শিক্ষক দিৱসৰ বিষয়ে ৰচনা | Teachers day essay in Assamese

 ইয়াত শিক্ষক দিৱসৰ বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই শিক্ষক দিৱসৰ বিষয়ে ৰচনা (Teachers day essay in Assamese) খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

শিক্ষক দিৱসৰ বিষয়ে ৰচনা | Teachers day essay in Assamese

 শিক্ষকসকল মানুহ গঢ়া খনিকৰ । মাক-দেউতাকে শিশুক জন্ম দিয়ে; কিন্তু শিশুক জ্ঞান চক্ষু দান কৰে শিক্ষকে। সেইবাবেই শিক্ষকসকল সন্মানৰ পাত্ৰ । প্ৰখ্যাত সমালোচক সত্যনাথ বৰাই ক’বৰ দৰে শিক্ষকে যদি ছাত্ৰক এটি মাত্ৰ শব্দও শিকায় তেতিয়াহ'লে ছাত্ৰই পৃথিৱীৰ কোনো বস্তুৰ দ্বাৰাই সেই ঋণ পৰিশোধ কৰিব নোৱাৰে । 

সমগ্ৰ ভাৰতবৰ্ষত ৫ ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰি শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰা হয়। ৫ ছেপ্টেম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন। ড° সৰ্বপল্লী ৰাধা কৃষ্ণণ বিদগ্ধ দাৰ্শনিক পণ্ডিত হোৱাৰ উপৰিও তেওঁ আছিল এজন আদৰ্শ শিক্ষক। তেওঁৰ ইচ্ছা অনুসৰিয়েই তেওঁৰ জন্ম দিন ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ভাৰতবৰ্ষত গুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ পৰম্পৰা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। অতীতত আজিৰ দৰে চৰকাৰী বিদ্যালয় নাছিল। ছাত্ৰই গুৰু গৃহত থাকি শিক্ষা গ্ৰহণ কৰিব লাগিছিল। গুৰুগৃহত থকা ছাত্ৰৰ মাজত কোনো ভেদাভেদ নাছিল। ৰজাৰ ল'ৰাই হওক বা সাধাৰণ প্ৰজাৰ ল'ৰাই হওক তেওঁলোক আশ্ৰমৰ বাবে ভিক্ষা কৰিব লাগিছিল, গুৰুৰ যজ্ঞৰ বাবে সমিধ সংগ্ৰহ কৰিব লাগিছিল। ছাত্ৰক বেদ- উপনিষদ আদিৰ জ্ঞান দিয়াৰ উপৰিও অস্ত্ৰ আদি চালনাৰ শিক্ষাও দিয়া হৈছিল। অৱশ্যে স্ত্ৰী-শিক্ষাৰ প্ৰচলনৰ বিষয় সম্যকভাৱে একো জনা নাযায় । কিয়নো ভাৰতত গাৰ্গী, মৈত্ৰেয়ী আদি বিদুষী মহিলা আছিল যদিও তেওঁলোকৰ শিক্ষা সম্পৰ্কে বিশেষ একো জনা নাযায় ! 

ছাত্ৰৰ গুৰুভক্তিৰ উদাহৰণ একলব্যৰ গুৰু দক্ষিণাৰ পৰাই পাব পাৰি। অৰ্জুনতকৈ ধনুৰ্বিদ্যাত পাকৈত একলব্যই সোঁহাতৰ বুঢ়া আঙুলিটো গুৰুক দান দি গুৰু-ভক্তিৰ এক বিৰল দৃষ্টান্ত ৰাখি থৈ গৈছে। 

‘শ্ৰদ্ধাবান লভতে জ্ঞানম'। যিয়ে শিক্ষাদান কৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা নাথাকিলে জ্ঞান সম্পূৰ্ণ নহয়। শিক্ষকসকলে অশেষ কষ্ট কৰি ছাত্ৰক দেশৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলে। সেই বাবেই কোৱা হয় শিক্ষকতা বৃত্তি নহয়, শিক্ষকতা ব্ৰত । সেইবাবে প্ৰতিজন ছাত্ৰৰ শিক্ষকৰ প্ৰতি অচলা ভক্তি থকা উচিত। 

অৱশ্যে আজি অৱস্থাৰ পৰিৱৰ্তন ঘটিছে।  শিক্ষকসকলৰ প্ৰতি ছাত্ৰৰ শ্ৰদ্ধা বা ভক্তি কিছু পৰিমাণে হ্ৰাস পাইছে। আনহাতে বৰ্তমান অসমৰ আৰ্থিক সংকটৰ বলি হৈছে শিক্ষকসকল। বছৰৰ পিছত বছৰ ধৰি বহু শিক্ষকে বেতন পোৱা নাই । স্বাভাৱিক কাৰণতে এনে পৰিস্থিতিত শিক্ষকসকলৰ পৰা অবিমিশ্ৰ সেৱাৰ মনোভাব আশা কৰিব নোৱাৰি ৷ 

সময় কিন্তু এতিয়াও উকলি যোৱা নাই। বিদ্যালয়সমূহত যদি শিক্ষাৰ পৰিবেশ ঘূৰাই আনিব লাগে তেতিয়া হ'লে ছাত্ৰ শিক্ষকৰ মাজৰ পূৰ্বৰ মধুৰ সম্পৰ্ক পুনৰ স্থাপন কৰিব লাগিব। ছাত্ৰসকলে শিক্ষকক শ্ৰদ্ধা-ভক্তি কৰিবলৈ শিকিব লাগিব। শিক্ষকে যদি পৰীক্ষা গৃহত অসদুপায় অৱলম্বন কৰা ছাত্ৰক বাধা দিয়াৰ অপৰাধত ছাত্ৰ বা অভিভাৱকৰ হাতত প্ৰহৃত বা নিগৃহীত হ'ব লগা হয় তেন্তে তেনে শিক্ষকৰ পৰা প্ৰকৃত শিক্ষা আশা কৰাটো আমাৰ উচিত হ'ব নে? গতিকে এই ক্ষেত্ৰত অভিভাৱকসকলো সচেতন হ’ব লাগিব। তেওঁলোকে বুজিব লাগিব তেওঁলোকে সন্তানৰ মঙ্গল কামনা কৰাৰ দৰে প্ৰতিজন শিক্ষকেও ছাত্ৰৰ মঙ্গল কামনা কৰে । 

আনহাতে শিক্ষকক আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে চৰকাৰ আগবাঢ়ি আহিব লাগিব। তেওঁলোকে বুজিব লাগিব পোহৰ আঁতৰাই দি এন্ধাৰ দূৰ কৰা সম্ভৱ নহয়। তেতিয়াহে শিক্ষক দিৱস উদ্যাপন কৰা সাৰ্থক হ'ব,ভাৰতৰত্ন ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ'ব ।

-- সমাপ্ত --
অন্যান্য ৰচনা:


People also Search for: Teachers day essay in assamese pdf, Teachers day essay in assamese 250 words, Teachers day essay in assamese 200 words, Teachers day essay in assamese 150 words; Teachers day essay in assamese 100 words, Teachers day essay in assamese 10 lines, শিক্ষক ৰচনা, শিক্ষক সম্পর্কে ১০টি বাক্য, শিক্ষক দিৱসৰ বিষয়ে ৰচনা, শিক্ষক বিষয়ে ৰচনা, শিক্ষক দিৱসৰ বিষয়ে ভাষণ,  শিক্ষক দিৱসৰ অনুভৱ, শিক্ষক দিৱসৰ কবিতা, শিক্ষক দিৱসৰ প্ৰতিবেদন ।
Next Post Previous Post
No Comment
Add Comment
comment url