অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ - অসমীয়া ৰচনা

ইয়াত অসমৰ বানপানী সমস্যা - ইয়াৰ কাৰণ আৰু প্ৰতিকাৰৰ উপায় বিষয়ে তিনিখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকলে এই অসমৰ প্ৰধান সমস্যা বানপানীৰ বিষয়ে ৰচনা কেইখনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।


অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ 

ভূমিকাঃ প্ৰকৃতিৰ জীয়ৰী অসম প্ৰতি বছৰে প্ৰকৃতিমাতৃৰ ৰোষৰ কবলত পৰে। অসমৰ মাজেৰে বৈ যোৱা নদ-নদী, জান-জুৰি বাৰিষা কালত ফেনেফোটোকাৰে ভৰি পৰে। বানপানীয়ে অসমৰ গাঁও, চহৰ, নগৰ সকলোকে তল পেলায়। অসমীয়া মানুহৰ আলৈ-আহুকালৰ সীমা নাইকিয়া হয়। অসমৰ বানপানী প্ৰাকৃতিক দুৰ্যোগৰ লগতে এক মানৱীয় দুৰ্যোগো। এই দুৰ্যোগেই অসমৰ প্ৰগতিৰ অন্তৰায় স্বৰূপ হৈ পৰিছে । 

অসমৰ বানপানীৰ কাৰণঃ অসমৰ মাজেৰে বিশাল ব্ৰহ্মপুত্ৰ বৈ গৈছে। যুগ যুগ ধৰি এই নদী বৈ গৈছে পাহাৰ, পৰ্বতৰাশিৰ মাজেৰে। পৰ্বতৰ গৰা ভাঙি নদীত পৰে আৰু এনেদৰেই যুগ যুগ তাৰ গতিত মাটি শিল সঞ্চিত হৈ ই বাম হৈ পৰিছে। গতিকে পাহাৰত বৰষুণ হ'লেই সেই বৰষুণ নামি আহি নৈত পৰে। নৈ ফেনে ফোটোকাৰে ভৰি পৰে আৰু ই বিশাল ভয়াবহ ৰূপ ধাৰণ কৰি গাঁও-নগৰ সকলো তহিলং কৰি পেলায় । 

    ব্ৰহ্মপুত্ৰৰ লগতে আন আন ডাঙৰ নদীবোৰো পানীৰে উপচি পৰে আৰু সেইবোৰো আহি বিশাল ব্ৰহ্মপুত্ৰত পৰেহি। ইয়াৰ ফলত ই আৰু বেছি সজীৱ হৈ পৰে আৰু পাৰৰ মথাউৰি ভাঙি পথাৰ-সমাৰ একাকাৰ কৰি পেলায় । 

    অসমৰ গাঁও-ভূইৰ মাজেৰে অজস্ৰ নদ-নদী বৈ গৈছে। বাৰিষাকালত সেইবোৰো ভৰি পৰে আৰু তাৰ প্ৰবল সোঁতে পাৰৰ মাথাউৰিবোৰ ভাঙি পেলায় । 

    চৰকাৰী হেমাহিৰ ফলত বানপানী প্ৰতিৰোধৰ ব্যৱস্থাবোৰ অতি দুৰ্বল হৈ পৰা দেখা যায়। মথাউৰিবোৰ নিৰ্মাণ কৰোতে যিমান যত্ন ল'ব লাগে সিমান যত্ন লোৱা নহয়, ইয়াৰ ফলত সহজে মথাউৰিবোৰ ভাঙি গৈ বানপানীৰ সৃষ্টি কৰে । 

    ডাঙৰ ডাঙৰ নগৰবোৰত নলী-নদৰ ব্যৱস্থাবোৰ অবৈজ্ঞানিক হোৱা কাৰণে সাধাৰণ বৰষুণতে ৰাস্তা পথত বানপানীৰ সৃষ্টি হয়। পৰিকল্পনাহীনভাৱে ঘৰ-দুৱাৰবোৰ নিৰ্মাণ কৰি পানী ওলোৱাৰ পথ বন্ধ কৰি থোৱাৰ ফলতো বানপানীৰ সৃষ্টি হয় । 

    গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলত জলবায়ুৰ ভাৰসাম্য হেৰাই গৈছে। তদুপৰি গছ-গছনি নোহোৱাত ঘূৰ্ণি বতাহৰ বেগ বৃদ্ধি হৈ অসমৰ বুকুতো ই তাণ্ডৱ লীলা কৰে ৷ ইয়ে প্ৰৱল বৰষুণ আনি বানপানীৰ সৃষ্টি কৰে । 

