গ্ৰন্থমেলাৰ বিষয়ে ৰচনা | Book Fair Essay in Assamese

 গ্ৰন্থমেলাৰ বিষয়ে ৰচনা: গ্ৰন্থমেলা হ'ল এটা বাণিজ্যিক অনুষ্ঠান য'ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু ব্যৱসায় কৰে। ইয়াত গ্ৰন্থমেলাৰ বিষয়ে দুখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই গ্ৰন্থমেলাৰ বিষয়ে ৰচনা (Book Fair Essay in Assamese) কেইখনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।


গ্ৰন্থমেলা (ৰচনা নং - ১)

ভূমিকাঃ গ্ৰন্থমেলা সভ্য আৰু শিক্ষিত সমাজত গঢ় লৈ উঠা এক আধুনিক মেলা। এটা জাতিৰ সু-সংস্কৃতিৰ ই পৰিচায়ক। বিশ্বৰ প্ৰায়বােৰ সভ্য দেশতে ই জনপ্ৰিয় হৈ উঠিছে। বৰ সুখৰ কথা যে অসমতাে এই গ্ৰন্থমেলাই এক বিশেষ আদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসম প্ৰকাশন পৰিষদে আৰম্ভ কৰি দিয়া এই গ্ৰন্থমেলা এতিয়া বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত হ'বলৈ আৰম্ভ কৰিছে। সাহিত্য বা গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজত ই জনপ্ৰিয় হৈ পৰাৰ লগতে লাহে লাহে ই এক সাহিত্য আন্দোলনৰ জন্ম দিছে বুলি কব লাগিব। 

গ্ৰন্থৰ প্ৰয়ােজনীয়তাঃ গ্ৰন্থ হ’ল আধুনিক যুগৰ আটাইতকৈ মহত্তম উপাদান। ছপাখানাৰ আৱিষ্কাৰৰ লগে লগে গ্ৰন্থৰ প্ৰচাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত জ্ঞান-বিজ্ঞানৰ সীমা বিস্তৃত হ’বলৈ ধৰিলে। আগতে গ্ৰন্থ ৰচিত হৈছিল যদিও সেইবােৰ মুষ্টিমেয় মানুহৰ হাতত থুপ খাই আছিল। তাৰপৰা বাহিৰা মানুহ বৰ বিশেষ লাভৱান হ’ব পৰা নাছিল। এতিয়া বিশ্বৰ বিভিন্ন গ্ৰন্থ পাব পৰা হৈছে মুদ্ৰাযন্ত্ৰ আৰু যােগাযাগ ব্যৱস্থাৰ উন্নতিৰ কাৰণে গ্ৰন্থ সম্পৰ্কে আমাক এক সুন্দৰ অভিজ্ঞতা দান কৰে এই গ্ৰন্থমেলাসমূহে। ইয়াত বিভিন্ন গ্ৰন্থ প্ৰকাশিত হােৱাৰ লগে লগে সেইবােৰ আমি তাৰপৰা সংগ্ৰহ কৰিব পাৰাে। এনেদৰেই জ্ঞানৰ আন্দোলন গঢ় দি তুলিছে। 

