শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

ইয়াত শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা ৰ বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই শিক্ষাৰ মাধ্যমৰূপে মাতৃভাষাৰ বিষয়ে অসমীয়া ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

 শিক্ষাৰ মাধ্যমৰূপে মাতৃভাষা 

ভূমিকাঃ আজি ভাৰতৰ সৰ্বত্ৰতে মাতৃভাষাক বিদূৰ কৰাৰ প্ৰয়াস পৰিলক্ষিত হৈছে। পশ্চিমীয়া প্ৰভাৱত আমাৰ দেশত শিক্ষাৰ মাধ্যমৰূপে গঢ় লৈ উঠিছে এটা বিদেশী ভাষা। অথচ পৃথিৱীৰ অইন দেশবোৰত এই ভাষাৰ প্ৰতি মোহভঙ্গ ঘটিছে। মাতৃভাষাৰ যোগেদি এটা বিষয় যিমান সোনকালে আয়ত্ত কৰিব পাৰি অন্য ভাষাৰ যোগেদি ই সম্ভৱ নহয়। সেয়ে মাতৃভাষাই শিক্ষাৰ উপযুক্ত মাধ্যমৰূপে পৰিগণিত হোৱা দৰকাৰ। পৰাধীন দেশত ইংৰাজী ভাষাৰ যোগেদি শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছিল যদিও স্বাধীন দেশত তাৰ স্থান দেশী ভাষাই গ্ৰহণ কৰা উচিত। 

মাতৃভাষা মাধ্যম নোহোৱাৰ কুফলঃ মাতৃভাষা মাধ্যম নোহোৱাৰ ফলতেই পৰাধীন দেশত শিক্ষা একশ্ৰেণী মানুহৰ মাজত কুক্ষিগত হৈ আছিল। বৰ্তমানে তেনে অৱস্থাই পৰিলক্ষিত হৈছে। ইংৰাজী মাধ্যমৰ স্কুলবোৰ গাঁৱে-ভূঞে গঢ় লৈ উঠিছে আৰু ইয়াৰ ফলত ধনবান বা বিত্তশালী লোকৰ ল'ৰা-ছোৱালীবোৰে তাত পঢ়াৰ সুযোগ পাইছে। চৰকাৰী স্কুলবোৰলৈ ৰাইজৰ তীব্ৰ অনীহা প্ৰকাশ পাইছে। সৰ্বসাধাৰণ মানুহৰ ল'ৰা- ছোৱালীও তালৈ যাবলৈ উৎসাহবোধ নকৰা হৈছে। ইংৰাজী মাধ্যমৰ স্কুলবোৰে শিক্ষাক ব্যৱসায়লৈ ৰূপান্তৰিত কৰিছে। যথেষ্ট মাচুল তেওঁলোকে ছাত্ৰ-ছাত্ৰীবোৰৰ পৰা লৈ ব্যক্তিগত লাভৰ বাবেই খুব কম দৰমহাত শিক্ষক নিয়োগ কৰে।

ইংৰাজী মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে দেশৰ ঐতিহ্য পৰম্পৰাৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ লগতে যুগ যুগ ধৰি সভ্যতা, সংস্কৃতিৰ ফচল বহন কৰা ভাষাৰ শব্দবোৰৰ বিষয়ে কোনো জ্ঞান লাভ নকৰে৷ 

এই ভাষা শিক্ষাৰ মাধ্যমৰূপে স্বীকৃত হোৱাটোৱে সেই ভাষাৰ মৰ্যাদা বৃদ্ধি কৰে । মাতৃভাষা শিক্ষাৰ মাধ্যমৰূপে স্বীকৃত হোৱা মানে বুজিব লাগিব যে ভাষা এক বিশিষ্ট মানদণ্ডৰ ভাষা । তাক অৱমাননা কৰি ইংৰাজী ভাষাৰ আশ্ৰয় লোৱাটো নিজ মাতৃভাষাৰ প্ৰতি অপমানসূচক। আমাৰ অসমীয়া ভাষা এটা প্ৰাচীন ভাষা। এই ভাষাত ৰচিত সাহিত্যই ভাৰতীয় সাহিত্যৰ মৰ্যাদা, গৰিমা বহন কৰে। এই ভাষাক আন্দোলন কৰি শিক্ষাৰ মাধ্যম ৰূপে গ্ৰহণ কৰা হৈছিল। এই মাধ্যম আন্দোলনত বহুতো লোকে প্ৰাণ বিসৰ্জন দি শ্বহীদ হৈছিল। কিন্তু এই ভাষা এতিয়া এলাগী হৈ পৰিছে। ইংৰাজী ভাষাই গোটেই শিক্ষা ব্যৱস্থাটোকে সামৰি লৈছে। এনে অৱস্থাত মাতৃভাষাৰ ব্যৱহাৰ কৰাটো এক সমস্যাত পৰিণত হৈছে। 