বানপানীৰ প্ৰতিক্ৰিয়াঃ বানপানীৰ প্ৰতিক্ৰিয়া অতি ভয়াবহ। ই মানুহ, জীৱ- জন্তু সকলোলৈকে অথন্তৰ কঢ়িয়াই আনে। পথাৰ জলমগ্ন হৈ পৰাৰ বাবে খেতিয়কে খেতি কৰিব নোৱাৰে। কেতিয়াবা আকৌ খেতি কৰিলেও তাক বানপানীয়ে মাৰি পেলায় । পানীৰ তলত কঠীয়াবোৰ থকাৰ ফলত সি পচি যায়। কেতিয়াবা এটি বাৰিষাত তিনি- চাৰিবাৰ বানপানী হোৱাও দেখা যায়। ই খেতিৰ পথাৰ সমূলঞ্চে নাশ কৰে ৷ নদীৰ খহনীয়াই শস্য শ্যামলা পথাৰবোৰক খহাই লৈ যায়। ঘৰ-দুৱাৰবোৰ ভাঙি পেলায়। শ শ লোক গৃহহীন হৈ পৰে । খেতি নষ্ট হোৱাৰ ফলত দুৰ্ভিক্ষৰ ছাঁ ঘনীভূত হৈ পৰে । ৰাস্তা- ঘাট ছিঙি যোৱাৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। বস্তু-বাহানি ৰাজ্যত সোমাব নোৱাৰা হৈ পৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি আৰু মূল্য বৃদ্ধিয়ে জনগণক অতিষ্ঠ কৰি তোলে। বানপানীপীড়িত মানুহক সাহায্য দিবৰ বাবে চৰকাৰী ভঁৰালৰ ধন খৰচ কৰিব লগা হয় আৰু এই খৰচ কৰাৰ অজুহাততে দুৰ্নীতিগ্ৰস্ত বিষয়াই সেইবোৰ আত্মসাৎ কৰে আৰু ইয়াৰ ফলত দেশৰ অৰ্থনীতি দুৰ্বল হৈ পৰে। বানপানীৰ সঙ্গী হ'ল মহামাৰী। বানপানী শুকোৱাৰ পাছত মৰা জীৱ-জন্তু আদি পচি গৈ পৰিবেশ প্ৰদূষিত কৰি তোলাৰ লগতে বিভিন্ন বীজাণু সক্ৰিয় হৈ উঠে। এই বীজাণুবোৰ চৌদিশে সিচৰতি হৈ পৰে আৰু মানুহ আৰু জীৱ- জন্তুৰ প্ৰাণ হানি কৰে। বানপানীয়ে খোৱাপানীৰো নাটনিৰ সৃষ্টি কৰে। কুঁৱা, পুখুৰীবোৰ বানপানীৰে ভৰি পৰাৰ ফলত সেইবোৰ ব্যৱহাৰৰ অযোগ্য হয়, সেই পানী ব্যৱহাৰ কৰা কাৰণে নানা ধৰণৰ বেমাৰ-আজাৰে আগুৰি ধৰে । 

বানপানীৰ নিয়ন্ত্ৰণঃ অসমৰ বানপানী নিয়ন্ত্ৰণেই প্ৰধান সমস্যা। এই সমস্যা দূৰ কৰিব পাৰিলে অসম প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। অসমৰ কৃষিয়েই হ'ল প্ৰধান উপজীৱ্য। কৃষিৰ ক্ষেত্ৰত দেখা দিয়া বিপৰ্যয়ে জনগণৰ জীৱনৰো বিপৰ্যয় মাতি আনে। 

অসমৰ বানপানী নিয়ন্ত্ৰণৰ কাৰণে নদীবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। কেন্দ্ৰীয় জলসিঞ্চন আৰু জলবিদ্যুৎ মন্ত্ৰী দপ্তৰে ভাৰতৰ নৈবোৰৰ নিয়ন্ত্ৰণৰ ওপৰত জোৰ দিছে। অসমৰ নদীবোৰ নিয়ন্ত্ৰণ কৰি তাত জলবিদ্যুৎ উৎপন্ন কৰি এফালে বানপানী প্ৰতিৰোধ আৰু আনফালে শিল্প উদ্যোগৰ দিশলৈ কেন্দ্ৰীয় চৰকাৰে চকু দিয়াৰ প্ৰয়োজন । তেতিয়াহে অসমৰ বানপানী নিয়ন্ত্ৰিত হ'ব। 

বিশাল ব্ৰহ্মপুত্ৰ নদীৰ বুকু খন্দাৰ ব্যৱস্থা কৰিব লাগিব। নদীৰ বুকু খান্দি দ কৰিব নোৱাৰিলে ই সদায় বানপানীৰে জনসাধাৰণক হাৰাশাস্তি কৰি। বেছি পানী বহনক্ষম কৰি তোলাৰ বাবে ইয়াক উপযোগী কৰি তুলিবলৈ চৰকাৰ সচেষ্ট হ'ব লাগিব। অসমৰ ব্ৰহ্মপুত্ৰ আৰু আন আন ডাঙৰ নৈবোৰ বৈজ্ঞানিক উপায়েৰে নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ আগবাঢ়ি আহিব লাগিব । 

অসমৰ ডাঙৰ ডাঙৰ নদীত মথাউৰিবোৰ নিৰ্মাণ কৰোঁতে বিশেষভাৱে তদাৰক কৰাৰ দৰকাৰ। মথাউৰি বন্ধাৰ নামত লাখ লাখ টকা আত্মসাৎ কৰি এটা শ্ৰেণী ধনী হৈ সৰ্বসাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি কৰিবলৈ দিব নোৱাৰি। এই দিশত চৰকাৰী সজাগতাৰ লগতে ৰাইজৰ সজাগতাৰ বিশেষ প্ৰয়োজন।

গড়কাপ্তানি বিভাগৰ বৃহৎ পথবোৰেও একপ্ৰকাৰ মথাউৰিৰ কাম কৰে । এই পথবোৰ নিৰ্মাণ কৰোঁতেও সেইবোৰ যাতে সুদৃঢ় হয় তাৰ প্ৰতি চকু দিব লাগে ৷ বানপানী হ'লে ৰাস্তাঘাটবোৰ ভাঙি গৈ ওচৰৰ গাঁওবোৰ বুৰাই পেলায়। ৰাস্তাঘাট ভাঙিলেই লগে লগে তাক বান্ধিলে বানপানী ৰোধ কৰাত ই সহায়ক হয়। বানপানী নিয়ন্ত্ৰণ কৰাত কেন্দ্ৰীয় সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা ধন ঠিকমতে ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে বানপানীয়ে ভৱিষ্যতে তাণ্ডৱ সৃষ্টি কৰিব নোৱাৰিব। 

সামৰণিঃ অসমৰ বানপানী এক উৎসৱত পৰিণত হৈছে। ইয়াৰ যোগেদি এক শ্ৰেণীৰ মানুহ ত্ৰাণকৰ্তাৰ ভূমিকা লৈ নিজক লাভবান কৰে। এনে প্ৰবৃত্তিয়ে অসমৰ বানপানীৰ প্ৰধান অন্তৰায় হৈ পৰিছে। চৰকাৰী দায়িত্বত থকা লোকসকলে জনসাধাৰণৰ দুখ-যন্ত্ৰণাৰ কথা বুজিবলৈ চেষ্টা নকৰিলে বানপানীৰ তাণ্ডৱ সদায় চলি থাকিব। আজিৰ বৈজ্ঞানিক যুগত বানপানীক ভগৱানৰ অভিশাপ বুলি ভবাৰ দিন নাই। ই সম্পূৰ্ণভাৱে মানুহৰ নিয়ন্ত্ৰণ ক্ষমতাৰ ভিতৰত। এই ক্ষমতা মানুহে প্ৰয়োগ কৰি তাক প্ৰতিৰোধ কৰিবই লাগিব।


অসমৰ বানপানী সমস্যা আৰু সমাধানৰ উপায় 

আৰম্ভণিঃ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক বানপানী হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতম। দেশৰ ভিতৰতে বেছি বৰষুণৰ অঞ্চল হোৱাৰ বাবে ৰাজ্যখন সৰু-বৰ নদ-নদীয়ে পৰিপূৰ্ণ হৈ থাকে । প্ৰায়বোৰ নৈয়ে পৰ্বত-পাহাৰৰ পৰা খৰসোঁতেৰে প্ৰায় একে সময়তে একে বৰ্ষা ঋতুতে ওফন্দি অহাৰ বাবে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত হৈ পৰে। অসম উপত্যকাৰ মাজেদিয়েই নগাভূমি, মেঘালয়, অৰুণাচল আৰু ভূটানৰ নদীসমূহ বৈ আহিছে বাবেই বৰষুণ দিলে ফেনে-ফোটোকাৰে ওফন্দি আহে। আটাইবোৰ নদী একে সময়তে বাঢ়িলে মূল নদী ব্ৰহ্মপুত্ৰই পানী টানিব নোৱৰা হয়। ফলত পানীয়ে বুৰাই পেলায় শস্য-শ্যামলা অসম দেশখন । ইয়াৰ ফলত প্ৰলয় সৃষ্টি হয়। এই সমস্যাটোৱে ধন-জন বছৰে বছৰে ক্ষতি কৰি আহিছে। গতিকে, ই এটা সৰ্ববৃহৎ সমস্যাত পৰিণত হৈছে। ইয়াৰ সমাধানৰ বাবে আজি গভীৰ চিন্তা-ভাবনা তথা গৱেষণাৰ প্ৰয়োজন হৈছে । 

সমস্যাৰ স্বৰূপঃ অসমখন নদীমাতৃক হোৱাৰ বাবেই বানপানী সমস্যাৰ উৎপত্তি। ধাৰাসাৰ বৰষুণ হ'লেই এফালে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আনফালে বৰাক উপত্যকা পানীৰে উপচি পৰে। বৰ্ষা কালটো এই প্ৰদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় ৷ কাৰণ এইছোৱা সময়তে ধানখেতি কৰা হয় আৰু বছৰৰ খাদ্য আহৰণ কৰা হয়। খেতিৰ বাবে পানীৰ অতি আৱশ্যক। বানপানী হ'লে খেতি পথাৰত উপকাৰতকৈ অপকাৰ বেছি হয়। ধ্বংসাত্মক ৰূপ নল'লে বানপানী কৃষকৰ বাবে আশীৰ্বাদ স্বৰূপ হয়। ধ্বংসাত্মক ৰূপ ল'লে ই হয় কৃষকৰ চকুলোৰ কাৰণ ৷ বানপানীয়ে প্ৰচণ্ডৰূপে খেতি পথাৰ বুৰাই পেলায়। বহু অঞ্চলত গাঁও-ভূই উছন কৰে। গাঁৱৰ য'তে ত'তে এককালীয়া পানীৰ পৰা ঘৰৰ পানী পাছলৈকে পানী হোৱাত মানুহৰ বয়বস্তু, ধান-মাহৰ ভঁৰাল নিঃশেষ কৰি দিয়ে; থাকিবলৈ ঠাইৰ অভাৱ হয়। গৰু-ম'হ, হাঁহ-পাৰ ৰখাৰ বাবেও ঠাই নোহোৱা হয়। ওখ ঠাই বিচাৰি প্ৰাণ ৰক্ষা কৰিবলৈ পানীৰ মাজেদি সাঁতুৰি-নাদুৰি যাব লগা হয়। পানীৰ কোবাল সোঁতত মানুহ, গৰু-গাই আদি উটি যায়। বিশেষকৈ খেতি পথাৰত লহপহকৈ বাঢ়ি অহা শ‍ইচবোৰ কেবাদিনো পানীৰ তলত থকাৰ বাবে গেলি-পচি যায়। পাছত ৰুবলৈ কঠীয়া নাইকিয়া হয়। এইদৰে ধন-জন, গৰু-গাই আদি ধ্বংস কৰাৰ লগতে প্ৰতিবছৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত ডাঙৰ আঘাত হানে। তদুপৰি বানপানীত বহুলোকৰ ঘৰ-বাৰীও ধ্বংস হয়। পানী শুকাই যোৱাৰ লগে লগে নদীৰ পাৰ বখলা-বখলে খহাত খেতি-পথাৰ, ঘৰ-দুৱাৰ, তামোলনি-বাঁহনী বাৰী নদীত জাহ যায়। একো একোখন গাঁও একেবাৰে নদীৰ বুকুত নিছিন্ন হৈ যায়। এনেকুৱা ধ্বংসাত্মক ৰূপত মথাউৰি ছিগি যায়, আলি-পদূলি ভাগি যায় । বানপানীয়ে প্ৰাকৃতিক সম্পদৰো বিনাশ ঘটায় । উদাহৰণ স্বৰূপে কাজিৰঙা অভয়াৰণ্যৰ দৰে নৈ-পৰীয়া হাবি-জংঘল ক্ষতি হোৱাত বন্যপ্ৰাণীবোৰৰ দুৰ্গতিৰ সীমা নাইকিয়া হয় । শশ জন্তু মৃত্যু মুখত পৰে, খাদ্যৰ অভাৱত বন্য হৈ উঠি কাষৰ মানুহৰ সৈতে সংঘাতত লিপ্ত হয়। এনেবোৰ কাৰণতে অসমৰ বাবে বানপানী আৰু গৰাখহনীয়া দুখৰ কাৰণ হৈ পৰিছে। 

