পুথিভঁৰালৰ বিষয়ে ৰচনা লিখিবলৈ প্ৰায়বোৰ পৰীক্ষাতে অহা দেখিবলৈ পোৱা যায়। ইয়াত পুথিভঁৰালৰ বিষয়ে ৩খন ৰচনা দিয়া হৈছে। ছাত্ৰ-ছাত্ৰী সকলক অনুৰোধ জনাও তেওঁলোকে যেন গোটেই কেইখন ৰচনা ভালদৰে পঢ়ি লৈ নিজাববীয়াকৈ লিখিবৈ চেষ্টা কৰে।
সূচীপত্ৰ
ৰচনা নং ১: পুথিভঁৰাল আৰু ইয়াৰ আৱশ্যকতা
ৰচনা নং ২: পুথিভঁৰাল/শিক্ষানুষ্ঠানৰ পুথিভঁৰাল
ৰচনা নং ৩: পুথিভঁৰাল
ভূমিকা: পুথিভঁৰালক সভ্যমানুহৰ জীৱন যাত্ৰাৰ এক আৱশ্যকীয় অঙ্গ বুলি অভিহিত কৰিব পাৰি।প্ৰায়বােৰ শিক্ষিত মানুহৰ ঘৰতে ব্যক্তিগত পুথিভঁৰাল থাকে। কিন্তু এইবােৰ সামূহিক স্বাৰ্থত ব্যৱহাৰ নহয়। ইয়াৰ কাৰণে চৰকাৰী পক্ষৰ পৰা পুথিভঁৰাল স্থাপন কৰা হৈছে যদিও আজিকালি বহুতাে ক্লাৱ বা সংস্থায়াে পুথিভঁৰাল প্রতিষ্ঠা কৰা দেখা যায়। এনেধৰণৰ পুথিভঁৰালবােৰে আমাৰ দেশৰ দৰে দুখীয়া আৰু কম শিক্ষিত লােকৰ কাৰণে বিশেষ প্রয়ােজনীয়। ইয়াৰ যােগেদি জ্ঞানৰ বিস্তাৰ হ'ব পাৰে। তদুপৰি পুথিভঁৰালৰ পৰা পােৱা আনন্দক দেৱমন্দিৰত প্ৰৱেশ কৰাৰ আনন্দৰ লগত ৰিজাব পাৰি। নানা সমস্যা পীড়িত মানুহেও ইয়াত সােমাই আনন্দ উপভােগ কৰিব পাৰে।
পুথিভঁৰাল জ্ঞানৰ ভঁৰাল: আধুনিক বিজ্ঞানৰ এক মূল্যবান অৱদান হ’ল ছপাখানা সমূহ। ইয়াৰ যােগেদি গ্রন্থসমূহ প্রকাশিত হয়। গ্রন্থ প্রকাশ হােৱাৰ লগে লগে এজন জ্ঞানবান ব্যক্তিৰ জ্ঞানৰ দ্বাৰা আমি সাধাৰণ পাঠকসকল লাভবান হ’ব পাৰিছোঁ। পুথিভঁৰাল হ’ল এনে গ্রন্থৰে মিলনক্ষেত্র। ইয়াত অতীত, ভৱিষ্যৎ আৰু বর্তমান সকলাে মিলিত হােৱাৰ লগে লগে পৃথিৱীৰ জ্ঞানবােৰ একত্ৰিত হৈছে। গােটেই জীৱনজুৰি মানুহে এনে জ্ঞানসমূহ সংগ্রহ কৰিব নােৱাৰে যিখিনি তেওঁ পুথিভঁৰালত অধ্যয়ন কৰি লাভ কৰিব পাৰে। পুথিভঁৰাল অফুৰন্ত প্রাণ প্রবাহ। ইয়াত অৱগাহন কৰিলে মানুহে সাধনাত সিদ্ধি লাভ কৰিব পাৰে।
গ্রন্থাগাৰৰ উদ্ভৱ: প্রাচীন কালতেই জ্ঞানচর্চাৰ ফলত সাহিত্য ৰচিত হৈছিল কিন্তু অক্ষৰ আৱিষ্কাৰ নােহােৱাৰ বাবে সেইবােৰ মুখে মুখে প্রচলিত হৈছিল। কালক্ৰমত অক্ষৰৰ সৃষ্টি হ’ল। কাগজ হিচাপে ব্যৱহাৰ হ’ল সাঁচিপাত ভূমিপত্র। মানুহে কঠোৰ পৰিশ্ৰমেৰে লেখাৰ সামগ্রী তৈয়াৰ কৰি গ্ৰন্থ ৰচনা কৰিবলৈ ধৰিলে আৰু সেই গ্রন্থবােৰেই পুথিভঁৰাল নির্মাণ কৰে। প্রাচীন ভাৰতত এনে পুথিভঁৰালৰ ব্যৱস্থা আছিল। সেই কালত জ্ঞানচর্চাৰ কলা হিচাপে নির্মিত বিশ্ববিদ্যালয়বােৰত পুথিভঁৰালৰ ব্যৱস্থা আছিল।নালান্দা, তক্ষশিলা আদিত এনে পুথিভঁৰাল স্থাপিত হৈছিল আৰু এইবােৰত নিজ দেশৰ উপৰিও আন দেশৰ পণ্ডিতসকলেও অধ্যয়নৰ কাৰণে আহিছিল। প্রাচীন মন্দিৰবোৰত এনে গ্রন্থাগাৰ থকাৰ কথা গম পােৱা যায়। কাশী, সােমনাথ প্রভৃতি হিন্দু মন্দিৰবােৰত এনে পুথিভঁৰাল আছিল। এই গ্রন্থাগাৰত সংৰক্ষিত বহুতাে মূল্যবান গ্রন্থ বিদেশী আক্রমণকাৰীয়ে নাশ কৰি পেলায়।
মুদ্রাযন্ত্রৰ আৱিষ্কাৰৰ ফলত গ্রন্থবােৰৰ প্ৰচাৰৰ ক্ষেত্র বিস্তৃত হ’ল। তথাপিও সকলাে ধৰণৰ গ্ৰন্থ এজন ব্যক্তিয়ে সংগ্রহ কৰাটো সম্ভৱপৰ নহয় কাৰণেই সামাজিক বা ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰা হয়। পুথিভঁৰালত নানা ধৰণৰ গ্ৰন্থবােৰ সজাই থােৱা হয় আৰু পঢ়ুৱৈ সকলে ইয়াত প্ৰৱেশ কৰি সেইবােৰ অধ্যয়ন কৰাৰ সুযােগ পায়। বর্তমান যুগত গৱেষণা, অধ্যয়ন আদিৰ প্ৰসাৰ বৃদ্ধি পাইছে। গতিকে পুথিভঁৰালৰ প্রয়ােজনীয়তাও বাঢ়িছে। বিভিন্ন বিষয়ৰ গৱেষণা আৰু আলােচনাৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ গ্রন্থাগাৰবােৰ স্থাপিত হৈছে। আধুনিক কালত ৰুচিয়াৰ লেনিন গ্রন্থাগাৰ, পেৰিচৰ বহিব্লথিক নেচনেল, লণ্ডনৰ বৃটিছমিউজিয়াম, ভাৰতৰ নেচনেল লাইব্রেৰী আদি আন্তর্জাতিক খ্যাতিসম্পন্ন পুথিভঁৰাল।
সাম্প্রতিক কালত উচ্চ শিক্ষা অনুষ্ঠানবােৰৰ লগতে একোটাকৈ পুথিভঁৰাল সংযুক্ত হৈ থাকে। কলেজ, বিশ্ববিদ্যালয়ত কাৰিকৰী শিক্ষা প্রতিষ্ঠান আদি প্রত্যেকতে থকা এই ধৰণৰ পুথিভঁৰালবােৰে ছাত্র-ছাত্রী, গৱেষক, অধ্যাপক-অধ্যাপিকাসকলক প্রভূত পৰিমাণে সহায় কৰে।
ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰাল: সর্বসাধাৰণৰ উপকাৰত অহাকৈ ৰাজহুৱা গ্রন্থাগাৰ বা পুথিভঁৰালবােৰ স্থাপন কৰা হৈছে। স্বাধীনতা লাভৰ পাছত সৰ্বসাধাৰণ মানুহৰ মাজত শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ ঘটাবলৈ এই পুথিভঁৰালসমূহ প্রতিষ্ঠা কৰা হয়। ৰাজ্য চৰকাৰবােৰেও ৰাজহুৱা খণ্ডত একো একোটা কেন্দ্রীয় পুথিভঁৰাল স্থাপন কৰি তাৰ সেৱা গ্রাম্য অঞ্চললৈও সম্প্রসাৰিত কৰা হৈছে। পুথিভঁৰালসমূহত চৰকাৰী পক্ষৰ পৰা গ্রন্থখিনি যােগান ধৰাৰ ব্যৱস্থা কৰা হয়। গ্রন্থবােৰ সজাই ৰখাৰ কৌশল আধুনিক যুগত বিশেষ সুবিধাজনক কৰি তােলা হৈছে। তাৰ ফলত তৎক্ষণাৎ এজন পাঠকে গ্রন্থ এখন বিচাৰি পঢ়াৰ ব্যৱস্থা কৰিব পাৰে। বৈজ্ঞানিক প্রণালীৰে পাঠকৰ অতি সুবিধাজনকভাৱে গ্ৰন্থৰ যােগান ধৰাৰ প্রশিক্ষণ দিবলৈ পুথিভঁৰাল সম্পর্কীয় শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই প্রতিষ্ঠানবােৰত অধ্যয়নপুষ্ট গ্রন্থাগাৰিকাবােৰে পাঠকসকলক গ্রন্থ নির্বাচনত বিশেষভাৱে সহায় কৰিব পাৰে।
পুথিভঁৰালৰ প্ৰয়ােজনীয়তা: স্কুল কলেজত বিদ্যা বা জ্ঞানৰ বিকাশ সাধন কৰা হয় যদিও সি মূলতঃ পাঠ্যকেন্দ্রিক। এই নির্দিষ্ট শিক্ষা গ্রহণৰ দ্বাৰা পৃথিৱীত চলিব নােৱাৰি। ইয়াৰ বাবে আৰু বিভিন্ন জ্ঞান জনাটো দৰকাৰ হৈ পৰে। সেয়া সম্ভৱ হ'ব পাৰে পুথিভঁৰালত নিয়মিত অধ্যয়ন কৰিলেহে। অনানুষ্ঠানিক শিক্ষাৰ কেন্দ্রস্থল পুথিভঁৰালবােৰেই প্ৰকৃতাৰ্থত জ্ঞানৰ প্ৰসাৰ ঘটাব পাৰে। পৃথিৱীৰ এনে বহুতাে মানুহৰ কথা গম পােৱা যায় যিয়ে হয়তাে স্কুলীয়া বিদ্যাতকৈ অন্য ধৰণৰ জ্ঞানলাভৰ যােগেদিহে নিজকে পৰিপূৰ্ণ কৰি ৰাখিছিল। এই ক্ষেত্ৰত তেওঁলােকে পুথিভঁৰাল আদিৰ সহায় লৈছিল। তাৰ মাধ্যমেদি নীৰৱ অধ্যয়নৰ যােগেদি তেওঁলােকে নিজৰ প্রতিভা বিকশিত কৰি তুলিছিল।
