মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে ৰচনা | Mahatma Gandhi Essay in Assamese

মহাত্মা গান্ধী

মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে ৰচনাঃ ইয়াত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী

ভূমিকাঃ ভাৰতীয় পৰাধীন জীৱনত এক অভূতপূৰ্ব আলোড়ন সৃষ্টি কৰি মহাত্মা গান্ধীয়ে প্ৰতিজন ভাৰতীয়ৰ মন মুক্তিকামী কৰি তুলিছিল। এনে এক ব্যক্তিত্বৰ অধিকাৰী হৈ গোটেই বিশ্বতে তেওঁ নিজ ভাবমূৰ্তিক সমুজ্জ্বল কৰি তোলে। তেওঁৰ গভীৰ আত্মপ্ৰত্যয়, কৰ্তব্যনিষ্ঠা, চাৰিত্ৰিক দৃঢ়তা আৰু প্ৰগাঢ় দেশপ্ৰেম আৰু মানৱতাই বিশ্ববন্দিত মহাপুৰুষ ৰূপে তেওঁক প্ৰতিষ্ঠিত কৰে। 

জন্ম আৰু ল'ৰাকালঃ ১৮৬১ চনত গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হয় ৷ তেওঁৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী। তেওঁৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী আৰু মাকৰ নাম পুতুলী বাঈ। সৰুকালতে তেওঁ অসৎ ল'ৰাৰ সঙ্গ লৈ বিপথে পৰিচালিত হৈছিল যদিও সত্যৰ প্ৰতি গভীৰ বিশ্বাসে তেওঁক পুনৰ সৎ পথলৈ ওভতাই আনে। ইয়াৰ পাছত কোনো প্ৰলোভনে আৰু তেওঁক প্ৰলুব্ধ কৰিব নোৱাৰিলে । আনকি বিলাতলৈ গৈও নিজ মাতৃৰ আগত লোৱা শপত ৰক্ষা কৰিবলৈ কোনো অখাদ্য ভক্ষণ কৰা নাছিল নাইবা মদত মুখ দিয়া নাছিল । 

এন্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰি তেওঁ বিলাতলৈ যায় আৰু তাতে বেৰিষ্টাৰী পঢ়িবলৈ লয়। বেৰিষ্টাৰী পাছ কৰি তেওঁ ভাৰতলৈ উভতি আহি ওকালতি কৰিবলৈ লয় ৷ 

কৰ্মজীৱনঃ মহাত্মা গান্ধী বিলাতত থাকোঁতে দাদাভাই নৌৰজী আৰু গোপাল কৃষ্ণ গোখলেৰ সংস্পৰ্শলৈ আহে। তেতিয়াই তেওঁৰ মনত দেশপ্ৰেমৰ অংকুৰে শিপায়। ১৮৯৩ চনত মোহনদাস দক্ষিণ আফ্ৰিকালৈ যায় আৰু তাতে ভাৰতীয়সকলৰ নিষ্পেষিত অৱস্থা দেখি তেওঁৰ মনত জাতীয়তাবাদী চিন্তা প্ৰবল হৈ উঠে। দক্ষিণ আফ্ৰিকাত তেওঁ অহিংস উপায়েৰে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সত্যাগ্ৰহ আৰম্ভ কৰে। ভাৰতবাসীৰ যি সকলে বিদেশত বসবাস কৰিছিল তেওঁলোকৰ আত্ম মৰ্যাদা ৰক্ষা কৰিবলৈ তেওঁ এই আন্দোলনৰ পথ লৈছিল। গান্ধীজীয়ে তেওঁৰ দৃঢ় প্ৰত্যয়ৰে এই আন্দোলনত জয়লাভ কৰিলে । 

