বাতৰি কাকতৰ বিষয়ে ৰচনা | Newspaper essay in Assamese

 বাতৰি কাকতৰ বিষয়ে ৰচনা: ইয়াত বাতৰি কাকতৰ বিষয়ে তিনিখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই বাতৰি কাকতৰ বিষয়ে ৰচনা কেইখনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

বাতৰি কাকতৰ বিষয়ে ৰচনা

বাতৰি কাকত (ৰচনা নং - ১)

আৰম্ভণিঃ  মানুহৰ অনুসন্ধিৎসু মনে সদায় নতুন কথা জানিবলৈ, দেশ-বিদেশৰ ঘটনা জানিবৰ বাবে বা সমাজ-জীৱনৰ সৈতে খাপ খাবৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। এনে আগ্ৰহৰ বাবেই হয়তো বাতৰি কাকতৰ সৃষ্টি হয়। ইংৰাজীত NEWS Paper বুলি কোৱা হয়। NEWS মানে পৃথিৱীৰ চাৰিওদিশ ( North, East, West and South )। ইয়াক খবৰ, আখ্ৱাৰ আদি বুলিও কোৱা হয়। বাতৰি কাকত মানুহৰ সহচৰী। পৃথিৱীত এনেকুৱা মানুহো আছে যি এদিন নাখায় থাকিব পাৰে, অথচ বাতৰি কাকতখন নপঢ়াকৈ থাকিব নোৱাৰে। বাতৰি কাকত জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ।

বাতৰি কাকতৰ ইতিহাসঃ ছপাশাল আৱিষ্কাৰে বাতৰি কাকত প্ৰচলনত এখোজ আগবঢ়ায় নিলে। পুৰণি কালত চীন দেশতে প্ৰথম কাগজ প্ৰচলন হয়। ঠিক সেইদৰে সেই দেশতে বাতৰিকাকতৰ প্ৰথম জন্ম হয়। তাৰ পাছত ইটালী দেশৰ ভেনিচ নগৰত ১৫৩৬ চনত প্ৰথম গেজেট বা  বাতৰি কাকত প্ৰকাশ পায়। ইটালী দেশৰ(তেতিয়া) মুদ্ৰা ‘গেজেট’ৰ পৰাই ‘গেজেট’ শব্দটো হয়। তাৰ পাছতে ‘গেজেট’ৰ দৰে কাকত সমগ্ৰ ইউৰোপৰ কেইখনমান নগৰত প্ৰকাশ হয়। ১৬০৯ চনত জাৰ্মান দেশত মুদ্ৰিত বাতৰি কাকত প্ৰকাশ হয়। ১৬২২ চনত ইংলণ্ডৰ পৰা ‘উইক্লি নিউজ’ নামৰ এখন প্ৰথম সাপ্তাহিক বাতৰি প্ৰকাশ হৈছিল। এই নগৰৰ পৰা ১৭৭২ চনত প্ৰকাশ হোৱা ‘মৰ্ণিং পোষ্ট’ নামৰ বাতৰি কাকতখনেই নিয়মীয়াভাৱে প্ৰকাশ  পোৱা প্ৰথম বাতৰি কাকত। ভাৰতবৰ্ষত মোগল সকলে ৰাজত্ব কৰা সময়তে দিল্লীৰ পৰা বিভিন্ন স্থানলৈ বা বাতৰি পঠোৱা হৈছিল। এই বাতৰিবোৰক ‘ আখবাৰ’ বুলি কোৱা হৈছিল। ভাৰতত ১৭৪৪ চনত ‘দি ইণ্ডিয়া গেজেট’ নামৰ প্ৰথমখন বাতৰি কাকত প্ৰচলন হয়। ‘দ্য বেংগল গেজেট’ নামৰ এখন ছপা কাকতো সেই সময়তে প্ৰকাশ হৈছিল। আমেৰিকান মিছনেৰীসকলে ১৮৪৬ চনত শিবসাগৰৰ পৰা প্ৰথম মাহেকীয়া অসমীয়া সংবাদ পত্ৰ ‘অৰুনোদই’ (প্ৰকৃততে ‘অৰুণোদই’ হ’ব) প্ৰকাশ কৰে। অসমীয়া-ইংৰাজী ভাষাত ‘আসাম নিউজ’ নামৰ এখন সাপ্তাহিক কাকত হেমচন্দ্ৰ বৰুৱাই ১৮৮২ চনত উলিয়াইছিল।

