অসমৰ জাতীয় উৎসৱ - বিহুৰ বিষয়ে ৰচনা | Assamese Essay on Bihu

অসমৰ জাতীয় উৎসৱ - বিহুৰ বিষয়ে ৰচনা: ইয়াত বিহুৰ বিষয়ে কেইখনমান ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই অসমৰ জাতীয় উৎসৱ - বিহুৰ বিষয়ে ৰচনা (Assamese Essay on Bihu) কেইখনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।




অসমৰ জাতীয় উৎসৱ - বিহু (ৰচনা নং - ১)

আৰম্ভণিঃ জাতীয় উৎসৱ বুলিলে কোনো এটা জাতিয়ে সৰ্বাত্মকভাৱে পালন কৰা উৎসৱক বুজায় অসমীয়া জাতীয় জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে বিহু উৎসৱ পালন কৰে। গতিকে বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু বুলি ক'লে আজিও প্ৰতিগৰাকী অসমীয়াৰ মন-প্ৰাণ আনন্দত উদ্বেলিত হয়। 

    বিহু মূলতঃ তিনিটা - ব'হাগ বিহু বা ৰঙালী বিহু, মাঘবিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। 

ব'হাগ বিহু বা ৰঙালী বিহঃ

“অতিকৈ চেনেহৰ    মুগাৰে মহুৰা 

তাতোকৈ চেনেহৰ মাকো । 

তাতোকৈ চেনেহৰ    ৰঙালী বিহুটি 

নাপাতি কেনেকৈ থাকোঁ৷” 

অসমীয়া প্ৰাণৰো প্ৰাণৰ, আদৰৰ বিহুটিয়েই হ'ল - ব'হাগ বিহু বা ৰঙালী বিহু । চ'ত সংক্ৰান্তিত ব'হাগ বিহু অনুষ্ঠিত হয়। এই বিহু সাত দিনলৈ থাকে। 

ব'হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰা হয় । গৰু বিহুৰ দিনা গৰুক মাহ-হালধিৰে নোৱাই-ধুৱাই গা-ধুওৱা হয়। তাৰ পাছতেই দীঘলতি-মাখিয়তিৰে গৰুক কোবাই মহ- মাখি নাশ হ'বৰ কাৰণে আৰু বংশবৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনোৱা হয় । লাও- বেঙেনা, থেকেৰা-হালধি আদিৰে গা ধুওৱাৰ সময়ত গৰুৰ গা-লৈ উক্ত সামগ্ৰীবোৰ দলিয়াই গোৱা হয়—“লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।' ঠিক তেনেদৰে, ‘দীঘলতি আৰু মাখিয়তিৰে’ কোবাই গৃহস্থই এনেদৰে গায় : ‘দীঘলতি দীঘল পাত, গৰু কোবাও জাত জাত ৷' সেইদৰে ‘মাখিয়তি মাখি পাত, মাখি মাৰো জাত জাত।' ইত্যাদি। 

ব'হাগ বিহুৰ দ্বিতীয় দিনা ‘মানুহ বিহু’। মানুহ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে আশীৰ্বাদ দিয়ে। মানুহ নামঘৰলৈ যায় আৰু ভগৱানক প্ৰাৰ্থনা জনায় । তৃতীয় দিনাৰ বিহুক গোসাঁই বিহু বোলে। এনেদৰে গৰুবিহু, মানুহ বিহু, গোসাঁই বিহু চেনেহী বিহু, মাইকী বিহু, চেৰা বিহু প্ৰভৃতি বিভিন্ন দিনত বিহু বিবিধ নামেৰে জনা যায় । ব'হাগ বিহু উপলক্ষে গাঁৱৰ ৰাইজ মিলি হুঁচৰি গায়। হুঁচৰিত ভক্তিভাবৰ প্ৰাধান্য লক্ষ্য কৰা যায়। ‘দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী আমোলমোলাই ঐ গোবিন্দাই নাম।‘সৰু সূতাৰ চেলেংখনি, বৈ দিয়া সৰুভনী, হুঁচৰি গাবলৈ যাওঁ ঐ গোবিন্দাই ৰাম।' 

