মাতৃভাষাত শিক্ষাৰ প্ৰয়োজনীয়তা

 মাতৃভাষাত শিক্ষাৰ প্ৰয়োজনীয়তা বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

মাতৃভাষাত শিক্ষাৰ প্ৰয়োজনীয়তা

আৰম্ভণিঃ ভাষা হ’ল মানৱজাতিৰ ভাব প্ৰকাশৰ বাহন। শিশুৰ জন্ম হওঁতেই এটি শক্তিশালী সম্পদ লৈ আহে, সেয়ে হ’ল মুখৰ মাত। দ্বিতীয়তে লৈ আহে অনুকৰণ কৰাৰ শক্তিশালী ক্ষমতা। ইয়াৰ ফলতে শিশুৰ মুখত অস্ফুট ধ্বনিবােৰ ক্ৰমশঃ সমষ্টিগত ৰূপলৈ অৰ্থবহ হ'বলৈ ধৰে। তেতিয়াই মাত ফুটা বুলি কোৱা হয়। এই মাতবােৰ অৰ্থবহ হ'লেই 'কথা'ৰ নাম পায়। এই কথাবােৰেই সংলগ্ন ৰূপৰ দ্বাৰা ভাব প্ৰকাশক ভাষাৰূপে জনাজাত হয়। দ্বিতীয়তে অনুকৰণ শক্তিৰে জন্মদাত্ৰী মাতৃৰ প্ৰতিটো কথা কাৰ্য অনুকৰণ কৰি শিশুৱে নিজেও প্ৰকাশ কৰে। এয়ে ভাষা। ইয়াক যিহেতু প্ৰথমতে মাতৃৰ মুখৰ পৰা শুনি আয়ত্ত কৰে, সেইবাবে মাতৃভাষাৰূপে ইয়াক বুজোৱা হয়। মাতৃভাষা মানুহৰ প্ৰতিটো ৰন্ধ্ৰে ৰন্ধ্ৰে সােমাই পৰি সৰ্বশ্ৰেষ্ঠ ভাব প্ৰকাশ আৰু জ্ঞান আহৰণৰ আহিলাৰূপে পৰিগণিত হয়। সেয়েহে মানুহৰ জীৱনত মাতৃভাষাৰ গুৰুত্ব সবাতােকৈ বেছি।

শিক্ষা আহৰণত মাতৃভাষাৰ গুৰুত্বঃ মানুহে জীবন কালত পৰিৱেশ আৰু প্ৰয়ােজনৰ বাবে একাধিক ভাষা শিকে। কিন্তু জীৱনৰ প্ৰথম পুৱাতে আহৰণ কৰা মাতৃভাষাটোৰ সমান আন ভাষা গভীৰ অৰ্থব্যঞ্জক, সহজে জ্ঞান আহৰণ কৰাৰ বাবে শক্তিশালী আৰু স্বতঃস্ফূৰ্ত হ'ব নােৱাৰে। মাতৃভাষা চেতন-অৱচেতন অৱস্থাতাে শক্তিশালী হৈ থাকে। ভাবজগত তথা সপােনজগত পৰ্যন্ত মাতৃভাষাই আঁত ধৰে। 

মানুহৰ সভ্যতাই যেতিয়া মাতৃ আৰু পৰিৱেশতে সীমাবদ্ধ নাথাকি প্ৰণালীগত শিক্ষাৰ ব্যৱস্থা প্ৰথম আৰম্ভ কৰিলে, তেতিয়াৰ পৰা পৃথিৱীৰ সৰ্বত্ৰ মাতৃভাষাৰেই শিক্ষাৰ আদান-প্ৰদান হ’ল। আশ্ৰমবাসী গুৰুসকলে প্ৰথমতে মাতৃভাষাতে জ্ঞান দান কৰিহে সকলাে ভাষাৰে মূল ভাষাটোক শিকাবলৈ লৈছিল। মূলভাষাবােৰ প্ৰতিটো মাতৃভাষাৰ উৎস, ঘাই মাতৃ। ফলত অলপ চেষ্টা আৰু অনুশীলনতে আয়ত্ত কৰিব পাৰে। উচ্চ শিক্ষাৰ ই সহজ বাহন হৈ পৰে। পৃথিৱীৰ সকলাে দেশতেই মাতৃভাষাতেই প্ৰধানকৈ শিক্ষা গ্ৰহণ কৰা হয়। বিদেশী ভাষাৰূপে অন্যৰ ভাষাৰ শিক্ষা ল'লেও মাধ্যম কিন্তু নিজ মাতৃভাষা। মাতৃভাষাটোৰ অৰ্থৰ লগত দেশখন আৰু বিশাল জাতিটো নিহিত থাকে।

