যি পদৰ দ্বাৰা মতা-মাইকী অথবা স্ত্ৰী-পুৰুষৰ পাৰ্থক্যৰ বোধ জন্ম তাকে লিঙ্গ বুলি কোৱা হয়। স্ত্ৰী-পুৰুষৰ ভেদ সূচক চিহ্নই ব্যাকৰণত লিঙ্গ ৰূপে পৰিচিত। সত্যনাথ বৰাৰ ভাষাত ‘যিহৰ দ্বাৰাই স্ত্ৰী-পুৰুষ ভেদ বুজা যায়, তাক লিঙ্গ বোলে।' অসমীয়া ভাষাত সাধাৰণতে প্ৰাণী বুজোৱা শব্দৰহে লিঙ্গ ভেদ কৰা হয়।
অসমীয়া ভাষাত লিঙ্গৰ প্ৰকাৰ
লিঙ্গ ভেদ অনুসৰি অসমীয়া ভাষাত চাৰিটা লিঙ্গ ভাগ কৰা হৈছে।
(১) পুংলিঙ্গ (Macsuline Gender)
(২) স্ত্ৰীলিঙ্গ (Feminine Gender)
(৩) ক্লীৱলিঙ্গ (Neuter Gender) আৰু
(৪) উভয় লিঙ্গ (Common Gender)
ওপৰত চাৰিবিধ লিঙ্গৰ কথা উল্লেখ কৰিলেও ‘অসমীয়া ভাষাত লিঙ্গ দুটাহে পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ। অচেতন পদাৰ্থ বা যাৰ পুৰুষ-স্ত্ৰী চিনিব নোৱাৰি, তেনে প্ৰাণীক ক্লীৱলিঙ্গত ধৰা হয়; কিন্তু সেই বস্তু বুজোৱা শব্দৰ কোনো বিশেষ আকৃতি নাই । পুংলিঙ্গৰ ৰূপেই তাৰো ৰূপ।' (কালিৰাম মেধি) গতিকে অসমীয়া ভাষাত লিঙ্গ ব্যাকৰণসিদ্ধ নহয় — ই সম্পূৰ্ণৰূপে অৰ্থগতহে।
পুংলিঙ্গ (Macsuline Gender)
পুৰুষক বুজোৱা শব্দক পুংলিঙ্গ বোলে। যেনে - পিতৃ, দেউতা, মামা, দাদা, পেহা, শিক্ষক ইত্যাদি।
স্ত্ৰীলিঙ্গ (Feminine Gender)
স্ত্ৰীক বুজোৱা শব্দক স্ত্ৰীলিঙ্গ বোলে। যেনে - মাতৃ, মামী, খুৰী, পেহী, বাইদেউ, শিক্ষয়ত্ৰী ইত্যাদি।
ক্লীৱলিঙ্গ (Neuter Gender)
স্ত্ৰী-পুৰুষক ভেদ কৰিব নোৱৰা শব্দক ক্লীৱলিঙ্গ বোলে। যেনে - কিতাপ, গাখীৰ, ঘৰ, নাও ইত্যাদি
উভয় লিঙ্গ (Common Gender)
স্ত্ৰী- পুৰুষ উভয়কে বুজোৱা শব্দসমূহক কোৱা হয় উভয়লিঙ্গ। যেনে - মানুহ, গৰু, ছাগলী, হাতী ইত্যাদি।
লিঙ্গ নিৰূপণ
অসমীয়া ভাষাত তলত দিয়া নিয়মেৰে লিঙ্গ নিৰ্ণয় কৰা হয় -
(১) পৃথক শব্দ প্ৰয়োগ কৰি অসমীয়া ভাষাত ব্যৱহৃত সংস্কৃত মূলজ আৰু দেশীয় শব্দত লিঙ্গ নিৰূপণ কৰা হয় ।
পুং লিঙ্গ | স্ত্ৰী লিঙ্গ |
---|---|
পিতৃ, পিতা, দেউতা | মাতৃ, আই, মা, মাতা |
পুত্ৰ, পুতেক | কন্যা, জীয়েক |
পো | বোৱাৰী |
ককা | আইতা |