১৯৪৪ চনত তেওঁ ভাৰতবৰ্ষলৈ উভতি আহি জনসেৱা আৰু গঠনমূলক কামত আত্মনিয়োগ কৰিলে ৷ এই সময়তে তেওঁ আহমেদাবাদৰ সবৰমতী নৈৰ পাৰত সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰে। ইয়াৰ পৰা তেওঁ ৰাজনৈতিক আন্দোলনৰ বাবে নিজকে প্ৰস্তুত কৰে।

স্বাধীনতাৰ আন্দোলনত যোগদানঃ ভাৰতৰ মুক্তিৰ কাৰণে গান্ধীজীয়ে আন্দোলনৰ পথ গ্ৰহণ কৰিলে প্ৰথম মহাসমৰৰ পাছত। ১৯১৪ চনৰ ১৪ আগষ্টত ইউৰোপত প্ৰথম মহাযুদ্ধৰ জুই জ্বলি উঠে। ভাৰতে এই যুদ্ধত ইংৰাজক সহায় কৰিলে স্বায়ত্ত শাসন দিব বুলি প্ৰতিশ্ৰুতি দিয়াত গান্ধীজীৰ নেতৃত্বত ভাৰতবাসীয়ে ইংৰাজসকলক সহায় কৰিবলৈ আগবাঢ়ি যায়। এই যুদ্ধৰ পাছত ইংৰাজে স্বায়ত্ত শাসনৰ পৰিৱৰ্তে দিলে ৰাওলাট আইন। ইংৰাজসকলৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে গান্ধীজীয়ে তেতিয়া আন্দোলন আৰম্ভ কৰে। ইয়াৰ পাছত জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হয়। লগে লগে ইংৰাজসকলৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত প্ৰবল বিক্ষোভ জাগি উঠিল। ১৯২০ চনত মহাত্মাই সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিলে। ভাৰতবাসীয়ে মহাত্মাৰ নেতৃত্বত এই আন্দোলনৰ পথ নিষ্ঠাৰে গ্ৰহণ কৰিলে। মহাত্মাই দেখুৱা আন্দোলনৰ পথ আছিল অহিংস। মানসিক প্ৰস্তুতিৰে নিজক আত্মশাসন আৰু তাৰ যোগেদি বিদেশী শক্তিৰ ওপৰত জয়লাভ কৰাই আছিল তেওঁৰ লক্ষ্য। আত্মপীড়নৰ যোগেদি অন্যায়ৰ পথ ৰুদ্ধ কৰাৰ ওপৰত তেওঁ জোৰ দিছিল । সেয়ে ১৯২৪ চনত হিন্দু-মুছলমানৰ মাজত হোৱা বিৰোধৰ অন্ত পেলাবলৈ অনশনৰ পথ তেওঁ গ্ৰহণ কৰিছিল। এই একে কাৰণতে তেওঁ ১৯৩২ চনত পুনাত আমৰণ অনশন কৰে ৷ প্ৰবল আত্মবিশ্বাসেৰে সাম্প্ৰদায়িকতাৰ বিষদাঁত উভালি পেলাবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ হৈছিল আৰু এই ক্ষেত্ৰতো তেওঁ সফলো হয়। 

কেতিয়াবা প্ৰচলিত আইন অমান্য কৰিও আন্দোলনৰ কাৰ্যসূচী তেওঁ গঢ়ি তুলিছিল। জনতাই ইংৰাজৰ সকলো আইন ভঙ্গ কৰিবলৈ আগবাঢ়ি আহিল। এই সময়তে তেওঁ লোণ আইন ভঙ্গ কৰিবলৈ দাণ্ডি যাত্ৰা কৰে। 

