হাতীৰ বিষয়ে ৰচনা | Elephant Essay In Assamese

হাতী

ইয়াত class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ এখন হাতীৰ বিষয়ে ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই  হাতীৰ বিষয়ে ৰচনা (Elephant Essay In Assamese) খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। 

হাতীৰ বিষয়ে ৰচনা

আৰম্ভণিঃ হাতী এবিধ চাৰিঠেঙীয়া, ওখ, শুঁৰ থকা বনৰীয়া জন্তু । মানুহে ইয়াক বনৰ পৰা ধৰি আনি পোহ মনায়। মতা হাতীক মখনা বা দঁতাল আৰু মাইকী হাতীক মাখুন্দী বোলে। কোনো কোনো ঠাইত মাইকী হাতীক হস্তিনীও বোলে । 

আকৃতিঃ হাতী আটাইতকৈ ডাঙৰ জন্তু। ই ওখই ৩/৩.৫ মিটাৰমান হয়। ইয়াৰ ঠেং চাৰিখন শকত শকত। প্ৰতি ঠেঙতে পাঁচটাকৈ নখ আছে। হাতীৰ কাণ দুখন একোখন ডলাৰ মান ডাঙৰ । চকু দুটা শৰীৰৰ তুলনাত সৰু । শুঁৰডাল দীঘল আৰু তলৰ ফালে (আগফালে) ক্ৰমান্বয়ে সক। শুঁৰৰ আগত দুটা বিন্ধা আছে। এই বিন্ধা দুটাই হাতীৰ নাক। হাতীৰ গাৰ ছাল বৰ ডাঠ। গাৰ নোম পাতল আৰু ঠৰঙা। নেজডাল দীঘল। নেজত চুলি কম। মতা হাতীৰ মুখৰপৰা শুঁৰডালৰ দুয়োকাষে দুটা শকত আৰু দীঘল দাঁত ওলায় ৷ 

হাতীৰ খাদ্যঃ হাতী হৈছে তৃণভোজী জন্তু । হাতীয়ে কলগছ, বাঁহগছৰ পাত, ধান, ফল-মূল আৰু সেউজীয়া দল ঘাঁহ খায়। হাতীয়ে শুঁৰডালেৰে খাদ্য ভাঙি-মুচৰি মুখত ভৰাই দিয়ে। আনকি পানীও শুঁৰেৰে শুহি লৈ মুখত ঢালি দিয়ে। 

প্ৰকৃতিঃ পোহনীয়া হাতী বৰ শাস্ত। সি মাউতৰ আদেশত চলে। বনৰীয়া হাতী উগ্ৰ স্বভাৱৰ। ই দল বান্ধি থাকি ভাল পায়। প্ৰতিটো দলতে এটা মতা হাতী দলপতি হিচাপে থাকে যিয়ে দলটো পৰিচালনা কৰে। মাইকী হাতীয়ে উপযুক্ত বয়স হ’লে ৭/৮ বছৰৰ মূৰে মূৰে এটাকৈ পোৱালি দিয়ে। পোৱালিবোৰ মাকৰ গাখীৰ খাই ডাঙৰ-দীঘল হয়। 

বৰণঃ হাতী সাধাৰণতে ক'লা বা মাটিয়া বৰণৰ হয়। অৱশ্যে কিছু কিছু দেশত বিষেশকৈ থাইলেণ্ডত বগা হাতীও পোৱা যায়। 

হাতীৰ উপকাৰিতাঃ হাতী মানুহৰ উপকাৰী জন্তু। দুৰ্গম পথত বা দুৰ্গম ঠাইলৈ হাতীৰ পিঠিত উঠি যোৱা হয়। মাল-বস্তু কঢ়িওৱা হয়। গছৰ টুকুৰা, গধুৰ বস্তু আদি টনাত হাতীক ব্যৱহাৰ কৰা হয়। পোহনীয়া হাতীৰ সহায়েৰে বনৰীয়া হাতী ধৰি আনি অৰ্থ উপাৰ্জন কৰা হয়। আগৰ দিনত হাতীত উঠি যুদ্ধ-বিগ্ৰহ কৰিছিল। হাতীৰ দাঁত বৰ মূল্যৱান বস্তু। হাতীৰ দাঁতৰ পৰা বিভিন্ন অলংকাৰ আৰু পুতলা, মডেল, ফণী আদি তৈয়াৰ কৰা হয় ৷ 

সামৰণিঃ হাতী ৰাজষিক জন্তু। হিন্দু ধৰ্মৰ মানুহে হাতীক গণেশ দেৱতা বুলি জ্ঞান কৰি ভক্তি কৰে। হাতী অসম ৰাজ্যৰ মূল্যৱান সম্পদ। আমি বানঞ্চল বৃদ্ধি কৰি আৰু চোৰাং চিকাৰীৰ  হাতৰ পৰা হাতীক সুৰক্ষা দি এই আপুৰুগীয়া জন্তুবিধক ৰক্ষণাবেক্ষণ  দিয়া উচিত।

-- সমাপ্ত --

 class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকলে হাতীৰ বিষয়ে ৰচনাখন (Elephant Essay In Assamese) কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)

Next Post Previous Post
No Comment
Add Comment
comment url