ছাত্ৰাৱস্থাৰ পৰা পুথিভঁৰাললৈ যােৱা অভ্যাস কৰিব লাগে। তেতিয়াহে বিভিন্ন জ্ঞানৰ আস্বাদন কৰিব পাৰি। ইয়াৰ যােগেদিয়ে অধ্যয়নৰ প্রতি আগ্রহ গঢ় লৈ উঠে আৰু গ্রন্থ অধ্যয়নে গঢ়ি তােলে উচ্চমানৰ ৰুচিসম্পন্ন এক আকর্ষণীয় ব্যক্তিত্ব।
সামৰণি: বহু সময়ত মানুহৰ অধ্যয়নৰ ইচ্ছা থাকিলেও ধনৰ অভাৱত গ্রন্থ পাতি যােগাৰ কৰিব নােৱাৰি সেই ইচ্ছা দমন কৰিব লগা হয়। পুথিভঁৰালত প্রায় সকলাে ধৰণৰ গ্ৰন্থই পােৱা যায় আৰু সেইবােৰ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা লাভ কৰিব পাৰি । গতিকে পুথিভঁৰালেই অধ্যয়নৰ পৰিবেশ গঢ়ি তুলি ব্যক্তি জীৱনক গঢ়াৰ সূচল কৰি দিয়ে। তদুপৰি কিছুমান দুষ্প্রাপ্য গ্রন্থও পুথিভঁৰালত ৰখা হয়। সেইবােৰ তাৰপৰা অধ্যয়ন কৰি বহুতাে জ্ঞান লাভ কৰিব পাৰি। গতিকে সমাজত জ্ঞানৰ সুঁতিটো প্ৰৱাহিত কৰি ৰখাৰ ক্ষেত্ৰত পুথিভঁৰালেই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। গতিকে পুথিভঁৰাল যিমানেই বাঢ়ে আমাৰ সমাজৰ কাৰণে সিমানেই মঙ্গল।
আৰম্ভণি: পুথিভঁৰাল এনে এটি আৱশ্যক ঘৰ, য'ত কেৱল মগজুৰ খাদ্য কিতাপ-পত্র তথা পুথি-পাঁজি মজুত কৰি ৰখা হয়। মানুহক দেহ আৰু মন দুয়ােটা দিশৰ সমৃদ্ধিত ক্রমে ধানৰ ভঁৰাল আৰু পুথি ভৰালৰ অতি আৱশ্যক।
পুথি ভৰালক গ্রন্থাগাৰো বােলা হয়। পুথি য'ত ভৰাই মজুত কৰি ৰখা হয়, সেয়ে পুথিভঁৰাল আৰু গ্রন্থসমূহ সংগ্ৰহ কৰি যি আগাৰ বা গৃহত ৰখা হয়, সেয়ে গ্রন্থাগাৰ। ইংৰাজীত ইয়াৰ প্রতিশব্দ হ’ল লাইব্রেৰী।
মানৱ জাতিৰ উন্নতি আৰু প্ৰগতিৰ বাবে পুথিভঁৰালৰ গুৰুত্ব অতি বেছি। কাৰণ, একোখন গ্ৰন্থত শিকিব লগীয়া, জানিবলগীয়া অনেক জ্ঞান থাকে। সেইবাবে এখন কিতাপ বিষয় অনুসৰি শিকিব লগা মেটমৰা জ্ঞানৰ ভঁৰাল। সেইবাবে সকলাে ধৰণৰ অসংখ্য গ্রন্থ সংগ্রহ কৰি থুপাই ৰখা হয়। এই গ্রন্থ সংগ্রহৰ উদ্দেশ্য হ’ল পাঠকক সুলভভাৱে মনােমত গ্রন্থৰ যােগান ধৰা। পুথিভঁৰালত সকলাে শ্ৰেণীৰ গ্ৰন্থই ঠাই পায়। সকলােশ্রেণীৰ পাঠককে সন্তুষ্ট কৰা পুথিভঁৰালৰ প্রধান উদ্দেশ্য।
পুথিভঁৰালৰ লক্ষ্য: পুথিভঁৰালৰ লক্ষ্য হল মানুহক অজ্ঞান আন্ধাৰৰ পৰা পােহৰলৈ অনাত গ্রন্থ অধ্যয়নৰ ব্যৱহাৰ বৃদ্ধি। কেৱল বিদ্যালয়ত গৈ আখৰ শিকি লিখিব আৰু পঢ়িব পৰা হ'লেই মানুহৰ জ্ঞান নহয়। বিদ্যালয়ত শিক্ষকেও সকলাে জ্ঞানৰ ব্যাখ্যাৰে জীৱন সমৃদ্ধ কৰিব নােৱাৰে। গতিকে, বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সময়ত নানা কিতাপ পঢ়িব লগা হয়। কিন্তু বিদ্যালয়ৰ শিক্ষাই অধ্যয়নৰ পথহে দেখুৱাব পাৰে। জ্ঞান বৃদ্ধিৰ কাৰণে নিজে আৱশ্যক বুলি ভবা গ্রন্থৰ পাঠ অব্যাহত ৰাখিব লাগে। অধ্যয়নৰ দ্বাৰা বৃদ্ধকাললৈকে মানসিক আহাৰ লাভ কৰিব পাৰি। গতিকে, এই জ্ঞান আহৰণেই অধ্যয়নৰ মূল আৰু অধ্যয়ন সহজ কৰি গাঁৱে-নগৰে সকলাে মানুহৰ মাজত জ্ঞানৰ বিতৰণেই পুথিভঁৰালৰ প্রধান লক্ষ্য।
বহুতে ভাবে যে পুথিভঁৰালত গল্প, উপন্যাস, কবিতা, নাটক আৰু আলােচনা সমালােচনা সামৰি লৈ কেৱল সাহিত্যৰ গ্ৰন্থহে থাকে। কথাষাৰ সম্পূর্ণ সঁচা নহয়। পুথিভঁৰালত সকলাে প্ৰকাৰৰ কিতাপেই থাকে। পৃথিৱীত ৰচিত সকলাে প্ৰকাৰৰ কিতাপ দুই প্রকাৰৰ। এবিধ সাহিত্য, আনবিধ অ-সাহিত্য। সাহিত্য সূত্ৰৰ বাহিৰৰবােৰ অ-সাহিত্য। সাহিত্যও আকৌ দুবিধ—(১) জ্ঞানবাদী সাহিত্য আৰু (২) ভাববাদী মনােৰঞ্জক প্রকৃত সাহিত্য। গতিকে বিভিন্ন শ্ৰেণীৰ পাঠকে নিজ প্রয়ােজন মতে নির্বাচন কৰি পুথিভঁৰালত পঢ়া-শুনা কৰিব পাৰে।
পুথিভঁৰালৰ অবিৰ্ভাৱ: পৃথিৱীৰ প্রাচীন কালত যেতিয়া গ্রন্থ লেখাৰ পদ্ধতি ওলাল তেতিয়া সকলাে জ্ঞানকে লিপিৰ মাধ্যমত সংৰক্ষণ কৰাৰ পদ্ধতিয়ে প্ৰসাৰতা লাভ কৰিলে। পণ্ডিতসকলে নিজৰ মানসিক সম্পদ, অভিজ্ঞতাই বস্তুৰ পৰা উদ্ধাৰ কৰা পর্যালােচনা আদি লিখি গ্রন্থৰ ৰূপ দিলে। প্রাচীন গ্রীক সভ্যতা, চৈনিক সভ্যতা, সিন্ধু সভ্যতা, মিছৰীয় সভ্যতা আদিৰ কালৰে পৰা গ্ৰন্থৰ লেখন আৰু সংৰক্ষণ চলি আহিছে। এইদৰে পুথি সংৰক্ষণ আৰু অধ্যয়নেই পুথিভঁৰালৰ মূল কথা বা আদিম কথা।
গ্রন্থ ৰচনা কাম পৃথিৱীত প্রথম সংস্কৃত ভাষাতে হােৱা বুলি জনা যায়। যীচু খ্ৰীষ্টৰ জন্মৰ বহু পূর্বতে ভাৰতবৰ্ষত মুনিসকলৰ সংঘবদ্ধতাত ‘বেদ’ গ্রন্থ ৰচিত হয়। সেইদৰে ৰামায়ণখনেই হ’ল পৃথিৱীৰ প্রথম কাব্য বা মহাকাব্য। গতিকে বেদ ৰামায়ণৰ কালৰে পৰা গ্ৰন্থ সংৰক্ষণ আৰু অধ্যয়ন প্রক্রিয়া চলিছিল। গুৰুসকলেই প্রথম শাস্ত্র গ্রন্থবােৰ থুপাই ৰখাৰ প্রবৃত্তি আৰম্ভ কৰিছিল। পুৰণি কালত এই পুথিবােৰ লেখা হৈছিল তালপাত, ভূজপত্র আদিত। মধ্যযুগৰ অসমত সাঁচিপাত অর্থাৎ সাঁচি গছৰ চালৰ পৰা পাত তৈয়াৰ কৰি পুথি লেখা হৈছিল। আজিকালি কাগজ আৰু ছপাশাল উদ্ভাৱন হােৱাত পুথি লেখা আৰু সংৰক্ষণ তথা বিতৰণ কৰা সহজ হ’ল। চীনদেশত প্রথম কাগজ সৃষ্টি হ’ল। তাৰপাছত আদিম ছপাশালা সৃষ্টি হ’ল। বর্তমান ছপাশালে মানৱ সভ্যতাৰ ধ্বজাবাহক সম্পদৰূপে গ্রন্থ জগতৰ ব্যাপক ৰূপান্তৰ ঘটালে। ছপাশালে কম সময়তে, কম খৰছত হাজাৰ হাজাৰ সংখ্যক গ্রন্থ ছপাই বিতৰণ কৰিব পৰা কৰিলে। বৈদ্যুতিক যুগত ই সম্ভৱ হৈ উঠিছে।