বানপানীৰ কাৰণঃ নৈবোৰৰ বাঢ়নি পানীয়েই বানপানীৰ প্ৰধান কাৰণ ৷ অসমৰ নৈবোৰ পাহাৰী আৰু খৰস্ৰোতা। তদুপৰি অসমখন মৌচুমী প্ৰধান অঞ্চল হোৱাত বৰষুণৰ পৰিমাণ বেছি। বৰ্ষাকালত পাহাৰত যথেষ্ট বৰষুণ হোৱাত আৰু নদীবোৰ পথাৰৰ মাজেদি বৈ যোৱাত সহজে পানীৰে পথাৰ-ঘৰ ওপচি পৰে। উৎস স্থানবোৰৰ নামনিত গছ-গছনি কাটি পেলোৱাত পানী ধৰি ৰাখি নদীৰ সোঁত নিয়ন্ত্ৰিত কৰিব নোৱৰা প্ৰাকৃতিক আন এটা কাৰণতো কম সময়তে দ্ৰুত গতিৰে নামি অহা পানী অন্যতম কাৰণ ৷ তদুপৰি, জনসংখ্যাৰ বিস্ফোৰণৰ বাবে মানুহক অধিক মাটি, বাসস্থান আদি দৰকাৰ হোৱাত হাবি ভাঙি, খাল-বিল পুতি পানী জমা ৰখাৰ ভঁৰাল নাইকিয়া কৰি পেলাইছে। তদুপৰি পাহাৰৰ মাটি কাটি দ-ঠাই পুতি ঘৰ-দুৱাৰ, কাৰখানা আদি সৃষ্টি কৰা, মানুহে সৃষ্টি কৰা আৱৰ্জনাবোৰ য'তে ত'তে পেলোৱাও বানপানীৰ কাৰণবোৰৰ উল্লেখযোগ্য দিশ। সবাতোকৈ বৃহৎ কাৰণ হ'ল—নদীৰ বুকু বাম হৈ অহা। চিন্তাবিদসকলৰ মতে ব্ৰহ্মপুত্ৰ নদীৰ পানী বহন ক্ষমতা ক্ৰমশঃ কমি অহাৰ কাৰণ বাম হৈ পৰা নদীৰ গৰ্ভ। উল্লেখযোগ্য যে ১৯৫০ চনৰ ভূমিকম্প পৃথিৱীৰ পাঁচোটা ভূমিকম্পৰ এটা। এই ভূমিকম্পত অৰুণাচলৰ বিস্তৃত পাহাৰ খহি নদীৰ বুকু বাম কৰি পেলালে। তদুপৰি পাৰবোৰ জহি-খহিও এই সমস্যাত ইন্ধন যোগালে। জনা যায় যে ইয়াৰ আগতে অসমত বানপানী হৈ থাকিলেও ইমান ক্ষতিকৰ হোৱা নাছিল। তদুপৰি স্বৰাজোত্তৰ অসমত অপৰিকল্পিত মথাউৰি আৰু ইয়াৰ পৰা সৃষ্টি হোৱা দুৰ্নীতি, পালমৰা কামেৰে ধন ঘটাৰ উপায় কৰি ৰখাও অন্যতম কাৰণ এটা। গতিকে সংক্ষিপ্তকৈ ক'ব পাৰি যে কিছুমান প্ৰাকৃতিক কাৰণৰ লগতে মানুহৰ কাণ্ড কাৰখানাত বানপানীৰ তীব্ৰতা সৃষ্টিৰ বাবে জগৰীয়া 

সমস্যা সমাধানঃ বানপানীৰ সমস্যা সমাধানৰ বাবে ৰাইজ, চৰকাৰ সকলোৱেই সমানভাৱে আগবাঢ়ি আহিব লাগিব। বানপানী নিয়ন্ত্ৰণ কৰিবলৈ উচ্চ-পৰ্যায়ৰ গৱেষণা আৰু প্ৰযুক্তিৰ প্ৰয়োজন। বৰ্তমান যিবোৰ মথাউৰি নিৰ্মিত হৈছে, সেইবোৰ ক'ত সফল হৈছে আৰু ক'ত বিফল হৈছে তাৰ খতিয়ান লৈ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নদীৰ নিয়ন্ত্ৰণত মথাউৰিৰ ভূমিকা কেনেকুৱা হোৱা উচিত নিৰ্ধাৰণ কৰিব লাগে। চীন দেশৰ চকুলো' স্বৰূপ হোৱাহোং নদী নিয়ন্ত্ৰণ কৰি পৃথিৱীক চমকিত কৰি তুলিছে। এইবোৰ নদী অধ্যয়ন কৰিবলৈ যোৱা আৱশ্যক।নদীত বান্ধ দি কেনেকৈ ৰাইজৰ ক্ষতি নকৰাকৈ বানপানীৰ নিয়ন্ত্ৰণ আৰু তাৰ পৰা শক্তি আহৰণকে ধৰি কল্যাণমুখী আঁচনি তৈয়াৰ কৰিব লাগে। ভাৰতবৰ্ষৰ দামোদৰ ভেলী প্ৰজেক্ট, ভাক্ৰা নাঙল প্ৰজেক্ট আদিবোৰেও প্ৰাথমিক জ্ঞান দি নদী নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। 

অসমৰ নদ-নদী কিছু ভিন্ন প্ৰকৃতিৰ হ'লেও নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বিশেষ কাৰণ নাই। বিভিন্ন কাৰণত নদীৰ বুকু বাম হোৱাটো স্বীকাৰ কৰি ল'লেই নহ'ব। হাজাৰ হাজাৰ কোটি টকা খৰছ কৰি নদীৰ বুকু খান্দি দ কৰিব লাগে। নৈতিকভাৱে মানুহ উন্নত হ'লেহে সকলো কাম মানৱ কল্যাণমুখী হয় । 

সামৰণিঃ বানপানী সমস্যা সমাধান কৰাত ৰাজ্য চৰকাৰৰ দৰে কেন্দ্ৰীয় চৰকাৰৰো ভূমিকা থাকিব লাগিব। অনতিপলমে এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি গ্ৰহণ কৰিব লাগে ৷ খহনীয়া প্ৰতিৰোধ কৰিব লাগিব। বানপানীত ঘৰ-বাৰী হেৰুৱাসকলক ৰাজ্যৰ ক'ৰবাত ঘৰ-মাটি দি ক্ষতি পূৰণ শক্তিশালী কৰিব লাগে। দুৰ্যোগত দুই-চাৰি সাজ ভাত-পানী আৰু শিবিৰ পাতি দিলেই নহ'ব। সকলো প্ৰকাৰৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। জলাশয় বৃদ্ধি, জলাধাৰ নিৰ্মাণ কৰিও কিছু পানীৰ নিয়ন্ত্ৰণ কৰিব পাৰি। মৎস্যপালনো সম্ভৱ। 

বানপানীৰ সৈতে জনসাধাৰণেও সহ অৱস্থান কৰিবলৈ শিকিব লাগিব। দ-ঠাইত ঘৰ-দুৱাৰ নাসাজি বাম ঠাইত প্ৰয়োজন হ'লে দহ-বাৰ ফুট ওখ ভেটি কৰি নাইবা চাংঘৰ সাজি দুৰ্যোগৰ দিনকেইটা ৰক্ষা পাবলৈ চেষ্টা মানুহেই কৰিব লাগিব। চৰকাৰেও এনে ব্যৱস্থাত সহযোগ কৰিব লাগে। আনহাতে কাজিৰঙাৰ দৰে জীৱ-জন্তু পৰিপূৰ্ণ হাবি জংঘলৰ মাজে মাজে যথেষ্ট ওখ কৃত্ৰিম পাহাৰ বা টিলা নিৰ্মাণ কৰিবলৈ বনবিভাগে হাতত ল'ব পাৰে। ইত্যাদি অনেক প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰিলে মানুহ, জীৱ-জন্তুৰ লগতে মজুত শস্যাদি ৰক্ষা পৰিব। তেতিয়া হয়তো আকৌ শস্য-শ্যামলা অসমৰ সপোন দেখিব পৰা যায় ৷


অসমৰ বানপানী আৰু তাৰ প্ৰতিকাৰ 

পানীয়েই প্ৰাণ আৰু প্ৰাণৰূপী পানীৰ প্ৰাকৃতিক আধাৰ হ'ল নদীসমূহ। আগৰ কালত মানুহে গা-মূৰ তিওৱাৰপৰা আৰম্ভ কৰি খোৱা-পিয়া পৰ্যন্ত নদীৰ পানীকে ব্যৱহাৰ কৰিছিল । নদীৰ পানীয়ে দেশৰ শস্য-মৎস্যৰ উৎপাদন বঢ়াইছিল। নাৱেৰে নদীয়েদি মানুহে যাতায়াত, বেহা-বেপাৰ আদি কৰিছিল আৰু আজিও এনেবোৰ কাৰ্যত মানুহে নদীৰ সুবিধা গ্ৰহণ কৰিয়ে আছে। নদীবোৰ আমাৰ প্ৰাকৃতিক সম্পদ। পিছে সময়ে সময়ে আকৌ নদীবোৰে ভয়ংকৰ মূৰ্তি ধাৰণ কৰি প্ৰৱল বানপানীৰে দেশ প্লাৱিত কৰি মহা পয়মাল ঘটোৱাও দেখা যায়। 

