এগৰাকী আদৰ্শ ব্যক্তিঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে ৰচনা

এগৰাকী আদৰ্শ ব্যক্তিঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

এগৰাকী আদৰ্শ ব্যক্তিঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ


আৰম্ভণিঃ 

মহা মহা পুৰুষৰ    চানেকিৰে জীৱনৰ

    আমিয়ো কৰিব জীৱন গঢ়িত । 

অভিনয় শেষ হ’লে    আয়ু বেলি মাৰ গ'লে 

    থৈ যাব পাৰো খোজ সময় বালিত। 

    জীৱনক সুন্দৰভাৱে গঢ় দিবলৈ আমি একোটা আদৰ্শ বা আৰ্হি বাছি ল'ব লাগে । মহৎলোকৰ জীৱনাদৰ্শই সেই ক্ষেত্ৰত আমাক শুদ্ধ পথ দেখুৱাই লৈ যাব পাৰে। মোৰ আদৰ্শ ব্যক্তিজন হ'ল - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ। তেখেত আছিল এগৰাকী বিশ্ব বিশ্ৰুত পণ্ডিত, দাৰ্শনিক আৰু শিক্ষাবিদ। ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতিৰূপে তেখেতে আমাৰ দেশ বিশ্বৰ মানচিত্ৰত উজ্বলাই থৈ গৈছে। 

জন্ম পৰিচয়ঃ ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত বৰ্তমানৰ চেন্নাই মহানগৰৰ পৰা ৪০০ মাইল দূৰৰ তিৰুত্তানী নামৰ এখন সৰু চহৰত ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। এটা নিম্ন মধ্যবিত্ত ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালৰ তেওঁৰ পিতৃ আছিল স্থানীয় জমিদাৰ এজনৰ অধীনৰ সাধাৰণ কৰ্মচাৰী। অভাৱ-অনাটনৰ মাজতো ডাঙৰ পৰিয়ালটো দেউতাকে পোহপাল দিছিল। ৰাধাকৃষ্ণণৰ শিক্ষা গ্ৰহণৰ বাবে সৰুৰে পৰাই দেউতাকে যত্ন লৈছিল । 

শিক্ষা জীৱনঃ ৰাধাকৃষ্ণণে প্ৰাথমিক শিক্ষা জন্মস্থান চহৰখনতে সম্পূৰ্ণ কৰিছিল। তাৰপাছত ক্ৰমান্বয়ে তিৰুপতিৰ লুথেৰান মিছন হাইস্কুল (১৮৯৬-১৯০০), ভেলোৰ কলেজ (১৯০০- ১৯০৪) আৰু মাদ্ৰাজ খ্ৰীষ্টান কলেজ (১৯০৪-১৯০৮) ত শিক্ষা লাভ কৰিছিল। ৰক্ষণশীল পৰিয়ালৰ হ'লেও দেউতাক আছিল সংস্কাৰ মুক্ত আৰু প্ৰগতিবাদী। সেইবাবে পুত্ৰক মুকলি মনেৰে খ্ৰীষ্টান মিছনেৰী শিক্ষানুষ্ঠানত পঢ়িবলৈ পঠাইছিল। 

ৰাধাকৃষ্ণণৰ পোনতে দৰ্শন শাস্ত্ৰত পঢ়াৰ ইচ্ছা নাছিল । কিন্তু এজন আত্মীয়ৰ পৰা বিনামূলীয়াকৈ দৰ্শন বিষয়ৰ পাঠ্যপুথিসমূহ পোৱাৰ বাবেহে দৰ্শনত পঢ়াৰ সিদ্ধান্ত লৈছিল। বি, এ, পৰীক্ষাত ৰাধাকৃষ্ণণে মাদ্ৰাজ বিশ্ব বিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল । আৰ্থিক সংগতিৰ অভাৱত তেওঁ আইন নপঢ়ি এম, এ, পঢ়িবলৈ লৈছিল। তাৰ বাবেও বৃত্তিৰ টকাৰ উপৰি ঘৰুৱা শিক্ষকতা কৰিছিল। 

কৰ্মজীৱনঃ ভেলোৰত পঢ়ি থাকোঁতেই ৰাধাকৃষ্ণণে বিয়া পাতিছিল। এম, এ, পাছ কৰাৰ পাছত প্ৰথমে এটা সৰু চাকৰি কৰি সংসাৰ চলাইছিল। ১৯০৯ চনত মাদ্ৰাজ প্ৰেছিডেন্সি কলেজত দৰ্শন বিভাগৰ অধ্যাপকৰূপে যোগ দিয়ে। এয়াই আছিল তেওঁৰ মহান শিক্ষক জীৱনৰ আৰম্ভণি । তাৰপাছত ক্ৰমান্বয়ে মহীশূৰ বিশ্ববিদ্যালয় আৰু কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। ১৯৩১ চনত ৰাধাকৃষ্ণণ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয় । ১৯৩৬ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰে। কিন্তু প্ৰথম মহাযুদ্ধৰ আৰম্ভণিতে তেওঁ ভাৰতলৈ ঘূৰি আহি বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ গ্ৰহণ কৰে। ভাৰতৰ স্বাধীনতা লাভৰ পাছত ৰাধাকৃষ্ণণে বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষৰূপে আধুনিক ভাৰতীয় শিক্ষাব্যৱস্থাৰ সংস্কাৰত মনোনিৱেশ কৰিছিল । 