গ্ৰন্থমেলাৰ উপকাৰিতাঃ গ্ৰন্থমেলাই পঢ়ুৱৈৰ লগতে আন সৰ্বসাধাৰণৰ মাজতাে গ্ৰন্থৰ প্ৰতি স্পৃহা জগাই তােলে। ইয়াৰ ফলত গ্ৰন্থৰ সমাদৰ আৰু চাহিদা বাঢ়ে। চাহিদা বঢ়াৰ ফলত প্ৰকাশকসকলে গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে বিশেষ উৎসাহবােধ কৰে আৰু তাৰ দ্বাৰা লিখকসকলাে উপকৃত হয়। এনেদৰে গ্ৰন্থমেলাই জ্ঞানৰ জগতখনৰ পৰিধি প্ৰশস্ত কৰি তােলে। | বিশ্বৰ বিভিন্ন দেশত গ্ৰন্থমেলাৰ আয়ােজন কৰা হয়। আমাৰ দেশৰ কলিকতা, দিল্লী আদি ঠাইত গ্ৰন্থমেলাৰ প্ৰচলন কিছু বছৰ আগৰ পৰা আৰম্ভ হৈছে। এই গ্ৰন্থমেলাত ভাৰতত প্ৰকাশিত গ্ৰন্থৰ উপৰিও বিশ্বৰ আন আন দেশৰ গ্ৰন্থ প্ৰকাশকসকলেও ভাগ লােৱাৰ ফলত ভাৰতৰ বুকুত বিদেশী গ্ৰন্থবােৰ পােৱা যায়। সাধাৰণতে হাতেৰে ঢুকি নােপােৱা বিদেশী গ্ৰন্থবােৰ এইদৰে গ্ৰন্থমেলাৰ যােগেদি সংগ্ৰহ কৰিব পাৰি। 

. অসমৰ গ্ৰন্থমেলাঃ সম্প্ৰতি অসমত আৰম্ভ হােৱা গ্ৰন্থমেলালৈ অসমৰ বাহিৰৰ গ্ৰন্থ প্ৰতিষ্ঠানবােৰেও গ্ৰন্থ বিক্ৰী কৰিবলৈ আহে। মেলালৈ গৈ তাৰ মাজৰ পৰা ভাল ভাল কিতাপবােৰ বাছি আনিব পাৰি। অসমৰ প্ৰকাশকসকলাে গ্ৰন্থমেলাৰ বাবে প্ৰস্তুত হয় আৰু পাঠকৰ মনৰ খােৰাক যােগাব পৰা গ্ৰন্থ প্ৰকাশকৰ ওপৰত জোৰ দিয়ে। সেই কাৰণে গ্ৰন্থমেলাৰ সময়ত যথেষ্ট গ্ৰন্থ প্ৰকাশিত হয়। ইয়াৰ উপৰি এই গ্ৰন্থমেলাৰ সময়ত চিত্ৰাঙ্কন প্ৰতিযােগিতা আদি পাতি শিশুসকলকো আকৰ্ষণ কৰাৰ চেষ্টা কৰা হয়। শিক্ষাবিদ, সাহিত্যিকসকলৰ মাজত আলােচনা চক্ৰ অনুষ্ঠিত কৰি পাঠকসকলক বিশেষভাৱে আকৰ্ষণ কৰা হয়। গ্ৰন্থ ৰচনা বা প্ৰকাশকৰ সমস্যা সম্পৰ্কেও তাত আলােচনা-বিলােচনা কৰি নতুন নতুন তথ্য পােহৰলৈ অনা হয়। এনেদৰে অসমত অনুষ্ঠিত গ্ৰন্থমেলাসমূহে অসমীয়া সাহিত্য আৰু শিক্ষা জগতলৈ এক বিশেষ অৱদান আগবঢ়াইছে। 

সামৰণিঃ অসমত গ্ৰন্থৰ আদৰ গ্ৰন্থমেলাৰ যােগেদি বৃদ্ধি পাইছে। এতিয়া অসমৰ প্ৰায়বােৰ ডাঙৰ ডাঙৰ নগৰত গ্ৰন্থমেলা অনুষ্ঠিত হয়। পূজা সবাহৰ আনন্দ এই গ্ৰন্থমেলাই কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। অসমীয়া মানুহৰ সাংস্কৃতিক চেতনাৰ ই অমূল্য নিদৰ্শন। গ্ৰন্থইহে সভ্যতাৰ একমাত্ৰ মাপকাঠী। এই সত্য গ্ৰন্থমেলাই প্ৰমাণিত কৰিছে।


গ্ৰন্থমেলা (ৰচনা নং - ২)