ব'হাগ মাহত ডেকা-গাভৰুৱে মনৰ আনন্দ প্ৰকাশৰ বাবে বিহুগীত গায়। এই বিহুগীত প্ৰেমৰ গীত, যৌৱনৰ গীত। বিহুগীত ডেকা-গাভৰুৱে মৌখিক প্ৰেমপত্ৰ আৰু বিহুতলী তেওঁলোকৰ মিলন ক্ষেত্ৰ। অসমীয়া মানুহৰ প্ৰেম-ভালপোৱা, আন্তৰিকতা আদিৰ প্ৰতিফলন বিহুগীতত লক্ষ্য কৰা যায় ৷ 

“আজি বিহু বিহু    কালি বিহু বিহু 

নাহৰ ফুল ফুলিবৰ বতৰ 

ফুলপানী ছিগাতে    ঢোলৰ মাত শুনিলো 

উজুটিত ভাঙি যাওঁ যঁতৰ ।” 

বিহুৱে অসমীয়া জাতিক একতা, ভাতৃত্ব আৰু প্ৰেমৰ জৰীৰে বান্ধি ৰাখিছে। অসমীয়া সংস্কৃতিৰ পৰিপূৰ্ণ বিকাশত বিহুৰ গুৰুত্ব অনস্বীকাৰ্য। 

কাতি বিহুঃ কাতি বিহু অনুষ্ঠিত হয় আহিন মাহৰ সংক্ৰান্তিৰ দিনা । কাতি বিহুত আকাশ বস্তি জ্বলোৱা হয়। তুলসীৰ তলত, গোসাঁই ঘৰত, ভঁৰালত চাকি-বন্তি জ্বলায় । তুলসীৰ তলত বন্তি জ্বলাই সৰু ল'ৰা-ছোৱালীয়ে গায় -

“তুলসীৰ তলে তলে মৃগ পহু চ’ৰে 

তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে।” ইত্যাদি ।

মাঘবিহুঃ মাঘবিহু পুহৰ সংক্ৰান্তিত অনুষ্ঠিত হয়। মাঘবিহুৰ আগ দিনাক উৰুকা বোলে । উৰুকাৰ নিশা ডেকাসকলে মিলিজুলি পথাৰত ভেলাঘৰ বা মেজিঘৰ সাজি ৰাতি ভোজ-ভাত খায়। মাঘবিহুত পিঠা-পনা প্ৰস্তুত কৰা হয় ৷ সকলোৱে মিলি এসাজ খোৱাটো মাঘবিহুৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন । 

মাঘবিহুৰ দিনা অগ্নিক সেৱা কৰা হয়। অগ্নিত দগ্ধ কামিবোৰ কৃষিৰ সমৃদ্ধিৰ বাবে শস্য-পথাৰত সযতনে ৰখা হয়। মাঘৰ মেজিৰ জুইয়ে সকলো ধৰণৰ কলুষ-কালিমা আঁতৰাই অসমীয়া জাতিক উন্নতিৰ পথত আগুৱাই নিয়াটো সকলোৰে কাম্য ।

সামৰণিঃ সময়ৰ বিৱৰ্তনত মানুহৰ ৰুচিবোধৰ সলনি হ'লেও বিহুৰ ঐতিহ্য আজিও ম্লান পৰা নাই। জাতীয় উৎসৱ বিহুৱে অসমীয়া জাতিক সামাজিক আৰু সাংস্কৃতিকভাৱে সংগঠিত কৰিছে। বিহুৰ মাদকতাই অসমীয়া জগতলৈ প্ৰেৰণা আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। সেয়ে ভূপেন হাজৰিকাই ব'হাগ সম্পৰ্কে গোৱা সেই গীত যেন গীত নহয়, অসমীয়া জাতীয় জীৱনৰ মৃত-সঞ্জীৱনীহে— 

“বহাগ মাথোঁ এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ। 

অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ মৰসাহ।” 



অসমৰ জাতীয় উৎসৱঃ বিহু (ৰচনা নং - ২)

এখন ৰাজ্যৰ সকলো ধৰ্মৰ, সকলো বৰ্ণৰ মানুহে স্বতঃস্ফূৰ্তভাৱে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলা হয়। দুৰ্গাপূজা, মহম, বৰদিন আদি উৎসৱ পয়োভৰেৰে পালন কৰা হয় যদিও এইবোৰক দৰাচলতে আমাৰ দেশৰ জাতীয় উৎসৱৰ লেখত ধৰিব নোৱাৰি, কিয়নো ই মূলতঃ হিন্দু, মুছলমান বা খ্ৰীষ্টানৰহে উৎসৱ। বিহু অসমীয়া জাতিৰ উমৈহতীয়া উৎসৱ, জাতি-ধৰ্ম নিৰ্বিশেষে অসমীয়া মাত্ৰেই বিহু উৎসৱ পালন কৰে। বিহুৰ নাম শুনিলেই অসমীয়াৰ মন-প্ৰাণ নাচি উঠে, হিয়া উল্লাহে নধৰা হয়। সেয়ে অসমীয়াৰ জাতীয় উৎসৱ বুলিলে বিহুকেহে বুজিব লাগিব। জাতীয় উৎসৱৰ মাজেৰে জাতিৰ আচাৰ-বিচাৰ, সভ্যতা- সংস্কৃতিৰ প্ৰতিফলন হয়। বিহুৰ মাজতো অসমীয়া জাতিৰ আচাৰ-বিচাৰ-বিশ্বাস, কৃষ্টিকলাৰ প্ৰতিফলন হৈছে। 

কেতিয়াৰপৰা আৰু কেনেকৈ অসমত বিহুৰ প্ৰচলন হ'ল তাক জনা নাযায়। কিন্তু বিহু যে অসমত বাস কৰা নানান প্ৰজাতি মানুহৰ আচাৰ-বিচাৰ সভ্যতা-সংস্কৃতিৰ সমন্বয় ই ধুৰুপ। বিহু তিনিটা—ব'হাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। দুটা মাহৰ সংক্ৰান্তিৰ দিনা হয় কাৰণে বিহুক ‘দোমাহী’ও বোলে। 

চ'তৰ শেষ দিনাখনৰপৰা ব'হাগৰ ছয় তাৰিখলৈকে সাত দিন জুৰি ব'হাগ বিহু বা ৰঙালী বিহু উদ্যাপিত হয়। ঠাই বিশেষে ৰঙালী বিহুৰ নাচ-গান, খুওৱা-বুওৱা আদি কাৰ্য ওৰেও মাহ চলে । ৰঙালী বিহুৰ প্ৰথম দিনটোক গৰুবিহু বোলে। সেইদিনা ৰাতিপুৱাই গৰুৰ মূৰত আৰু শিঙত সৰিয়হৰ তেল ঘঁহি দিয়া হয়। তাৰ পিছত দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুবোৰক পথাৰলৈ খেদি নি নৈ, বিল বা পুখুৰীৰ পানীত গা ধুৱায় আৰু লাও, বেঙেনা আদি খাবলৈ দিয়ে। গধূলি তৰা আৰু মৰ'পাটেৰে বাটি উলিউৱা ন-পঘাৰে গৰুবোৰ বন্ধা হয়। কোনো কোনো ঠাইত সেইদিনা গধূলি আৰু কোনো কোনো ঠাইত সাতবিহুৰ দিন আগৰা, বিৰিণা, হাতী-শুঁৰীয়া, মাখিয়তী আৰু পথৰুৱা বিহলঙনীৰে গোহালিত জাগ বা থূপা দিয়া হয়। দ্বিতীয় দিনা মানুহ-বিহু। নামনি অসমত সিদিনাৰ বিহুক 'বৰ দোমাহী' বোলা হয়। সেইদিনা বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক নিয়ন্ত্ৰণ কৰি আনি খুওৱা- বুওৱা কৰা হয়। কোনো কোনো ঠাইত দুয়ো বিহুতে বিশেষকৈ দুপৰীয়া ভাত নাখায় ৷ জলপান আৰু পিঠা -পৰমান্নহে খায়। বয়সিয়ালসকলে ৰাতিপুৱা গা-মুৰ ধুই নাম-ঘৰত নাম গায়। সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় আৰু ঘৰলৈ আহি জা-জলপান খায়। ব'হাগ বিহুৰ আচাৰ-অনুষ্ঠান কিছুমান ঠাই বিশেষে কিছু ভিন্নতা আছে। বিশেষকৈ নামনি অসমত কিছুমান সুকীয়া অনুষ্ঠান আছে। উজনিৰ ফালে ডেকা-ল'ৰাহঁতে ৰাতি ঘৰে ঘৰে হুঁচৰি গায় আৰু দিনত মুকলি পথাৰত ডেকা-গাভৰুৱে দল বান্ধি বিহুগীত গায় আৰু নাচে। উজনি- নামনি সকলোতে বিহু উপলক্ষে মৰমৰ চিন স্বৰূপে প্ৰিয়-পৰিজনক ন গামোচা উপহাৰ দিয়া হয়। ইয়াকে ‘বিহুৱান’দিয়া বুলি কয়। বসন্তকালৰ মাদকতাপূৰ্ণ পৰিৱেশত আনন্দমুখৰ নাচ- গানেৰে উদযাপিত হয় বাবে এই বিহুটিক ‘ৰঙালী বিহু' বোলা হয়। 

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু বা কঙালী বিহু পালন কৰে। কঙালী বিহুত উলহ-মালহ বেছিকৈ নাথাকে, ভোগ-প্ৰাচুৰ্যও নাথাকে। সেয়ে এই বিহুটিক কোৱা হয় 'কঙালী বিহু'। কিন্তু কঙালী বুলিও এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ- অনুষ্ঠানেৰে শৰৎকলীয়া এই কাতি বিহু যেন শৰতৰ দৰেই স্নিগ্ধ সমাহিত ৰূপত আবিৰ্ভাব হয়। প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয়। কাতি মাহত কৃষিজীৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে, নতুন ফচল চপোৱাৰ দিনো নৌ হয় ; কাজেই ঐহিক প্ৰাচুৰ্যৰ পৰিৱৰ্তে এই বিহুত আধ্যাত্মিক প্ৰাচুৰ্য হোৱা দেখা যায়। এই বিহুৰ দিনা মানুহে আকাশবন্তি জ্বলায়। তুলসীৰ গুৰিত নাম গায়। ভঁৰাল, ঢেঁকীশাল, ধোৱা চাং, ধাননি পথাৰ আৰু ফলান গছৰ গুৰিত চাকি জ্বলায়। অকল বিহুৰ দিনাই নহয়, গোটেই কাতি মাহটোৱে গধূলি নাম-প্ৰসংগ কৰি কটোৱা হয় । 

কাতি বিহুৰ পাছতে আহে মাঘ বিহু। এই সময়ত পথাৰৰ শস্য চপোৱা শেষ হয়। সূৰ্যৰ উত্তৰায়ণ হয়। ঠেৰেঙা লগা শীতৰ প্ৰায় অৱসান হৈ আহে। প্ৰচুৰ ঘাঁহ-পানী পাই গৰু ম’হবোৰ নিটোল হয়, খীৰতী গাইৰ গাখীৰ বৃদ্ধি হয়। নতুন ফচল ওলাই সাময়িকভাৱে দুখীয়াৰো অভাৱ গুচে। খেতি-বাতি চপোৱা শেষ হোৱা বাবে মানুহে জিৰণি পায়। সেয়ে এই বিহু হয় ভোগালি। পিঠা-পনা, লাড়ু, সান্দহ, গাখীৰ-পায়স খাই, খুৱাই মানুহে এই বিহু পালন কৰে। অফুৰন্ত আজৰিৰ কাৰণে এই উৎসৱত খেল-ধেমালিৰ পয়োভৰো বেছি। 

এই বিহুৰ কেইদিনমান আগৰেপৰা চেঙেলীয়া ডেকাহঁতে কাঠ-বাঁহ গোটাই মুকলি পথাৰ বা আলি-দাঁতিত একোটা প্ৰকান্ড দ’ম কৰে। ইয়াকে ‘মেজি’ বোলে । ডেকাহঁতে বিহুৰ দিনা নিশা ভোজ-ভাত খাই ওৰে-নিশা উজাগৰে থাকি গীত-বাজনা কৰি মেজিৰ কাষতে কটাই দিয়ে । পাছ দিনা ৰাতি নৌপুৱাওঁতেই গা-পা ধুই মেজিত জুই লগাই দিয়ে । ৰাতিপুৱা সকলো মানুহ আহি মেজিৰ জুই পুৱায়। মেজিলৈ মাহ, চাউল, তিল আদি দলিয়াই সেৱা কৰে। এই বিহু দুদিন হয় আৰু দুয়োদিনে মেজিৰ কাষত বা নাম-ঘৰত নাম গোৱা হয়। এই বিহুতো সৰুৱে ডাঙৰৰ ওচৰত আঁঠু লৈ আশীৰ্বাদ বিচাৰে আৰু ডাঙৰেও আশীৰ্বাদ দি সৰুক মৰম যাচে। ভোগালী বিহুত পিছে আজিকালি আমাৰ চেঙেলীয়া ডেকাহঁতে এটা অশোভন কামো প্ৰায়ে কৰা দেখা যায় - মেজিত কেতিয়াবা চুৰ-তাৰি কৰি লোকৰ ঘৰৰ জেউৰা-জপনা-চকোৱা আদি আনিও জাপি দিয়ে। এয়া কেতিয়াও বিহুৰ বৈশিষ্ট্য হ'ব নোৱাৰে । এইবোৰ বেয়া কাম কৰি বিহুৰ ঐতিহ্য, গাম্ভীৰ্য আৰু পৱিত্ৰতা নষ্ট কৰা উচিত নহয় ৷ 

