ভ্ৰমণ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে অসমীয়া ৰচনা

 ভ্ৰমণ আৰু ইয়াৰ গুৰুত্বঃ ইয়াত সপ্তম শ্ৰেণী (Class 7), অষ্টম শ্ৰেণী (Class 8), নৱম শ্ৰেণী (Class 9), দশম শ্ৰেণী (Class 10), একাদশ শ্ৰেণী (Class 11), দ্বাদশ শ্ৰেণী (Class 12), স্নাতক তথা সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ 'ভ্ৰমণ আৰু ইয়াৰ গুৰুত্ব' ৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকলৰ এই অসমীয়া ৰচনা খনৰ পৰা নিশ্চয়কৈ লাভ হ'ব বুলি আশা থাকিল।

ভ্ৰমণ আৰু ইয়াৰ গুৰুত্ব

ভূমিকাঃ মানুহৰ এটা সহজাত প্ৰবৃত্তি হ'ল নজনাক জনা আৰু নেদেখাক দেখা ৷ এই প্ৰবৃত্তিৰ বশ হৈয়েই মানুহে এঠাইৰ পৰা আন ঠাইলৈ যায়। এই প্ৰবৃত্তিৰ তাড়নাতেই আজি মানুহ মহাকাশলৈ গতি কৰিছে, মেৰু অঞ্চললৈ গৈছে, এভাৰেষ্টৰ দৰে উচ্চতম শৃঙ্গত আৰোহণ কৰিছে, মহাসমুদ্ৰৰ তললৈ গৈছে বা ভয়ঙ্কৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ আফ্ৰিকাৰ অটব্য অৰণ্যত পদাৰ্পণ কৰিছে। তাৰ বিনিময়ত মানুহে পৃথিৱীৰ নতুন নতুন তথ্যও আৱিষ্কাৰ কৰিব পাৰিছে । 

প্ৰাচীন কালত ভ্ৰমণঃ প্ৰাচীন কালত আমাৰ ভাৰতবৰ্ষৰ ঋষি-মুনিসকলে তীৰ্থ ভ্ৰমণ তেওঁলোকৰ এটা প্ৰধান কৰ্তব্য হিচাপে গণ্য কৰিছিল ৷ আমাৰ মহাপুৰুষ শঙ্কৰদেৱে ভাৰতৰ নানা তীৰ্থস্থান ভ্ৰমণ কৰি অসমবাসীক বহুতো অমূল্য সম্পদ দি গৈছে ৷ নতুন আৱিষ্কাৰৰ তাড়নাত উদ্বুদ্ধ হৈয়েই কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰিছিল, পৰ্তুগীজ নাৱিক ভাস্ক’-ডা-গামাই ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল। প্ৰাচীন কালত দেশভ্ৰমণৰ এটা উদ্দেশ্য আছিল ব্যৱসায়-বাণিজ্য। ইংৰাজ আৰু পৰ্তুগীজসকলে এই উদ্দেশ্যেৰেই প্ৰথমতে আহি ভাৰতত উপস্থিত হৈছিল । আগৰ কালত ৰাজনৈতিক কাৰণত মেগাস্থেনিচ আৰু ফাহিয়ানৰ দৰে ভ্ৰমণকাৰী ভাৰতলৈ আহিছিল। আকৌ ধৰ্মপ্ৰচাৰৰ কাৰণে কিছুমানে দেশ ভ্ৰমণ কৰিছিল । অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাৰণে বহু ধৰ্মপ্ৰচাৰকক শ্ৰীলংকা, তিব্বত, চীন, ব্ৰহ্মদেশ আদি ঠাইলৈ পঠাইছিল। চীনা পৰিব্ৰাজক হিউয়েন চাঙে বৌদ্ধতীৰ্থ দৰ্শন আৰু বৌদ্ধ ধৰ্মগ্ৰন্থ অধ্যয়নৰ কাৰণে ভাৰতৰ নানা ঠাই ভ্ৰমণ কৰিছিল। তেওঁ ভাস্কৰ বৰ্মাৰ আমন্ত্ৰণক্ৰমে অসমলৈও আহিছিল । 

বৰ্তমান কালৰ দেশ ভ্ৰমণঃ ভ্ৰমণৰ লগত জড়িত যাতায়াত ব্যৱস্থা অতীতকালত বৰ কষ্টকৰ আছিল। তেতিয়াৰ দিনত পদব্ৰজে দেশ ভ্ৰমণ কৰিব লাগিছিল । এতিয়াৰ দৰে উন্নত যাতায়াত ব্যৱস্থা নাছিল কাৰণে মানুহৰ জীৱনক লৈও টনাটনি আছিল। বৰ্তমান কালত এভাৰেষ্ট আদি শৃঙ্গত আৰোহণ কৰাটো অতি কষ্টকৰ, কোনো কোনো আৰোহণকাৰীৰ মৃত্যুও হৈছে। ভ্ৰমণকাৰীৰ সুবিধাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা যান- বাহনৰ ব্যৱস্থাৰ উপৰিও, থকা-খোৱা আদিৰ ব্যৱস্থাও কৰা হৈছে। ঠায়ে ঠায়ে পৰ্যটন নিবাস আদি স্থাপন কৰা হৈছে। শিক্ষাৰ অঙ্গ কাৰণে ছাত্ৰ-ছাত্ৰীসকলকো শিক্ষানুষ্ঠানৰ তৰফৰ পৰা বিভিন্ন ঠাইলৈ লৈ যোৱা হয়। অকল ছাত্ৰ-ছাত্ৰীয়েই নহয় আজিকালি কৃষকসকলেও চৰকাৰী পৃষ্ঠপোষকতাত কৃষি বিষয়ক উন্নত জ্ঞান লাভ কৰিবৰ কাৰণে নানা ঠাই ভ্ৰমণ কৰিবৰ সুবিধা পাইছে। 