 বাতৰি কাকতৰ প্ৰকাৰঃ বাতৰি কাকত কেইবা প্ৰকাৰেৰে প্ৰকাশ পায়। সাধাৰণভাবে দুটা শ্ৰেণী - বাতৰি কাকত আৰু আলোচনী। বাতৰি কাকতত দেশ-বিদেশৰ বিভিন্ন খা-খবৰ থাকে। সম্পাদকীয়,  প্ৰবন্ধ আৰু গল্প-কবিতা আদিও প্ৰকাশ পায়। আলোচনী মুখ্যতে প্ৰবন্ধ, গল্প, কবিতা আদিৰে সমৃদ্ধ। কোনো কোনো আলোচনীত হৈ যোৱা কেইটামান খবৰব বেঙনিহে থাকে। বাতৰি কাকতসমূহ দৈনিক, তিনিদিনীয়া, সাপ্তাহিক,পষেকীয়া হ'ব পাৰে। আলোচনীবোৰ মাহেকীয়া, পষেকীয়া, সাপ্তাহিক, ছমহীয়া বা বছৰেকীয়া হ'ব পাৰে।

বাতৰিৰ শ্ৰেণীঃ সাধাৰণতে একোখন বাতৰি কাকতত কেইটিমান নিৰ্দিষ্ট ভাগ থাকে। প্ৰথম পৃষ্ঠাৰ শীৰ্য বাতৰি, বিশেষ দৰকাৰী ঘটনা প্ৰবাহ, দ্বিতীয় বা ওপৰঞ্চি পৃষ্ঠাত বিজ্ঞাপন, চতুৰ্থ পৃষ্ঠাত সম্পাদকীয় বিশেষ প্ৰবন্ধ, ৰাইজৰ অভিমতসহ সম্পাদকলৈ চিঠি, খেল সংস্কৃতিক বাতৰি, বিশেষ আলোচনী পৃষ্ঠা থাকে। কোনো কোনো কাকতত শেষ পৃষ্ঠাটো বিশেষভাৱে ৰাখে। অতি জৰুৰী প্ৰয়োজনীয় বা দৃষ্টি আকৰ্ষণ কৰিবলগীয়া খবৰৰ বাবে ‘বক্স-নিউজ’ ব্যৱহাৰ কৰা হয়। আজিকালি তেনে খবৰ ৰঙীন কৰি দিয়ে। সাপ্তাহিক আলোচনী সংখ্যা প্ৰতিখন বাতৰি কাকততে থাকে। তদুপৰি উৎসৱ আদিত বিশেষ সংখ্যা হিচাপে প্ৰকাশ পায়। 

পৰিৱেশনঃ এখন বাতৰি কাকত প্ৰকাশৰ বাবে বহুতো কৰ্মীৰ প্ৰয়োজন হয়। স্বত্বাধিকাৰীৰ পৰা বাতৰি কাকত বিতৰকলৈকে এটি বৃহৎ পৰিয়াল। প্ৰতিখন বাতৰি কাকতত এজন মুখ্য সম্পাদক, সহকাৰী, সহযোগী, শাখা সম্পাদক থাকে। স্থানীয় সংবাদ দাতাৰ পৰা আঞ্চলিকভাৱে সংবাদদাতাই সংবাদ পৰিৱেশন কৰে। দেশ-বিদেশৰ বাতৰি পৰিৱেশন কৰিবৰ বাবেও কিছুমান সংস্থা আছে - ৰয়টাৰ, পি, টি, আই, ইউ, এন, আই, বি, বি, চি আদি বিশ্বৰ বিখ্যাত সংবাদ সংস্থা। ঠিক সেইদৰে ছপা কাৰ্যৰ বাবেও কৰ্মীৰ প্ৰয়োজন। বাতৰি কাকত এখনৰ প্ৰধান দায়িত্ব সম্পাদকজনৰহে।

উদ্দেশ্যঃ একোখন বাতৰি কাকত জাতিৰ দাপোণ স্বৰূপ৷ বাতৰি কাকতক গণতন্ত্ৰ চতুৰ্থ স্বম্ভ বুলিও কোৱা হয়। নিৰ্ভীক আৰু স্পষ্টবাদী বাতৰি পৰিৱেশন কৰাই বাতৰি কাকতৰ মূল কথা। পক্ষপাত দুষ্ট বাতৰিয়ে সমাজক অপকাৰ সাধন কৰে। সমাজ জীৱনৰ বিভিন্ন বিষয়, নগৰ-চহৰ আৰু গাঁৱৰ বিভিন্ন সমস্যাবোৰ প্ৰকাশ কৰিলেহে বাতৰি কাকতৰ সাৰ্থকতা বাঢ়ে। তদুপৰি নতুন লেখক-লেখিকাক সৰ্বতে প্ৰকাৰে উৎসাহ দিয়া, তেওঁ লোকৰ লিখনি প্ৰকাশ কৰিলে নিশ্চয় বাতৰি কাকতৰ মূল উদ্দেশ্য সাধন হ'ব। সংবাদ পৰিৱেশন সাংবাদিক সেৱা আগবঢ়োৱা মহৎকাম। ইয়াৰ বাবে উচিত শিক্ষাও ল’ব লাগে। আজিকালি সাংবাদিকতা শিক্ষাৰ থল যথেষ্ট আছে। বাতৰি কাকতত বিজ্ঞাপনেও বিশেষ ভূমিকা গ্ৰহণ কৰে। বিজ্ঞাপনসমূহো মাৰ্জিত হোৱা উচিত। অসৎ অভিপ্ৰায়ৰ বিজ্ঞাপনে সমাজক অনিষ্টহে কৰে।