আমাৰ তিনিটা বিহুৰ লগত বিষুৱীয় বতৰৰ সম্বন্ধ আছে। তিনিওটা বিহুৱে সূৰ্য্যৰ তিনিটা বিশেষ অৱস্থান কালত উদ্‌যাপিত হয়। সেইবাবে কোনো কোনো পণ্ডিতে বিষুৱ শব্দৰ পৰাই বিহু শব্দটোৰ উৎপত্তি হোৱা বুলি মত দিয়ে। বিহু উৎসৱৰ আচাৰ-অনুষ্ঠান, নাচ-গান, সময় আদিলৈ চাই ই যে মূলতে কৃষি-উৎসৱ এই কথা সহজতে বুজিব পাৰি। 

বিহু-গীত আৰু বিহু-নাচ অসমীয়া সংস্কৃতিৰ এটা বিশিষ্ট অংগ। বিহুৰ আধ্যাত্মিক অনুষ্ঠানৰ মাজত শান্তি আৰু ডেকা-গাভৰুৰ মুকলিমূৰীয়া নৃত্য-গীতৰ মাজত শক্তি আৰু মুক্তিৰ সঁহাৰি পোৱা যায়। সেয়ে বিহু শান্তি, শক্তি আৰু মুক্তিৰ প্ৰতীক।



অসমৰ জাতীয় উৎসৱ বিহু (ৰচনা নং - ৩) 

ভূমিকাঃ বিহু অসমৰ জাতীয় উৎসৱ ৷ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকজন অসমীয়াই এই উৎসৱ পালন কৰে । প্ৰাচীন কালৰ পৰা অসমৰ এই বিহু উৎসৱ উদযাপিত হৈ আহিছে আৰু ইয়াৰ যোগেদিয়ে অসমীয়া জাতিৰ মাজত ঐক্য, সংহতি, সমন্বয় গঢ় লৈ উঠিছে। এই বিহুক কেন্দ্ৰ কৰিয়ে অসমীয়া সংস্কৃতিয়ে নৱৰূপ লাভ কৰিছে। গতিকে বিহুক অসমৰ জাতীয় স্পন্দন বুলি ক'ব পাৰি । 

বিহুৰ উৎপত্তিঃ বিহু শব্দটো সংস্কৃত মূলীয় বিষুব শব্দৰ পৰা অহা বুলি অনুমান কৰা হয়। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত বিষুবৰেখাৰে সূৰ্য সমান্তৰাল হোৱাৰ পৰা বিষুব শব্দ আৰু তাৰপৰা বিহুৰ উৎপত্তি বুলি এচাম পণ্ডিতে ক'ব খোজে যদিও ই বড়ো শব্দ বৈচাণ্ডৰ পৰা অহা বুলিহে সম্প্ৰতি ঠাৱৰ কৰা হৈছে। অসমত ৰঙালী বিহুক আহোমসকলে এক বিশেষ মৰ্যাদা দিয়ে। বিহু উৎসৱৰ বিভিন্ন খেল-ধেমালি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল। এনেদৰে বিহুয়ে ৰাজকীয় পৃষ্ঠপোষকতাও লাভ কৰিছিল। সাম্প্ৰতিক কালত পথাৰৰ বিহু মঞ্চত অনুষ্ঠিত হৈ সকলোৰে গ্ৰহণীয় হৈ পৰিছে। বাকী দুটি বিহুক প্ৰধানভাৱে ধৰ্মীয় উৎসৱলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। তথাপিও তাৰ মাজতে লোকজীৱনৰ ৰূপ ফুটি ওলায়। 