ভাৰতবৰ্ষৰ আধুনিক শিক্ষাঃ ভাৰতবৰ্ষৰ আধুনিক শিক্ষাযুগ আৰম্ভ হৈছিল ব্ৰিটিছ শাসন আৰম্ভণিৰ কালতে। পশ্চিমীয়া পদ্ধতিৰ শিক্ষাই টোল বা আশ্ৰমকেন্দ্ৰিক শিক্ষা ব্যৱস্থা সলনি কৰি বিদ্যালয়কেন্দ্ৰিক শিক্ষাকেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে। সেই ব্যৱস্থাই এতিয়াও পৰম্পৰা ৰক্ষা কৰি বিদ্যালয়কেন্দ্ৰিক হৈ ৰৈছে। এই ধৰণৰ শিক্ষা ব্যৱস্থাই বিশ্বমুখী কৰি জ্ঞানৰ পথাৰ বিস্তৃত কৰি দিলে। কিন্তু, ইয়াৰ কিছু ভুল পৰিলক্ষিত হ'ল। ঘাইকৈ মাধ্যম। ইংৰাজীক শিক্ষাৰ মাধ্যম কৰি ৰখাৰ বাবে জনসাধাৰণৰ মাজত ব্যাপকভাৱে শিপাব নােৱাৰিলে। শিক্ষাৰ্থীয়েও আঁতি-গুৰি মাৰি কোনাে বিষয় আয়ত্ত কৰিব নােৱাৰি মুখস্থ বিদ্যাৰ আশ্ৰয় ল'লে। ইয়াৰ অন্তৰায় ভাষা। মাতৃভাষাক বঞ্চিত কৰি ইংৰাজী মাধ্যম কৰাৰ বাবে ইংৰাজ প্ৰশাসনৰ লাভ হ'ল, কিন্তু জাতীয় উৎকৰ্ষ সাধিত নহ'ল। 

এটা সময়ত ইংৰাজীয়েই হ'ল ৰাষ্ট্ৰভাষা। এহাতে ৰাষ্ট্ৰীয় ভাষা আৰু আনহাতে শিক্ষাৰ মাধ্যম হৈ ভাৰতবৰ্ষৰ বহুকলীয়া ঐতিহ্যতো আঘাত হানিলে। আন এটা সময়ত ইংৰাজীৰ লগত থলুৱা ভাষা ব্যৱহাৰ কৰাৰ ৰীতিত আকৌ অসমত ১৮৩৬ চনত বাঙালীভাষা চলাবলৈ ললে। তেনে পৰিস্থিতিতে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ আপ্ৰাণ চেষ্টাত আৰু ভাষা অনুশীলনৰ বাবে পাঠ্য পুথি পৰ্যন্ত ৰচনা কৰিলে। ইয়াৰ ফলতে ১৮৭৩ চনত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ঘটিল। কিন্তু শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন নঘটিল। 

এটা জাতিৰ উন্নয়নত বিদেশী ভাষা অন্তৰায়ৰূপে থিয় দিয়ে। এই কথা উপলব্ধি কৰি বিশিষ্ট চিন্তাবিদসকলেও দেশীভাষা তথা মাতৃভাষাত গুৰুত্ব প্ৰদান কৰিলে। শিক্ষাৰ মাধ্যমৰূপে বিদেশী ভাষাক পৰ্যায়ক্ৰমে আঁতৰােৱাৰ ব্যৱস্থা চলিল যদিও অধিকাংশই গােড়ামী মনােভাব ত্যাগ কৰিব নােৱাৰিলে। ইংৰাজীৰেই গুৰুত্ব থাকিল।

মাতৃভাষাই শিক্ষাৰ সৰ্বোত্তম মাধ্যমঃ মাতৃভাষাতকৈ উত্তম মাধ্যম আন একো হ'ব নােৱাৰে। শিক্ষাৰ লক্ষ্য যদি বিভিন্ন বিষয়ৰ জ্ঞান আহৰণৰ দ্বাৰা সমাজক সমৃদ্ধ কৰিবলৈ বিচৰা হয়; তেনেহ'লে মাতৃভাষাক অগ্ৰাধিকাৰ দিবই লাগিব। পৃথিৱীৰ সকলাে শিক্ষাবিদ, চিন্তাবিদ, পণ্ডিতে সভ্যতা-সংস্কৃতিক প্ৰকৃত বিকাশৰ বাবে শিক্ষাক প্ৰধান আহিলা কৰি ইয়াৰ মাধ্যম থলুৱা মাতৃভাষাৰ হৈহে মাত মাতিছে। বিদেশী ভাষা কোনাে কোনাে ক্ষেত্ৰত উচ্চতম দীক্ষাৰ মাধ্যম হলেও, সৰ্বজনৰ শিক্ষাক প্ৰদান কৰাত ইয়াৰ গুৰুত্ব নাই। 

শিক্ষাৰ ক্ষেত্ৰত অতি চিন্তাশীল ব্যক্তিসকলৰ অন্যতম মহামানৱ মহাত্মা গান্ধীয়েও মানুহৰ মানসিক বিকাশত মাতৃভাষাৰ আৱশ্যকতাত অতিশয় গুৰুত্ব প্ৰদান কৰি গৈছে। শিশুৰ শাৰীৰিক বিকাশৰ বাবে মাতৃদুগ্ধৰ গুৰুত্ব যিমান, মানুহৰ মানসিক উন্নতিত মাতৃভাষাও সিমানেই গুৰুত্বপূৰ্ণ। গান্ধীজীয়ে সেইবাবে শিক্ষাত বিদেশী ভাষা জাপি দিয়াৰ তীব্ৰ বিৰােধিতা কৰি গৈছে। বৰ্তমান যুগত সকলােৱেই একমুখে স্বীকাৰ কৰিছে যে মাতৃভাষাই প্ৰকৃততে শিক্ষাৰ সৰ্বোত্তম মাধ্যম।

