তােমাৰ এখন প্রিয় গ্রন্থ - ৰচনা | Your/My Favourite Book essay in Assamese

 তােমাৰ এখন প্রিয় গ্রন্থৰ বিষয়ে ৰচনা: ইয়াত মোৰ প্রিয় গ্রন্থ - কীৰ্ত্তন পুথি বিষয়ে এখন ৰচনা  (Your/My Favourite book essay in Assamese) সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। এই ৰচনাখন “তুমি ভালপােৱা এখন গ্ৰন্থ” নামটো লিখি পাৰি। 


মোৰ প্রিয় গ্রন্থ - কীৰ্ত্তন পুথি

ভূমিকাঃ মই কিতাপ পঢ়ি ভাল পাওঁ। এক কথাত ক’বলৈ গ'লে কিতাপ পঢ়া মােৰ এটা প্ৰধান হবি। ভালকৈ লিখা পঢ়া কৰিব পৰা হােৱাৰ পৰাই, পাঠ্যপুথিৰ বাহিৰেও অন্যান্য কিতাপ পঢ়িবলৈ লৈছিলাে। সৰু কালতে মােৰ পঢ়াৰ ৰাপ দেখি দেউতাই সৰু সৰু সাধুকথাৰ পুথি কিনি দিছিল। তাৰ ভিতৰত ভাগৱত, পুৰাণ, মহাভাৰত আদি পুথিৰ পৰা নানা কাহিনীৰেও ৰসালকৈ লিখা পুথিয়েই সৰহ আছিল।ভালদৰে পঢ়িব পৰা হােৱাৰ পাছত অসমীয়াৰ বাহিৰেও ইংৰাজী, আৰু হিন্দী ভাষাৰ বহুতাে কিতাপ পঢ়িছাে। গল্প, উপন্যাস, কবিতা আদি বিভিন্ন ধৰণৰ কিতাপাে পঢ়িছাে। মই পঢ়া আটাইকেইটা ভাষাৰ কিতাপৰ ভিতৰত যিখনে মােৰ অন্তৰত দকৈ সাঁচ বহুৱাইছে সেইখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত কীৰ্ত্তন পুথি | প্ৰথম পঢ়িবলৈ লওঁতে ভালদৰে বুজা নাছিলাে যদিও লাহে লাহে ইয়াৰ অৰ্থ বুজা হলাে আৰু যিমানে বুজিব পৰা হ'লাে সিমানেই মােৰ বেছি ভাল লগা হৈ পৰিল। 

ভাল লগা গ্ৰন্থ কীৰ্ত্তন পুথিঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শংকৰদেৱে তেওঁৰ কাপৰ পৰা বহুতাে মূল্যবান গ্ৰন্থ দি অসমীয়া সাহিত্যৰ ভঁৰাললৈ চানেকী দি থৈ গৈছে। ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰিছিল আৰু ৰাজৰােষতো পৰিছিল। এইদৰে ঘূৰি ফুৰােতেই তেওঁ কীৰ্ত্তনৰ খণ্ডসমূহ নানা ঠাইত ৰচনা কৰিছিল আৰু সেই ঠাইবােৰতেই সিচৰিত হৈ আছিল। তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে সেইবােৰ সংগ্ৰহ কৰি শংৰদেৱেৰ মৃত্যুৰ পাছত সম্পাদনা কৰি উলিয়ায়। 

কীৰ্ত্তনৰ অধ্যায়সমূহঃ কীৰ্ত্তন পুথি অসমীয়াৰ জাতীয় পুথি আৰু পৱিত্ৰ পুথি বুলি অসমীয়া জনসাধাৰণে গ্রহণ কৰে। আধ্যাত্মিক ভাবসম্পন্ন কীৰ্ত্তনত ২৯ টা সম্পূৰ্ণ খণ্ড আছে। এই খণ্ডসমূহ সুন্দৰভাৱে সজোৱা আছে। প্রথম খণ্ডটোত ভগৱানৰ চতুর্বিংশতি অৱতাৰ বৰ্ণনা কৰা হৈছে। তাৰ পিছত ক্রমান্বয়ে নাম অপৰাধ, পাষণ্ডমর্দন আদি অধ্যায় সন্নিবিষ্ট হৈছে। অজামিলৰ দৰে মহাপাপীয়ে হৰিনামৰ দ্বাৰা কেনেকৈ মুক্তি পাইছিল, ভক্ত প্ৰহলাদ চৰিত্ৰৰ মাজেৰে হৰিনাম মাহাত্ম কেনেদৰে প্ৰকাশ পাইছে ইত্যাদি কথাৰ মাজেদি কীৰ্ত্তনে আধ্যাত্মিক ভাৱ যােগাই তােলে। 

