দেশভক্ত তৰুণ ৰাম ফুকন | Tarun Ram Phukan

দেশভক্ত তৰুণ ৰাম ফুকন

ইয়াত দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই দেশভক্ত তৰুণ ৰাম ফুকন দেৱৰ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।


দেশভক্ত তৰুণ ৰাম ফুকন

জন্মঃ ইংৰাজী ১৮৭৭ চনৰ ২২ জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত তৰুণৰাম ফুকনৰ জন্ম হয়। তেখেতৰ দেউতাকৰ নাম আছিল বলোৰাম ফুকন আৰু মাকৰ নাম আছিল ভাগিৰথী দেৱী। 

শিক্ষাঃ তৰুণৰাম ফুকনে প্ৰথমে ঘৰুৱা শিক্ষকৰ ওচৰত পঢ়া-শুনা আৰম্ভ কৰিছিল । পিছত কটন কলেজিয়েট স্কুলত নাম লগাই তাৰ পৰাই সুখ্যাতিৰে এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে । পাছত কলকাতাৰ প্ৰেছিডেন্সি কলেজত পঢ়ি থাকোঁতেই বিলাতলৈ যাবলৈ সুবিধা পায়। সেই সুবিধা গ্ৰহণ কৰি লণ্ডনলৈ গৈ বেৰিষ্টাৰী পঢ়ে। বেৰিষ্টাৰী পাছ কৰি নিজ দেশলৈ ঘূৰি আহে। সৰুৰে পৰাই ফুকন এজন সুবক্তা আছিল। তেখেতে সংস্কৃত, ইংৰাজী, অসমীয়া, বঙালী, উৰ্দু আদি ভাষা ভালদৰে জানিছিল। 

কৰ্ম জীৱনঃ বেৰিষ্টাৰী পাছ কৰি আহি তৰুণৰাম ফুকনে কলকাতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। পাছত গুৱাহাটীলৈ আহি ওকালতি কৰেহি। গুৱাহাটীত তেখেতে অতি কম সময়তে সুখ্যাতি অৰ্জন কৰে। ফুকন এজন অতি শুৱনি, উপস্থিত বুদ্ধিসম্পন্ন আৰু দুঃসাহসী ব্যক্তি আছিল। তেখেত এজন ভাল সাহিত্যিক আৰু চিকাৰীও আছিল। মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন কৰিবলৈ আৰম্ভ কৰা আন্দোলনত ফুকন অসমৰ নেতা আছিল ৷ 

প্ৰথমতে চৌখিন আদৱ-কায়দাৰে ডাঙৰ-দীঘল হোৱা ফুকনে পিছলৈ বিলাতী বস্তু বৰ্জন কৰে। স্বৰাজৰ বাবে তেখেতে কেইবাবাৰো ফাটেক খাটিছিল। ফুকনদেৱে স্তুতি মালা, যৌনতত্ব, মোৰ চিকাৰ কাহিনী আদি পুথি ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়ায়। অসম এসময়ত ফুকনৰ দেশ বুলি জনাজাত আছিল। তৰুণৰাম ফুকনৰ সবল নেতৃত্বই এই কথাৰ আচল কাৰণ আছিল। অসমৰ মানুহে তেখেতক ‘দেশভক্ত’ উপাধি দিছিল। সেয়েহে তৰুণৰাম ফুকনক দেশভক্ত তৰুণৰাম ফুকন নামে জনা যায়।

মৃত্যুঃ ইংৰাজী ১৯৩৯ চনৰ ২৮ জুলাই তাৰিখে সামান্য জ্বৰতে ফুকনদেৱৰ মৃত্যু হয়। তেখেতৰ মৃত্যুত অসমীয়া সমাজে এজন সু-পুৰুষ হেৰুৱালে।

-- সমাপ্ত --

দেশভক্ত তৰুণ ৰাম ফুকন দেৱৰ বিষয়ে ৰচনা খন কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব। (Class 5, class 6, class 7, class 8, class 9)

Next Post Previous Post
No Comment
Add Comment
comment url