পুথিভঁৰালৰ জয়যাত্রা: প্রাচীন কালৰে পৰা মঠ-মন্দিৰৰ লগতে ভাৰতবৰ্ষৰ অন্যতম ধর্মস্থান কাশী, সােমনাথ, বৃন্দাবন, তক্ষশীলা, বিক্রমশীলা, নালন্দা আদি স্থানত গ্রন্থাগাৰ বা পুথিভঁৰাল আছিল। নালন্দা বিশ্বৰ অন্যতম বৌদ্ধ বিশ্ব বিদ্যালয় আছিল। পৰৱৰ্তীকালত মন্দিৰ, টোল, সত্ৰ আদিতাে পুথি সংৰক্ষণ হৈছিল। গতিকে, অতি প্রাচীন কালৰে পৰা পুথিভঁৰাল প্রচলিত আছিল।
সভ্যতাৰ উৎকর্ষ সাধন হৈ কাগজ, মুদ্রাযন্ত্র আদি আৱিষ্কৃত হােৱাত প্রাচীন গ্রন্থ সংগ্ৰহৰ কঠোৰতা কমিল। ছপাশালে গ্রন্থ সহজলভ্য কৰিলে। পাঠকৰ সংখ্যা বঢ়াৰ লগে লগে পুথিভঁৰালৰ সংখ্যা আৰু আৱশ্যকতা বৃদ্ধি পালে।বর্তমান সমগ্র বিশ্বৰ সমগ্ৰ দেশতে পুথিভঁৰাল স্থাপিত হৈ আন্দোলনমুখী হৈ উঠিছে। ই শুভ লক্ষণ।
শিক্ষানুষ্ঠান: পুথিভঁৰালেই একোটা শিক্ষানুষ্ঠান। অন্যহাতে দেশত গঢ়ি উঠা প্রতিখন শিক্ষানুষ্ঠানত পুথিভঁৰাল অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। বিদ্যালয়ৰ ছাত্ৰ-গৱেষকৰ প্রয়ােজন অনুসৰি গ্ৰন্থ সংগ্রহ কৰা হয়। প্রথমতে সাহিত্য জাতীয় সর্বসাধাৰণৰ গ্ৰন্থ ৰখাৰ লগতে বিদ্যালয়ৰ বিষয় বৈশিষ্ট্যলৈ লক্ষ্য ৰাখি গ্রন্থ সংগ্রহ কৰা হয়। যেনে - কলা, বাণিজ্য, বিজ্ঞান, প্রযুক্তি, গণ সংযােগ, নির্মাণ, মুদ্রণ, অনাৰ্তাৰ, টেলিভিচন ইত্যাদি ভিন্ন বিষয়ৰ শিক্ষানুষ্ঠানৰ বাবে বাচকবনীয়া গ্রন্থ সংগ্রহ কৰা হয়। এইবিলাকে বিভিন্ন বিষয় অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ যােগান ধৰিব পাৰে। সেয়েহেপ্রতি বিদ্যালয়ৰ আৱশ্যক অনুযায়ী একোটা শক্তিশালী পুথিভঁৰাল আৰু অধ্যয়ন কোঠা গঢ়ি তােলা গুৰুত্বপূর্ণ দায়িত্ব আৰু কর্তব্য।
সামৰণি:
পুথিভঁৰালৰ উপকাৰিতা: আধুনিক সভ্যতাৰ বাবে অধ্যয়ন আৰু অধ্যয়নৰ বাবে পুথিভঁৰালৰ অতি আৱশ্যক। পুথিভঁৰালত সকলাে ধৰণৰ পুথি পাঠকৰ সহজলভ্য হয়। তদুপৰি, বাতৰি কাকত, আলােচনী আদিৰ মাজেদি সম-সাময়িক জগতখনৰ সন্ধান পাই থাকিব পাৰি।
পুথিভঁৰালৰ কিছুমান কিতাপ বিশেষভাৱে সংৰক্ষিত। সেইবিলাক পাঠকে সেই স্থানতে পঢ়িবহে পাৰে, ঘৰলৈ কঢ়িয়াই নিব নােৱাৰে। এই শাখাত দুষ্প্রাপ্য গ্রন্থবােৰ, একমাত্র গ্রন্থখন, পাণ্ডুলিপি, পুৰণি পুথি-পাঁজি, তথ্য সম্বলিত কাগজ-পত্র, প্রাচীন নিদর্শন আদিয়াে সংৰক্ষিত হৈ থাকে। এই শাখা গৱেষক ছাত্র বা গৱেষণা কৰা ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূর্ণ। অৱশ্যে এনে ব্যৱস্থা ডাঙৰ ডাঙৰ পুথিভঁৰালত অতি গুৰুত্বৰে কৰা হয়।
বিশ্বত বর্তমান বহুতাে গুৰুত্বপূৰ্ণ পুথিভঁৰাল আছে। প্রতিখন কলেজ, বিশ্ববিদ্যালয়ত তেনে কক্ষ থকাৰ লগতে আৰু বহুতাে গুৰুত্বপূৰ্ণ পুথিভঁৰাল আছে। পৃথিৱীৰ তেনে কেইটামান বৃহৎ পুথিভঁৰালৰ ভিতৰত লণ্ডনৰ ব্রিটিছ মিউজিয়াম লাইব্রেৰী, আমেৰিকাৰ লাইব্রেৰী অৱ কংগ্ৰেছ, ৰাছিয়াৰ লেলিন লাইব্রেৰী, পেৰিছৰ নেচনেল লাইব্রেৰী আদিৰ লগতে ভাৰতবৰ্ষৰ কলকতাৰ নেচনেল লাইব্রেৰী, মুম্বাইৰ নেচনেল লাইব্রেৰী উল্লেখ কৰিব পাৰি। তদুপৰি কলিকতা বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, কাশী হিন্দু বিশ্ববিদ্যালয় আদি ভাৰতৰ প্ৰায়বােৰ বিশ্ব বিদ্যালয়ত একোটা নির্ভৰযােগ্য পুথিভঁৰাল গঢ়ি উঠিছে।
গতিকে, সকলাে স্তৰৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰৰ সাম্যতা ৰাখি একোটা পুথিভঁৰাল গঢ় দিব লাগে। ছাত্ৰ-ছাত্ৰীক অধ্যয়নমুখী কৰি তােলাৰ ইও এটা মাধ্যম। | তদুপৰি পাঠ গ্রহণৰ লগতে উপযােগী গ্রন্থ অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে প্ৰতিখন বিদ্যালয়ত অধ্যয়ন কোঠা নির্মাণ কৰিব লাগে। তদুপৰি পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবৰ কাৰণে শিক্ষালয়ৰ অধ্যয়ন সময়ৰ মাজতে নির্দিষ্টকৈ প্রতি শ্ৰেণীৰ বাবে সময় বান্ধি দিব লাগে; তেতিয়া নিশ্চয় সকলােৰে উৎকর্ষ সাধন হ’ব।
পুথিভঁৰালসমূহত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দর্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা তৰহৰ ন-পুৰণি পুথি আৰু আলােচনী, বাতৰি কাকত আদি পঢ়াৰ কাৰণে সংগ্রহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰাল সাধাৰণতে দুই ধৰণৰ - ব্যক্তিগত ‘ঘৰুৱা পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। পণ্ডিত, বিদ্যানুৰাগী আৰু অধ্যয়নপ্রিয় মানুহবােৰে নিজৰ অভিৰুচি মতে নিজক লগা পুথি-পাঁজি, আলােচনী, বাতৰি কাকত আদি সংগ্রহ কৰি ৰাখে। এয়াই হ’ল ঘৰুৱা পুথিভঁৰাল। এই পুথিভঁৰালৰ সুযােগ সকলােৱে নাপায় আৰু ইয়াত সকলাে ধৰণৰ পুথিও নাথাকে। ৰাজহুৱা পুথিভঁৰালসমূহত সকলাে বিধৰ পুথি ৰখা হয় আৰু সকলােৰে কাৰণে ইয়াৰ দুৱাৰ মুকলি থাকে। আমাৰ স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়বােৰত একোটা পুথিভঁৰাল আছে। ইয়াৰ সুযােগ ছাত্র ছাত্ৰী আৰু শিক্ষকসকলে ল’ব পাৰে। ইয়াৰ উপৰিও ন্যায়ালয়, সচিবালয়, বিধানসভা আদিৰ নিচিনা চৰকাৰী অনুষ্ঠানসমূহৰে নিজা নিজা পুথিভঁৰাল আছে। ৰাজহুৱা পুথি ভঁৰালবােৰৰ কিছুমান চৰকাৰদ্বাৰা সম্পূৰ্ণৰূপে পৰিচালিত, কিছুমান ৰাইজৰদ্বাৰা চৰকাৰী সাহায্যত পৰিচালিত আৰু কিছুমান সম্পূর্ণভাৱে ৰাইজৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত। স্কুল-কলেজৰ পুথিভঁৰালবােৰ ছাত্ৰৰ মাচুল আৰু চৰকাৰী সাহায্যৰদ্বাৰাই স্থাপিত আৰু স্কুল-কলেজ কর্তৃপক্ষ বা ছাত্র-সভাৰ দ্বাৰাই পৰিচালিত হয়। চলন্ত পুথিভঁৰাল বুলি আৰু এবিধ পুথিভঁৰালাে আছে। জনসাধাৰণৰ মাজত শিক্ষা প্রচাৰৰ কাৰণে আৰু অধ্যয়নৰ অনুৰাগ জন্মাবৰ বাবে চৰকাৰৰদ্বাৰা ইয়াৰ পৰিচালনা কৰা হয়।