অসম নদীমাতৃক দেশ। মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি নানান নদ-নদীৰে অসম দেশ উপচি আছে। বাৰিষা-খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিষা পানী উপচি প্ৰায়ে পাৰ বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। সৰু-সুৰা বানপানীৰপৰা মানুহৰ অপকাৰ নহৈ বৰঞ্চ উপকাৰহে হয়। বানপানীত পোক-পৰুৱা আৰু বেয়া আৱৰ্জনাবোৰ উটি-ভাহি যায়, পলস পৰি শস্যৰ পথাৰবোৰ সাৰুৱা হয় আৰু মাছ-পুঠিও বৃদ্ধি পায়। বানপানীৰ সুযোগ লৈ মানুহে নাৱেৰে গৈ দূৰ-দূৰণিৰপৰা কম খৰচতে আৱশ্যকীয় বস্তু- বাহানি গোটাই আনিব পাৰে। কিন্তু ই যদি প্ৰৱল হয়, তেন্তে উপকাৰতকৈ অপকাৰহে হয় বেছি। ১৯৫০ চনৰ ভূঁইকঁপৰ পাছৰেপৰা আমাৰ দেশত প্ৰায়ে প্ৰতি বছৰে প্ৰৱল বানপানী হৈ থকা দেখা গৈছে। সম্ভৱতঃ ভূঁইকঁপৰ জোকাৰণিত আমাৰ নদীবোৰৰ তলি দাং খাই উঠিছে—যাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। আনহাতে অসমৰ বাৰিষা নিৰ্ভৰ কৰে মৌচুমী বতাহৰ ওপৰত। মৌচুমী বায়ু আগতীয়া হ'লে বাৰিষা আগতীয়া হয়, শেহতীয়া হ'লে বাৰিষাও পলমকৈ হয়। সম্প্ৰতি হাবি-বন, পৰ্বত-পাহাৰ কাটি-ভাঙি মানুহে বসবাস কৰিবলৈ লোৱা বাবে মৌচুমীৰ গতি অনিয়মীয়া হৈ প্ৰাৱল্য বাঢ়িছে। বৰষুণ হ'লে একেৰাহে ধাৰাসাৰে হয়, নহ'লেবা তেনেই খৰাং হৈ থাকে। ফলত কোনো কোনো বছৰত বাৰিষাৰ আৰম্ভণিৰেপৰা শেহলৈ অগা-পিছাকৈ ৪/৫ বাৰ বানপানী হোৱা দেখা গৈছে। অকাল বাৰিষাই অনিষ্ট কৰে; সেয়ে যদি প্ৰৱলতৰ হয় ক্ষয়-ক্ষতিৰ সীমা নথকা হয়, মানুহ- গৰু জীৱ-জন্তুৰ দুখ কুলাই-পাচিয়ে নধৰা হয় ৷ পথাৰৰ শস্য হানিৰ উপৰিও পোহনীয়া গৰু ম'হ, হাঁহ-কুকুৰা, ঘৰ-দুৱাৰ উটি-ভাহি যায়। মানুহ-দুনুহো মৃত্যু-মুখত পৰে। আগৰ কালতকৈ এতিয়াৰ বানপানীত হোৱা মানুহৰ মৃত্যুৰ লেখ বাঢ়িছে। ইয়াৰ কাৰণ হৈছে, আগৰ দিনত বানপানী প্ৰায় সকলোতে সমানভাৱে হৈছিল। মৌচুমী বতাহৰ অনিয়ন্ত্ৰিত গতি আৰু অপৰিকল্পিত বান্ধ-মথাউৰি আদিৰ বাবে আজি-কালি কাল-অকাল যেতিয়াই- তেতিয়াই বানপানী হয় আৰু ক'ৰবাত মথাউৰি ভাঙি, ক'ৰাবাত বা আকৌ পানী বন্ধ হৈ আকস্মিক আৰু অস্বাভাৱিক ধৰণৰ বানপানী হয়। বানপানীয়ে আলি-পদুলি, বান্ধ-মাথাউৰি আদি ছিঙি-ভাঙি বেয়াকৈ অনিষ্ট কৰে। আজি কেইবছৰমানৰপৰা বানপানীৰ লগে লগে ঠায়ে ঠায়ে প্ৰৱল গৰাখহনীয়া হৈ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ কেবাখনো গাঁও-নগৰ নিশ্চিহ্ন হ'বৰ উপক্ৰম হৈছে। 

বানপানীয়ে যে কেৱল বানপানীৰ সময়ছোৱাতে আৰু কেৱল বানপানী বিধ্বস্ত অঞ্চলেৰে অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছতে সচৰাচৰ আকাল আৰু নানান মাৰি মৰকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশকে অভাৱগ্ৰস্ত কৰে। আমাৰ সৰ্বসাধাৰণ ৰাইজ প্ৰায় আটায়ে খেতিয়ক, অৱস্থা এনেয়ে বেয়া, তাতে আকৌ প্ৰতি বছৰতে খেতিৰ অনিষ্ট হ'লে তেওঁলোক চিৰকালৰ কাৰণে দুৰ্ভাগ্যৰ কৰাল গ্ৰাসত পতিত হয়। 

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি-বিশেষে বান-পীড়িত লোকৰ সাহায্যাৰ্থে দান-বৰঙণি আগবঢ়ায় যদিও সিয়ে দুৰ্গতি মোচনৰ কাৰণে যথেষ্ট নহয় । 

ইফালে বানপানীৰ নিচিনা দুৰ্যোগবোৰ ঘনাই হৈ থাকিলে দেশৰ উন্নয়নমূলক আঁচনিসমূহ বাধাপ্ৰাপ্ত হয়। সেইবাবে সাময়িক সাহায্যৰ উপৰিও স্থায়ীভাৱে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা উচিত। কেন্দ্ৰীয় চৰকাৰে তৎকালীন, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন এই তিনিটা পৰ্যায়ত বানপানী নিয়ন্ত্ৰণৰ নীতি গ্ৰহণ কৰিছে যদিও তাৰপৰা অসমে পাবলগীয়া উপকাৰ পোৱা নাই; কিয়নো কেন্দ্ৰীয় চৰকাৰৰপৰা অসমে যথাযথ আৰ্থিক সাহায্য পোৱা নাই। ব্ৰহ্মপুত্ৰ বান-নিয়ন্ত্ৰণ আয়োগ গঠিত হৈছে যদিও কামৰ পিনে একো হোৱা নাই। অসম চৰকাৰে নৈবোৰত মথাউৰি দিয়াৰ ব্যৱস্থা কৰিছে সঁচা ; কিন্তু মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলেই কোনো নহয় কোনো ঠাই আকস্মিকভাবে ভাঙি আৰু কোনো ঠাইত পানী ওলোৱা পথ বন্ধ কৰি হিতে বিপৰীত হোৱাদিহে হৈছে। অসমৰ বান-নিয়ন্ত্ৰণৰ দায়িত্ব অকল অসম চৰকাৰে বহন কৰাটো সম্ভৱপৰ নহয়। সুখৰ বিষয় বৰ্তমান কেন্দ্ৰীয় চৰকাৰে অসম বান-প্ৰপীড়িতসকলৰ কাৰণে আগতকৈ অধিক সাহায্য আগবঢ়াইছে আৰু স্থায়ীভাৱে বান-নিয়ন্ত্ৰণ ব্যৱস্থা লোৱাৰ আশ্বাস দিছে। 