ৰঙালী বিহুঃ বিহু বুলিলে আমাৰ সাধাৰণতে ৰঙালী বিহুৰ কথাই মনলৈ আহে। এই বিহু ৰং ৰহইচৰ উৎসৱ। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতি জগতে ৰং আৰু সুৰেৰে এক নৱৰূপ লাভ কৰে। পথাৰত কৃষি কৰ্ম কৰাৰ সময় আহি পৰে। এফালে আনন্দ উৎসৱ আৰু এফালে কৰ্ম প্ৰেৰণা এই দুয়োটাৰে অভিব্যক্তি ৰঙালী বিহুৰ গীত আৰু নৃত্যত বিয়পি পৰে । 

এই বিহু আৰম্ভ হয় গৰু বিহুৰে। সিদিনাখন গৰুক গা ধুৱাই নতুন পঘা পিন্ধোৱা হয়। এনেদৰে এই উৎসৱত গৰুৰ প্ৰতি সশ্ৰদ্ধ ভাব ফুটি ওলায়। গৰুৰ বিহুৰ উপৰিও মানুহ বিহু, জেং বিহু আদি বিভিন্ন বিহু পালন কৰা হয়। এই বিহুত হিন্দুসকলে নানা ধৰ্মীয় আচাৰো পালন কৰে। নাহৰৰ পাতত মন্ত্ৰ লিখি ঘৰক বিহুৱান পিন্ধোৱাৰ লগতে প্ৰিয়জনক বিহুৱান যচা হয় । 

উজনি অসমত পূৰ্বৰ পৰা ৰঙালী বিহুৰ লগত নৃত্য-গীতৰ সম্পৰ্ক আছিল। ডেকা-গাভৰু উভয়ে পথাৰত মিলিত হৈ বিহু নৃত্যৰ আয়োজন কৰিছিল। মেঘৰ গাজনিসদৃশ ঢোলত কোব মৰাৰ লগে লগে ময়ূৰৰ দৰে নৃত্য আৰম্ভ কৰিছিল ডেকা গাভৰুসকলে টকা, পেঁপা, গগনাৰ সুৰেৰে আকাশ-বতাহ মুখৰ হৈ পৰিছিল। মানুহে বিশ্বাস কৰিছিল পথাৰত এনেদৰে নাচিলে পথাৰ শস্য-শ্যামলা হৈ পৰে বুলি। লাহে লাহে সেই নৃত্য- গীতৰ ধল নামনি অসমলৈ বাগৰি আহিল আৰু এতিয়া নামনি অসমৰ ডেকা- গাভৰুসকলেও উজনি অসমৰ ডেকা-গাভৰুসকলৰ দৰে সমান দক্ষতাৰে নাচিব পাৰে ৷ অসমীয়া সংস্কৃতি বাৰে বৰণীয়া কৰাত বিহুয়ে এনেদৰে অৱদান আগবঢ়াইছে। এতিয়া এই বিহু উৎসৱবোৰ প্ৰায়বোৰ নগৰ-চহৰতে অনুষ্ঠিত হয়। ইয়াৰ লগে লগে আৰম্ভ হয় এক সাংস্কৃতিক সমাৰোহ । অসমীয়া সংস্কৃতিয়ে পুনৰ জীপাল হৈ উঠে। এনেদৰে বিহু এতিয়া অসমৰ সৰ্বজনগ্ৰাহ্য অনুষ্ঠান হৈ পৰিছে। 

কঙালী বিহুঃ আহিন আৰু কাতি মাহৰ দোমাহীক কঙালী বিহু বোলা হয়। এই বিহুত-ৰং-ৰহইচ বা খোৱা-লোৱাৰ ওপৰত গুৰুত্ব দিয়া নহয়। এই সময়ত ধান-চাউলৰ অভাৱ হয় আৰু শাক পাচলি আদিও নোলায় বাবে এই বিহুক কঙালী বিহু বোলা হয়। এই বিহুত ধাননি পথাৰত চাকি জ্বলোৱা হয় । আকাশ বস্তি জ্বলোৱা হয়। নাম-কীৰ্তনেৰে এই বিহুক এক ধৰ্মানুষ্ঠানলৈ ৰূপ দিয়া হয় । 