ভ্ৰমণৰ উপকাৰঃ দেশ ভ্ৰমণৰ পৰা মানুহে নানা ধৰণে উপকৃত হয়। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই গৈ মানুহৰ মন উদাৰ হয়, সংকীৰ্ণতা ত্যাগ কৰিব পাৰে। কু-সংস্কাৰ অন্ধবিশ্বাসেৰে পৰিপূৰ্ণ মনবোৰ উদাৰতা, দয়া, মায়া-মমতাৰে, পৰিপূৰ্ণ সংযমী আৰু ক্ষমতাশীল ব্যক্তিত পৰিণত হয়। ইয়াৰ বাহিৰেও দেশ ভ্ৰমণকাৰীসকলৰ নানা ধৰণৰ অভিজ্ঞতা হয়। তেওঁলোকে প্ৰতিকূল পৰিবেশৰ লগত মোকাবিলা কৰিবলৈ শিকে। আনহাতে অইন দেশৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ সৈতে পৰিচিত হয় । তেতিয়া নিজৰ দেশৰ আচাৰ, নীতি তুলনা কৰি বেয়াখিনি পৰিহাৰ কৰিব পাৰে। সেই ধৰণে ভ্ৰমণকাৰীসকল যিখন দেশলৈ যায় সেইখন দেশৰ জনসাধাৰণৰো উপকাৰ হয়৷ কাৰণ সেইখন দেশৰ মানুহে নিজৰ ঠাইত থাকিয়েই অইন দেশৰ আচাৰ ব্যৱহাৰ বা ৰীতি- নীতিৰ বিষয়ে জানিব পাৰে। এইদৰে ভাষা-সংস্কৃতিৰ আদান-প্ৰদানৰ সুবিধা হয়। ভ্ৰমণকাৰীৰ আগমনৰ ফলত দেশে বহুমূলীয়া বৈদেশিক মুদ্ৰাও অৰ্জন কৰিব পাৰে। পৰ্যটকৰ বাবে পৃথিৱীৰ বহু ৰম্যপুৰী আছে। ইউৰোপৰ চুইজাৰলেণ্ড প্ৰকৃতিৰ এখন অপূৰ্ব ঠাই। ভাৰতবৰ্ষতো বহুতো পৰ্যটন ভূমি আছে। চিমলা, কাশ্মীৰ, উটি, আদি ভ্ৰমণকাৰীৰ আকৰ্ষণৰ ঠাই । অসমৰ বিভিন্ন ঠাইলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰপৰা পৰ্যটক আহে এই ঠাইবিলাকত নানা ধৰণৰ ব্যৱসায়, যেনে’হোটেল, দোকান-পোহাৰ আদি খুলি মানুহে আৰ্থিক সচ্ছলতা লাভ কৰিব পাৰিছে। 

দেশ ভ্ৰমণৰ সাহিত্যঃ দেশ ভ্ৰমণৰ ফলত বহুতো মূল্যবান গ্ৰন্থও ৰচিত হৈছে। ভ্ৰমণকাৰীসকলে ভ্ৰমণকালত লাভ কৰা অভিজ্ঞতা এই গ্ৰন্থসমূহত লিপিবদ্ধ কৰে। হিউয়েন চাঙে অসমৰ বিষয়ে লিখা টোকাৰ পৰা সেই সময়ৰ অসমৰ সামাজিক, ৰাজনৈতিক অৱস্থাৰ কথা জানিব পৰা গৈছে। সেইদৰে ফাহিয়ান, মেগাস্থেনিচ আদিয়ে ভাৰত ভ্ৰমণৰ ওপৰত লিখি যোৱা টোকাৰ পৰা সেই সময়ৰ ভাৰতৰ সামাজিক ৰীতি-নীতি, আচাৰ- ব্যৱহাৰ, শাসন পদ্ধতিৰ বিষয়ে বহু কথা জানিব পাৰি। সাম্প্ৰতিক কালতো অসমৰ হেম বৰুৱা, অণু বৰুৱা, চৈয়দ আব্দুল মালিক আদিয়ে কেবাখনো ভ্ৰমণমূলক মূল্যবান গ্ৰন্থ ৰচনা কৰিছে। 

সামৰণিঃ দেশভ্ৰমণৰ অভ্যাস গঢ়ি তুলিলেহে ঘৰগোনা স্বভাৱৰ সলনি হ'ব পাৰে। দেশভ্ৰমণৰ ইচ্ছাই মানুহক নানা জ্ঞানৰ অধিকাৰী কৰি তোলে। সেয়ে ছাত্ৰ অৱস্থাৰ পৰাই দেশভ্ৰমণৰ প্ৰতি আকৰ্ষিত হ'লে ভৱিষ্যৎ জীৱনত ইয়াৰ পৰা বিভিন্ন সুফল পোৱা যায়।

-- সমাপ্ত --


 ভ্ৰমণ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে অসমীয়া ৰচনাখন কেনে পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)

অন্যান্য ৰচনা: