তােমাৰ এজন প্ৰিয় সাহিত্যিকৰ বিষয়ে ৰচনা: ইয়াত মোৰ প্ৰিয় সাহিত্যিক - ড° মামনি ৰয়ছম গােস্বামীৰ বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।
মোৰ প্ৰিয় সাহিত্যিক
আৰম্ভণিঃ মােৰ প্ৰিয় সাহিত্যিকৰ তালিকাখন তেনেই চুটি নহয়। জোনাকী যুগৰ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, আৱাহন যুগৰ কবি বঘুনাথ চৌধাৰী, নলিনীবালা দেৱী, পাছৰ যুগৰ ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, ড° ভবেন্দ্ৰনাথ শইকীয়া আদিৰ লগতে বৰ্তমানৰ ড° হােমেন বৰগােহাঞি, ড° হীৰেন গােহাঁই আদিৰ লগতে এগৰাকী বিশেষ সাহিত্যিক ড° মামনি ৰয়ছম গােস্বামীৰ নাম সততে মনলৈ আহে। সেয়েহে আজিৰ প্ৰিয় সাহিত্যিকৰ তালিকাত তেওঁকেই অগ্ৰাধিকাৰ দিছোঁ। ইয়াৰ কাৰণ, সৰ্বভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী একমাত্ৰ অসমীয়া মহিলা-সাহিত্যিক ড° মামনি ৰয়ছম গােস্বামী।
জীৱনালেখ্যঃ ড° মামনি ৰয়ছম গােস্বামীৰ 'মামনি' হ’ল ঘৰুৱা নাম। এই নামত কলেজত পঢ়ি থকা কালৰ পৰা লেখা-মেলা কৰি জনপ্ৰিয়তা লাভ কৰিলে। ইফালে শিক্ষালয়ৰ - আচল নাম হ’ল ইন্দিৰা। গৱেষণা কৰি ডক্টৰেট লাভ কৰাত অধ্যপনাৰ জগতৰ নাম ড° ইন্দিৰা গােস্বামী প্ৰখ্যাত হ’ল। সিফালে সাহিত্যত প্ৰখ্যাত হােৱা ঘৰুৱা নাম আৰু বৈবাহিক সূত্ৰে লােৱা ৰয়ছম উপাধিসহ বিখ্যাত নামটো ড°মামনি ৰয়ছম গােস্বামী হৈ পৰিল।
জন্ম, শিক্ষা, বিবাহ আদিঃ মামনি ৰয়ছম গােস্বামীৰ জন্ম ১৯৪১ চনৰ ২৪ নৱেম্বৰত কামৰূপ জিলাৰ জগলীয়া নৈ পাৰৰ আমৰাঙা সত্ৰত হৈছিল। পিতৃ হ’ল অসমৰ একালৰ শিক্ষাধিকাৰ উমাকান্ত গােস্বামী আৰু মাতৃ অম্বিকা দেৱী গােস্বামী। কৰ্মসূত্ৰে শ্বিলঙত পিতৃ থকাৰ বাবে শৈশৱ-কৈশােৰৰ বহুকাল তাতেই কটাইছিল। পাছত গুৱাহাটীৰ বাসিন্দাৰূপে স্থায়ী হৈ পৰে। |
গুৱাহাটীৰ চেনিকুঠিত বাস কৰা সময়তে লতাশিল প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল। শ্বিলঙৰ পাইন মাইণ্ট স্কুলত পঢ়ে। গুৱাহাটীৰ তাৰিণীচৰণ ছােৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰি অৱশেষত ১৯৬০ চনত কটন কলেজৰ পৰা বি এ (স্নাতক) পাছকৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম এ (স্নাতকোত্তৰ) পাছ কৰে। ১৯৭৩ চনত মাধৱকন্দলিৰ ৰামায়ণৰ সৈতে তুলসী দাসৰ ৰামায়ণৰ তুলনাত্মক গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।
ইতিমধ্যে ১৯৬৫ চনত মামনিৰ বিবাহ হয় মাধৱেন ৰয়ছম আয়েঙ্গাৰ নামৰ এজন ইঞ্জিনিয়াৰৰ লগত। স্বামীৰ অকাল মৃত্যুৰ পাছত কৰুণ বৈধব্য জীৱন যাপন কৰি বৃন্দাবনত ৰামায়ণী চৰ্চা কৰি কিছু মানসিক শান্তি লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে গােৱালপাৰাৰ সৈনিক স্কুলত কিছুদিন শিক্ষকতা কৰিছিল। অৱশেষত ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা বিভাগত অধ্যাপনাত যােগদান কৰে। তাত কৰ্মৰত অৱস্থাতে ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু উন্নতি কৰি মুখ্য অধ্যাপিকাৰূপে অৱসৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনত তেওঁ এখনি গৌৰৱপূৰ্ণ স্থান দখল কৰিছিল।