ভোগালী বিহুঃ এই বিহু ৰং-ৰহইচৰ পৰিৱৰ্তে খোৱা-বোৱা আৰু আনন্দৰ বিহু। পুহ মাহত শস্য চপাই ভঁৰাল মেটমৰা কৰা হয়। ন ধান, ন শাক-পাচলিৰে উভৈনদী হৈ পৰে। পিঠা-পনা আৰু ভোজ-ভাতেৰে ল'ৰা-ডেকা-বুঢ়া সকলোৱে ভোগালী বিহু পালন কৰে। এই বিহুৰ লগত অগ্নি পূজাকো সংযোগ কৰা হৈছে। সেয়ে এই বিহুত মেজি সাজি তাক পোৰা হয়। বিহুৰ আগদিনা ভেলাঘৰ সাজি তাত ভাত-পানী খাই পিছদিনা পুৱাই অগ্নি মন্ত্ৰ মাতি মেজিৰ জুই জ্বলোৱা হয়। ইয়াক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলা হয়। এই সময়ত সূৰ্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হৈছে। 

বিহু উৎসৱৰ প্ৰয়োজনীয়তাঃ বিহু উৎসৱৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিচাৰ কৰাটো দুঃসাধ্য, কাৰণ ই স্বতঃস্ফূৰ্ত এক অনুষ্ঠান। যুগ যুগ ধৰি এই অনুষ্ঠান চলি আহিছে । এই অনুষ্ঠানে আমাৰ সাহিত্য সম্পদো বৃদ্ধি কৰিছে বিশেষকৈ আমাৰ মৌখিক সাহিত্যসমূহৰ শ্ৰীবৃদ্ধি হৈছে এই অনুষ্ঠানক কেন্দ্ৰ কৰি । আমাৰ সমসাময়িক ব্যস্ত জীৱনতো ইয়াৰ প্ৰয়োজন আছে। ইয়াৰ যোগেদি আমাৰ মনবোৰ মুকলিমূৰীয়া হয়। অন্তৰত স্নেহ-প্ৰীতি জীপাল হৈ উঠে। বিহুৰ নামত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানবোৰে আমাৰ দেশৰ দুখীয়া শিল্পীবোৰক সহায় কৰাৰ লগতে তেওঁলোকলৈ ৰাজহুৱা স্বীকৃতিও আগবঢ়ায়। বিভিন্ন ধৰণৰ জন- সাধাৰণৰ মাজত সহযোগ স্থাপনৰ যোগেদি এক সবল জাতি সত্তা গঢ় লৈ উঠে বিহুৰ যোগেদি । 

সামৰণিঃ বিহু অকল আনন্দৰ উৎসৱ নহয়, ই কৰ্ম প্ৰেৰণাৰো উৎসৱ। বিহুক বিদায় দি অসমীয়া মানুহে কৃষি কামত লাগিবলৈ সাজু হৈ উঠে। বহাগৰ শেষৰ ফালে এই উৎসৱক সম্পূৰ্ণভাৱে বিদায় দি অসমীয়া মানুহে কৰ্মত লাগি যায়। এনেদৰে বিহুৱে অসমীয়া জাতিক কৰ্মতৎপৰ, সু-সংস্কৃতিসম্পন্ন আৰু মানৱপ্ৰেমী কৰি তুলিছে। গতিকে বিহুৰ পৰম্পৰা ৰক্ষাৰ যোগেদিয়ে অসমীয়া জাতিয়ে নিজক সুপ্ৰতিষ্ঠিত কৰিব পাৰিব। সেয়ে বিহুৰ প্ৰতি সকলোৱে এক সশ্ৰদ্ধ ভাব পোষণ কৰা উচিত।



অসমৰ জাতীয় উৎসৱ - বিহু (ৰচনা নং - ৪)

আৰম্ভণিঃ বিহু অসমৰ জাতীয় উৎসৱ। যিটো উৎসৱ দেশৰ সকলো সম্প্ৰদায়ৰ মানুহে পালন কৰে তাকে জাতীয় উৎসৱ বোলে। ই অসমীয়া মানুহৰ অতিকে আপোন। বিহু তিনিটা— ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু।

ব'হাগ বিহুঃ চ'ত মাহৰ শেষৰ দিনাখনৰ পৰা ব'হাগ মাহৰ ছয় তাৰিখলৈ প্ৰধানকৈ পালন কৰা হয়। প্ৰথম দিনাখন গৰু বিহু। সেইদিনা গৰুক তেল, মাহ, হালধি ঘহি গা ধুৱাই লাউ-বেঙেনা খুৱাই দীঘলতী গছৰ পাতেৰে গৰুক গা ফুৰায় । তাৰ পাছত গৰখীয়াই ‘লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা; মাৰ সৰু, বাপেৰ সৰু, তই হ'বি বৰ গৰু' বুলি গৰুৰ মংগল কামনা কৰে ৷ 