মানুহৰ জ্ঞান পুথিৰ পাতত সঞ্চিত হয়; সেয়েহে জ্ঞানান্বেষী মানুহে অতীতকালৰপৰাই পুথিভঁৰাল পাতি জ্ঞান সাধনাৰ বাট মােকোলাইছিল। পুৰণিকালৰ মঠ-মন্দিৰ, তীর্থস্থান আদিত বিভিন্ন বিষয়ৰ পুথি সংৰক্ষণ কৰা হৈছিল। আমাৰ দেশৰ থান-সত্র আৰু নামঘৰ বােৰতাে ভালেমান পুৰণি কিতাপ-পুথি পােৱা যায়। এইবােৰেও এসময়ত পুথি ভঁৰালৰ কাম কৰিছিল। প্রাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ গ্রন্থাগাৰৰ নাম উল্লেখযােগ্য। আগেয়ে তাল পাত, সাচি-পাত আদিত বৰ যত্ন কৰি গ্ৰন্থ লিখা হৈছিল আৰু সেইবােৰৰ সংগ্ৰহ আৰু সংৰক্ষণাে সহজ নাছিল। কাকত আৰু ছপাকল আৱিষ্কাৰৰ ফলত কিতাপ যথেষ্ট সুলভ হৈছে আৰু পুথিভঁৰালবােৰতাে আজি কালি বিজ্ঞান-সম্মত পদ্ধতিৰে পুথি-পাঁজিৰ সংগ্রহ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। পৃথিৱীৰ সকলােবােৰ দেশতে আজি-কালি ভালেমান ডাঙৰ ডাঙৰ পুথিভঁৰাল স্থাপিত হৈছে। এনে পুথিভঁৰালসমূহৰ ভিতৰত লন্ডনৰ ব্রিটিছ মিউজিয়াম লাইব্রেৰী, ফৰাচীৰ বিব্লিওথিক নেচনেল লাইব্রেৰী, ৰাচিয়াৰ মস্কো মহানগৰীৰ পুথিভঁৰাল আৰু কলিকতাত থকা আমাৰ ভাৰতৰ নেচনেল লাইব্রেৰীৰ নাম উল্লেখ কৰিব পাৰি ।
পুথিভঁৰালবােৰৰ যথেষ্ট উপকাৰিতা আছে। বিশেষকৈ জ্ঞান আৰু শিক্ষা বিস্তাৰত ইয়াৰ বৰঙণি অতুলনীয়! সকলাে মানুহে স্কুল-কলেজত পঢ়ি জ্ঞান আহৰণৰ সুযােগ নাপায় আৰু স্কুল-কলেজত শিক্ষা পােৱা লােকৰাে চৰ্চাৰ অভাৱত বিদ্যা ক্রমে হ্রাস হয়। কথাতে কয় বােলে - "অনভ্যাসে হতঃ বিদ্যা"। কিন্তু সকলাে সময়তে সকলােৰে কাৰণে আৱশ্যকীয় কিতাপখিনি কিনা সম্ভৱাে নহয়। ৰাজহুৱা পুথিভঁৰালৰ সুযােগ গ্রহণ কৰি শিক্ষিতসকলে জ্ঞান-চর্চা অব্যাহত ৰাখিব পাৰে। স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰালসমূহে ছাত্র-ছাত্রীৰ বৰ উপকাৰ কৰে। জ্ঞান লাভৰ বাবে স্কুলৰ পাঠ্যখিনিয়ে যথেষ্ট নহয় ৷ তাৰ কাৰণে কিছু বাহিৰা পুথি অধ্যয়নৰাে দৰকাৰ। স্কুলীয়া পুথিভঁৰালসমূহে ছাত্র-ছাত্রীক বাহিৰা পুথি যােগান ধৰে। ছাত্ৰ-ছাত্ৰীক জ্ঞান, বুদ্ধি আৰু উপযােগিতা বুজি শিক্ষকসকলে কিতাপ বাছি দিয়াৰ কাৰণে ছাত্র-ছাত্রীৰ অধিক উপকাৰ হয়। কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীৰ কাৰণে পুথিভঁৰালৰ সাহায্য অপৰিহাৰ্য বুলিয়ে কব পাৰি। আজিকালি স্কুল কলেজবােৰত 'বুক বেংক' ৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্য-পুথিৰ যােগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
পুথিভঁৰালৰ উপকাৰিতা বুজিয়ে হ’বলা সম্প্রতি আমাৰ মাজত পুথিভঁৰাল স্থাপনৰ কাৰণে কিছু আগ্রহ জন্মিছে। আমাৰ চৰকাৰে জিলা আৰু মহকুমাৰ সদৰ ঠাইত নিজৰ ববীয়াকৈ একোটাহঁত পুথিভঁৰাল স্থাপন কৰিছে। সমূহীয়া উন্নয়ন খন্ড আৰু ৰাজ্যিক সামাজিক বিভাগৰদ্বাৰা বছা বছা গাঁও কিছুমানতাে পুথিভঁৰাল স্থাপন কৰা হৈছে। গাঁৱৰ মানুহ বিশেষকৈ ছাত্র-ছাত্রীসকলে নিজ নিজ গাঁৱত পুথিভঁৰাল স্থাপনৰ কাৰণে নিজে নিজেই উদ্যম কৰি আগবাঢ়ি অহাও দেখা গৈছে। এনেবােৰ পুথিভঁৰালৰ কোনাে কোনােটোক চৰকাৰে আর্থিক অনুদানেৰেও সহায় কৰিছে। তথাপি গাঁৱৰ আৰু স্কুলৰ পুথি ভৰালসমূহৰ সুযোেগ জনসাধাৰণ আৰু ছাত্ৰ-সমাজে সম্পূৰ্ণৰূপে গ্রহণ কৰিব পৰা নাই। উপযুক্ত পৰিচালনাৰ অভাবেই ইয়াৰ কাৰণ। আমাৰ গাঁৱলীয়া পুথি-ভৰালবােৰৰ পুথি ভৰালীজন প্রায়ে অবৈতনিক | সময়-সুযােগ পালে তেওঁ পুথি-ভৰালৰ দুৱাৰ মেলে নতুবা নেমেলে। জীৱনত অর্থই অনর্থ ঘটোৱা আমাৰ গাঁৱলীয়াসকলৰ "হৰি কথাতকে চাউল মুঠিয়ে ডাঙৰ" হৈছে। গতিকে এনেকুৱা পুথিভঁৰাললৈ তেওঁলােক নােযােৱাটোৱে স্বাভাৱিক। তদুপৰি এইবােৰ পুথিভঁৰাল স্থাপন আৰু পৰিচালনাত আগভাগ লয় ছাত্ৰসকলে। এচাম উদ্যমী ছাত্ৰৰ পিছতে আকৌ এচাম ছাত্র নােলালে এইবােৰ পুথি ভঁৰালৰ দুৱাৰ চিৰকালৰ কাৰণে জাপ যােৱা দৃষ্টান্তও বিৰল নহয়।
স্কুলৰ পুথিভঁৰালসমুহৰাে কিতাপ দিয়া ব্যৱস্থা বৰ ভাল নহয়। বিদ্যালয়ৰ পুথি ভঁৰালবােৰত কলেজৰ নিচিনা নিগাজি পুথিভঁৰালী নাথাকে। একোজন শিক্ষকৰ ওপৰত পুথিভঁৰালৰ দায়িত্ব অর্পণ কৰা হয়। স্কুলবােৰত অতিৰিক্ত শিক্ষক নাই; এনেয়ে তেওঁলােকৰ জিৰণি কম, তাতে আকৌ অনুপস্থিত শিক্ষকৰ হৈয়াে শিকাবলগীয়া হয়। এনেস্থলত শিক্ষকজনে বাৰু উপৰুৱা দায়িত্ব লয় কেনেকৈ ? ল’লেইবা, তাক সুচাৰুৰূপে পালন কৰিব কেনেকৈ ? লাইব্রেৰীৰ দায়িত্বত থকা শিক্ষকজনক এটা বা দুটা পিৰিয়ড’ আজৰাই দিলেও বিশেষ সুবিধা নহয়। কলেজৰ নিচিনা স্কুলৰ পুথিভঁৰালসমূহতাে পুথি ভঁৰাল পৰিচালনাৰ জ্ঞান থকা নিগাজি পুথিভঁৰালী নিয়ােগ কৰিব লাগে আৰু গাঁৱলীয়া পুথিভঁৰালবােৰৰ দায়িত্বও চৰকাৰে সম্পূর্ণ বহন কৰি তাৰ পুথিভঁৰালীসমূহক বেতন আৰু প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে, তেহে এই পুথিভঁৰালসমূহৰপৰা যথােচিত সুফল পােৱা যাব।
পুথিভঁৰালৰপৰা পুথি আনি পঢ়োতাৰো বিশেষ দায়িত্ব আছে। পুথি পঢ়োঁতাসকলে পুথিভঁৰালৰ নিয়ম কেতিয়াও উলংঘা কৰা উচিত নহয়; বিশেষকৈ কিতাপ নি নির্দিষ্ট সময়ত ঘূৰাই নিদিয়াটো বৰ বেয়া। পুথিভঁৰালৰ পুথিৰ কথাৰ তলত আঁচ মৰা, ছবি ব্লক আৰু নিজৰ বাবে লাগতিয়াল অংশ মাজৰপৰা ছিৰি ৰখা আদি বদ-অভ্যাসাে আমাৰ পঢ়োতাসকলৰ কাৰাে কাৰাে গাত দেখা যায়। কেতিয়াও এনেকুৱা কাম কৰাটো উচিত নহয়। পুথিভঁৰালৰ পুথিৰপৰা বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰই সম্পূর্ণ উপকাৰ পাবলৈ হলে পুথি এখন পঢ়ি তাৰপৰা লাগতিয়াল কথাখিনিৰ টোকা ৰাখিব লাগে।
