৰ ভিতৰত কুকুৰ হৈছে মানুহৰ আটাইতকৈ বেছি বিশ্বস্ত গতিকে আমিও পোহনীয়া কুকুৰৰ উচিত যত্ন লোৱা উচিত।

-- সমাপ্ত --

class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকলে কুকুৰৰ বিষয়ে ৰচনাখন (Dog Essay In Assamese) কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)

Next Post Previous Post
No Comment
Add Comment
comment url