মাতৃভাষাৰ প্ৰয়োজনঃ জ্ঞানলাভৰ কাৰণে ইংৰাজী বা বিদেশী ভাষা শিকাটো দৰকাৰ কিন্তু সেই বুলি নিজ মাতৃভাষাৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞা প্ৰকাশ কৰাটো উচিত নহয় । বিদেশী ভাষাৰ জৰিয়তে বিদেশী সাহিত্য তথা জ্ঞান-বিজ্ঞানৰ কথা জানিব পাৰি কিন্তু সেই বুলি এই ভাষাক শিক্ষাৰ মাধ্যমৰূপে গ্ৰহণ কৰাটো সমীচীন নহয়। নিজ মাতৃভাষাৰ সকলো প্ৰকাৰ উন্নতিৰ কাৰণে ই শিক্ষাৰ মাধ্যম হোৱাটো একান্ত আৱশ্যক। মাতৃভাষা শিক্ষাৰ মাধ্যম হলেহে বিভিন্ন জ্ঞান বিজ্ঞানৰ পুথি নিজ ভাষালৈ অনুদিত হ'ব পাৰে আৰু ইয়াৰ যোগেদি মাতৃভাষাৰ সন্মান বাঢ়ে। 

জাতিক আত্মনিৰ্ভৰশীল কৰিবলৈ মাতৃভাষাৰ শিক্ষা অতি আৱশ্যক। দেশৰ নিৰক্ষৰতা দূৰ কৰিবলৈ মাতৃভাষাক শিক্ষাৰ মাধ্যমৰূপে গঢ় দিব লাগিব তেতিয়াহে শিক্ষা সহজলভ্য হৈ পৰিব। গতিকে জাতিক সাৰ্থকভাৱে গঢ়ি তুলিবলৈ, সৰ্বসাধাৰণে শিক্ষাৰ পৰা সুফল লাভ কৰিবলৈ হ'লে মাতৃভাষাত শিক্ষাদান কৰাই একমাত্ৰ উপায় । অৱশ্যে বৰ্হিজগতৰ লগত সম্পৰ্ক বোজাই ৰখাৰ কাৰণে আৰু উচ্চতৰ জ্ঞান-বিজ্ঞান শিক্ষাৰ কাৰণে ইংৰাজীৰ দৰে এটা আন্তৰ্জাতিক ভাষাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিবই লাগিব । 

সামৰণিঃ অসমীয়া সাহিত্য তথা ভাষা ভাৰতৰ উন্নত ভাষা-সাহিত্যসমূহৰ ভিতৰত অন্যতম। ই নিত্য নতুন শক্তিৰে সমুজ্জ্বল হৈ উঠিব লাগিছে। এই ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধা হেৰুৱাটো জাতিৰ সুলক্ষণ নহয় অথচ ইংৰাজী মাধ্যমৰ প্ৰতি আকৃষ্ট হৈ দেশৰ শিক্ষিত আৰু সমৰ্থবান লোকসকলেই ইয়াৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা গৈছে। ই জাতিৰ কাৰণে শুভ লক্ষণ নহয়। মাতৃভাষাৰ যোগেদি শিক্ষা গ্ৰহণৰ ব্যৱস্থা কাৰ্যকৰী হ'লেহে মাতৃভাষাই তাৰ প্ৰকৃত মৰ্যাদাৰ অধিকাৰী হ'ব। ইংৰাজী শিক্ষাৰ প্ৰতি শ্ৰদ্ধা জনায়ো নিজ মাতৃভাষাৰ প্ৰতি সচেতন হোৱাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। বিশেষকৈ আমাৰ উঠি অহা ল'ৰা-ছোৱালীৰ আগত ই মহান আদৰ্শক সমুজ্জ্বল কৰি তুলিবলৈ অভিভাৱকসকল সচেষ্ট হোৱা দৰকাৰ। 

-- সমাপ্ত --

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা শীৰ্ষক অসমীয়া ৰচনাখন কেনে পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)


অন্যান্য ৰচনা:
Next Post Previous Post
No Comment
Add Comment
comment url