স্বৰাজোত্তৰ জাতীয় শিক্ষা আন্দোলনঃ ভাৰতবৰ্ষই স্বৰাজ লাভ কৰাৰ লগে লগে দেশখনত জাতীয়ভাৱে বিকাশ লাভ কৰিবলৈ ধৰিলে। মানুহ যিমানেই শিক্ষিত হ’ব, দেশৰ মান সিমানেই ঊৰ্ধ্বমুখী হৈ পৰিব। সেইবাবে স্বৰাজকৰ্মীসকলে শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতজুৰি গাঁৱে-ভূঞে মাতৃভাষাক মাধ্যম কৰি বিদ্যালয় খুলি শিক্ষা ব্যৱস্থাৰ জনসাধাৰণৰ মাজত বিয়পাই দিলে। অৱশ্যে বহু কাৰণত এই জনশিক্ষাৰ ব্যৱস্থাত অনেক কেৰােণ ৰৈ গৈছে। এই বিদ্যালয়বােৰ মাতৃভাষাত প্ৰতিষ্ঠা হােৱাত ছাত্ৰ-ছাত্ৰী যথেষ্ট উপকৃত হৈছে। জাতীয়তাবাদী শিক্ষা ব্যৱস্থাইহে পৰাধীনতাৰ মলি গুচাই সমাজ শুদ্ধ কৰিব পাৰিব। 

ইংৰাজীৰ বাস্তৱ গুৰুত্বঃ ইংৰাজী বিশ্বৰ সৰ্বাধিক প্ৰচাৰিত শক্তিশালী ভাষা। ইয়াৰ  আন্তৰাষ্ট্ৰীয় মৰ্যদা আছে। পৃথিৱীৰ সকলাে দেশতে কম-বেছি চৰ্চা আছে। কিন্তু শিক্ষাৰ মাধ্যম নহয়। বিদেশী ভাষাৰ তালিকাত ইংৰাজীৰ গুৰুত্ব এক নম্বৰত পৰে। বিশ্বৰ সকলাে শ্ৰেষ্ঠ জ্ঞানবাহক চিন্তাৰ বাহন গ্ৰন্থ এই ভাষাতে প্ৰথম সংৰক্ষিত হয়। এই দিশৰ ফালৰ পৰা ভাৰতবৰ্ষত প্ৰচলিত এই ভাষাৰ গুৰুত্ব কমােৱা উচিত নহ'ব। কিন্তু ইংৰাজী সৰ্বস্ব মনােভাব ত্যাগ কৰিবই লাগিব। ইয়াক বিদেশী ভাষা, বিজ্ঞান প্ৰযুক্তি আৰু অন্যান্য জ্ঞানৰ বাহক হিচাপে ই সদায় গ্ৰহণযােগ্য। অৱশ্যে, বিদেশী ভাষাৰূপে পৃথিৱীৰ অন্যান্য শক্তিশালী ভাষাও শিক্ষাৰ তালিকাভুক্ত হ'ব লাগে। অৱশ্যে সকলাে বিদেশী ভাষাৰূপে এটা বিষয়তে সীমাবদ্ধ থাকিব লাগে। কোনাে বিদেশী ভাষাকে শিক্ষাৰ মাধ্যম কৰিব নালাগে। মাতৃভাষাই উত্তম। মাধ্যম।

সামৰণিঃ মাতৃভাষাৰ প্ৰতি অৱহেলা কৰিব নালাগে। জন্মদাত্ৰী মাতৃ, দেশ মাতৃৰ দৰেই মাতৃভাষাও পূজ্য।ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে সকলােৱে যত্ন কৰিব লাগিব। প্ৰয়ােজনীয় নথকা শব্দৰ আহৰণ, প্ৰকাশিকা শক্তিৰ শক্তিশালীকৰণ আৰু সকলােৰে সুবােধ্য ভাষাৰ প্ৰয়ােগত যত্নপৰ হ'ব লাগে। বিশুদ্ধ ভাষা জাতিৰ ডাঙৰ সম্পদ। ইয়াৰ যােগেদি শিল্প, সাহিত্য, কলাৰ বিকাশত অৰিহণা যােগাব পাৰি। বিদ্যালয় শিক্ষা-পদ্ধতিতে নিৰ্ভুলভাৱে ভাষাৰ পঠন-পাঠন, গৱেষণা আদি হ'ব লাগে। শৈশৱ, কৈশােৰ আৰু যৌৱন কালতে শক্তিশালী, নিৰ্ভুল ভাষাৰ ব্যৱহাৰৰ অনুশীলন কৰা নিতান্তই উচিত।