সামৰণিঃ বৰ্তমান টেলিভিচনত সহজে বাতৰি পালেও বাতৰি কাকত এখন পঢ়িহে বেছি আনন্দ পোৱা যায়। সেই বাবে বাতৰি কাকতৰ চাহিদা সদায় থাকিব। সমাজ বা জাতিক অপকাৰ সাধিব পৰা মুখৰোচক বাতৰি লেখা প্ৰকাশ নকৰে তাৰ বাবে বাতৰি কাকত প্ৰকাশকে দৃষ্টি ৰাখিব লাগিব।  



বাতৰি-কাকত আমি কিয় পঢ়ো (ৰচনা নং - ২)

আৰম্ভণিঃ বৰ্তমান যুগত বাতৰি কাকত নপঢ়া মানুহ নাই বুলিবই পাবি। লিখা-পঢ়া নজনা মানুহেও জনা মানুহৰ ওচৰলৈ গৈ বাতৰি কাকত নিয়মিতৰূপে শুনা দেখা যায়। ৰাতিপোৱা চাহটোপা নাপালে অভ্যস্ত লোকে যেনেকৈ হামিয়াই-হেঁকেটীয়াই থাকে, তেনেদৰে অভ্যস্ত পাঠকসকলে সময়মতে বাতৰিকাকতখন নাপালেও উচ্পিচাই থাকে। ওচৰ-চুবুৰীয়াকে ধৰি দেশ-বিদেশৰ বা-বাতৰি জানিবলৈ বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। বাতৰি-কাকতে মানুহৰ এই প্ৰবৃত্তি চৰিতাৰ্থ কৰাত সহায় কৰে। বাতৰিকাকত চলমান জীৱনৰ ইতিহাস স্বৰূপ। জগতত ঘটা সকলো খবৰকে বাতৰিকাকতত পবিবেশন কৰা হয়। 

বাতৰি কাকতৰ ইতিহাসঃ বাতৰিকাকতৰ প্ৰথম প্ৰচলন হয় চীনদেশত। ইউৰোপৰ ভেনিচ চহৰত প্ৰথমে বাতৰিকাকতৰ প্ৰচলন হৈছিল। ইংলেণ্ডত প্ৰচাৰিত হয় ৰাণী এলিজাবেথৰ দিনত। ভাৰতৰ প্ৰথম বাতৰি কাকত ‘ The India Gazette' ১৭৪৪ খ্ৰীষ্টাব্দত প্ৰকাশ হৈছিল। আমাৰ অসমৰ সাধু-সন্তসকলৰ মাজত বাতৰি সোধাৰ প্ৰথা পুৰণি কালৰপৰাই চলি আহিছে, কোনো এজন সাধু-মহন্ত বা সত্ৰাধিকাৰ কোনো এখন ঠাইত উপনীত হলে, সেই ঠাইৰ মুখিয়াল লোকজনে গুৱা-শৰাই আগত থৈ তেৰাৰ মুখে আন আন থান-সত্ৰৰ বাতৰি জানিবলৈ প্ৰাৰ্থনা কৰে। সিগৰাকীয়েও যথাৰীতি সকলোৰে বাতৰি দিয়ে। কিন্তু অসমত আধুনিক ধৰণৰ বাতৰি কাকত প্ৰথম প্ৰচলন হয় ১৮৪৬ খ্ৰীষ্টাব্দত। আমেৰিকান বেপটিস্ট মিশ্যনাৰীসকলে শিৱসাগৰৰপৰা অৰুণোদই’ নাম দি মাহেকীয়াকৈ এই কাকত প্ৰচাৰ কৰিছিল।