কিন্তু ইয়াৰ মাজতে সশস্ত্ৰ বিপ্লৱৰ প্ৰতি এদল লোক বিশেষভাবে আকৰ্ষিত হৈ পৰে। ১৯৪২ চনত কংগ্ৰেছৰ ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হোৱাৰ পাছতেই উত্তেজনাপূৰ্ণ সশস্ত্ৰ বিপ্লৱ সূচনা হ'ল। ভাৰতৰ জনতাই ধ্বংসমূলক কাম কৰিবলৈ আগবাঢ়ি আহিল। মহাত্মাই এই হিংসাৰ পথৰ আশ্ৰয় লোৱাটো কামনা কৰা নাছিল। তেওঁ অহিংসাৰ পথৰ পৰা বিচলিত নহ'ল। কিন্তু তেওঁ নিয়ন্ত্ৰণ কৰা আন্দোলনে সুদীৰ্ঘ পথ গ্ৰহণ কৰিলে । হিংসাৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হ'ল। অৱশ্যে ইয়াৰ আঁৰত বৃটিছ চৰকাৰৰ হাতো আছিল ৷ ভাৰতৰ মুক্তি আসন্ন হ'ল যদিও ই হৈ পৰিল দুৰ্যোগপূৰ্ণ । ১৯৪৭ চনত ভাৰতক দিখণ্ডিত কৰি স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হ'ল। লগে লগে দিল্লী, বোম্বে, পাটনা, কলিকতা আদি মহানগৰীত জাগি উঠা সাম্প্ৰাদায়িক সংঘৰ্ষই আসন্ন স্বাধীনতাৰ পথ ৰক্তাক্ত কৰি তুলিলে । এই সময়ত গান্ধীজীয়ে শাসন প্ৰতিষ্ঠাৰ কাৰণে কৰা প্ৰয়াস আছিল অতুলনীয়। ভাৰতে স্বাধীনতা লাভ কৰিলে এই সাম্প্ৰাদায়িক বিভাজনেৰে। কিন্তু চিৰদিন অহিংসাৰ পোষকতা কৰা গান্ধীজী হিংসাৰ বলি হ'ল। ১৯৪৮ চনত ৩০ জানুৱাৰী তাৰিখে মহাত্মাই আততায়ীৰ হাতত প্ৰাণ দিব লগা হ'ল। স্বাধীন দেশে মহাত্মাৰ সবল নেতৃত্বৰ অভিজ্ঞতা লাভ কৰিব নোৱাৰিলে। কিন্তু স্বাধীনতাৰ পূৰ্বতে ভাৰতীয় সমাজৰ সকলো ৰকমৰ কলুষ কালিমা আঁতৰ কৰাত তেওঁৰ অৱদান আছিল অনন্য। অস্পৃশ্যতা বৰ্জন, হিন্দু-মুছলমানৰ সংহতি, কুটীৰ শিল্পৰ স্থাপন আৰু উন্নতি আদি জনকল্যাণমূলক কাৰ্যসূচীৰে ভাৰতীয় জীৱনক তেওঁ পৰিশুদ্ধ আৰু কৰ্ম প্ৰবল কৰি তুলিব বিচাৰিছিল। গান্ধীজীৰ সেই সপোনবোৰকে পৰবৰ্তী চৰকাৰে ৰূপায়িত কৰাৰ চেষ্টা কৰি আছিছে। 

সামৰণিঃ ভাৰতীয় আদৰ্শৰ একনিষ্ঠ সাধক মহাত্মাই ভাৰতৰ মানুহৰ উপযোগী এক আন্দোলনৰ পথ উলিয়াই ভাৰতৰ আদৰ্শক বিশ্বত প্ৰতিষ্ঠা কৰিলে ৷ গান্ধীজীৰ সেই আদৰ্শ আজি ম্লান হোৱাৰ উপক্ৰম হৈছে যদিও নতুন পুৰুষৰ প্ৰথম দায়িত্ব হ'ল সেই মহান মানৱৰ আদৰ্শবাশিক বাস্তৱত ৰূপায়িত কৰা । তেতিয়াহে দেশে বিশ্বত এক নতুন উদাহৰণ প্ৰতিষ্ঠা কৰিব পাৰিব । 


অন্যান্য ৰচনা:
Next Post Previous Post
No Comment
Add Comment
comment url