অসমত স্থায়ীভাৱে বান-নিয়ন্ত্ৰণ কৰিবলৈ হ'লে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব, বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন । অৱশ্যে এই কাম সহজসাধ্য নহয়। ইয়াৰ বাবে প্ৰচুৰ ধন আৰু অভিজ্ঞ কাৰিকৰী লোকৰ প্ৰয়োজন হ'ব। কিন্তু এই কাৰ্যৰ উপকাৰিতালৈ চাই চৰকাৰে হোঁহোকা-পিছলা কৰাটো উচিত নহ'ব। ‘গংগাৰো যাত্ৰা, মাহীৰো বাৰ্তা'ৰ নিচিনা একেলগে ইয়াৰ দ্বাৰা দুটা কাম সিদ্ধি হ'ব । অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। বান-নিয়ন্ত্ৰণৰদ্বাৰা অনাৱশ্যকীয় ঠাইৰপৰা পানী উলিয়াই নি আৱশ্যকীয় ঠাইত যোগান ধৰিব পৰা যাব আৰু জল-বিদ্যুৎ উৎপাদন কৰিব পৰা হ'ব। বৰ্তমান অসমত বিদ্যুতৰ চাহিদা অনুযায়ী উৎপাদন বৰ কম। ভাৰতত অন্যান্য ৰাজ্যত নদী-নিয়ন্ত্ৰণৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰপৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত নদী-নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণ একো নাই। 

গৰাখহনীয়া আৰু ভূমিস্খলন প্ৰতিৰোধৰ কাৰণে বুৰুজ (স্পাৰ), বান্ধ আদিৰ উপৰিও বৃক্ষ-ৰোপণত অধিক মনোযোগ দিব লাগিব। ইয়াৰপৰাও দুটা উপকাৰ পোৱা যাব । অসমৰ নদীৰ পাৰৰ মাটি শিমূল জাতীয় গছৰ কাৰণে উপযোগী। এই গছ আকৌ জুইশলা তৈয়াৰ কৰাৰ কাৰণে অপৰিহাৰ্য । অসমৰ ডাঙৰ ডাঙৰ নদীৰ পাৰবোৰত পৰিকল্পিতভাৱে শিমুল গাছ ৰুই দিলে ভূমিস্খলন প্ৰতিৰোধৰ লগে লগে জুইশলা কাৰখানাৰো উপকাৰ হ'ব। 

বান-নিয়ন্ত্ৰণ কৰিবলৈ হ'লে মৌচুমী বতাহৰ গতিও যিমানদূৰ পাৰি নিশ্চিত কৰিবলৈ যত্ন কৰিব লাগিব। অসমৰ হাবি-বন, পৰ্বত-পাহাৰবোৰ জধে-মধে ধ্বংস নকৰি তাক সংৰক্ষণ কৰিলে মৌচুমী বায়ুৰ গতি সুস্থিৰ হ'ব বুলি আশা কৰিব পাৰি । প্ৰৱল বানপানী আৰু অকাল বানপানী দুয়োটাই অনিষ্টকাৰী । মৌচুমীৰ গতি স্থিৰ হ'লে কিছু পৰিমাণে অকাল বানপানীৰপৰা শত সাৰিব পৰা যাব পাৰে । 

প্ৰকৃতিৰ কোনো বস্তুৱে সম্পূৰ্ণৰূপে ধ্বংসকাৰী বা উপকাৰী নহয়। প্ৰকৃতিক আয়ত্তলৈ আনি তাৰ কল্যাণকৰ গুণক কাৰ্যত লগাব পৰাটোতে হৈছে মানুহৰ কৃতিত্ব। পৃথিৱীৰ বহু দেশে বিশেষকৈ নদী-নিয়ন্ত্ৰণ কৰি এনে কৃতিত্বৰ অধিকাৰী হৈছে। অসমৰ নদীসমূহ নিয়ন্ত্ৰিত কৰিব পাৰিলে অসম ভাৰতৰ শস্য আৰু বিদ্যুৎ-শক্তিৰ ভঁৰাল হোৱাৰ খ্যাতি লাভ কৰিব বুলি ভবাটো অলীক সপোন নহ'ব নিশ্চয়।

-- সমাপ্ত --

class 5, class 6, class 7, Class 8, Class 9, class 10, hslc, class 11, hs, class 12 ৰ ছাত্ৰ-ছাত্ৰী সকলে অসমৰ বানপানী সমস্যা - ইয়াৰ কাৰণ আৰু প্ৰতিকাৰৰ উপায়  বিষয়ে ৰচনা কেইখন (Flood in Assam Essay In Assamese) কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)

Previous Post
No Comment
Add Comment
comment url