ককাই, দাদা | নবৌ, বৌ |
ভাই | ভনী |
পুৰুষ | মহিলা |
ল'ৰা, আপা | ছোৱালী, আপী |
দেৱৰ | ননদ, জা |
ডেকা | গাভৰু |
তাৱৈ | আমৈ |
দদাই, দাইতি, খুৰা | খুৰী |
মোমাই, মামা | মামী |
এনেকৈ অসমীয়া সম্বন্ধ বাচক শব্দত লিঙ্গ নিৰূপণ কৰা হয়। অন্যান্য শব্দতো এনেদৰে পুং-স্ত্ৰী লিঙ্গ সধা হয়।
পুং লিঙ্গ | স্ত্ৰী লিঙ্গ |
---|---|
দমৰা | দামুৰী |
কোৱা | কাউৰী |
ৰজা | ৰাণী |
দঁতাল, মখনা | মাখুন্দী |
কোঁৱৰ | কুঁৱৰী |
বোন্দা | জাঁই |
দৰা, বৰ | কইনা, কন্যা |
গোলাম | বান্দী |
দমৰা | চাউৰী |
বলধ | গাই |
পতি | পত্নী |
গিৰিয়েক | ঘৈণীয়েক |
ভিনদেউ | বাইদেউ |
মুনিহ | তিৰোতা |
স্বামী | স্ত্ৰী |
সি | তাই |
ই | এই |
(২) দুটামান স্ত্ৰীবাচক শব্দৰ একাধিক পুংলিঙ্গ শব্দ আছে—
ভনী : জোঁৱাই, ককাই, ভাই
জী : জোঁৱাই, পুত্ৰ, পো
(৩) কিছুমান শব্দ - ই কাৰন্ত আৰু ঈকাৰন্ত কৰিও লিঙ্গভেদ কৰা হয়। যেনেঃ
পুং লিঙ্গ - ইকাৰন্ত | স্ত্ৰী লিঙ্গ - ঈ কাৰন্ত |
---|---|
নামতি | নামতী |
ৰান্ধনি | ৰান্ধনী |
সখা, সখি | সখী |
মঙ্গলতি | মঙ্গলতী |
ডাইনি | ডাইনী |
(৪) কিছুমান শব্দ সদায় স্ত্ৰীবাচক শব্দৰূপে পৰিচিত। যেনে : কাজী (নিপুণ তিৰোতা), আয়তী, এলাগী, লাগী, পোহাৰী, ফুলতী, ৰচকী, লাহতী, ৰাংঢালী, ৰোৱনী বোৱনী, ধাই (মাক) আৰু লগৰী।
(৫) কিছুমান শব্দ সদায় স্ত্ৰী বাচক শব্দ হিচাপে ব্যৱহাৰ হয়। যেনে : পৃথিৱী, ধৰা, ধৰিত্ৰী, অৱনী, বসুমতী, পূজা, অৰ্চনা, সেৱা, গংগা, যমুনা, সৰস্বতী, ভাষা, সভা, ৰজনী, ভক্তি, মিনতি, নিশা, ঊষা, মাতৃ, লেখা (লিখা) বীণা, বিদ্যা, বুদ্ধি, চন্দ্ৰমা জোনবাই— কিন্তু চন্দ্ৰ পুৰুষ বাচক।
(৬) স্থানবাচক শব্দবোৰ সাধাৰণতে স্ত্ৰীবাচক শব্দ হিচাপে ধৰা হয়। যেনে – ভাৰত, অসম, ইংলেণ্ড, চীন, ইৰাক, ইৰান ইত্যাদি।
(৭) নদীবাচক শব্দবোৰো স্ত্ৰীবাচক শব্দৰূপে পৰিচিত, যেনেঃ গংগা, যমুনা, গোদাবৰী, নৰ্মদা, তাপ্তী, ভোগদৈ, ধনশিৰি, গাভৰু, আই ইত্যাদি।
কিন্তু ব্ৰহ্মপুত্ৰ, সিন্ধু, গদাধৰ, শোণ আদি নৈক পুৰুষ বাচক হিচাপে ধৰা হয়।