Keyword: Assamese essay on Library, Library essay in Assamese, Library meaning in Assamese, Assamese essay for class 12, Assamese essay for hslc, Assamese essay for - class 5, class 6, class 7, class 8, class 9, class 10, class 11, hs, Important essay in Assamese language. অসমীয়া ৰচনা, পুথিভঁৰাল, puthibhoral Asomiya Rochona, Axomiya Rosona, rosona assamese, rosona bisitra
সূচীপত্ৰ
ৰচনা নং ১: পুথিভঁৰাল আৰু ইয়াৰ আৱশ্যকতা
ৰচনা নং ২: পুথিভঁৰাল/শিক্ষানুষ্ঠানৰ পুথিভঁৰাল
ৰচনা নং ৩: পুথিভঁৰাল
ৰচনা নং ১: পুথিভঁৰাল আৰু ইয়াৰ আৱশ্যকতা (Library and its importance - Assamese Essay)
ভূমিকা: পুথিভঁৰালক সভ্যমানুহৰ জীৱন যাত্ৰাৰ এক আৱশ্যকীয় অঙ্গ বুলি অভিহিত কৰিব পাৰি।প্ৰায়বােৰ শিক্ষিত মানুহৰ ঘৰতে ব্যক্তিগত পুথিভঁৰাল থাকে। কিন্তু এইবােৰ সামূহিক স্বাৰ্থত ব্যৱহাৰ নহয়। ইয়াৰ কাৰণে চৰকাৰী পক্ষৰ পৰা পুথিভঁৰাল স্থাপন কৰা হৈছে যদিও আজিকালি বহুতাে ক্লাৱ বা সংস্থায়াে পুথিভঁৰাল প্রতিষ্ঠা কৰা দেখা যায়। এনেধৰণৰ পুথিভঁৰালবােৰে আমাৰ দেশৰ দৰে দুখীয়া আৰু কম শিক্ষিত লােকৰ কাৰণে বিশেষ প্রয়ােজনীয়। ইয়াৰ যােগেদি জ্ঞানৰ বিস্তাৰ হ'ব পাৰে। তদুপৰি পুথিভঁৰালৰ পৰা পােৱা আনন্দক দেৱমন্দিৰত প্ৰৱেশ কৰাৰ আনন্দৰ লগত ৰিজাব পাৰি। নানা সমস্যা পীড়িত মানুহেও ইয়াত সােমাই আনন্দ উপভােগ কৰিব পাৰে।
পুথিভঁৰাল জ্ঞানৰ ভঁৰাল: আধুনিক বিজ্ঞানৰ এক মূল্যবান অৱদান হ’ল ছপাখানা সমূহ। ইয়াৰ যােগেদি গ্রন্থসমূহ প্রকাশিত হয়। গ্রন্থ প্রকাশ হােৱাৰ লগে লগে এজন জ্ঞানবান ব্যক্তিৰ জ্ঞানৰ দ্বাৰা আমি সাধাৰণ পাঠকসকল লাভবান হ’ব পাৰিছোঁ। পুথিভঁৰাল হ’ল এনে গ্রন্থৰে মিলনক্ষেত্র। ইয়াত অতীত, ভৱিষ্যৎ আৰু বর্তমান সকলাে মিলিত হােৱাৰ লগে লগে পৃথিৱীৰ জ্ঞানবােৰ একত্ৰিত হৈছে। গােটেই জীৱনজুৰি মানুহে এনে জ্ঞানসমূহ সংগ্রহ কৰিব নােৱাৰে যিখিনি তেওঁ পুথিভঁৰালত অধ্যয়ন কৰি লাভ কৰিব পাৰে। পুথিভঁৰাল অফুৰন্ত প্রাণ প্রবাহ। ইয়াত অৱগাহন কৰিলে মানুহে সাধনাত সিদ্ধি লাভ কৰিব পাৰে।
গ্রন্থাগাৰৰ উদ্ভৱ: প্রাচীন কালতেই জ্ঞানচর্চাৰ ফলত সাহিত্য ৰচিত হৈছিল কিন্তু অক্ষৰ আৱিষ্কাৰ নােহােৱাৰ বাবে সেইবােৰ মুখে মুখে প্রচলিত হৈছিল। কালক্ৰমত অক্ষৰৰ সৃষ্টি হ’ল। কাগজ হিচাপে ব্যৱহাৰ হ’ল সাঁচিপাত ভূমিপত্র। মানুহে কঠোৰ পৰিশ্ৰমেৰে লেখাৰ সামগ্রী তৈয়াৰ কৰি গ্ৰন্থ ৰচনা কৰিবলৈ ধৰিলে আৰু সেই গ্রন্থবােৰেই পুথিভঁৰাল নির্মাণ কৰে। প্রাচীন ভাৰতত এনে পুথিভঁৰালৰ ব্যৱস্থা আছিল। সেই কালত জ্ঞানচর্চাৰ কলা হিচাপে নির্মিত বিশ্ববিদ্যালয়বােৰত পুথিভঁৰালৰ ব্যৱস্থা আছিল।নালান্দা, তক্ষশিলা আদিত এনে পুথিভঁৰাল স্থাপিত হৈছিল আৰু এইবােৰত নিজ দেশৰ উপৰিও আন দেশৰ পণ্ডিতসকলেও অধ্যয়নৰ কাৰণে আহিছিল। প্রাচীন মন্দিৰবোৰত এনে গ্রন্থাগাৰ থকাৰ কথা গম পােৱা যায়। কাশী, সােমনাথ প্রভৃতি হিন্দু মন্দিৰবােৰত এনে পুথিভঁৰাল আছিল। এই গ্রন্থাগাৰত সংৰক্ষিত বহুতাে মূল্যবান গ্রন্থ বিদেশী আক্রমণকাৰীয়ে নাশ কৰি পেলায়।
মুদ্রাযন্ত্রৰ আৱিষ্কাৰৰ ফলত গ্রন্থবােৰৰ প্ৰচাৰৰ ক্ষেত্র বিস্তৃত হ’ল। তথাপিও সকলাে ধৰণৰ গ্ৰন্থ এজন ব্যক্তিয়ে সংগ্রহ কৰাটো সম্ভৱপৰ নহয় কাৰণেই সামাজিক বা ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰা হয়। পুথিভঁৰালত নানা ধৰণৰ গ্ৰন্থবােৰ সজাই থােৱা হয় আৰু পঢ়ুৱৈ সকলে ইয়াত প্ৰৱেশ কৰি সেইবােৰ অধ্যয়ন কৰাৰ সুযােগ পায়। বর্তমান যুগত গৱেষণা, অধ্যয়ন আদিৰ প্ৰসাৰ বৃদ্ধি পাইছে। গতিকে পুথিভঁৰালৰ প্রয়ােজনীয়তাও বাঢ়িছে। বিভিন্ন বিষয়ৰ গৱেষণা আৰু আলােচনাৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ গ্রন্থাগাৰবােৰ স্থাপিত হৈছে। আধুনিক কালত ৰুচিয়াৰ লেনিন গ্রন্থাগাৰ, পেৰিচৰ বহিব্লথিক নেচনেল, লণ্ডনৰ বৃটিছমিউজিয়াম, ভাৰতৰ নেচনেল লাইব্রেৰী আদি আন্তর্জাতিক খ্যাতিসম্পন্ন পুথিভঁৰাল।
সাম্প্রতিক কালত উচ্চ শিক্ষা অনুষ্ঠানবােৰৰ লগতে একোটাকৈ পুথিভঁৰাল সংযুক্ত হৈ থাকে। কলেজ, বিশ্ববিদ্যালয়ত কাৰিকৰী শিক্ষা প্রতিষ্ঠান আদি প্রত্যেকতে থকা এই ধৰণৰ পুথিভঁৰালবােৰে ছাত্র-ছাত্রী, গৱেষক, অধ্যাপক-অধ্যাপিকাসকলক প্রভূত পৰিমাণে সহায় কৰে।
ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰাল: সর্বসাধাৰণৰ উপকাৰত অহাকৈ ৰাজহুৱা গ্রন্থাগাৰ বা পুথিভঁৰালবােৰ স্থাপন কৰা হৈছে। স্বাধীনতা লাভৰ পাছত সৰ্বসাধাৰণ মানুহৰ মাজত শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ ঘটাবলৈ এই পুথিভঁৰালসমূহ প্রতিষ্ঠা কৰা হয়। ৰাজ্য চৰকাৰবােৰেও ৰাজহুৱা খণ্ডত একো একোটা কেন্দ্রীয় পুথিভঁৰাল স্থাপন কৰি তাৰ সেৱা গ্রাম্য অঞ্চললৈও সম্প্রসাৰিত কৰা হৈছে। পুথিভঁৰালসমূহত চৰকাৰী পক্ষৰ পৰা গ্রন্থখিনি যােগান ধৰাৰ ব্যৱস্থা কৰা হয়। গ্রন্থবােৰ সজাই ৰখাৰ কৌশল আধুনিক যুগত বিশেষ সুবিধাজনক কৰি তােলা হৈছে। তাৰ ফলত তৎক্ষণাৎ এজন পাঠকে গ্রন্থ এখন বিচাৰি পঢ়াৰ ব্যৱস্থা কৰিব পাৰে। বৈজ্ঞানিক প্রণালীৰে পাঠকৰ অতি সুবিধাজনকভাৱে গ্ৰন্থৰ যােগান ধৰাৰ প্রশিক্ষণ দিবলৈ পুথিভঁৰাল সম্পর্কীয় শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই প্রতিষ্ঠানবােৰত অধ্যয়নপুষ্ট গ্রন্থাগাৰিকাবােৰে পাঠকসকলক গ্রন্থ নির্বাচনত বিশেষভাৱে সহায় কৰিব পাৰে।
