কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ বিষয়ে ৰচনা

ইয়াত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ  বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ বিষয়ে অসমীয়া ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ

ভূমিকাঃ সক্ৰিয় ৰাজনীতি আৰু সৃষ্টিশীল সাহিত্য এই দুই দিশতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰা এগৰাকী উল্লেখযোগ্য ব্যক্তি হ'ল নবীনচন্দ্ৰ বৰদলৈ । তেওঁৰ কৰ্মব্যস্ত জীৱনৰ মাজতে সুৰুঙা উলিয়াই যি সাহিত্য সেৱা কৰিছিল সেয়ে অসমীয়া ভাষা-সাহিত্যৰ দেউলত আজিও উজ্জ্বল হৈ আছে। দেশ জননীৰ মুক্তিৰ চিন্তাই আছিল তেওঁৰ জীৱনৰ ব্ৰত আৰু তাক তেওঁ কোনো স্বাৰ্থৰ দ্বাৰা লিপ্ত নকৰাকৈ নিষ্ঠাৰে পালন কৰিছিল । 

জন্ম আৰু শিক্ষাঃ ১৮৭৫ চনৰ তিনি নৱেম্বৰ তাৰিখে নবীনচন্দ্ৰ বৰদলৈৰ উত্তৰ গুৱাহাটীত জন্ম হয়। তেওঁৰ পিতৃ আছিল প্ৰখ্যাত সাহিত্যিক মাধৱচন্দ্ৰ বৰদলৈ ৷ তেওঁৰ মাকৰ নাম আছিল সোমেশ্বৰী দেবী। ১৮৯২ চনত তেওঁ এন্ট্ৰেঞ্চ পাছ কৰি কলিকতালৈ গৈ এফ.এ. পঢ়িবলৈ লয়। তাৰ পাছত ওকালতি পাছ কৰি গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। তেওঁ কিছুদিন কলিকতা হাইকোৰ্টত ওকালতি কৰিছিল। 

কৰ্মজীৱনঃ স্বাধীনতা আন্দোলনত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ জঁপিয়াই পৰি তেওঁৰ কৰ্মময় জীৱন আৰম্ভ কৰে। ১৯১৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অমৃতসৰ অধিবেশনত যোগদান কৰি বিদেশী বস্তু বৰ্জন, বিদ্যালয় বৰ্জন আদি সক্ৰিয় কাৰ্যসূচীত যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাতে অসমত জাতীয় কংগ্ৰেছ ঠন ধৰি উঠে। এই ক্ষেত্ৰত তেওঁৰ লগতে দেশভক্ত তৰুণৰাম ফুকনৰ অৱদান আছিল অসামান্য। ১৯২১ চনত বিদেশী বস্তু দাহ কৰাৰ অপৰাধত তৰুণৰাম ফুকনৰ সতে তেওঁ কাৰাবৰণ কৰিব লগা হৈছিল । কংগ্ৰেছৰ পাণ্ডু অধিবেশনতো বৰদলৈ আৰু ফুকন আছিল যথাক্ৰমে অভ্যৰ্থনা সমিতিৰ সম্পাদক আৰু সভাপতি। ১৯৩২ চনত কংগ্ৰেছ কাৰ্যালয় চৌহদত জাতীয় পতাকা উত্তোলন কৰা অপৰাধত তেওঁক ইংৰাজ চৰকাৰে গ্ৰেপ্তাৰ কৰি তিনিমাহ সশ্ৰম কাৰাদণ্ড দিয়ে। তেওঁ ইণ্ডিয়ান লেজিছলেটিভ এচেম্বলীৰো সদস্য নিৰ্বাচিত হৈছিল । 