গ্ৰন্থখন ভাল পােৱাৰ কাৰণঃ কীৰ্ত্তন পুথি মই ভালপােৱাৰ কেইবাটাও কাৰণ আছে। সৰুকালতে আমাৰ ঘৰুৱা নামঘৰত মােৰ এজন খুড়াই সুৰলগাই গােৱা  কীৰ্ত্তনৰ পদ আৰু ভাঙনিয়ে মােক বৰ আকৰ্ষণ কৰিছিল। ডাঙৰ হৈ বুজিব পৰা হােৱাত গ্ৰন্থখন নিজে পঢ়িছিলাে আৰু ইয়াৰ কাহিনী বৰ্ণনা, পদৰ লয়, শব্দ নিৰ্বাচন, ভাব আৰু ভাষাৰ মিলন, গধুৰ অৰ্থ আৰু সাহিত্যিক ৰসৰ সমন্বয় দেখি মুগ্ধ হৈছিলাে। কীৰ্ত্তনত নৱৰসৰ সমাবেশ ঘটিছে। ইয়াত থকা হাস্য, বীৰ, ভয়ানক, শৃঙ্গাৰ আদি বিভিন্ন ৰস মই পান কৰিছাে। যদুকুল ধ্বংস হােৱাত ব্রজনাৰীসকলৰ কৰুণ বিননিয়ে মনত দুখ দিছে। নৰসিংহ ৰূপত ভয় খাইছাে, ভক্ত প্ৰহলাদ পঢ়ি ভক্তি জন্মিছে আৰু হৰমােহন খণ্ড পঢ়ি হাস্যৰস পােৱাৰ লগতে বীভৎস ৰসৰে সােৱাদ পাইছাে। 

সহজ-সৰল ভাষাঃ শঙ্কৰদেৱ এজন বিদগ্ধ সংস্কৃত পণ্ডিত আছিল। কিন্তু কীৰ্ত্তন পুথি সংস্কৃত ভাষাত লিখা নাছিল।সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ সহজ-সৰল ভাষাৰে ৰচনা কৰিছিল। সকলাে মানুহৰে নিজৰ ভাষাটোৰ প্ৰতি দুৰ্বলতা আছে। সেইবাবেই তেওঁ ভাগৱত, পুৰাণ আদি পুথিৰ পৰা সাৰবস্তু লৈ কীৰ্ত্তন গ্ৰন্থখন সৰল অসমীয়াত ৰচনা কৰিছিল। সেইবাবেই অতি কম সময়ৰ পৰা কীৰ্ত্তন পঢ়াত মােৰ একো অসুবিধা হােৱা নাছিল। ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে মােৰ মনত পৰে কীৰ্ত্তনৰ এফাকি পদলৈ

—  ভকতেসে মােৰ হৃদি জানিবা নিশ্চয়

    ভকতজনাৰ জানা আমিসি হৃদয়।।

অসমীয়া জীৱনৰ চিত্ৰঃ মাতৃ যশােদাই কৃষ্ণৰ গৰ্ভত দেখা পােৱাৰ দৰে, কীৰ্ত্তনৰ গৰ্ভতাে অসমীয়া জাতিৰ সৰ্বস্ব আছে। অসমীয়া ভাষা, সাহিত্য, কলা কৃষ্টি, ধৰ্ম, সমাজ আদিৰ তথ্য কীৰ্ত্তনৰ বুকুতে পােৱা যায় সেইফালৰ পৰা কীৰ্ত্তনক সাহিত্যৰ ফুলনি বুলি ক'ব পাৰি। উৎকৃষ্ট সাহিত্য হিচাপে কীৰ্ত্তন সকলাে ধৰ্মৰ লােকে পঢ়ি বিমল আনন্দ লাভ কৰিব পাৰে। 

সামৰণিঃ কীৰ্ত্তন এখন উৎকৃষ্ট ধৰ্মগ্ৰন্থ। কীৰ্ত্তন পঢ়াৰ পাছৰ পৰাই মােৰ ভগৱানৰ প্রতি একান্ত ভক্তি আৰু বিশ্বাস বৃদ্ধি হয়। কুকুৰ, চণ্ডাল, গদ্দৰ্ভৰো যে আত্মাৰাম এই সত্য উপলব্ধি কৰাে আৰু ভগৱান যে সৰ্বত্ৰতে বিৰাজমান এই সত্যও মােৰ অন্তৰত দৃঢ় হৈ পৰিছে। অসমীয়া জাতিৰ সম্পদ কীৰ্ত্তন এইবােৰ কাৰণতে আমাৰ সমাজত সমাদৃত।ই সাহিত্যৰ বুৰঞ্জীত যুগজয়ী অক্ষয় কীৰ্তিস্তম্ভৰূপে সদায় উজলি থাকিব। 



Assamese rosona, assamese essay app, assamese essay pdf download, assamese essay pdf,assamese essay for class 12, assamese essay for class 9, assamese essay for class 10, assamese essay for hslc, Assamese Essay Tumar priyo grontho,Assamese Essay Mur priyo grontho,ৰচনা class 10,ৰচনা মোৰ প্ৰিয় গ্ৰন্থ,দশম শ্ৰেণীৰ অসমীয়া ৰচনা,অসম ৰচনা,ৰচনা প্ৰিয় গ্ৰন্থ,ৰচনা বানপানী,ৰচনা প্ৰবাহ pdf,কৰোনা ৰচনা,মোৰ প্ৰিয় গ্ৰন্থ অগ্নিৰ ডেউকা,একবিংশ শতিকাৰ অসমীয়া গ্ৰন্থ ৰচনা,প্ৰিয় গ্ৰন্থ ৰচনা চিৰাজ,মোৰ প্ৰিয় গ্ৰন্থ বুঢ়ী আইৰ সাধু,অসমীয়া ৰচনা pdf,rosona assamese,assamese ৰচনা,

Next Post Previous Post
No Comment
Add Comment
comment url