ইয়াত পানীৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকল এই পানী বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।
পানী
আৰম্ভণিঃ পানী জুলীয়া পদাৰ্থ। নদ-নদী, খাল-বিল, পৰ্বত-পাহাৰ, আকাশ- পাতাল, সাগৰ-মহাসাগৰ আদিত পানী আছে। আনকি গছ-লতা, জীৱ-জন্তু আদিৰ শৰীৰতো পানী আছে। পৃথিৱীৰ পানী-মাটি ভাগৰ প্ৰায় চাৰিভাগৰ তিনিভাগেই পানী।
পানীৰ অৱস্থাঃ পানী সাধাৰণতে তিনিটা অৱস্থাত পোৱা যায়। এই অৱস্থাকেইটা হ'ল - গোটা, জুলীয়া আৰু গেছীয়। পানী বেছিকৈ চেঁচা হ'লে গোট মাৰি শিলৰ নিচিনা টান হয়। ইয়াকে বৰফ বুলি কোৱা হয়। পানীৰ সাধাৰণ অৱস্থা জুলীয়া। পানী গৰম হ'লে ভাপ হয় ৷ এই ভাপেই পানীৰ গেছীয় অৱস্থা। পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ উৰি গৈ আকাশত মেঘৰ আকাৰ লয়। তাক ডাৱৰ বোলে। ডাৱৰ আকাশত যেতিয়া চেঁচা হয় তেতিয়া সি পানীৰ কণিকালৈ ৰূপান্তৰিত হৈ পৃথিৱীত পৰে। ইয়াক বৰষুণ বোলে। পানীৰ কণিকাবোৰে অতি চেঁচা পালে গোট মাৰি শিল বৰষুণ নাম পায় ৷
পানীৰ উপকাৰিতাঃ পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। পানী নহ'লে কোনো তৰু-তৃণ, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। পানী মানুহৰ দৈনন্দিন জীৱনৰ আটাইতকৈ অপৰিহাৰ্য বস্তু। প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিবলৈ যি তিনিটা প্ৰধান উপাদানৰ আৱশ্যক তাৰ এটা হ'ল পানী। পানী মানুহে খোৱাৰ উপৰিও ৰন্ধা-বঢ়া, কাপোৰ ধোৱা, গা-ধোৱা, বাচন-বৰ্তন ধোৱা আদি বিশেষ প্ৰয়োজনত ব্যৱহাৰ কৰে। মানুহে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ বেমাৰ-আজাৰৰ পৰা হাত সাৰিবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হ'ল পানী। বৰ্তমান আধুনিক যুগত মানুহে পানীৰ সহায়ত বিদ্যুৎ উৎপাদন কৰি কল- কাৰখানা চলোৱা, বিজুলী উৎপাদন, ৰে'লগাড়ী চলোৱা আদি বহুতো কামত ব্যৱহাৰ কৰি দেশক উন্নতিৰ পথত আগবঢ়াই নিয়াত মুখ্যভাৱে সহায় কৰিছে। জলসিঞ্চন ব্যৱস্থাৰে খেতিপথাৰত পানী যোগান ধৰি দেশৰ কৃষকসকলক কৃষিৰ উৎপাদন বৃদ্ধিত সহায় কৰিছে। ডাঙৰ ডাঙৰ পুখুৰী খান্দি পুখুৰীৰ পানীত মাছ পুহি মাছৰ উৎপাদন বৃদ্ধিৰ লগতে মানুহে আৰ্থিকভাৱে উন্নতি লাভ কৰিছে। ঘৰ-দুৱাৰ, আলি-পদূলি, দলং বা নানা তৰহৰ বস্তু সজা বা মেৰামতি কৰা কাৰ্যতো পানীৰ আৱশ্যক। মুঠতে পানী অবিহনে পৃথিৱীত কোনো প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে আৰু মানুহে পানী অবিহনে জীৱনত উন্নতি কৰিব নোৱাৰে। গতিকে আমাৰ জীৱন-ধাৰণৰ মূলবস্তু হৈছে পানী।
পানীৰ অপকাৰিতাঃ পানীৰ যিদৰে উপকাৰিতা অসীম ঠিক তেনেদৰে অপকাৰিতাও ভয় লগা। পানী দূষিত হ'লে পানীৰ পৰা কলেৰা, হাইজা আদি নানাধৰণৰ ভয়ানক বেমাৰ-আজাৰ হয়। পানীয়ে বেমাৰৰ বীজাণু বিয়পায় আৰু জীৱ-জগতত মৃত্যুৰ বিভীষিকাৰ সৃষ্টি কৰে। পৃথিৱীৰ ঠায়ে ঠায়ে বৰ্ষাকালত যেতিয়া বানপানী হয় তেতিয়া নদ-নদীৰ পানীয়ে মথাউৰি ভাঙি-ছিঙি খেতিপথাৰ নষ্ট কৰাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি - ছিঙি পেলায় আৰু ৰাস্তা-পথ ভাঙি-ছিঙি দেশৰ এখন ঠাইৰ লগত আন এখন ঠাইৰ যোগাযোগ বিচ্ছিন্ন কৰা আদি কাৰ্যৰে মানুহৰ অপকাৰ কৰে। সেয়ে আমি পানীৰ পৰা হ'ব পৰা অপকাৰৰ পৰা সাৱধান হোৱাৰ লগতে তাৰ প্ৰতিৰোধৰ ব্যৱস্থা লোৱা উচিত।
-- সমাপ্ত --