বাতৰি কাকতৰ প্ৰকাৰঃ আজি-কালি নানা দেশত নানা তৰহৰ বাতৰিকাকত প্ৰকাশ হয়। প্ৰকাশৰ কাল অনুসৰি এইবোৰক দৈনিক, তিনিদিনীয়া, সাদিনীয়া, পষেকীয়া আৰু মাহেকীয়া আদি শ্ৰেণীত পেলোৱা হয়। ডাঙৰ নগৰবোৰত একো একোখন কাকতৰ আকৌ ৰাতিপুৱাৰ সংস্কৰণ, আবেলিৰ সংস্কৰণ আদিও প্ৰকাশ পায়। দৈনিক কাকতসমূহত ঘাইকৈ বাতৰিহে পৰিৱেশন কৰা হয়। সাদিনীয়া, পষেকীয়া আদি কাকতত বাতৰিতকৈ বিবিধ বিষয় আৰু সমস্যাৱলীৰ বিষয়ে আলোচনা কৰা প্ৰৱন্ধ-পাতি বেছিকৈ প্ৰকাশ কৰা হয়। এইবিলাকক বাৰ্তালোচনী বোলা হয়। মাহেকীয়া কাকতবোৰত আজিকালি কোনো বাতৰিকে পৰিৱেশন দেখা নাযায়। ইবোৰত কেৱল প্ৰৱন্ধ, গল্প, কবিতাদিহে প্ৰকাশ কৰা হয়। প্ৰায় সকলোবোৰৰ বাতৰি-আলোচনীতে সম্পাদকীয় স্তম্ভ থাকিবই। এই স্তম্ভটো অতি গুৰুত্বপূৰ্ণ  কিয়নো অভিজ্ঞ সম্পাদকে সাময়িক গুৰুত্বপূৰ্ণ সমস্যা একোটাৰ এই স্তম্ভটোত সুচিন্তিত মত দাঙি ধৰে। বাতৰিকাকতৰ আৰু এটা গুৰুত্বপূৰ্ণ স্তম্ভ হ'ল ৰাইজৰ চিঠি-পত্ৰৰ শিতানটো। এই স্তম্ভটোত ৰাইজে যি কোনো বিষয়ৰ মতামত বিনা-দ্বিধাই প্ৰকাশ কৰাৰ সুযোগ পায়। 

বাতৰি সৰৱৰাহঃ নিয়মিতভাৱে বাতৰি যোগাৰৰ বাবে বাতৰি কাকতৰ নিজা সংবাদদাতা থাকে। জন-সাধাৰণে পোনপটীয়াভাৱেও বাতৰি পঠাব পাৰে। ইয়াৰ বাহিৰেও প্ৰায় প্ৰত্যেক দেশতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন কিছুমান বাতৰি পৰিৱেশন কৰা প্ৰতিষ্ঠান আছে। এওঁলোকে পৃথিৱীৰ সকলো ঠাইতে মানুহ নিয়োগ কৰি সকলো প্ৰকাৰৰ বাতৰি সৰৱৰাহ কৰি বেচ লৈ বাতৰিকাকতসমূহলৈ প্ৰেৰণ কৰে। ৰয়টাৰ, সমাচাৰ, নাফেন, টাচ আদি এনে ধৰণৰ বাতৰি সৰৱৰাহ কৰা প্ৰতিষ্ঠান। বাতৰি কাকতত প্ৰকাশিত বাতৰিসমূহ সত্যৰ ভেটিত প্ৰতিষ্ঠিত, নিৰ্ভীক আৰু নিৰপেক্ষ হোৱাটো বাঞ্ছনীয়। 

বাতৰি-কাকতৰ স্বাধীনতাঃ  সকলো ঘটনাৰ যথাযথ বিৱৰণী প্ৰকাশ কৰি উচিত মন্তব্য দাঙি ধৰিব লাগিলে, বাতৰিকাকতৰ স্বাধীনতা একান্ত প্ৰয়োজনীয়। সকলোবোৰ গণতান্ত্ৰিক দেশতে সেয়ে বাতৰিকাকতক যথেষ্ট স্বাধীনতা দিয়া হয়। 

বাতৰি কাকতৰ স্বাধীনতা যেনেদৰে থকা উচিত, বিনিময়ত বাতৰিকাকত সমূহো ন্যায়নিষ্ঠ হোৱা উচিত। বাতৰি কাকতে উপকাৰ যেনেকৈ কৰে, তেনেকৈ অপকাৰ কৰিব পাৰে। বিশেষকৈ সাম্প্ৰদায়িক আৰু ৰাজনৈতিক দলৰ মুখপত্ৰসমূহে নিজৰ মত কায়েম কৰিবলৈ গৈ প্ৰতিপক্ষৰ প্ৰতি পক্ষপাতদুষ্ট বাতৰি পৰিৱেশন কৰাও দেখা যায়। ভাষা, ধৰ্মমত আৰু ৰাজনৈতিক ঘটনাৰ বিকৃত বাতৰি বা অসুস্থ মন্তব্যই দেশৰ বৰ অন্যায় কৰে। এনেবোৰ বাতৰিয়ে বিভিন্ন ভাষা-ভাষী লোক, ধৰ্ম সম্প্ৰদায় আৰু ৰাজনৈতিক দলৰ মাজত কন্দল সৃষ্টি কৰে আৰু ৰাইজ আৰু চৰকাৰৰ মাজত ভুল বুজাবুজিৰ সুৰুঙা উলিয়ায়। বাতৰিকাকতৰ বাতৰিসমূহৰ সত্যতা আৰু মন্তব্যৰ প্ৰতি ৰাইজে যথেষ্ট আস্থা ৰাখে। বাতৰি কাকতসমূহে এই আস্থা অক্ষুন্ন ৰখাটো কৰ্তব্য।

