মােৰ জীৱনৰ লক্ষ্য - অসমীয়া ৰচনা (My aim in life)

তােমাৰ জীৱনৰ লক্ষ্যৰ বিষয়ে ৰচনা: ইয়াত মােৰ জীৱনৰ লক্ষ্য - এজন শিক্ষক হোৱা বিষয়ে এখন ৰচনা  (Your/My aim in life  essay in Assamese) সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

মােৰ জীৱনৰ লক্ষ্য

ভূমিকাঃ ব্যক্তি ভেদে লক্ষ্য বেলেগ বেলেগ। কিন্তু সকলাে লক্ষ্য এক কেন্দ্ৰবিন্দুলৈ ধাবিত হােৱা দৰকাৰ আৰু সেই লক্ষ্যৰ কেন্দ্ৰবিন্দু হ’ল ব্যক্তিগত ক্ষেত্ৰত নিজৰ আত্মিক আৰু মানৱীয় বিকাশ আৰু বৃহৎ অৰ্থত সমাজ তথা বৃহৎ মানৱগােষ্ঠীৰ উন্নয়ন। সকলােৱে এই লক্ষ্য আগত ৰাখি নিজৰ উদ্দেশ্য আৰু কৰ্ম ঠিক কৰি ল'লে নিজৰ তথা সমাজৰ উন্নতি স্বাভাৱিক। প্ৰাচীন ভাৰতীয় আদৰ্শত এই লক্ষ্যকেই মহান লক্ষ্যৰূপে অভিহিত কৰা হৈছে। 

জীৱিকাৰ বাবে লক্ষ্যঃ মানুহে জীৱিকাৰ বাবে এটা লক্ষ্য স্থিৰ কৰি পঢ়াশুনা কৰিব লাগে। এই লক্ষ্য বহু সময়ত পৰিবেশৰ পৰাই মনত স্থিৰ কৰি লােৱা দেখা যায়। দেখা যায় যে এজন পুলিচ অফিচাৰৰ ল'ৰাই সাধাৰণতে সেই বিভাগত চাকৰি কৰাৰ বা এজন প্ৰশাসনীয় বিষয়াৰ ল'ৰাই সেই বিভাগকহে বাছি লয়। এই ক্ষেত্ৰত তেওঁৰ পিতৃ মাতৃৰ অনুপ্ৰেৰণাই প্ৰধান কাম কৰে। অৱশ্যে কেতিয়াবা মনৰ পছন্দ নহ'লে সেই চাকৰিৰ প্ৰতি অনীহা প্ৰকাশ কৰি অইন চাকৰি বা জীৱিকাও তেওঁলােকে গ্ৰহণ কৰা দেখা যায়। কিন্তু লক্ষ্য যিহেই নহওক তাক মানৱীয় বিকাশৰ কামত লগাব পৰাটোৱে হ’ল লক্ষ্য নিৰূপণৰ মূল কথা। এজন মানুহৰ বৃত্তি বা কৰ্মক্ষেত্ৰ যিয়েই নহওক তাৰ মাজেদি জীৱনটো আনন্দময় আৰু সুখময় কৰি তােলাটোৱে তেওঁ বিচাৰে। কিন্তু তাকে কৰিবলৈ গৈ তেওঁ যদি দুৰ্নীতিৰ পােতাশালত সােমাই পৰে তেনেহ'লে তেওঁৰ জীৱনৰ লক্ষ্যভ্ৰষ্ট হােৱা বুলি ক’ব লাগিব। 