        মানুহে গা পা ধুই গোসাঁই ঘৰত চাকি-বন্তি জ্বলাই নাম-প্ৰসংগ কৰে। সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক, আশীৰ্বাদ দিয়ে ৷ দুপৰীয়া সকলোৱে মিলি জা-জলপান, পিঠা-পনা, সান্দহ, দৈ আদি খায়। আবেলি ল'ৰা- ছোৱালীবোৰে সমূহীয়াভাৱে খেলপথাৰত খেল-ধেমালি কৰে । আজিকালি কোনো কোনো সংঘ, পুথিভঁৰাল, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আদিয়ে পতা খেল-ধেমালি প্ৰতিযোগিতাসমূহতো সকলোৱে যোগদান কৰে। প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুওৱা ল'ৰা-ছোৱালীবোৰক পুৰস্কৃত কৰি উৎসাহিত কৰা হয়। ব'হাগৰ প্ৰথম দিনা বিহুৱান লোৱা হয়। গৰুকো নতুন পঘা দিয়া হয়। চোতালত গধূলি ঢেকীয়াপাত জ্বলাই বিচনীৰে গোসাঁইক, গৰুক বিচি দিয়ে। তাৰ পিছৰ পৰাহে মানুহে বিচনী ব্যৱহাৰ কৰে। বিহুত কণ কণ ল'ৰা-ছোৱালীৰ পৰা ডেকা-গাভৰুলৈ সকলোৱে মিলি ঘৰে ঘৰে গৈ বিহু নাচ, হুঁচৰি আদি গায়। ৰং, আনন্দেৰে পালন কৰা হয় বাবেই এই বিহুক ৰঙালী বিহু বুলি কোৱা হয়। 

কাতি বিহুঃ আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা এই বিহু পালন কৰা হয় ৷ অভাৱ-অনাটনৰ দিনত হোৱা বাবে এই বিহুক কঙালী বিহু বোলে। দোমাহীৰ দিনা চোতালৰ আগত তুলসী ৰুই তাত গধূলি চাকি দিয়া হয়। পথাৰত, ভঁৰাল ঘৰত বন্তি জুলাই লখিমীক প্ৰণাম জনায়। কোনো কোনো ঠাইত আকাশ বন্তি জ্বলায় ৷ 

মাঘ বিহুঃ পুহ আৰু মাঘ মাহৰ দোমাহীৰ দিনাখন পালন কৰা বিহুক মাঘ বিহু বোলে। মাঘ বিহুৰ আগে আগে খেতিয়কে খেতি চপাই ভঁৰালত থয়। এই বিহুৰ সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত খোৱা, বস্তুৰ অভাৱ নহয়। ভোগৰ উভৈনদী হয়। সেয়েহে এই বিহুক ভোগালী বিহু বোলে। মাঘ বিহুৰ আগদিনাক উৰুকা বোলে । উৰুকাৰ দিনা বাঁহ, খেৰ, শুকান কলপাত, নৰাৰে মেজি সাজি সকলোৱে মিলি ৰং-ৰহইচেৰে ভোজ ভাত খায়। বিহুৰ দিনাখন দোকমোকালিতে গা পা ধুই মেজি জ্বলায় ৷ বিহুৰ সময়ত ঠায়ে ঠায়ে ম'হ যুঁজ, কণীযুঁজ, কুকুৰা যুঁজ আদিৰে আনন্দ উপভোগ কৰে। পুৱা গা পা ধুই গোসাঁই ঘৰত চাকি-বন্তি জুলাই মাহ-প্ৰসাদ দি সেৱা কৰে। তাৰ পাছত সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। ইয়াৰ পাছত সকলোৱে মিলি জা-জলপান, পিঠা, লাডু মাহকৰাই আদি খায় ৷ 

সামৰণিঃ সকলো জাতিৰে জাতীয় উৎসৱ আছে। বিহু অসমীয়াৰ জাতীয় উৎসৱ। মুঠতে বিহুৱে অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতা দখল কৰি আহিছে।




People Also Search as: assamese essay on bihu, বিহু বিষয়ে ১০ শাৰী, বিহু ৰচনা ৬০০ শব্দ, অসমৰ জাতীয় উৎসৱ বিহু ৰচনা class 9, বিহু ৰচনা class 5, Assamese essay on bihu in english, Assamese essay on bihu 150 words, কাতি বিহু kati bihu essay in assamese language, বিহুৰ ৰচনা class 4