(৮) পৰ্বত, পাহাৰ, হ্ৰদ, গ্ৰহ, নক্ষত্ৰ, দিন, মাহ আদি শব্দবোৰ সাধাৰণতে পুৰুষ বাচক, স্ত্ৰীবাচকো হয়। যেনেঃ
পুৰুষ বাচকঃ হিমালয়, বিন্ধ্য, আৰাৱলী, নীলগিৰি, নগা, বৰাইল আদি পৰ্বত; লোপতক, মানস সৰোবৰ, পুস্কৰ, সম্বৰ আদি হ্ৰদ; বুধ, শুক্ৰ, মঙল, বৃহস্পতি, শনি আদি গ্ৰহ; কালপুৰুষ, সপ্তৰ্ষী মণ্ডল, সূৰ্য, ধ্ৰুৱ আদি নক্ষত্ৰ; দেও, সোম, বুধ, বৃহস্পতি, শুকুৰ, শনি আদি মাহ, ব'হাগ, জেঠ, আহাৰ আদি মাহক কিন্তু পৃথিৱী গ্ৰহ স্ত্ৰীবাচক। চন্দ্ৰ পুৰুষবাচক; কিন্তু জোন বা চন্দ্ৰমা স্ত্ৰীবাচক। ব'হাগ মাহ পুৰুষ বাচক; কিন্তু বিশেষণ ব'হাগী স্ত্ৰী বাচক। ঠিক সেইদৰে তলৰ বিশেষ্য পদবোৰ বিশেষণ কৰিলে স্ত্ৰীবাচক শব্দলৈ পৰিৱৰ্তন হয় ।
বিশেষ্য (পুং) | বিশেষণ (স্ত্ৰী) |
---|---|
ব'হাগ | ব'হাগী |
আহাৰ | আহাৰী |
শাওণ | শাওণী |
ভাদ | ভাদৈ |
আহিন | আহিনী |
আঘোণ | আঘোণী |
মাঘ | মাঘী |
ফাগুন | ফাগুনী |
(৯) সংখ্যাবাচক শব্দবোৰত আকাৰ, ঈকাৰ, যোগদি স্ত্ৰীবাচক শব্দলৈ ৰূপান্তৰিত কৰা হয়। যেনে -
পুং লিঙ্গ | স্ত্ৰী লিঙ্গ |
---|---|
প্ৰথম | প্ৰথমা |
দ্বিতীয় | দ্বিতীয়া |
তৃতীয় | তৃতীয়া |
চতুৰ্থ | চতুৰ্থী |
পঞ্চম | পঞ্চমী |
ষষ্ঠ | ষষ্ঠী |
সপ্তম | সপ্তমী |
অষ্টম | অষ্টমী |
নৱম | নৱমী |
দশম | দশমী |
ঠিক সেইদৰে একাদশ, দ্বয়োদশী, ত্ৰয়োদশী আদি। শুক্ল-কৃষ্ণ পক্ষ-পুৰুষবাচক, কিন্তু সংখ্যাবাচক স্ত্ৰী শব্দৰ সংযোগ হ'লে স্ত্ৰীবাচক হয়— শুক্লা প্ৰতিপদ, শুক্লা একাদশী, কৃষ্ণ চতুৰ্থী আদি ।
পূৰ্ণিমা, অমাৱস্যা—স্ত্ৰীবাচক শব্দ ৷
(১০) অসমীয়া ফুলবাচক শব্দবোৰক স্ত্ৰীবাচক শব্দ বুলি ধৰা হয়—যেনেঃ শেৱালি, নেৱালি, জৱা, বকুল, খৰিকাজাঁই, অপৰাজিতা, পদুম, ভেট, যুতি, তগৰ, ডালিয়া, নাৰ্জি আদি।
(১১) কেইটামান পুৰুষবাচক শব্দৰ স্ত্ৰীবাচক ৰূপ নাই— দড়ীয়া, গুফীয়া, ঢুলীয়া, হালোৱা, জালোৱা, তামুলি, আলধৰা, আঁঠপৰীয়া, মৌলৱী, মোল্লা।
(১২) কিছুমান গছৰ নাম পুৰুষ বাচক। যেনে : নাহৰ, অৰ্জুন, শাল, বনচোম, বনবগৰী, শিলিখা, চোম, শলখ, আঁহত ইত্যাদি ।