চাহ এবিধ উপাদেয় পানীয়। ৰুচি অনুযায়ী এইবিধ পানীয় জা-জলপানব লগত বা অৱসাদ দূৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় । আগেয়ে শীত প্ৰধান দেশত ইয়াব ব্যৱহাব অধিক আছিল যদিও আজিকালি পৃথিৱীৰ প্ৰায়বোৰ দেশতে চাহ পান কৰা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । কিছুমান ৰোগৰ প্ৰতিষেধক হিচাপেও চাহ পান কৰা হয় ৷ তাৰ উপৰিও চাহৰ পৰা 'কেফেইন' নামৰ এবিধ বস্তু উলিয়াই দৰব প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয় ৷
অসমৰ চাহ শিল্পৰ জন্মৰ লগত এটা ঐতিহাসিক ঘটনা জড়িত। ইয়াণ্ডাবু সন্ধিৰ পিছত বৃটিছসকল অসমলৈ আহে ৷ ১৮৩০-৩১ চনত কেইজনমান বৃটিছ অভিযানকাৰীয়ে অসমৰ পূৰ্বাঞ্চলত চাহ গছ থকাৰ সম্ভেদ পায় ৷ তাৰ আগলৈকে বিশ্বত চীনদেশেই একমাত্ৰ চাহ উৎপন্নকাৰী দেশ বুলি জনাজাত আছিল। বৃটিছসকলে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ যোগেদি সেই দেশৰ পৰা চাহ আমদানি কৰিছিল। নানান কাৰণত চীন দেশৰ লগত বৃটিছৰ বাণিজ্যিক সম্পৰ্কৰ অৱনতি ঘটাত বৃটিছসকলে অসমত চাহ খেতি কৰিবৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰি অৱশেষত সফল হয় আৰু লাহে লাহে এই শিল্পটোক ব্যৱসায়িক ভিত্তিত গঢ়ি তোলে । ১৮৩৮ চনত অসমত তৈয়াৰ কৰা চাহপাত লণ্ডনৰ বজাৰত বিক্ৰী কৰিবৰ বাবে পঠোৱা হয় আৰু তাৰ পিছৰ পৰাই এই ধাৰা অব্যাহত আছে। বৃটিছসকলক দেখি অসমৰ জনদিয়েক উদ্যোগী ব্যক্তিয়ে এই খেতি আৰম্ভ কৰি চাহ-বাগিচা পাতে। মণিৰাম দেৱান প্ৰথম অসমীয়া চাহ খেতিয়ক। চিনামৰা বাগিচাখন দেৱান ডাঙৰীয়াই পতা।
ভাৰতবৰ্ষৰ বৈদেশিক মুদ্ৰা অৰ্জনকাৰী ৰপ্তানি সামগ্ৰীসমূহৰ ভিতৰত চাহপাত অন্যতম ৷ সামগ্ৰিকভাৱে ভাৰতে বিশ্বৰ চাহ উৎপাদনত ২৩ শতাংশ অৰিহণা যোগায়। ভাৰতত উৎপন্ন হোৱা চাহৰ প্ৰায় ৫০% শতাংশতকৈ অধিক চাহ অসমত উৎপন্ন হয়। ভাৰতত ২০২০-২১ চনত প্ৰায় ১২৮৩০০০ টন চাহ উৎপাদন হৈছে। বৰ্তমান বিশ্বৰ সৰ্বাধিক চাহ উৎপাদনকাৰী দেশৰ তালিকাত ভাৰতৰ স্থান হৈছে দ্বিতীয় ৷ অসমত সৰু ডাঙৰ প্ৰায় ৮০০ খনতকৈ বেছি চাহ বাগিচা আছে। অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলা খন হৈছে ডিব্ৰুগড় (প্ৰায় ১৭৭ খন)।