পুথিভঁৰালৰ প্ৰয়ােজনীয়তা: স্কুল কলেজত বিদ্যা বা জ্ঞানৰ বিকাশ সাধন কৰা হয় যদিও সি মূলতঃ পাঠ্যকেন্দ্রিক। এই নির্দিষ্ট শিক্ষা গ্রহণৰ দ্বাৰা পৃথিৱীত চলিব নােৱাৰি। ইয়াৰ বাবে আৰু বিভিন্ন জ্ঞান জনাটো দৰকাৰ হৈ পৰে। সেয়া সম্ভৱ হ'ব পাৰে পুথিভঁৰালত নিয়মিত অধ্যয়ন কৰিলেহে। অনানুষ্ঠানিক শিক্ষাৰ কেন্দ্রস্থল পুথিভঁৰালবােৰেই প্ৰকৃতাৰ্থত জ্ঞানৰ প্ৰসাৰ ঘটাব পাৰে। পৃথিৱীৰ এনে বহুতাে মানুহৰ কথা গম পােৱা যায় যিয়ে হয়তাে স্কুলীয়া বিদ্যাতকৈ অন্য ধৰণৰ জ্ঞানলাভৰ যােগেদিহে নিজকে পৰিপূৰ্ণ কৰি ৰাখিছিল। এই ক্ষেত্ৰত তেওঁলােকে পুথিভঁৰাল আদিৰ সহায় লৈছিল। তাৰ মাধ্যমেদি নীৰৱ অধ্যয়নৰ যােগেদি তেওঁলােকে নিজৰ প্রতিভা বিকশিত কৰি তুলিছিল।
ছাত্ৰাৱস্থাৰ পৰা পুথিভঁৰাললৈ যােৱা অভ্যাস কৰিব লাগে। তেতিয়াহে বিভিন্ন জ্ঞানৰ আস্বাদন কৰিব পাৰি। ইয়াৰ যােগেদিয়ে অধ্যয়নৰ প্রতি আগ্রহ গঢ় লৈ উঠে আৰু গ্রন্থ অধ্যয়নে গঢ়ি তােলে উচ্চমানৰ ৰুচিসম্পন্ন এক আকর্ষণীয় ব্যক্তিত্ব।
সামৰণি: বহু সময়ত মানুহৰ অধ্যয়নৰ ইচ্ছা থাকিলেও ধনৰ অভাৱত গ্রন্থ পাতি যােগাৰ কৰিব নােৱাৰি সেই ইচ্ছা দমন কৰিব লগা হয়। পুথিভঁৰালত প্রায় সকলাে ধৰণৰ গ্ৰন্থই পােৱা যায় আৰু সেইবােৰ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা লাভ কৰিব পাৰি । গতিকে পুথিভঁৰালেই অধ্যয়নৰ পৰিবেশ গঢ়ি তুলি ব্যক্তি জীৱনক গঢ়াৰ সূচল কৰি দিয়ে। তদুপৰি কিছুমান দুষ্প্রাপ্য গ্রন্থও পুথিভঁৰালত ৰখা হয়। সেইবােৰ তাৰপৰা অধ্যয়ন কৰি বহুতাে জ্ঞান লাভ কৰিব পাৰি। গতিকে সমাজত জ্ঞানৰ সুঁতিটো প্ৰৱাহিত কৰি ৰখাৰ ক্ষেত্ৰত পুথিভঁৰালেই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। গতিকে পুথিভঁৰাল যিমানেই বাঢ়ে আমাৰ সমাজৰ কাৰণে সিমানেই মঙ্গল।
ৰচনা নং ২: পুথিভঁৰাল/শিক্ষানুষ্ঠানৰ পুথিভঁৰাল
আৰম্ভণি: পুথিভঁৰাল এনে এটি আৱশ্যক ঘৰ, য'ত কেৱল মগজুৰ খাদ্য কিতাপ-পত্র তথা পুথি-পাঁজি মজুত কৰি ৰখা হয়। মানুহক দেহ আৰু মন দুয়ােটা দিশৰ সমৃদ্ধিত ক্রমে ধানৰ ভঁৰাল আৰু পুথি ভৰালৰ অতি আৱশ্যক।
পুথি ভৰালক গ্রন্থাগাৰো বােলা হয়। পুথি য'ত ভৰাই মজুত কৰি ৰখা হয়, সেয়ে পুথিভঁৰাল আৰু গ্রন্থসমূহ সংগ্ৰহ কৰি যি আগাৰ বা গৃহত ৰখা হয়, সেয়ে গ্রন্থাগাৰ। ইংৰাজীত ইয়াৰ প্রতিশব্দ হ’ল লাইব্রেৰী।
মানৱ জাতিৰ উন্নতি আৰু প্ৰগতিৰ বাবে পুথিভঁৰালৰ গুৰুত্ব অতি বেছি। কাৰণ, একোখন গ্ৰন্থত শিকিব লগীয়া, জানিবলগীয়া অনেক জ্ঞান থাকে। সেইবাবে এখন কিতাপ বিষয় অনুসৰি শিকিব লগা মেটমৰা জ্ঞানৰ ভঁৰাল। সেইবাবে সকলাে ধৰণৰ অসংখ্য গ্রন্থ সংগ্রহ কৰি থুপাই ৰখা হয়। এই গ্রন্থ সংগ্রহৰ উদ্দেশ্য হ’ল পাঠকক সুলভভাৱে মনােমত গ্রন্থৰ যােগান ধৰা। পুথিভঁৰালত সকলাে শ্ৰেণীৰ গ্ৰন্থই ঠাই পায়। সকলােশ্রেণীৰ পাঠককে সন্তুষ্ট কৰা পুথিভঁৰালৰ প্রধান উদ্দেশ্য।
পুথিভঁৰালৰ লক্ষ্য: পুথিভঁৰালৰ লক্ষ্য হল মানুহক অজ্ঞান আন্ধাৰৰ পৰা পােহৰলৈ অনাত গ্রন্থ অধ্যয়নৰ ব্যৱহাৰ বৃদ্ধি। কেৱল বিদ্যালয়ত গৈ আখৰ শিকি লিখিব আৰু পঢ়িব পৰা হ'লেই মানুহৰ জ্ঞান নহয়। বিদ্যালয়ত শিক্ষকেও সকলাে জ্ঞানৰ ব্যাখ্যাৰে জীৱন সমৃদ্ধ কৰিব নােৱাৰে। গতিকে, বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সময়ত নানা কিতাপ পঢ়িব লগা হয়। কিন্তু বিদ্যালয়ৰ শিক্ষাই অধ্যয়নৰ পথহে দেখুৱাব পাৰে। জ্ঞান বৃদ্ধিৰ কাৰণে নিজে আৱশ্যক বুলি ভবা গ্রন্থৰ পাঠ অব্যাহত ৰাখিব লাগে। অধ্যয়নৰ দ্বাৰা বৃদ্ধকাললৈকে মানসিক আহাৰ লাভ কৰিব পাৰি। গতিকে, এই জ্ঞান আহৰণেই অধ্যয়নৰ মূল আৰু অধ্যয়ন সহজ কৰি গাঁৱে-নগৰে সকলাে মানুহৰ মাজত জ্ঞানৰ বিতৰণেই পুথিভঁৰালৰ প্রধান লক্ষ্য।
বহুতে ভাবে যে পুথিভঁৰালত গল্প, উপন্যাস, কবিতা, নাটক আৰু আলােচনা সমালােচনা সামৰি লৈ কেৱল সাহিত্যৰ গ্ৰন্থহে থাকে। কথাষাৰ সম্পূর্ণ সঁচা নহয়। পুথিভঁৰালত সকলাে প্ৰকাৰৰ কিতাপেই থাকে। পৃথিৱীত ৰচিত সকলাে প্ৰকাৰৰ কিতাপ দুই প্রকাৰৰ। এবিধ সাহিত্য, আনবিধ অ-সাহিত্য। সাহিত্য সূত্ৰৰ বাহিৰৰবােৰ অ-সাহিত্য। সাহিত্যও আকৌ দুবিধ—(১) জ্ঞানবাদী সাহিত্য আৰু (২) ভাববাদী মনােৰঞ্জক প্রকৃত সাহিত্য। গতিকে বিভিন্ন শ্ৰেণীৰ পাঠকে নিজ প্রয়ােজন মতে নির্বাচন কৰি পুথিভঁৰালত পঢ়া-শুনা কৰিব পাৰে।
পুথিভঁৰালৰ অবিৰ্ভাৱ: পৃথিৱীৰ প্রাচীন কালত যেতিয়া গ্রন্থ লেখাৰ পদ্ধতি ওলাল তেতিয়া সকলাে জ্ঞানকে লিপিৰ মাধ্যমত সংৰক্ষণ কৰাৰ পদ্ধতিয়ে প্ৰসাৰতা লাভ কৰিলে। পণ্ডিতসকলে নিজৰ মানসিক সম্পদ, অভিজ্ঞতাই বস্তুৰ পৰা উদ্ধাৰ কৰা পর্যালােচনা আদি লিখি গ্রন্থৰ ৰূপ দিলে। প্রাচীন গ্রীক সভ্যতা, চৈনিক সভ্যতা, সিন্ধু সভ্যতা, মিছৰীয় সভ্যতা আদিৰ কালৰে পৰা গ্ৰন্থৰ লেখন আৰু সংৰক্ষণ চলি আহিছে। এইদৰে পুথি সংৰক্ষণ আৰু অধ্যয়নেই পুথিভঁৰালৰ মূল কথা বা আদিম কথা।
গ্রন্থ ৰচনা কাম পৃথিৱীত প্রথম সংস্কৃত ভাষাতে হােৱা বুলি জনা যায়। যীচু খ্ৰীষ্টৰ জন্মৰ বহু পূর্বতে ভাৰতবৰ্ষত মুনিসকলৰ সংঘবদ্ধতাত ‘বেদ’ গ্রন্থ ৰচিত হয়। সেইদৰে ৰামায়ণখনেই হ’ল পৃথিৱীৰ প্রথম কাব্য বা মহাকাব্য। গতিকে বেদ ৰামায়ণৰ কালৰে পৰা গ্ৰন্থ সংৰক্ষণ আৰু অধ্যয়ন প্রক্রিয়া চলিছিল। গুৰুসকলেই প্রথম শাস্ত্র গ্রন্থবােৰ থুপাই ৰখাৰ প্রবৃত্তি আৰম্ভ কৰিছিল। পুৰণি কালত এই পুথিবােৰ লেখা হৈছিল তালপাত, ভূজপত্র আদিত। মধ্যযুগৰ অসমত সাঁচিপাত অর্থাৎ সাঁচি গছৰ চালৰ পৰা পাত তৈয়াৰ কৰি পুথি লেখা হৈছিল। আজিকালি কাগজ আৰু ছপাশাল উদ্ভাৱন হােৱাত পুথি লেখা আৰু সংৰক্ষণ তথা বিতৰণ কৰা সহজ হ’ল। চীনদেশত প্রথম কাগজ সৃষ্টি হ’ল। তাৰপাছত আদিম ছপাশালা সৃষ্টি হ’ল। বর্তমান ছপাশালে মানৱ সভ্যতাৰ ধ্বজাবাহক সম্পদৰূপে গ্রন্থ জগতৰ ব্যাপক ৰূপান্তৰ ঘটালে। ছপাশালে কম সময়তে, কম খৰছত হাজাৰ হাজাৰ সংখ্যক গ্রন্থ ছপাই বিতৰণ কৰিব পৰা কৰিলে। বৈদ্যুতিক যুগত ই সম্ভৱ হৈ উঠিছে।