আৰম্ভণিঃ মেলা ভাৰতবৰ্ষত এক সু-প্ৰাচীন মিলা-মিছা, আদান-প্ৰদানৰ অনুষ্ঠান ৰূপে চলি আহিছে। মেলা বহু প্ৰকাৰৰ আছে। যেনে- ধৰ্মীয় মেলা, ৰং-ধেমালিৰ মেলা, সাংস্কৃতিক মেলা, বয়বস্তুৰ সাল-সলনি বা বেচা-কিনাৰ মেলা; বাণিজ্য মেলা, জীৱ-জন্তু প্ৰদৰ্শনৰ মেলা, বস্ত্ৰমেলা, উৎসৱৰ মেলা, বিহুমেলা, পূজাৰ মেলা, গ্ৰন্থমেলা আদি অনেক প্ৰকাৰৰ মেলা হয়। ভাৰতীয় সংস্কৃতিত মেলা অতি গুৰুত্বপূৰ্ণ। অতি প্ৰাচীন কালৰে পৰা কুম্ভমেলাৰ দৰে ধৰ্মীয় মেলা হৈ আহিছে। বৌদ্ধধৰ্মৰাে মেলা হয়। এইবােৰ মেলাত ক্ৰেতা আৰু বিক্ৰেতা দুটা দল থাকে। এইবােৰ মেলা দোকান-পােহাৰ বা হাট-বজাৰৰ নিচিনা। এনেবােৰ মেলাৰ লগত কিছুমান মেলাৰ মিল নাথাকে। কাৰণ, বহুত মেলা প্ৰদৰ্শনমূলক আৰু কেৱল জন সংযােগতে সীমাবদ্ধ থাকে।

গ্ৰন্থমেলাঃ বৰ্তমান সময়ৰ গ্ৰন্থমেলা কিন্তু অন্য মেলাতকৈ কিছু ভিন্ন। ইয়াত গণ-সংযােগ, লেখক-পাঠকৰ সংযােগ, নানা গ্ৰন্থৰ প্ৰদৰ্শন আৰু গ্ৰন্থৰ বিক্ৰীয়ে মুখ্যস্থান লাভ কৰে। সেই দিশৰ পৰা গ্ৰন্থমেলা গ্ৰন্থৰ বাণিজ্যমেলা ৰূপে গুৰুত্ব লাভ কৰে। বিক্ৰেতাই গ্ৰন্থৰ বিপণি খুলি গ্ৰন্থ প্ৰদৰ্শন কৰে আৰু ক্ৰেতাই চাই চিতি নয়ন সাৰ্থক কৰি মানসিক আহাৰৰ বাবে গ্ৰন্থ ক্ৰয় কৰি নিয়ে। গতিকে, কিনা-বেচাই গ্ৰন্থমেলাৰাে মূল্য লক্ষ্য। 

গ্ৰন্থমেলাৰ বহুতাে যােগাত্মক দিশ আছে। প্ৰথম কথা, অন্যবােৰ মেলাৰ দৰেই অস্থায়ী ক্ষেত্ৰত অস্থায়ী শিবিৰত গ্ৰন্থবােৰ চকুত লগাকৈ সজোৱা হয়। বিপণিবােৰৰ এনে গ্ৰন্থ প্ৰদৰ্শনীয়ে মেলালৈ যােৱা দৰ্শকক আমােদ দিয়ে, আকৰ্ষিত কৰে আৰু মনােজগতত আলােড়ন তােলে। বিভিন্ন প্ৰকাৰৰ গ্ৰন্থৰ সুন্দৰ সুন্দৰ ৰূপ দৰ্শন কৰি মানসিক তৃপ্তি লাভৰ লগতে গ্ৰন্থজগতত জ্ঞানাে আহৰণ হয়। ছাত্ৰ-ছাত্ৰী বা কমবয়সীয়া পাঠকৰ বাবে ই শিক্ষাৰ এটি প্ৰধান অংগলৈ পৰিণত হয়। গ্ৰন্থ অধ্যয়নৰ প্ৰতি অনুপ্ৰাণিত কৰি পাঠক বৃদ্ধি কৰে।