চাহ-শিল্পক দুটা ভাগত ভগাব পাৰি ৷ এভাগত চাহ খেতি কৰা হয় আৰু আন ভাগক শিল্প বা উদ্যোগ হিছাপে ধৰা হয় য'ত যণ্ত্ৰ-পাতিৰ সহায়েৰে চাহ তৈয়াৰ কৰা হয়। বৃটিছসকল অহাৰ আগেয়ে উজনি অসমৰ কিছুমান ঠাইত মানহে ঘৰতে চাহ-গছ ৰুই, পাত তুলি শকুৱাই ভাজি চাহ তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল। চাহ খেতিৰ বাবে বৃহৎ পৰিমাণৰ মূলধনৰ আৱশ্যক হয়। ব্যৱসায়িক ভিত্তিত কৰিবলৈ কমেও এখন বাগিচাক ১০০ হেক্টৰমান মাটিৰ প্ৰয়োজন । বাগিচাত বনোৱাৰ সহায়েৰে শাৰী শাৰীকৈ চাহপুলি ৰোৱা হয় ৷ পুলিবোৰ ৪/৫ বছৰমানৰ পাছত পাত দিব পৰা হয়। এটা নিৰ্দিষ্ট উচ্চতাত পুলিবোৰক বছৰি কলম কৰি দিয়া হয় ৷ সেইবাবে চাহ-বাগিচাখন সেউজীয়া পাতেৰে ঢাক খাই থকা এখন বিশাল সেউজীয়া দলিচা যেন দেখি। চাহ খেতিৰ বাবে চাহগুটি আৰু, কলম দুয়োবিধ ব্যৱহাৰ কৰা হয় ।
উদ্ভিদ বিজ্ঞানৰ ভাষাত অসমৰ চাহপাতক কেমেলিয়া ছিনেন্ছিছ ভাৰ. আছামিকা (Camellia sinensis var. assamica) বোলে। চাহৰ গুণ আৰু গছ-পুলিৰ উন্নতিৰ বাবে যোৰহাটৰ টোকলাইত এটা চাহ- গবেষণা কেন্দ্ৰ আছে। টোকলাইৰ চাহ-বিষয়ক গৱেষণাসমূহ অতি উচ্চমানৰ আৰু পৃথিৱীৰ বিভিন্ন চাহ উৎপন্নকাৰী দেশে টোকলাইৰ পৰা চাহ শিল্পৰ বিষয়ে দিহা-পৰামৰ্শ লয়। এই গৱেষণাগাৰে চাহৰ উৎপাদন আৰু গুণমান বৃদ্ধি কৰাত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে। চাহৰ দাম গুণানুসাৰে নিৰ্ধাৰণ হয়।
অসমৰ সামগ্ৰিক জনগোষ্ঠী গঠিত হোৱা প্ৰণালীত চাহ শিল্পৰ বিশেষ ভূমিকা আছে। বৃটিছসকলে অসমত চাহ বাগিচা পাতোঁতে বনুৱাৰ অভাৱ দূৰ কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বনুৱা আমদানি কৰিছিল। ফলত বিহাৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাড়ু, মধ্যপ্ৰদেশ, উৰিষ্যা আদি ৰাজ্যৰ পৰা অসমলৈ চাহ-শ্ৰমিকৰ আগমন হয়। ইয়াৰ বাহিৰেও কল-কাৰখানা, অফিচ, বজাৰ আদি চলাবৰ বাবে বিভিন্ন কৰ্মীৰ আৱশ্যক হোৱাত বাহিৰৰ পৰা অসমলৈ বিভিন্ন ভাষা-গোষ্ঠীৰ লোক আহে । এই সকলো এতিয়া বৃহৎ অসমীয়া সমাজত জীৰ্ণ গৈছে। ঠিক সেইদৰে অসমীয়া সমাজত এওঁলোকৰ বিভিন্ন প্ৰান্তীয় সংস্কৃতিৰ প্ৰভাৱ পৰিল। এইদৰে চাহ শ্ৰমিকসকল অসমীয়া সমাজ আৰু সংস্কৃতিৰ এটা অবিচ্ছেদ্য অঙ্গ হৈ পৰিল ।
চাহৰ বজাৰখনৰ কেতবোৰ বিশেষত্ব আছে। সাধাৰণতে চাহপাত নিলাম কেন্দ্ৰ যোগে বিক্ৰী কৰা হয়। ভাৰতবৰ্ষত অসমৰ উপৰিও বহু ৰাজ্যত চাহ খেতি কৰা হয় । এই চাহবোৰ ভাবতৰ বিভিন্ন স্থানত থকা ৬টা নিলাম কেন্দ্ৰ যোগে বিক্ৰী কৰা হয়। অসমৰ চাহ আগতে কলিকতাৰ নিলাম কেন্দ্ৰত বিক্ৰী কৰা হৈছিল ফলত সমগ্ৰ চাহৰ ব্যৱসায়টো ক'বলৈ গ'লে কলিকতাৰ পৰাই নিয়ন্ত্ৰিত হৈ আছিল । ১৯৭০ চনৰ চেপ্তেম্বৰ মাহত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয় ৷ প্ৰথম অৱস্থাত অসমত উৎপন্ন হোৱা চাহৰ ক্ষুদ্ৰ ভাগ এটাহে গুৱাহাটী কেন্দ্ৰৰ যোগে বিক্ৰী কৰা হৈছিল। বৰ্তমান ইয়াৰ পৰিমাণ বহু গুণে বৃদ্ধি পাইছে আৰু চি. টি. চি. চাহৰ বাবে গুৱাহাটী পৃথিৱীৰ সৰ্ববৃহৎ চাহ- নিলাম কেন্দ্ৰত পৰিণত হৈছে। বাগিচাসমূহেও পোনে পোনে তেওঁলোকৰ উৎপন্ন চাহৰ একাংশ বিক্ৰী বা ৰপ্তানি কবিব পাবে। চাহ নিলাম কেন্দ্ৰটো স্থাপন হোৱাৰ ফলত অসমে বাট-পথৰ উন্নতি, পণ্যাগাৰ-ব্যৱসায়, বস্তু অনা-নিয়াৰ বাবে পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ, কৰ্মী নিয়োগ ইত্যাদি সুবিধা কিছুমান লাভ কৰিছে। চাহ নিলাম কেন্দ্ৰক ভিত্তি কৰি আমিনগাঁৱত এটা অন্তদেশীয় বন্দৰো গঢ়ি উঠিছে যিটোৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই উপকৃত হ'ব। চাহ শিল্পৰ ফলত অসমলৈ ৰেলপথ আহিল, ব্ৰহ্মপত্ৰইদি জাহাজ চলাচল আৰম্ভ হোৱাকে আদি কৰি ভালেমান সা-সুবিধাৰ সৃষ্টি হ'ল ৷ এই বৃহৎ শিল্পৰ পৰা যি পৰিমাণৰ আয় হয়, তাৰ এটা সামান্য ভাগো অসমত বিনিয়োগ নহ'ল ৷ কাৰণ, বাগিচাসমূহৰ মালিকীস্বত্ব প্ৰথমতে ইউৰোপীয়সকলৰ হাতত আছিল আৰু তেওঁলোকৰ ঠাই এতিয়া ভাৰতীয় পুজিপতিসকলে ল'লে। এই শিল্পৰ অতি ক্ষুদ্ৰ অংশ এটাহে থলুৱা অসমীয়াৰ হাতত থাকিল । অসমত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰাৰ পিছত অসম চৰকাৰে কেইখনমান বাগিচা নিজৰ অধীনলৈ নি অসম চাহ নিগম নামৰ এটা অনষ্ঠানৰ যোগেদি পৰিচালনা কৰে। কিন্তু নিগমে চলোৱা বাগিচাসমূহৰ পৰা নিগমৰ লাভ হোৱা নাই, অথচ চাহ-শিল্পত সামগ্ৰিকভাৱে বৰ্তমান লাভেই চলি আছে। দক্ষ পৰিচালনা, ব্যৱসায়িক বুদ্ধি, সৎ আৰু সুদক্ষ কৰ্মীৰ অবিহনে এনে ব্যবসায়ত লোকচান হোৱাই স্বাভাবিক।
ৰপ্তানি বজাৰত চাহৰ চাহিদা বৃদ্ধি পাইছে কিন্তু চাহৰ ঘৰুৱা চাহিদা আগতকৈ বহু বেছি গুণে বৃদ্ধি পোৱাত অধিক চাহ উৎপাদনৰ প্ৰয়োজনে দেখা দিছে। এই পৰিপ্ৰেক্ষিতত অধিক মাটিত চাহ খেতি কৰাৰ কথা কোৱা হয়। অসমত জনসংখ্যা বৃদ্ধি আৰু আন আন উদ্যোগৰ বাবেও মাটিৰ চাহিদা বৃদ্ধি পাইছে আৰু তাৰবাবে ভূমি সমস্যা জটিল হৈ পৰিছে । বনাঞ্চল ক্ৰমাগতভাৱে ধ্বংস হোৱাৰ ফলত অসমত বানপানী, ভূমিস্খলন আদিৰ দৰে যি সমস্যা হৈছে, তাৰ বাবে পৰোক্ষভাৱে চাহ-শিল্পও