পুথিভঁৰালৰ জয়যাত্রা: প্রাচীন কালৰে পৰা মঠ-মন্দিৰৰ লগতে ভাৰতবৰ্ষৰ অন্যতম ধর্মস্থান কাশী, সােমনাথ, বৃন্দাবন, তক্ষশীলা, বিক্রমশীলা, নালন্দা আদি স্থানত গ্রন্থাগাৰ বা পুথিভঁৰাল আছিল। নালন্দা বিশ্বৰ অন্যতম বৌদ্ধ বিশ্ব বিদ্যালয় আছিল। পৰৱৰ্তীকালত মন্দিৰ, টোল, সত্ৰ আদিতাে পুথি সংৰক্ষণ হৈছিল। গতিকে, অতি প্রাচীন কালৰে পৰা পুথিভঁৰাল প্রচলিত আছিল।
সভ্যতাৰ উৎকর্ষ সাধন হৈ কাগজ, মুদ্রাযন্ত্র আদি আৱিষ্কৃত হােৱাত প্রাচীন গ্রন্থ সংগ্ৰহৰ কঠোৰতা কমিল। ছপাশালে গ্রন্থ সহজলভ্য কৰিলে। পাঠকৰ সংখ্যা বঢ়াৰ লগে লগে পুথিভঁৰালৰ সংখ্যা আৰু আৱশ্যকতা বৃদ্ধি পালে।বর্তমান সমগ্র বিশ্বৰ সমগ্ৰ দেশতে পুথিভঁৰাল স্থাপিত হৈ আন্দোলনমুখী হৈ উঠিছে। ই শুভ লক্ষণ।
শিক্ষানুষ্ঠান: পুথিভঁৰালেই একোটা শিক্ষানুষ্ঠান। অন্যহাতে দেশত গঢ়ি উঠা প্রতিখন শিক্ষানুষ্ঠানত পুথিভঁৰাল অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। বিদ্যালয়ৰ ছাত্ৰ-গৱেষকৰ প্রয়ােজন অনুসৰি গ্ৰন্থ সংগ্রহ কৰা হয়। প্রথমতে সাহিত্য জাতীয় সর্বসাধাৰণৰ গ্ৰন্থ ৰখাৰ লগতে বিদ্যালয়ৰ বিষয় বৈশিষ্ট্যলৈ লক্ষ্য ৰাখি গ্রন্থ সংগ্রহ কৰা হয়। যেনে - কলা, বাণিজ্য, বিজ্ঞান, প্রযুক্তি, গণ সংযােগ, নির্মাণ, মুদ্রণ, অনাৰ্তাৰ, টেলিভিচন ইত্যাদি ভিন্ন বিষয়ৰ শিক্ষানুষ্ঠানৰ বাবে বাচকবনীয়া গ্রন্থ সংগ্রহ কৰা হয়। এইবিলাকে বিভিন্ন বিষয় অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ যােগান ধৰিব পাৰে। সেয়েহেপ্রতি বিদ্যালয়ৰ আৱশ্যক অনুযায়ী একোটা শক্তিশালী পুথিভঁৰাল আৰু অধ্যয়ন কোঠা গঢ়ি তােলা গুৰুত্বপূর্ণ দায়িত্ব আৰু কর্তব্য।
সামৰণি:
পুথিভঁৰালৰ উপকাৰিতা: আধুনিক সভ্যতাৰ বাবে অধ্যয়ন আৰু অধ্যয়নৰ বাবে পুথিভঁৰালৰ অতি আৱশ্যক। পুথিভঁৰালত সকলাে ধৰণৰ পুথি পাঠকৰ সহজলভ্য হয়। তদুপৰি, বাতৰি কাকত, আলােচনী আদিৰ মাজেদি সম-সাময়িক জগতখনৰ সন্ধান পাই থাকিব পাৰি।
পুথিভঁৰালৰ কিছুমান কিতাপ বিশেষভাৱে সংৰক্ষিত। সেইবিলাক পাঠকে সেই স্থানতে পঢ়িবহে পাৰে, ঘৰলৈ কঢ়িয়াই নিব নােৱাৰে। এই শাখাত দুষ্প্রাপ্য গ্রন্থবােৰ, একমাত্র গ্রন্থখন, পাণ্ডুলিপি, পুৰণি পুথি-পাঁজি, তথ্য সম্বলিত কাগজ-পত্র, প্রাচীন নিদর্শন আদিয়াে সংৰক্ষিত হৈ থাকে। এই শাখা গৱেষক ছাত্র বা গৱেষণা কৰা ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূর্ণ। অৱশ্যে এনে ব্যৱস্থা ডাঙৰ ডাঙৰ পুথিভঁৰালত অতি গুৰুত্বৰে কৰা হয়।
বিশ্বত বর্তমান বহুতাে গুৰুত্বপূৰ্ণ পুথিভঁৰাল আছে। প্রতিখন কলেজ, বিশ্ববিদ্যালয়ত তেনে কক্ষ থকাৰ লগতে আৰু বহুতাে গুৰুত্বপূৰ্ণ পুথিভঁৰাল আছে। পৃথিৱীৰ তেনে কেইটামান বৃহৎ পুথিভঁৰালৰ ভিতৰত লণ্ডনৰ ব্রিটিছ মিউজিয়াম লাইব্রেৰী, আমেৰিকাৰ লাইব্রেৰী অৱ কংগ্ৰেছ, ৰাছিয়াৰ লেলিন লাইব্রেৰী, পেৰিছৰ নেচনেল লাইব্রেৰী আদিৰ লগতে ভাৰতবৰ্ষৰ কলকতাৰ নেচনেল লাইব্রেৰী, মুম্বাইৰ নেচনেল লাইব্রেৰী উল্লেখ কৰিব পাৰি। তদুপৰি কলিকতা বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, কাশী হিন্দু বিশ্ববিদ্যালয় আদি ভাৰতৰ প্ৰায়বােৰ বিশ্ব বিদ্যালয়ত একোটা নির্ভৰযােগ্য পুথিভঁৰাল গঢ়ি উঠিছে।
গতিকে, সকলাে স্তৰৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্তৰৰ সাম্যতা ৰাখি একোটা পুথিভঁৰাল গঢ় দিব লাগে। ছাত্ৰ-ছাত্ৰীক অধ্যয়নমুখী কৰি তােলাৰ ইও এটা মাধ্যম। | তদুপৰি পাঠ গ্রহণৰ লগতে উপযােগী গ্রন্থ অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে প্ৰতিখন বিদ্যালয়ত অধ্যয়ন কোঠা নির্মাণ কৰিব লাগে। তদুপৰি পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবৰ কাৰণে শিক্ষালয়ৰ অধ্যয়ন সময়ৰ মাজতে নির্দিষ্টকৈ প্রতি শ্ৰেণীৰ বাবে সময় বান্ধি দিব লাগে; তেতিয়া নিশ্চয় সকলােৰে উৎকর্ষ সাধন হ’ব।
ৰচনা নং ৩: পুথিভঁৰাল
.পুথিভঁৰালসমূহত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দর্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা তৰহৰ ন-পুৰণি পুথি আৰু আলােচনী, বাতৰি কাকত আদি পঢ়াৰ কাৰণে সংগ্রহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰাল সাধাৰণতে দুই ধৰণৰ - ব্যক্তিগত ‘ঘৰুৱা পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। পণ্ডিত, বিদ্যানুৰাগী আৰু অধ্যয়নপ্রিয় মানুহবােৰে নিজৰ অভিৰুচি মতে নিজক লগা পুথি-পাঁজি, আলােচনী, বাতৰি কাকত আদি সংগ্রহ কৰি ৰাখে। এয়াই হ’ল ঘৰুৱা পুথিভঁৰাল। এই পুথিভঁৰালৰ সুযােগ সকলােৱে নাপায় আৰু ইয়াত সকলাে ধৰণৰ পুথিও নাথাকে। ৰাজহুৱা পুথিভঁৰালসমূহত সকলাে বিধৰ পুথি ৰখা হয় আৰু সকলােৰে কাৰণে ইয়াৰ দুৱাৰ মুকলি থাকে। আমাৰ স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়বােৰত একোটা পুথিভঁৰাল আছে। ইয়াৰ সুযােগ ছাত্র ছাত্ৰী আৰু শিক্ষকসকলে ল’ব পাৰে। ইয়াৰ উপৰিও ন্যায়ালয়, সচিবালয়, বিধানসভা আদিৰ নিচিনা চৰকাৰী অনুষ্ঠানসমূহৰে নিজা নিজা পুথিভঁৰাল আছে। ৰাজহুৱা পুথি ভঁৰালবােৰৰ কিছুমান চৰকাৰদ্বাৰা সম্পূৰ্ণৰূপে পৰিচালিত, কিছুমান ৰাইজৰদ্বাৰা চৰকাৰী সাহায্যত পৰিচালিত আৰু কিছুমান সম্পূর্ণভাৱে ৰাইজৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত। স্কুল-কলেজৰ পুথিভঁৰালবােৰ ছাত্ৰৰ মাচুল আৰু চৰকাৰী সাহায্যৰদ্বাৰাই স্থাপিত আৰু স্কুল-কলেজ কর্তৃপক্ষ বা ছাত্র-সভাৰ দ্বাৰাই পৰিচালিত হয়। চলন্ত পুথিভঁৰাল বুলি আৰু এবিধ পুথিভঁৰালাে আছে। জনসাধাৰণৰ মাজত শিক্ষা প্রচাৰৰ কাৰণে আৰু অধ্যয়নৰ অনুৰাগ জন্মাবৰ বাবে চৰকাৰৰদ্বাৰা ইয়াৰ পৰিচালনা কৰা হয়।
