কল গছৰ বিষয়ে ৰচনা

ইয়াত কল গছৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে।  class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকল এই  কল গছৰ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। 

কল গছ 

আৰম্ভণিঃ কল এবিধ ঔষধি জাতীয় গছ। ই এবাৰ ফল দিয়েই মৰি যায়। ইয়াৰ মূঢ়াত চকু থাকে। এই চকুৰ পৰাই পুলি ওলায়। কোনো কোনো কলগছ গুটিৰ পৰাও হয় ।

প্ৰকাৰঃ কলগছ কেইবাবিধৰো আছে। যেনে : আঠীয়া, পুৰাকল, মালভোগ, চেনিচম্পা, মনোহৰ, জাহাজী, ভীম কল ইত্যাদি। 

বিৱৰণঃ কলগছ সাধাৰণতে ৮/১০ হাতমান ওখ হয়। ইয়াৰ ডাল নাই। গা-গছৰ গুৰিটো শকত, ওপৰলৈ ক্ৰমে সৰু। গা-গছৰ বাকলিক পটুৱা বোলে। পটুৱাবোৰ তৰপে তৰপে গঠিত থাকে । কলগছৰ পাতবোৰ ডাঙৰ ৷ দীঘলে প্ৰায় ৩/৪ হাত আৰু বহলে প্ৰায় ১ হাতমান হয়। পাতৰ মাজত দীঘল ঠাৰি থাকে। পাতৰ বৰণ সেউজীয়া । কলগছৰ মূৰেৰে কলডিল ওলায়। কলডিলৰ বগা বগা ফুলবোৰৰ পৰাই কল হয়। কেঁচাকল সেউজীয়া । পকিলে ই হালধীয়া বৰণৰ হয় । পকা কল কোমল আৰু দেখিবলৈ মনোৰম ৷ খাবলৈ অতি সোৱাদ । 

কলগছৰ মুঢ়াত শিপা থাকে। এই শিপাবোৰেই গছডালৰ বাবে লাগতিয়াল আহাৰ, পানী আদি মাটিৰ পৰা শুহি লয় আৰু গছডাল হালি নপৰাকৈ মাটিত খামুচি ধৰি ৰাখে। কলগছৰ প্ৰতি অংশই দেখিবলৈ ধুনীয়া । 

ৰোৱা বা উৎপাদন প্ৰণালীঃ এই খেতিৰ বাবে মাটি চহাব নালাগে। ওখ মাটিত ৫/৬ হাত আঁতৰে আঁতৰে কলপুলি ৰুব লাগে। সাধাৰণতে ভাদ, আহিন, কাতি মাহত ইয়াৰ খেতি কৰা হয়। বেলেগ বেলেগ জাতৰ কলত বেলেগ বেলেগ সাৰ দিব লাগে। কথিত আছে - 

আঠিয়াত গোবৰ।
মনোহৰত জাবৰ । 
পুৰাত খাই।
মালভোগত ছাই। 

ইয়াৰ উপৰি মাহেকে পষেকে কলগছৰ গুৰি চিকুণাই থাকিব লাগে। 

কল গছৰ উপকাৰিতাঃ কল এবিধ বৰ পুষ্টিকৰ ফল । পকা কল স্বাস্থ্যৰ পক্ষে বৰ উপকাৰী । কলডিল, আৰু কেঁচা পুৰাকলৰ আঞ্জা মানুহে খায়। পূজা, শ্ৰাদ্ধৰ মণ্ডপত কলপুলি ব্যৱহাৰ হোৱাৰ উপৰি কোনো কোনো ঠাইত কলপাতেৰে অস্থায়ী ৰভা সাজে। সৰু কলপুলি বাকলি গুচাই প্ৰয়োজনীয় অংশটো সৰু সৰুকৈ কুটি লোৱা বস্তুখিনিক পচলা বোলে। পচলাৰ তৰকাৰী অসমীয়া মানুহৰ এবিধ প্ৰিয় খাদ্য। দেৱ কাৰ্যত কলগছ, পকাকল, কলপাত, দোনা আৰু কলডিল ব্যৱহাৰ কৰে। কলগছৰ সকলো অংগকে পুৰি পোৱা ছাইক খাৰ বুলি কোৱা হয়। এই খাৰেৰে আঞ্জা খোৱা, কাপোৰ ধোৱা, মূৰ ধোৱা হয়। কলগছ হাতীৰো প্ৰিয় খাদ্য। কলগছৰ আঁহেৰে তৈয়াৰ কৰা সূতাৰ পৰা বোৱা কাপোৰ মিহি আৰু ধুনীয়া। কলগছ পানীত ভাহে। গতিকে কলগছেৰে ভূৰ সজা হয়৷ কলগছৰ ভূৰ বিশেষকৈ বানপানী হোৱা অঞ্চলৰ বাবে বৰ প্ৰয়োজনীয় । মথাউৰি, বান্ধ আদি সজাতো কলগছ ব্যৱহাৰ হয়। মুঠতে কলগছৰ কোনো অংশ‍ই পেলোৱা নহয়। এই খেতি কৰি বহুতে জীৱিকা উলিয়ায়। বিবাহ, সবাহ বা কোনো ভাল অনুষ্ঠানৰ পদূলি মুখত কলপুলি ৰোৱা হয়।

সামৰণিঃ আমাৰ সমাজত কল গছৰ সকলো অংশই বিভিন্ন কামত ব্যবহাৰ কৰা হয়। গতিকে এনে এবিধ লাগতিয়াল গছ আমাৰ সকলোৰে ঘৰত থকা উচিত।

-- সমাপ্ত -- 


কল গছৰ বিষয়ে ৰচনা খন কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)

Next Post Previous Post
No Comment
Add Comment
comment url