গ্ৰন্থমেলাত বিভিন্ন জনৰ মিলনাে সম্ভৱ হয়। বন্ধু-বান্ধৱক এখন থলীত লাভ কৰি পৰস্পৰে আনন্দিত হয়। হাটে বজাৰে অনেক জনক লগ পালেও গ্ৰন্থমেলাৰ আত্মীয়তা গঢ় লৈ নুঠে। 

গ্ৰন্থমেলাই লেখক-পাঠকৰ মিলন ভূমি তৈয়াৰ কৰে।ইয়াত পৰস্পৰে মত বিনিময় কৰিব পাৰে। গ্ৰন্থমেলাৰ মঞ্চত গ্ৰন্থবিষয়ৰ নানা আলােচনা অনুষ্ঠিত হয়। বিজ্ঞজনে বিষয় সম্পৰ্কে বক্তৃতা প্ৰদান কৰে আৰু শ্ৰোতা তাৰ পৰা উপকৃত হয়। এইটো বৰ সুন্দৰ ব্যৱস্থা। ইয়াৰ লগতে নৃত্য-গীতৰ দৰে নানা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। ইয়াৰ দ্বাৰা মনােৰঞ্জন কৰা হয়। গতিকে সকলাে দিশৰ পৰা গ্ৰন্থমেলা অতি গুৰুত্বপূৰ্ণ। 

গ্ৰন্থমেলাৰ চমু ইতিহাসঃ প্ৰাচীন কালৰ গ্ৰন্থসংগ্ৰহ আৰু গ্ৰন্থৰ দৰ্শন বাদ দি আধুনিক পৰম্পৰাগত গ্ৰন্থমেলাৰ এক দীঘলীয়া ইতিহাস আছে। ই মধ্য যুগৰ পৰাই আধুনিক গ্ৰন্থমেলাৰ আৰম্ভণি। জামাৰ্নীৰ ফ্ৰেংকফোট চহৰত ১৪৬২ খ্ৰীঃত প্ৰথমখন গ্ৰন্থমেলাৰ আৰম্ভ হৈছিল। প্ৰায় এশ বছৰ কাল এই চহৰতে গ্ৰন্থমেলা অনুষ্ঠিত হােৱাৰ পাছত লিপ্জিগ্ নামৰ ঠাইলৈ অনাৰ পাছত একেলেঠাৰিয়ে দ্বিতীয় মহাসমৰ সময়লৈ প্ৰচলন আছিল। ইয়াৰ পাছত পুনৰ গ্ৰন্থমেলাৰ আৰম্ভ হ’ল ১৯৪৯ চনত। এইখন গ্ৰন্থমেলাৰ বিশ্বৰ প্ৰায়বােৰ দেশেই ভাগলােৱাত বিশ্ব গ্ৰন্থমেলালৈ পৰিণত হ'ল। উল্লেখযােগ্য যে এই মেলা ব্যৱসায়ীসকলৰ মাজতে আদান-প্ৰদান হৈছিল আৰু সাধাৰণ পাঠকক বিক্ৰী কৰা নহৈছিল। 