বাতৰিকাকতৰ ভূমিকাঃ কল্যাণকামী ৰাষ্ট্ৰত বাতৰিকাকতসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। জনমত গঠন আৰু জনমত প্ৰকাশৰ বাবে বাতৰি কাকতৰ দৰে শক্তিশালী মাধ্যম আন একো নাই। 

বাতৰি কাকত প্ৰকাশ আৰু পৰিচালনা এটা সম্ভ্ৰান্ত ব্যৱসায়। ইয়াত শিক্ষিত-অশিক্ষিত ভালেমান মানুহ নিয়োজিত হয়। বাতৰিকাকতৰ লগতে বাতৰিকাকত ছপা কৰা ছপাশালত কাম কৰিও বহুতো মানুহে অন্ন সংস্থান কৰিছে। তদুপৰি বাতৰিকাকতৰ এজেন্সি লৈ বা বাতৰি-কাকত ফেৰি কৰিও বহুতো মানুহে দুপইচা আৰ্জিছে।

বাতৰিকাকত আমি কিয় পঢ়িব লাগেঃ চৰকাৰৰ নীতি আৰু কাৰ্যাৱলীৰ বিৱৰণ, দেশত সংঘটিত গুৰুত্বপূৰ্ণ ঘটনাৰ বৰ্ণনা, বিভিন্ন ৰাজনৈতিক দল আৰু উপদলৰ আদৰ্শ আৰু কৰ্মসূচী বাতৰি কাকতত যথাযথৰূপে প্ৰকাশ কৰা হয়। ফলত জনসাধাৰণে সকলো কথা চালি-জাৰি চাই নিজ মত গঢ়ি তুলিব পাৰে। আকস্মিক দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ভিক্ষ আৰু মহামাৰী আদিৰ বাতৰি প্ৰকাশ কৰি জন-সহানুভূতি আদায় কৰাত বাতৰি কাকতৰ ভূমিকা অতুলনীয়। বাতৰিকাকত সৰ্ব-সাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞান বিস্তাৰৰো উত্তম আহিলা। বাতৰিকাকতে আমাক সাহিত্য, দৰ্শন, বিজ্ঞান আদিৰো শেহতীয়া  অগ্ৰগতিৰ বিষয়ে জানিবলৈ দিয়ে। ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, কৃষি-শিল্প-বাণিজ্য, স্বাস্থ্য আৰু শিক্ষাবিষয়ক প্ৰবন্ধ-পাতিও বাতৰি কাকতত পৰিবেশন কৰা হয়। বাতৰি-কাকতৰ নিয়মীয়া পাঠকসকলে সেইবোৰৰ বিষয়ে ক'ব নোৱাৰাকৈয়ে বহুত জ্ঞান লাভ কৰে। দেশ-বিদেশৰ খেলা-ধূলা, জনকল্যাণমূলক কামকাজ, নৃত্য-গীত, বোল-ছবি আৰ সাংস্কৃতিক কাৰ্যৰ বিৱৰণ বাতৰিকাকতত পঢ়ি আমি যে অকল আমোদকে পাও এনে নহয় সেইবিলাককামৰ প্ৰতি আমাৰ আগ্ৰহো ওপজে। আমাৰ নিজৰ দেশ আৰু আন দেশৰো নানান দৰকাৰী আৰু জানিবলগীয়া কথা আমি বাতৰি কাকতৰপৰা জানিব পাৰোঁ। যান বাহনে দুৰত্বৰ সীমা কমাই আনি বাহ্যিক যোগাযোগ স্থাপন কৰিছে। বাতৰি কাকতে ভাব বিনিময়ৰদ্বাৰা মানুহৰ মাজত আত্মিক সংযোগ ঘটাই মানৱজাতিক একত্ৰীকৰণত সহায় কৰিছে। কৰ্মব্যস্ত মানুহৰ জীৱনত বৰ্তমান অৱসৰ ইমান কম যে সাহিত্য-সংস্কৃতিৰ ডাঙৰ ডাঙৰ কিতাপ-পুথি অধ্যয়ন কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে। বাতৰিকাকতবোৰ কিছুপৰিমাণে ইয়াৰ পৰিপূৰক হৈছে। বাতৰি কাকতত প্ৰকাশিত বিভিন্ন বিষয়ৰ চমু অথচ সাৰগৰ্ভ ৰচনাই তাকৰীয়া সময়তে সকলো বিষয়তে লাগতিয়াল জ্ঞান দিব পাৰে। সাধাৰণ শ্ৰমিকৰপৰা শ্ৰেষ্ঠ বুদ্ধিজীৱীলৈকে সকলোৱে বাতৰিকাকত পঢ়ি উপকৃত আৰু পৰিতৃপ্ত হয়।