সাহিত্যসেৱী বৰদলৈঃ অসমীয়া সাহিত্যলৈ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈদেৱে এক অমূল্য সাহিত্য সম্ভাৰ দি গৈছে। তেওঁ আছিল একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, শিশু সাহিত্যিক আৰু সমালোচক। 'তীৰ্থযাত্ৰী' তেখেতৰ গীত আৰু কবিতাৰ সংকলন । ইয়াৰ গীতসমূহ আৰু কবিতাৰাজিৰ সৰহভাগেই কাৰাবাসত ৰচনা কৰা। নাট্যকাৰ হিচাপে তেওঁ বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিছে সংস্কাৰধৰ্মী নাট আৰু ধৰ্মমূলক নাটবোৰত । ‘গৃহলক্ষ্মী' সংস্কাৰমূলক নাটক। ‘কিনাৰামৰ ঢোল' এখন ব্যঙ্গ নাটক। ধৰ্মমূলক নাটক হিচাপে ‘কৃষ্ণলীলা' উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ শ্বেইক্সপীয়েৰৰ কেইবাখনো নাট অসমীয়ালৈ অনুবাদ কৰে। সেইবোৰ হ'ল তৰুণ কাঞ্চন, দন্দুৰী দমন, বিষাদৰ কাহিনী, ভ্ৰান্তি বিনোদ, আদি। ‘শেৱালি’ সামাজিক উপন্যাসিকা। এইখন বৰদলৈদেৱে ‘চেতনাত’ প্ৰকাশ কৰিছিল। শিশুৰ উপযোগীকৈ তেওঁ মূল উৰ্দুৰ পৰা অনুবাদ কৰি উলিয়ায় 'হাতেম তাই'ৰ কাহিনী। ঈচপৰ সাধুৰ কেইবাটাও সাধু তেওঁ অনুবাদ কৰে । 

সামাজিক জীৱনলৈ অৱদানঃ বৰদলৈদেৱৰ সময়ত অসমৰ সামাজিক জীৱন আছিল যথেষ্ট অনুন্নত । পৰাধীন জাতিৰ মাজত শিক্ষা-দীক্ষা নাইবা সাংস্কৃতিক জীৱনৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ পোৱা নাছিল। বৰদলৈয়ে অসমত উচ্চ শিক্ষাৰ কাৰণে কটন কলেজ স্থাপনত বিশেষ ভূমিকা গ্ৰহণ কৰে। গুৱাহাটীৰ আৰ্ল ল কলেজ, কামৰূপ একাডেমী, কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, উত্তৰ গুৱাহাটীত কমলদেৱ ইনষ্টিটিউট, আনন্দৰাম পুথিভঁৰাল আদি অনুষ্ঠান গঢ়ি তোলাত বৰদলৈয়ে আশাশুধীয়া চেষ্টা চলায় । তেওঁ গুৱাহাটী লোকেল বৰ্ডৰ সদস্য আৰু পিছলৈ চেয়াৰমেন পদত অধিষ্ঠিত হৈ নানা সামাজিক কামত নিজকে জড়িত কৰে ৷ 

শিক্ষা জগতলৈ তেওঁ অধ্যাপনাৰ যোগেদি অৱদান আগবঢ়াই গৈছে। কলিকতাত এডভোকেট হৈ থকা কালত তেওঁ ৰিপন আইন কলেজত অধ্যাপনা কৰিছিল৷ ইয়াৰ উপৰি গুৱাহাটী আৰ্ল ল কলেজ স্থাপন কৰি তাতো তেওঁ কিছুকাল অধ্যাপনা কৰে । 

সামৰণিঃ নবীনচন্দ্ৰ বৰদলৈয়ে অসমীয়া জাতিলৈ আগবঢ়োৱা অৱদানৰ তুলনা নাই। তেওঁ বহুধা বিভক্ত প্ৰতিভাৰ অধিকাৰী আছিল কিন্তু মূলতঃ আছিল বিপ্লৱী দেশপ্ৰেমিক। ইয়ে তেওঁক সাহিত্য, ৰাজনীতি, সমাজ জীৱন সকলোৰে লগত ওতপ্ৰোতভাৱে জড়িত কৰি পেলাইছিল। সেয়ে আমি তেওঁৰ প্ৰতিটো কামৰ মাজতে জাতীয় প্ৰেৰণা নিহিত হৈ থকা দেখিবলৈ পাওঁ। সেই সময়ৰ এই ধৰণৰ নিস্বাৰ্থ সেৱকসকলৰ প্ৰগাঢ় প্ৰচেষ্টাৰে আজিৰ এই বৃহৎ অসমীয়া জাতি সত্তা গঢ় লৈ উঠিছে।

-- সমাপ্ত --

কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ বিষয়ে অসমীয়া ৰচনাখন কেনে পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)


অন্যান্য ৰচনা:

People Also Search as: নবীনচন্দ্র বৰদলৈ চমু টোকা, নবীনচন্দ্র বৰদলৈ জীৱনী, নবীনচন্দ্র বৰদলৈৰ সামাজিক জীৱনলৈ অৱদান, নবীনচন্দ্র বৰদলৈৰ সাহিত্যলৈ অৱদান, নবীনচন্দ্র বৰদলৈৰ জন্ম আৰু শিক্ষা, নবীনচন্দ্র বৰদলৈৰ কৰ্মৰাজী।

Next Post Previous Post
No Comment
Add Comment
comment url