ভাৰতত আধুনিক গ্ৰন্থমেলা প্ৰণালীবন্ধভাৱে আৰম্ভ হয় ১৯৭২ চনতহে। ইয়াৰ আগতে অৱশ্যে গ্ৰন্থ প্ৰদৰ্শন হৈছিল। অসমত সাহিত্য সভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি গ্ৰন্থ প্ৰদৰ্শনী বা মেলা চলি আছিল। ১৯৬০ চনৰ পৰৱৰ্তীকালৰে পৰা এই ব্যৱস্থা হৈছিল। অৱশ্যে প্ৰকৃত স্বতন্ত্ৰ গ্ৰন্থমেলা ১৯৮৪ চনত অসম প্ৰকাশন পৰিষদ আৰু নেচনেল বুক ট্ৰাষ্টৰ সহযােগত অনুষ্ঠিত হয়। ইয়াৰ পাছৰে পৰা অসমত গ্ৰন্থমেলাৰ জোৱাৰ উঠে। ভাৰতবৰ্ষতাে গ্ৰন্থমেলাই গুৰুত্ব লাভ কৰে। ১৯৭২ চনৰ পৰা দিল্লীত অনুষ্ঠিত গ্ৰন্থমেলাত ইউনেস্কোৱে হাত আগবঢ়োৱাত আন্তৰ্জাতিক মান লাভ কৰে। ইয়াৰ পাছত কলিকতা গ্ৰন্থমেলাই ব্যাপকতা অৰ্জন কৰে। অৱশ্যে এই চহৰৰ কলেজ স্ট্ৰীটত প্ৰতিদিনেই গ্ৰন্থমেলাৰ সদৃশ ৰূপ লয়। অসমত তাৰ অনুৰূপ হ’ল গুৱাহাটীৰ পানবজাৰৰ যশােৱন্ত পথ। সি যি নহওক, ইয়াৰ পাছত অসমত গ্ৰন্থমেলা নগৰে-চহৰে সকলােতে আয়ােজন চলাত লেখক পাঠকৰ অন্তৰঙ্গতা বৃদ্ধি পালে, গ্ৰন্থ প্ৰকাশ বাঢ়িল আৰু গ্ৰন্থৰ বিক্ৰী যথেষ্ট বৃদ্ধি পালে। আনহাতে বিক্ৰী কম হােৱা গ্ৰন্থৰাে সমাদৰ হ’ল। দুষ্প্ৰাপ্য গ্ৰন্থও প্ৰায় সুলভ হৈ পৰিল।

সামৰণিঃ আধুনিক জগতত গ্ৰন্থমেলাই গুৰুত্ব লাভ কৰি সভ্যতা-সংস্কৃতিৰ চানেকি দাঙি ধৰিছে। বৰ্তমান দিল্লী, জয়পুৰ, কলকতা, গুৱাহাটী আদি বহুত চহৰত গ্ৰন্থমেলা উৎসৱলৈ পৰিণত হৈছে। এই উৎসৱৰ লেখক-পাঠকৰ মহামিলনৰ থলী আৰু সাহিত্যচৰ্চা প্ৰধান ক্ষেত্ৰ বুলি স্বীকৃত হৈছে। 

গ্ৰন্থমেলা যদিও গ্ৰন্থৰ ক্ৰেতা-বিক্ৰেতাৰ অনুষ্ঠান তথাপি সকলাে মানুহৰ আনন্দময় উৎসাহ-উদ্দীপনাৰ অন্যতম থলী। সভ্যতাৰ অগ্ৰগতিত, গ্ৰন্থৰ প্ৰসাৰ, প্ৰচাৰ আৰু মান উন্নয়নত গ্ৰন্থমেলা ডাঙৰ পদক্ষেপ।ন-ন পঢ়ুৱৈ সৃষ্টিত গ্ৰন্থমেলাই প্ৰভাৱ বিস্তাৰ কৰে। গ্ৰন্থৰ প্ৰতি অনাসক্ত জনেও গ্ৰন্থমেলাত প্ৰৱেশ কৰি এখন হ'লেও গ্ৰন্থ ক্ৰয় কৰা দেখা যায়। সেয়েহে গ্ৰন্থমেলাৰ আয়ােজন কৰা উচিত আৰু গাঁৱে-ভূঞে ইয়াৰ সম্প্ৰসাৰণত জোৰ দিয়া উচিত। গ্ৰন্থই উন্নতিৰ সােপান গঢ়ে। বৰ্তমান সময়ত ই সেয়েহে অতি আৱশ্যক জ্ঞান-প্ৰসাৰণৰ মাধ্যম। 


গ্ৰন্থমেলাৰ বিষয়ে সংগৃহিত ৰচনা কেইখন (Book Fair Essay in Assamese) কেনে পালে জনাব, লগতে কিবা পৰামৰ্শ থাকিলেও জনাব। ধন্যবাদ।

Next Post Previous Post
No Comment
Add Comment
comment url