ব্যৱসায়-বাণিজ্য আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰতো বাতৰিকাকত বৰ সহায়ক। ব্যৱসায়ীসকলে বাতৰি কাকতৰ জৰিয়তে বিভিন্ন ঠাইৰ বজাৰ-দৰ, উৎপাদন আৰু উৎপাদিত সামগ্ৰীৰ গুণাগুণ জানিব পাৰে। নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জাননী দি বিক্ৰীৰ সুবিধা কৰিব পাৰে। বাতৰিকাকতত প্ৰকাশিত চাকৰি সংক্ৰান্ত বা বাতৰি আৰু বিজ্ঞাপন আদিৰপৰা নিয়োগকৰ্তা আৰু নিয়োগ সন্ধানী অৰ্থাৎ নিবনুৱা উভয়ে উপকৃত হয়। 

আমি বাস কৰা সমাজ বা দেশখনত দিনৌ ক’ত কি ঘটিছে বা ঘটিব লাগিছে, সেইবোৰৰ বখাটো বৰ প্ৰয়োজনীয়। তাকে জানিবলৈ হ'লে বাতৰি কাকতৰ সহায় অপৰিহাৰ্য। মুঠতে কম সময়তে দেশ-বিদেশৰ খা-খবৰ,  সাময়িক ঘটনা-প্ৰৱাহ আৰু জ্ঞান-বিজ্ঞানৰ অগ্ৰগতিৰ বুজ ল’বলৈ আমি বাতৰি কাকত পঢ়িবই লাগিব। আমাৰ ছাত্ৰসকলেও নিয়মিতৰূপে বাতৰি কাকত পঢ়া উচিত। আজিকালি বাতৰিকাকতত ছাত্ৰ আৰু চেমনীয়াৰ কাৰণে সূকীয়া চ’ৰা আছে। আমাৰ ছাত্ৰ আৰু চেমনীয়াহঁতে এইবোৰৰ সভ্য হৈ এই শিতানৰ কথাবোৰ পঢ়িলে আৰু নিজেও তাতে লিখিবলৈ ল'লে বৰ উপকৃত হব। 



বাতৰি কাকত আৰু ইয়াৰ প্ৰয়োজনীয়তা (ৰচনা নং - ৩)

ভূমিকাঃ বাতৰি কাকত বৰ্তমান যুগত বিজয়স্তম্ভ। হেজাৰ হেজাৰ কিলোমিটাৰ দূৰৰ পৰা আৰম্ভ কৰি ঘৰৰ ওচৰত ঘটা সকলোবোৰ গুৰুত্বপূৰ্ণ ঘটনা, তাৰ কাৰ্য কাৰণ বিশ্লেষণ আদি বাতৰি কাকতে দাঙি ধৰাৰ লগতে ৰাজনৈতিক, সাংস্কৃতিক, সাহিত্যিক নানা ধৰণৰ লেখা বা বাতৰি পৰিবেশন কৰে বাতৰি কাকতে। 

বাতৰি কাকতৰ জন্মঃ বাতৰি কাকত চীনত প্ৰথমে ওলাইছিল বুলি জনা যায়। অতি প্ৰাচীন কালতে ইয়াত এক প্ৰকাৰৰ বাতৰি প্ৰচলন আছিল। তাৰ ভেটিতেই ছপাখানা আৱিষ্কাৰ হোৱাৰ পাছত বাতৰি কাকতে জন্ম লাভ কৰিলে। বহুতে ভেনিচতো প্ৰাচীন কালতে বাতৰি পৰিবেশনৰ ধাৰা প্ৰচলিত আছিল বুলি অনুমান কৰে। সম্প্ৰতি ছপাখানাৰ প্ৰসাৰ আৰু বাতৰি পঠোৱাৰ নতুন নতুন কৌশল আৱিষ্কাৰ হোৱাৰ পাছত বাতৰি কাকতবোৰ সংবাদ সৰবৰাহৰ একমাত্ৰ মাধ্যম হৈ পৰিছে। দূৰদৰ্শনত আমি বাতৰিবোৰ সবিশেষ নাপাওঁ, তদুপৰি বাতৰি পৰিবেশনৰ সময়ত দূৰদৰ্শন চাব নোৱাৰিলে বাতৰিবোৰৰ বিষয়ে গম নেপাওঁ,  কিন্তু বাতৰি কাকত হাতৰ কাষতে যিকোনো মুহূৰ্ততে পোৱা যায়। বাতৰি কাকতৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণো তিমান নেথাকে গতিকে ই মুক্তভাৱে বাতৰিবোৰ পৰিবেশন কৰিব পাৰে।

বাতৰি কাকত প্ৰকাশৰ কৌশলঃ প্ৰায়বোৰ উল্লেখযোগ্য ঠাইৰ পৰা বাতৰি কাকত প্ৰকাশ পায়। সাধাৰণতে ব্যক্তিগত চেষ্টাত ইয়াক প্ৰথমতে প্ৰকাশৰ ব্যৱস্থা কৰা হয়। কেতিয়াবা কেইজনমান বিত্তশালী মানুহে অংশীদাৰ হৈ বৰ্ড এখন গঠন কৰি তাৰ জৰিয়তেও কাকত উলিয়াই লয়। বাতৰি কাকত একোখনত এজন সম্পাদকৰ উপৰিও কেইবাজনো সহকাৰী সম্পাদক থাকে। ইয়াৰ উপৰিও বিভিন্ন ঠাইত থাকে বাতৰি যোগনিয়াৰবোৰ।

