আমাৰ বিদ্যালয় বিষয়ে ৰচনা | Our School Essay In Assamese

ইয়াত আমাৰ বিদ্যালয়ৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে।  class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকল এই আমাৰ বিদ্যালয় (Our School Essay In Assamese) বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। (খালী ঠাই খিনিত নিজৰ বিদ্যালয়ৰ বিবৰণ লিখিব)

আমাৰ বিদ্যালয় 

আৰম্ভণিঃ আমাৰ বিদ্যালয়খনৰ নাম ............. বিদ্যালয়। আমাৰ বিদ্যালয়খন ......... চনত স্থাপন কৰা হৈছিল। আমাৰ বিদ্যালয়খন ............. জিলাৰ ............. মহকুমাৰ ............. মৌজাত অৱস্থিত। বিদ্যালয়ৰ পূবে ............., পশ্চিমে ............. উত্তৰে ............. আৰু দক্ষিণে............. আছে।

বিৱৰণঃ আমাৰ বিদ্যালয়ৰ ঘৰটো দীঘলে ..........মিটাৰ আৰু পুতলে ............. মিটাৰ। ঘৰটোৰ চাল টিনৰ। বেৰবোৰ ইটাৰে গঁঠা। বিদ্যালয় ঘৰটোত সৰ্বমুঠ ..... টা কোঠা আছে আৰু এটা বিদ্যালয়ৰ কাৰ্যালয়ৰ বাবে ব্যৱহাৰ কৰা হয়। ৰ'দ, বতাহ, পোহৰ আহিবলৈ যথেষ্ট দুৱাৰ, খিৰিকী, ভেন্টিলেটৰ আছে। কোঠাবোৰ আহল-বহল । সন্মুখৰ ফালে এখন বহল বাৰাণ্ডা আছে। পূবফালে এখন ফুলনি আছে। ছাত্ৰ-ছাত্ৰীসকলে খেলিবৰ বাবে এখন খেলপথাৰ আছে। বিদ্যালয়ৰ দক্ষিণে প্ৰস্ৰাৱখানা আৰু পায়খানা আছে। পানীৰ বাবে এটা দমকল আৰু ফিল্টাৰ আছে। 

শ্ৰেণী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীঃ আমাৰ বিদ্যালয়ত পাঁচটা শ্ৰেণীকোঠা আছে। আমাৰ বিদ্যালয়ত প্ৰায় ........ জন ছাত্ৰ-ছাত্ৰী আছে। ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে পঢ়া-শুনা কৰে। আমাৰ বিদ্যালয়ত .........জন শিক্ষক-শিক্ষয়িত্ৰী আছে। তাৰে ........ জন শিক্ষক আৰু ......... গৰাকী শিক্ষয়িত্ৰী। প্ৰত্যেকগৰাকী শিক্ষক- শিক্ষয়িত্ৰী প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁলোকে আমাক বৰ মৰমেৰে পঢ়ুৱায়। আমি তেখেতসকলক শ্ৰদ্ধা কৰো। 

সা-সঁজুলিঃ আমাৰ বিদ্যালয়ৰ প্ৰত্যেক শ্ৰেণীতে ছাত্ৰ-ছাত্ৰী বহিবলৈ ডেস্ক-বেঞ্চ আছে। প্ৰতি কোঠাতে শিক্ষক-শিক্ষয়িত্ৰী বহিবলৈ এযোৰকৈ টেবুল-চকী আছে। পঢ়ুৱাবলৈ প্ৰতি কোঠাতে ব্লেকব'ৰ্ড, চাৰ্ট আছে। তাৰোপৰি মেপ আৰু গ্লোবও আছে। বিদ্যালয়ৰ কাৰ্যালয়ত........টা আলমাৰী আৰু এটা ঘড়ী আছে। এটা আলমাৰীত আমাৰ বাবে বহুতো কিতাপ আছে। সেইবোৰ আমি ঘৰলৈ নি পঢ়ো। খেলিবৰ বাবে স্কিপিং, বল, কেৰম ব'ৰ্ড, বেডমিন্টন আদি আছে। মুঠতে আমাৰ বিদ্যালয়ত দৰকাৰী সকলোখিনি সঁজুলিয়েই আছে। 

উৎসৱঃ আমাৰ বিদ্যালয়ত সৰস্বতী পূজা বৰ জাকজমকতাৰে পালন কৰা হয় । তাৰোপৰি স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিশু দিৱস,  শিক্ষক দিৱস, শিল্পী দিৱস, ৰাভা দিৱস আদি পালন কৰা হয় ৷ 

বিশেষত্বঃ আমাৰ বিদ্যালয়খন এখন লেখত ল'বলগীয়া বিদ্যালয় ৷ আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল বৰ মৰমিয়াল। তেওঁলোকে বৰ যত্নেৰে আমাক পঢ়ুৱায়। প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ পৰা ৪/৫ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি পাই আহিছে। আমাৰ বিদ্যালয়ৰ বহুতো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী দেশৰ বাহিৰলৈ গৈ উচ্চ শিক্ষা লৈ আহিছে ৷ কোনো প্ৰতিযোগিতা হ'লে আমাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰি বহুতো পুৰস্কাৰো পাইছে। 

সামৰণিঃ মই মোৰ বিদ্যালয় খন বহুত ভাল পাওঁ। এনে এখন বিদ্যালয়ত পঢ়িবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱান্বিত। সেয়ে আমাৰ বিদ্যালয়ৰ ভৱিষ্যৎ উন্নতি কামনা কৰিলো ৷

-- সমাপ্ত --

আমাৰ বিদ্যালয় বিষয়ে ৰচনা খন কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।

Next Post Previous Post
No Comment
Add Comment
comment url