লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষয়ে চমুকৈ ৰচনা | Lokpriya Gopinath Bordoloi

গোপীনাথ বৰদলৈ

ইয়াত স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে।  class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকল এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ

গোপীনাথ বৰদলৈৰ জন্মঃ ইং, ১৮৯০ চনৰ ৬ জুন তাৰিখে নগাঁৱৰ ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল বুধীন্দ্ৰ নাথ বৰদলৈ আৰু মাতৃৰ নাম আছিল প্ৰাণেশ্বৰী দেৱী। 

গোপীনাথ বৰদলৈৰ শিক্ষাঃ বৰদলৈদেৱে ইং ১৯০৭ চনত কটন কলেজিয়েট স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। তাৰ পাছত ১৯০৯ চনত কটন মহাবিদ্যালয়ৰ পৰা আই এ পাছ কৰে। পিছত কলকাতাত এম এ আৰু আইন পঢ়ে। এম এ পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি অসমলৈ ঘূৰি আহে ৷ 

গোপীনাথ বৰদলৈৰ কৰ্মজীৱনঃ অসমলৈ ঘূৰি আহি বৰদলৈদেৱে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত হেডমাষ্টৰ হয় আৰু ১৯১৭ চনৰ পৰা ওকালতি আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন যুঁজাৰু হিচাপে বৰদলৈ ডাঙৰীয়াৰ ত্যাগ অসীম। স্বাধীনতা আন্দোলনত লাগি থকা কাৰণে তেখেতে কাৰাবাস খাটিবলগীয়াও হয়। ১৯৩২ চনত তেখেত গুৱাহাটী পৌৰসভাৰ সভাপতি হয়। ১৯৩৮ চনৰ ২০ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হয়। গোপীনাথ বৰদলৈ অকল স্বাধীনতা যুঁজাৰু বা ৰাজনীতিবিদেই নাছিল, তেখেত আছিল সমাজ সংস্কাৰক, সমাজ সংগঠক, অভিনেতা, চিত্ৰশিল্পী, চিকাৰী, শিক্ষাবিদ আৰু বহুগুণৰ অধিকাৰী। তেখেত সকলো লোকৰে প্ৰিয় আছিল কাৰণেই ‘লোকপ্ৰিয়’ উপাধিৰে ভূষিত হয়। 

মৃত্যুঃ ১৯৫০ চনৰ ৫ আগষ্ট তাৰিখে ৰাতি ১১ মান বজাত বৰদলৈদেৱৰ প্ৰচণ্ড বুকুৰ বিষ আৰম্ভ হয় আৰু শেষ নিশ্বাস ত্যাগ কৰে। গোপীনাথ বৰদলৈ এনেকৈয়ে আমাৰ মাজৰ পৰা আঁতৰি গ'ল।

-- সমাপ্ত --


লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষয়ে ৰচনা খন কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।

Next Post Previous Post
No Comment
Add Comment
comment url