সাহিত্য-প্ৰতিভাঃ শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে অসমৰ কাকত-আলােচনীত গল্প ৰচনা কৰি মামনি গােস্বামী প্ৰখ্যাত হৈ পৰে। সেই সময়ৰ পৰা প্ৰকাশিত ‘চিনাকি মৰম’, ‘হৃদয় এক নদীৰ নাম’, ‘কইনা’ আদি গল্প সংকলন প্ৰকাশ পালে। ১৯৬৮ চনত প্ৰথম উপন্যাস ‘চেনাবৰ সোঁত’ প্ৰকাশৰ পাছত নব্ৰৈ দশকৰ (বিংশ শতাব্দী) আগতে ৰচিত হ’ল—নীলকণ্ঠী ব্ৰজ, বছিৰুদ্দিনৰ চকু, অহিৰণ, মামৰে ধৰা তৰােৱাল, মাপৰ ছালৰ জোতা, দঁতাল হাতীৰ উঁয়ে খােৱা হাওদা, নাঙঠ চহৰ, উদয়ভানুৰ চৰিত্ৰ, জখমী যাত্ৰী, বুদ্ধ সাগৰ ধূসৰ গাইছা, মহম্মদ মুছা আৰু জীৱনী স্বৰূপ আধালেখা দস্তাবেজ। ইয়াৰ ভিতৰত ‘মামৰে ধৰা তৰােৱাল’ৰ বাবে তেওঁ ভাৰতীয় সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰে।
বিংশ শতাব্দীৰ শেষ দশক আৰু একবিংশ শতাব্দীৰ প্ৰথম দশকটোত ৰচিত প্ৰায় আধা ডজন উপন্যাস হ’ল—তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দশৰথিৰ খােজ, এক মহীয়সীৰ জীৱন বৃত্তান্ত, থেংফ্ৰাখী তহচিলদাৰৰ তামৰ তৰােৱাল; ছিন্নমস্তাৰ মানুহটো অন্যতম। আনহাতে আধালেখা দস্তাবেজখনৰ পৰিপূৰক স্বৰূপ জীৱনৰ এক অংশৰ দস্তাবেজ আৰু দস্তাবেজৰ আৰু এক অধ্যায়—লেখিকাগৰাকীৰ আত্মজীৱনী ৰূপায়ণ। উপন্যাসিকা হিচাপে এইসমূহ গ্ৰন্থই মামনিক ভাৰতীয় সাহিত্যৰ মহিয়সী লেখিকা কৰাৰ লগতে বিশ্বতাে খ্যাতি অৰ্জন কৰালে। সেইবাবে ২০০০ চনত ড° মামনি ৰয়ছম গােস্বামীলৈ প্ৰদান কৰা হ'ল ভাৰতৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ ‘জ্ঞানপীঠ পুৰস্কাৰ’। মামনি ৰয়ছমৰ প্ৰতিখন উপন্যাসৰে উপাদান ভিন্ন হলেও পাঠকৰ বাবে অতি উপাদেয়। স্বামীৰ লগত কটোৱা বছৰকেইটাৰ প্ৰভাৱত ৰচনা কৰা চেনাবৰ সোঁত, অহিৰণ আৰু মামৰে ধৰা তৰােৱালেই তেওঁক ঔপন্যাসিকা হিচাপে শীৰ্ষ স্থানত আৰােহণ কৰালে। তেওঁ দুখানুভূতিত সৰু সৰু চৰিত্ৰ কিছুমানে দুঃখময় জীৱনৰ স্বীকৃতি লাভ কৰিলে। পাছৰ উপন্যাসবােৰতাে আৱেদন অতি প্ৰাণস্পৰ্শী হৈ উঠাত সৰ্বজন স্বীকৃত হ’ল।।
ড°মামনি ৰয়ছমৰ হাতত সাহিত্যৰ বিভিন্ন নিবন্ধ, কবিতা আদিয়ে প্ৰাণ পাই উঠিছে। তেওঁ পাণ্ডিত্যপূৰ্ণ ‘ৰামায়ণী সাহিত্যৰ গৱেষণা’ বিশ্ব-বিশ্ৰুত হৈছে। ৰামায়ণী সাহিত্যৰ অন্যতম গৱেষণা গ্ৰন্থ ইংৰাজী ভাষাত লিখা—‘ৰামায়ণ ফ্ৰম গঙ্গা ব্ৰহ্মপুত্ৰ’ অতি বিখ্যাত। তেওঁৰ অন্যান্য গ্ৰন্থৰ ভিতৰত অনূদিত—প্ৰেমচন্দৰ চুটি গল্প, আধাঘণ্টা সময়, জাতক কথা, কলম, আহ্নিক আদি উল্লেখ কৰিব পাৰি। ইতিমধ্যে মামনি বয়ছম গােস্বামীৰ অৱদান সামৰি গ্ৰন্থাৱলী প্ৰকাশিত হৈছে।
সামৰণিঃ ড° মামনি ৰয়ছম গােস্বামী ইমান খ্যাতিৱান লেখিকা নিৰহংকাৰী আছিল। | বিশ্ব-বিশ্ৰুত পণ্ডিত বা নেতাৰ পৰা সাধাৰণ খাটিখােৱা প্ৰকৃত শ্ৰমিকলৈকে তেওঁৰ দৃষ্টি একে আছিল। সাহিত্যৰ ভাষাত নিজস্ব শৈলী থাকিলেও অতি মনােগ্ৰাহী। মানুহগৰাকীও সেইদৰে সৰ্বজন সমাদৃত। তেওঁ অনেক বঁটা-বাহন পাইছে যদিও গৰ্ব মুঠেই নাছিল। অসম চৰকাৰে তেওঁক ২০১১ চনত ‘অসম ৰত্ন’ সন্মান প্ৰদান কৰিছিল। সমাজ সেৱিকাৰূপে তেওঁৰ কৃতিত্বৰ ভিতৰত আলফাক শান্তিৰ মজিয়ালৈ ঘূৰাই অনাব প্ৰচেষ্টা অন্যতম। এইগৰাকী মহিয়সী মহিলাই ২০১১ চনৰ ২৯ নৱেম্বৰত ইহলীলা সম্বৰণ কৰিলে। তথাপি তেওঁ এগৰাকী অমৰ-চিৰস্মৰণীয় সাহিত্যিক হৈ ৰ’ব।