মােৰ জীৱনৰ লক্ষ্যঃ মই মােৰ জীৱনৰ লক্ষ্য নিৰূপণ কৰোঁতে সাধাৰণতে দুৰ্নীতি বা অন্যায়ৰ পৰা সততে আঁতৰি থাকিব পৰা এটা জীৱিকাৰ কথাকেই চিন্তা কৰিছাে। এনে জীৱিকা গ্ৰহণ কৰাৰ পাছত জীৱনৰ মহান লক্ষ্যত উপনীত হােৱাৰ বাবে পথ সুগম হ'ব বুলি মােৰ ধাৰণা। সেয়ে মই এজন শিক্ষক হ’ব খােজো। মই সকলাে শ্ৰেণীৰ শিক্ষকৰ প্ৰতি শ্ৰদ্ধাবান আৰু এই চাকৰিটোক মহান বুলি গণ্য কৰো যদিও মই বিশ্ববিদ্যালয় নাইবা মহাবিদ্যালয়ৰ শিক্ষক হােৱাৰ লক্ষ্যহে স্থিৰ কৰিছাে। কাৰণ এই শিক্ষকসকলে পঢ়া শুনাৰ কাৰণে ভাল পৰিবেশ এটা পায় আৰু নিজে পঢ়া-শুনা কৰাৰ লগতে অইনক পঢ়ুৱাই গৱেষণা কাৰ্যত সহায় কৰি নিজৰ আত্মিক বিকাশ সম্ভৱ কৰি তুলিব পাৰে। এইবােৰ কামৰ প্ৰতি মই বিশেষভাৱে আগ্ৰহী। সেই অধ্যাপনা কৰাৰ লগে লগে মই গৱেষণাৰ বিভিন্ন প্ৰকল্প গ্ৰহণ কৰি সমাজ আৰু জাতিৰ উন্নতিত অৰিহণা যােগাব খােজো। মই সৃষ্টিৰ প্ৰতি সদায় আগ্ৰহী। নতুন নতুন সৃষ্টিৰ ইন্ধন বিস্তৃত অধ্যয়নৰ পৰাই লাভ কৰিব পাৰিম বুলি মােৰ ধাৰণা। মই মােৰ চিন্তা আৰু সৃষ্টি শক্তিৰে গ্ৰন্থ ৰচনা কৰিম আৰু তাত বিভিন্ন তথ্য দাঙি ধৰাৰ প্ৰয়াস কৰিম। দেশৰ নাগৰিকসকলৰ বুদ্ধিবৃত্তিৰ বিকাশৰ ওপৰত এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে। অধ্যয়নৰ লগে লগে নৈতিক চৰিত্ৰ গঠনৰ প্ৰতিও ছাত্ৰ ছাত্ৰীসকলক মই অনুপ্ৰাণিত কৰিব পাৰিম। বৰ্তমান দেশৰ শিক্ষা ব্যৱস্থাত বহু পৰিমাণে ত্ৰু-বিচ্যুতি ৰৈ যােৱা বুলি মােৰ ধাৰণা। বিশেষকৈ ভাৰতীয় সমাজত বিশৃঙ্খলাৰ মূল কাৰণ হ'ল ভাৰতীয় পৰম্পৰাৰ প্ৰতি নতুন পুৰুষ শ্ৰদ্ধাৰহিত হােৱাটো। এই বিষয়ত ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ মই চেষ্টা কৰিম। 

লক্ষ্যত উপনীত হােৱাৰ পথঃ নিজ লক্ষ্যত উপনীত হােৱাৰ বাবে প্ৰধানভাৱে দৰকাৰ হ’ব গভীৰ অধ্যয়নৰ। গভীৰ অধ্যয়নৰ দ্বাৰা নিজকে মেধাৱী কৰি নল’লে এনে এক মহৎ কাম নিয়াৰিকৈ সম্পন্ন কৰিব পৰা নাযাব। তদুপৰি ইয়াত যােগ্যতা অৰ্জন কৰিবলৈয়াে পৰীক্ষাৰ ফলাফল উৎকৃষ্ট হ’ব লাগিব। অধ্যাপনা কৰি অকল দৰমহা লােৱাটোৱে মােৰ কৰ্তব্য নহ'ব। মই তাৰ যােগেদি এক সবল-সুস্থ সমাজ গঢ়াৰ বাবে প্ৰয়াস কৰিম। তেতিয়াহে মােৰ লক্ষ্যই পূৰ্ণতাৰ পথত অগ্ৰসৰ হ’ব। 

সামৰণিঃ জীৱনত এটা লক্ষ্য ঠিক কৰি লৈ তাক লাভ কৰিবলৈ সাধনা কৰাটোৱে মানহৰ প্ৰথম কৰ্তব্য। মানুহৰ গভীৰ আত্মবিশ্বাস আৰু সাধনাই লক্ষ্যক একেবাৰে কাষ চপাই লৈ আহে। আৰু কিন্তু দুৰ্ভাগ্যবশতঃ সেই লক্ষ্যত উপনীত হ'ব নােৱাৰিলেও মন হৈ পৰে সুসংস্কৃত আৰু দৃঢ় অভিজ্ঞতাৰে জীৱন হৈ উঠে পৰিপুষ্ট। সেয়ে নিৰূপিত লক্ষ্য আগত লৈহে মানুহে জীৱনত আগবাঢ়িব লাগে। ময়াে তেনে এক লক্ষ্য লৈয়ে আগবাঢ়িছাে আৰু তাৰ বাবেই অবিৰতভাৱে সাধনাৰ সংকল্প লৈছাে। 


অন্যান্য ৰচনা:
Next Post Previous Post