বাতৰি কাকতত কেনেকৈ বিশ্বৰ খবৰবোৰ পাছদিনাই প্ৰকাশ পায় সেয়া আচৰিত কথা। এই বাতৰিবোৰ ৰিপৰ্টাৰ, পি. টি. আই., ইউ এন. আই. আদি বাতৰি যোগনিয়াৰ সংস্থাবোৰে মেচিনৰ যোগেদি লগে লগে পঠাই দিয়ে। এই ক্ষেত্ৰত আজিকালি উপগ্ৰহবোৰেও বিশেষ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ যোগেদি অতি সোনকালে বাতৰি পঠাব পৰা হয়। টেলিপ্ৰিন্টাৰ,  টেলিগ্ৰাম,  ফেক্স আদি ব্যৱস্থাই বাতৰিবোৰ নিমিষতে বাতৰি কাকতৰ অফিচলৈ পঠাই দিয়ে। ৰেডিঅফটো যোগে বিদেশৰ চাঞ্চল্যকৰ ছবিও যোগান ধৰা হয়। থলুৱা সংবাদদাতা সকলে আঞ্চলিক বাতৰিবোৰ সংগ্ৰহ কৰে আৰু নিয়মিতভাৱে বাতৰি কাকতলৈ পঠিয়াই। সাধাৰণতে কোনো এটা ঘটনা ঘটিলে তালৈ সাংবাদিক গৈ ঘটনাৰ বুজ লয় আৰু লগতে তাৰ লগত জড়িত ব্যক্তিসকলক লগ ধৰে আৰু বিভিন্ন কথা তেওঁলোকৰ পৰা জানিব পাৰে। সাধাৰণতে দৈনিক কাকতবোৰ ৰাতি ছপোৱা হয়। তাৰ আকৌ প্ৰথম পৃষ্ঠাটো একেবাৰে শেষত ছপায় যাতে কোনো গুৰুত্বপূৰ্ণ ঘটনা আহিলে প্ৰথম পৃষ্ঠাতে তাক প্ৰকাশ কৰিব পৰা যায়।। 

বাতৰি পৰিবেশনত সম্পাদক আৰু সহসম্পাদকসকলৰ বুদ্ধিমত্তা, কৌশল প্ৰকাশ পায়। বাতৰিবোৰ আকৰ্ষণীয় কৰি তুলিবলৈ বা পঢ়ুৱৈক আৰু অধিক জনাৰ প্ৰতি কৌতূহলী কৰি তুলিবলৈ তেওঁলোকে লিখাৰ কৌশল প্ৰয়োগ কৰে। 

বাতৰি কাকতৰ বিভিন্ন দিশঃ বাতৰি কাকতখনত প্ৰকাশৰ বিভিন্ন দিশ জড়িত হৈ থাকে। বাতৰি কাকতখন চপোৱাৰ দায়িত্ব লয় ছপাখানাই। প্ৰায়বোৰ বাতৰি কাকত অফচেটত ছপোৱা হয়। তাৰ বাবে আগতে ডি টি পি কৰি বাতৰিবোৰ কম্পোজ কৰি লোৱা হয়। তাৰ পাছত অফচেট মেচিনত সেইবোৰ ছপোৱা হয়। আজিৰ এই প্ৰতিযোগিতাৰ যুগত বাতৰি কাকতবোৰে ছপাৰ ওপৰত অধিক গুৰুত্ব দি ইয়াক আকৰ্ষণীয় কৰি তোলে। 

প্ৰকাশ পোৱাৰ পাছত এইবোৰৰ প্ৰচাৰৰ ব্যৱস্থা লয় প্ৰচাৰক মেনেজাৰে। তেওঁ এই কাকত বিভিন্ন এজেণ্টলৈ পঠোৱাৰ ব্যৱস্থা কৰে। এজেন্টবোৰে ৰাতিপুৱাৰ লগে লগে বাতৰি কাকত পাবই লাগিব। সেই কাৰণে ৰাতিতেই কাকতবোৰ গাড়ীৰে বিভিন্ন এজেণ্টলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয়। এজেণ্টবোৰে হকাৰবোৰৰ যোগেদি তাক বিলাই দিয়ে। 