১৯৪৯ চনত ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূতৰূপে নিযুক্তি লাভ কৰে। সেইসময়ত তেওঁ অক্সফৰ্ডতো শিক্ষাদানৰ লগত জড়িত হৈ আছিল। ১৯৫২ চনত তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হয় আৰু সেই মৰ্মে ৰাজ্য সভাৰো অধ্যক্ষ হয়। ১৯৫৪ চনত ৰাধাকৃষ্ণক ভাৰতৰত্ন উপাধি প্ৰদান কৰা হয়। ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ৰাধাকৃষ্ণণ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল। ১৯৬৮ চনত তেওঁ সাহিত্য অকাডেমিৰ ফেল'শ্বিপ লাভ কৰিছিল। ১৯৭৫ চনৰ জানুৱাৰী মাহত ৰাধাকৃষ্ণণ ৰোগগ্ৰস্ত হৈ পৰে আৰু সেই বছৰৰে ১৬ এপ্ৰিলৰ নিশা তেওঁৰ মৃত্যু হয়। 

ব্যক্তিত্বৰ দুটামান দিশঃ ৰাধাকৃষ্ণণে এজন আদৰ্শ শিক্ষকৰ জীৱন-যাপন কৰিছিল । সহজ-সৰল জীৱন কিন্তু উচ্চ চিন্তা আছিল তেওঁৰ আদৰ্শ। তেওঁ আছিল সদালাপী, নিৰহংকাৰ আৰু নিৰ্মল চৰিত্ৰৰ ব্যক্তি। অধ্যাপক হৈ থাকোঁতে তেওঁ মাহেকত দৰমহা পাইছিল ২০০০ টকা। ৰাষ্ট্ৰপতি হোৱাত তেওঁৰ দৰমহা হৈছিল গৈ ১০,০০০ টকা। ৰাধাকৃষ্ণণে তেতিয়া দৰমহা হিচাপে ২০০০ টকাকৈ লৈ বাকী ৮০০০ টকা দেশৰ বাবে ব্যয় কৰাৰ নিৰ্দেশ দিছিল। ইংৰাজৰ ৰাজত্বকালত জহকালি অৱসৰ যাপনৰ বাবে ভাৰতৰ বৰলাটৰ কাৰণে চিমলাত এটা বিৰাট প্ৰাসাদ আছিল। প্ৰাসাদটোৰ পৰিচালনাৰ বাবে বছৰটোত মাথোন কেইদিনমানৰ বাবে ব্যৱহাৰ হোৱাৰ বাবদ প্ৰচুৰ টকা খৰচ হৈছিল। ৰাধাকৃষ্ণণে সেইটোকে পাছত Indian Institute of Advanced Studies নামৰ উচ্চশিক্ষা আৰু গৱেষণাৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে । 

ৰাধাকৃষ্ণণৰ গ্ৰন্থাৱলীঃ পণ্ডিত ৰাধাকৃষ্ণণে ৰচনা কৰা গ্ৰন্থৰ সংখ্যা ডেৰকুৰিৰো ওপৰ। ইংৰাজীত লিখা এই গ্ৰন্থসমূহৰ প্ৰতিখনতেই তেওঁৰ বিশাল পাণ্ডিত্যৰ প্ৰকাশ ঘটিছে। ধৰ্ম, দৰ্শন, শিক্ষা, ৰাজনীতি আদি বিভিন্ন বিষয়ৰ গ্ৰন্থ তেওঁ ৰচনা কৰি থৈ গৈছে। 

উপাধি, সন্মানঃ ড° ৰাধাকৃষ্ণণে জীৱন কালতে বিভিন্ন উপাধি আৰু সন্মান ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বিভিন্ন সময়ত বিভিন্ন উপলক্ষ্যত ভাৰতীয় দলৰ নেতৃত্ব দিছিল। ইংলেণ্ডৰ ৰয়েল অকাডেমীৰ সদস্যৰ পৰা ভেটিকান চহৰৰ সৰ্বোচ্চ সন্মানসূচক পদ আৰু জীৱনৰ শেষ ক্ষণত টেম্পোলটন পুৰস্কাৰ আদি এই ক্ষেত্ৰত উল্লেখযোগ্য । 

সামৰণিঃ এগৰাকী বিদগ্ধ পণ্ডিত, মহান শিক্ষক আৰু ৰাষ্ট্ৰনায়ক স্বৰূপে ড° ৰাধাকৃষ্ণণ আছিল অতুল্য ব্যক্তি। মানৱতাবাদী আৰু বিশ্বজনীন দৃষ্টিভংগীৰ বাবেই তেওঁৰ জন্ম দিনত শিক্ষক দিৱস অনুষ্ঠিত কৰা হয় । নিচেই সাধাৰণ পৰিয়ালৰ পৰা ওলাই অহা এই অবিসম্বাদী পণ্ডিত গৰাকীৰ জীৱন দৰ্শনে নতুন পুৰুষক উদগনি যোগাব পাৰে। সেইবাবে তেওঁৰ মোৰ জীৱনৰ আদৰ্শ ব্যক্তি।

অন্যান্য ৰচনা:
Next Post Previous Post
No Comment
Add Comment
comment url