কিছু দায়ী। চাহপাত বিক্ৰীৰ বাবে বাকচ তৈয়াৰ কৰিবলৈ অসমত প্লাইউদ কাৰখানা গঢ়ি উঠিছিল। প্লাইউদৰ বাবে কাঠৰ প্ৰয়োজন । চাহ খেতি আৰু প্লাইউদ—এই দুয়োটা উদ্যোগৰ বাবে অসমৰ বনাঞ্চল বহু পৰিমাণে ধ্বংস কৰা হৈছে। এতিয়া অৱশ্যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ যথোপযুক্ত ব্যৱস্থা লোৱা হৈছে। চাহ-শিল্পক লগা মেছিনাৰী, সা-সঁজুলি, সাৰ, বনুৱাৰ ব্যৱহাৰৰ সামগ্ৰী, অফিচৰ আচবাবপত্ৰ ইত্যাদি প্ৰায়বোৰ বস্তুৱেই অসমৰ বাহিৰৰ পৰা যোগান ধৰা হয় ৷ ফলত চাহ-শিল্পৰ এটা বুজন আয়ৰ পৰিমাণ অসমৰ বাহিৰলৈ ওলাই যায়। এইবোৰ অসমতে উৎপাদন কৰি ল'ব পাৰিলে আমাৰ ৰাজ্যই আৰ্থিক ক্ষেত্ৰত ভালেখিনি সফল লাভ কৰিব বুলি আশা কৰিব পাবি ৷
চাহশিল্পৰ বিভিন্ন বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰে চাহ ব'ৰ্ডৰ যোগেদি চোৱা-চিতা কৰে। চাহ ব'ৰ্ডৰ কেন্দ্ৰীয় কাৰ্যালয় কলিকতাত অৱস্থিত। এই ব'ৰ্ডৰ প্ৰধানকৈ তিনিটা কাম প্ৰথম চাহ খেতি সম্পৰ্কীয় কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰা, দ্বিতীয়তে চাহ- শ্ৰমিকৰ কল্যাণমূলক বিষয়সমূহ চোৱা-চিতা কৰা আৰু তৃতীয়তে চাহৰ বজাৰ সম্পৰ্কীয় সকলো তথ্য-পাতি একত্ৰিত কৰা, ক্ৰেতা-বিক্ৰেতাৰ সমস্যাসমূহলৈ চকু দিয়া, ৰপ্তানিৰ পৰিমাণ ধাৰ্য কৰা, বিদেশত চাহ জনপ্ৰিয় কৰিবৰ বাবে প্ৰচাৰ অভিযান চলোৱা ইত্যাদি। এতেকে চাহ-শিল্প অসমত অৱস্থিত যদিও চাহ ব'ৰ্ডেহে সমগ্ৰ শিল্পটো কলিকতাৰ পৰা নিয়ন্ত্ৰণ কৰি আছে। যিহেতু ভাৰতৰ মুঠ উৎপাদনৰ আধাতকৈয়ো বেছি চাহ অসমে উৎপন্ন কবে সেয়ে চাহ ব'ৰ্ডৰ কাৰ্যালয় অসমত হোৱা বাঞ্ছনীয় ।
-- সমাপ্ত --
- বাতৰি কাকতৰ বিষয়ে ৰচনা | Newspaper essay in Assamese
- গ্ৰন্থমেলাৰ বিষয়ে ৰচনা | Book Fair Essay In Assamese
- পুথিভঁৰাল - অসমীয়া ৰচনা Library essay in Assamese Language
- তােমাৰ এখন প্রিয় গ্রন্থ - ৰচনা | Your/My Favourite Book Essay In Assamese
- মােৰ জীৱনৰ লক্ষ্য - অসমীয়া ৰচনা (My Aim In Life)
- তােমাৰ এজন প্ৰিয় সাহিত্যিক - অসমীয়া ৰচনা
- মাতৃভাষাত শিক্ষাৰ প্ৰয়োজনীয়তা
অসমৰ চাহ শিল্প ৰচনা, অসমৰ চাহ খেতিৰ বিষয়ে, চাহ খেতিৰ বিষয়ে ৰচনা, অসমৰ চাহ খেতিৰ বিষয়ে চমুকৈ লিখ, অসমৰ চাহ উদ্যোগ, অসমৰ চাহ উদ্যোগৰ বিকাশ, অসমৰ অৰ্থনীতিত চাহ উদ্যোগৰ ভূমিকা, অসমৰ চাহ উদ্যোগ গঢ় লৈ উঠাৰ কাৰণ কি,