বাতৰি কাকতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হল ইয়াৰ বিজ্ঞাপন বিভাগ। বিজ্ঞাপন হ’ল বাতৰি কাকতৰ আয়ৰ প্ৰধান বাট। বাতৰি কাকত বিক্ৰীৰ যোগেদি বাতৰি কাকত এখন চলি থকা সহজ নহয়। কোম্পানীবোৰে বিজ্ঞাপন দিলে বাতৰি কাকত কৰ্তৃপক্ষক যথেষ্ট টকা দিব লগীয়া হয়। সেই টকাৰে বাতৰি কাকত পৰিচালনা কৰা হয়। চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান আৰু ব্যক্তিগত মানুহে প্ৰয়োজনত বিজ্ঞাপন দিয়ে। ইয়াৰ পৰা উভয়ে লাভৱান হয়। 

বাতৰি কাকতৰ হিচাপ-পাতি ৰখা বা অইন কাম সম্পন্ন কৰিবলৈ কাৰ্যালয়ত বিভিন্ন কাৰ্যকৰী থাকে। তেওঁলোকে চিঠি পত্ৰ দিয়া নিয়া, পইচা সংগ্ৰহ কৰা, বিতৰণ কৰা আদি কামত ব্যস্ত থাকে।বাতৰি কাকতত কাম কৰা এই কৰ্মচাৰীসকলে কাকত কৰ্তৃপক্ষৰ পৰা দৰমহা পায়। বহু কাকত চৰকাৰে বান্ধি দিয়া নিৰিখত তেওঁলোকক দৰমহা দিয়ে, যদিও ক্ষুদ্ৰ বাতৰি কাকতবোৰে এই নিৰিখত দৰমহা দিবলৈ সমৰ্থ নহয়।

বাতৰিকাকতৰ গুৰুত্বঃ বাতৰি কাকতত বিভিন্ন বাতৰিৰ লগতে ক্ৰীড়া, সাহিত্য, অৰ্থনৈতিক আলোচনা, সংস্কৃতি আদি সময়োপযোগী ভিন ভিন শিতান থাকে। এইবোৰত বিজ্ঞ লোকসকলে বিবিধ প্ৰবন্ধ আগবঢ়ায়। সেইবোৰ সমসাময়িক সমস্যাবোৰৰ গুৰুত্ব সম্পৰ্কে সকলোকে সচেতন কৰি তোলে। ইয়াৰ যোগেদি জনমত গঠিত হয়। তদুপৰি চিঠি-পত্ৰৰ শিতানত ব্যক্তিগত চিন্তাবোৰকো প্ৰকাশ কৰিব পাৰি। এই চিন্তাবোৰত এক সামূহিক স্বাৰ্থ জড়িত হৈ থকা বাবে সকলোৱে ইয়াৰ পৰা উপকৃত হয়, লগতে মত বিনিময়ৰ যোগেদি এক সুদৃঢ় জনমত গঢ় লৈ উঠা দেখিবলৈ পােৱা যায়। গণতন্ত্ৰ ভৱিষ্যৎ বাতৰি কাকতৰ ওপৰত নিৰ্ভৰশীল। সম্প্ৰতি এই দায়িত্বৰ প্ৰতি কাকতবোৰ সচেতন হোৱা দেখিবলৈ পোৱা গৈছে। সেয়ে বাতৰি কাকতবোৰক ৰাজনৈতিক নেতাসকলেও সমীহ কৰে। ইয়াৰ বাবে কাকতবোৰ সত্যনিষ্ঠ আৰু নিৰ্ভীক হ’ব লাগে। ইয়াৰ সস্তীয়া জনপ্ৰিয়তালৈ লক্ষ্য কৰি কোনো কাকতে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে। ই গণতান্ত্ৰিক চিন্তাৰ পৰিপন্থী। ৰাজনৈতিক চিন্তাৰ লগতে সাংস্কৃতিক বা বাতৰিৰে ই মানুহক সুসংস্কৃত কৰি তোলাৰ চেষ্টা কৰিব লাগে। অৱশ্যে সম্প্ৰতি আলোচনী, বাতৰি কাকতে এই দিশলৈ মনোনিবেশ কৰা দেখা গৈছে। 

সামৰণিঃ বাতৰি কাকতৰ ক্ষমতা সৰ্বাধিক। ই চৰকাৰো ভঙা-পতা কৰিব পাৰে। এক তীব্ৰ জনমতৰ যোগেদি দুৰ্নীতি, কুসংস্কাৰৰ বিৰুদ্ধে ই এক বিক্ষোভ সৃষ্টি কৰিব পাৰে। বাতৰি কাকতবোৰে সেয়ে সদায় যথেষ্ট সচেতনতা অৱলম্বন কৰি বাতৰি, সম্পাদকীয় আদি প্ৰকাশ কৰিব লাগে। তেতিয়াহে দেশ আৰু দহৰ উন্নতিত ই অৰিহণা যোগাব পাৰিব। 

অন্যান্য ৰচনা:

বাতৰি কাকতৰ বিষয়ে সংগৃহিত ৰচনা কেইখন কেনে পালে কমেন্ট কৰি জনাব, লগতে কিবা পৰামৰ্শ থাকিলেও জনাব। ধন্যবাদ।

Next Post Previous Post
No Comment
Add Comment
comment url