মানুহৰ জ্ঞান পুথিৰ পাতত সঞ্চিত হয়; সেয়েহে জ্ঞানান্বেষী মানুহে অতীতকালৰপৰাই পুথিভঁৰাল পাতি জ্ঞান সাধনাৰ বাট মােকোলাইছিল। পুৰণিকালৰ মঠ-মন্দিৰ, তীর্থস্থান আদিত বিভিন্ন বিষয়ৰ পুথি সংৰক্ষণ কৰা হৈছিল। আমাৰ দেশৰ থান-সত্র আৰু নামঘৰ বােৰতাে ভালেমান পুৰণি কিতাপ-পুথি পােৱা যায়। এইবােৰেও এসময়ত পুথি ভঁৰালৰ কাম কৰিছিল। প্রাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ গ্রন্থাগাৰৰ নাম উল্লেখযােগ্য। আগেয়ে তাল পাত, সাচি-পাত আদিত বৰ যত্ন কৰি গ্ৰন্থ লিখা হৈছিল আৰু সেইবােৰৰ সংগ্ৰহ আৰু সংৰক্ষণাে সহজ নাছিল। কাকত আৰু ছপাকল আৱিষ্কাৰৰ ফলত কিতাপ যথেষ্ট সুলভ হৈছে আৰু পুথিভঁৰালবােৰতাে আজি কালি বিজ্ঞান-সম্মত পদ্ধতিৰে পুথি-পাঁজিৰ সংগ্রহ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। পৃথিৱীৰ সকলােবােৰ দেশতে আজি-কালি ভালেমান ডাঙৰ ডাঙৰ পুথিভঁৰাল স্থাপিত হৈছে। এনে পুথিভঁৰালসমূহৰ ভিতৰত লন্ডনৰ ব্রিটিছ মিউজিয়াম লাইব্রেৰী, ফৰাচীৰ বিব্লিওথিক নেচনেল লাইব্রেৰী, ৰাচিয়াৰ মস্কো মহানগৰীৰ পুথিভঁৰাল আৰু কলিকতাত থকা আমাৰ ভাৰতৰ নেচনেল লাইব্রেৰীৰ নাম উল্লেখ কৰিব পাৰি ।
পুথিভঁৰালবােৰৰ যথেষ্ট উপকাৰিতা আছে। বিশেষকৈ জ্ঞান আৰু শিক্ষা বিস্তাৰত ইয়াৰ বৰঙণি অতুলনীয়! সকলাে মানুহে স্কুল-কলেজত পঢ়ি জ্ঞান আহৰণৰ সুযােগ নাপায় আৰু স্কুল-কলেজত শিক্ষা পােৱা লােকৰাে চৰ্চাৰ অভাৱত বিদ্যা ক্রমে হ্রাস হয়। কথাতে কয় বােলে - "অনভ্যাসে হতঃ বিদ্যা"। কিন্তু সকলাে সময়তে সকলােৰে কাৰণে আৱশ্যকীয় কিতাপখিনি কিনা সম্ভৱাে নহয়। ৰাজহুৱা পুথিভঁৰালৰ সুযােগ গ্রহণ কৰি শিক্ষিতসকলে জ্ঞান-চর্চা অব্যাহত ৰাখিব পাৰে। স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰালসমূহে ছাত্র-ছাত্রীৰ বৰ উপকাৰ কৰে। জ্ঞান লাভৰ বাবে স্কুলৰ পাঠ্যখিনিয়ে যথেষ্ট নহয় ৷ তাৰ কাৰণে কিছু বাহিৰা পুথি অধ্যয়নৰাে দৰকাৰ। স্কুলীয়া পুথিভঁৰালসমূহে ছাত্র-ছাত্রীক বাহিৰা পুথি যােগান ধৰে। ছাত্ৰ-ছাত্ৰীক জ্ঞান, বুদ্ধি আৰু উপযােগিতা বুজি শিক্ষকসকলে কিতাপ বাছি দিয়াৰ কাৰণে ছাত্র-ছাত্রীৰ অধিক উপকাৰ হয়। কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীৰ কাৰণে পুথিভঁৰালৰ সাহায্য অপৰিহাৰ্য বুলিয়ে কব পাৰি। আজিকালি স্কুল কলেজবােৰত 'বুক বেংক' ৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্য-পুথিৰ যােগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
পুথিভঁৰালৰ উপকাৰিতা বুজিয়ে হ’বলা সম্প্রতি আমাৰ মাজত পুথিভঁৰাল স্থাপনৰ কাৰণে কিছু আগ্রহ জন্মিছে। আমাৰ চৰকাৰে জিলা আৰু মহকুমাৰ সদৰ ঠাইত নিজৰ ববীয়াকৈ একোটাহঁত পুথিভঁৰাল স্থাপন কৰিছে। সমূহীয়া উন্নয়ন খন্ড আৰু ৰাজ্যিক সামাজিক বিভাগৰদ্বাৰা বছা বছা গাঁও কিছুমানতাে পুথিভঁৰাল স্থাপন কৰা হৈছে। গাঁৱৰ মানুহ বিশেষকৈ ছাত্র-ছাত্রীসকলে নিজ নিজ গাঁৱত পুথিভঁৰাল স্থাপনৰ কাৰণে নিজে নিজেই উদ্যম কৰি আগবাঢ়ি অহাও দেখা গৈছে। এনেবােৰ পুথিভঁৰালৰ কোনাে কোনােটোক চৰকাৰে আর্থিক অনুদানেৰেও সহায় কৰিছে। তথাপি গাঁৱৰ আৰু স্কুলৰ পুথি ভৰালসমূহৰ সুযোেগ জনসাধাৰণ আৰু ছাত্ৰ-সমাজে সম্পূৰ্ণৰূপে গ্রহণ কৰিব পৰা নাই। উপযুক্ত পৰিচালনাৰ অভাবেই ইয়াৰ কাৰণ। আমাৰ গাঁৱলীয়া পুথি-ভৰালবােৰৰ পুথি ভৰালীজন প্রায়ে অবৈতনিক | সময়-সুযােগ পালে তেওঁ পুথি-ভৰালৰ দুৱাৰ মেলে নতুবা নেমেলে। জীৱনত অর্থই অনর্থ ঘটোৱা আমাৰ গাঁৱলীয়াসকলৰ "হৰি কথাতকে চাউল মুঠিয়ে ডাঙৰ" হৈছে। গতিকে এনেকুৱা পুথিভঁৰাললৈ তেওঁলােক নােযােৱাটোৱে স্বাভাৱিক। তদুপৰি এইবােৰ পুথিভঁৰাল স্থাপন আৰু পৰিচালনাত আগভাগ লয় ছাত্ৰসকলে। এচাম উদ্যমী ছাত্ৰৰ পিছতে আকৌ এচাম ছাত্র নােলালে এইবােৰ পুথি ভঁৰালৰ দুৱাৰ চিৰকালৰ কাৰণে জাপ যােৱা দৃষ্টান্তও বিৰল নহয়।
স্কুলৰ পুথিভঁৰালসমুহৰাে কিতাপ দিয়া ব্যৱস্থা বৰ ভাল নহয়। বিদ্যালয়ৰ পুথি ভঁৰালবােৰত কলেজৰ নিচিনা নিগাজি পুথিভঁৰালী নাথাকে। একোজন শিক্ষকৰ ওপৰত পুথিভঁৰালৰ দায়িত্ব অর্পণ কৰা হয়। স্কুলবােৰত অতিৰিক্ত শিক্ষক নাই; এনেয়ে তেওঁলােকৰ জিৰণি কম, তাতে আকৌ অনুপস্থিত শিক্ষকৰ হৈয়াে শিকাবলগীয়া হয়। এনেস্থলত শিক্ষকজনে বাৰু উপৰুৱা দায়িত্ব লয় কেনেকৈ ? ল’লেইবা, তাক সুচাৰুৰূপে পালন কৰিব কেনেকৈ ? লাইব্রেৰীৰ দায়িত্বত থকা শিক্ষকজনক এটা বা দুটা পিৰিয়ড’ আজৰাই দিলেও বিশেষ সুবিধা নহয়। কলেজৰ নিচিনা স্কুলৰ পুথিভঁৰালসমূহতাে পুথি ভঁৰাল পৰিচালনাৰ জ্ঞান থকা নিগাজি পুথিভঁৰালী নিয়ােগ কৰিব লাগে আৰু গাঁৱলীয়া পুথিভঁৰালবােৰৰ দায়িত্বও চৰকাৰে সম্পূর্ণ বহন কৰি তাৰ পুথিভঁৰালীসমূহক বেতন আৰু প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে, তেহে এই পুথিভঁৰালসমূহৰপৰা যথােচিত সুফল পােৱা যাব।
পুথিভঁৰালৰপৰা পুথি আনি পঢ়োতাৰো বিশেষ দায়িত্ব আছে। পুথি পঢ়োঁতাসকলে পুথিভঁৰালৰ নিয়ম কেতিয়াও উলংঘা কৰা উচিত নহয়; বিশেষকৈ কিতাপ নি নির্দিষ্ট সময়ত ঘূৰাই নিদিয়াটো বৰ বেয়া। পুথিভঁৰালৰ পুথিৰ কথাৰ তলত আঁচ মৰা, ছবি ব্লক আৰু নিজৰ বাবে লাগতিয়াল অংশ মাজৰপৰা ছিৰি ৰখা আদি বদ-অভ্যাসাে আমাৰ পঢ়োতাসকলৰ কাৰাে কাৰাে গাত দেখা যায়। কেতিয়াও এনেকুৱা কাম কৰাটো উচিত নহয়। পুথিভঁৰালৰ পুথিৰপৰা বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰই সম্পূর্ণ উপকাৰ পাবলৈ হলে পুথি এখন পঢ়ি তাৰপৰা লাগতিয়াল কথাখিনিৰ টোকা ৰাখিব লাগে।
~ সমাপ্ত ~
অন্যান্য ৰচনা: