বিদ্যালয়ৰ বঁটা বিতৰণী সভা - অসমীয়া ৰচনা

ইয়াত আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই বিদ্যালয়ৰ বঁটা বিতৰণী সভা বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

বিদ্যালয়ৰ বঁটা বিতৰণী সভা 

আৰম্ভণি: বঁটা বিতৰণী সভা বিদ্যালয়ত পালন কৰা এটি বছৰেকীয়া উৎসৱ। ভাল কামৰ স্বীকৃতি দি প্ৰতিযোগিতাৰ মনোভাব গঢ়াটোৱে এই সভাৰ মূল উদ্দেশ্য। ছাত্ৰ- ছাত্ৰীয়ে বিদ্যালয়ত দেখুওৱা বিভিন্ন প্ৰতিভাত বঁটা প্ৰদান কৰি উৎসাহ প্ৰদান কৰা হয়। বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত পঢ়া, খেল-ধেমালি, শাৰীৰিক, মানসিক, বৌদ্ধিক আদি দিশত সৰুকালৰে পৰা আগবঢ়াই নিয়াত বঁটা বিতৰণী সভাই ছাত্ৰ-ছাত্ৰীক যথেষ্ট উদ্‌গনি দিয়ে। সেয়েহে প্ৰতি বছৰে বিদ্যালয়ত এই সভা পতা হয় । 

বৰ্ণনাঃ আমাৰ বিদ্যালয়ত প্ৰতি বছৰে বঁটা বিতৰণী সভা পতা হয়। বছৰৰ এটি নিৰ্দিষ্ট দিনত এই সভা পতা হয়। সভাৰ দিনাখন বিদ্যালয়খন বিভিন্নধৰণে সজোৱা হয় । সভাঘৰত চকী-মেজ আদি সজাই এটি ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰা হয়। বহুতো গণ্য-মান্য ব্যক্তি আৰু অভিভাৱকসকলক সভালৈ নিমন্ত্ৰণ কৰা হয়। কোনো এজন ব্যক্তিক সভাপতি, কোনো এজনক মুখ্য অতিথি আৰু কোনোবাক নিৰ্দিষ্ট বক্তাৰ আসনত বহুওৱা হয়। সভাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এটি আৰম্ভণি গীতৰে সভাৰ কাম আৰম্ভ কৰা হয়। প্ৰধান শিক্ষকে বিদ্যালয়ৰ বছৰৰ কাম-কাজৰ প্ৰতিবেদন পাঠ কৰে। সভাৰ কাৰ্যসূচীমতে মুখ্য অতিথিৰ ভাষণ, নিৰ্দিষ্ট বক্তাৰ বক্তব্য, অভিভাৱক বা ৰাইজৰ ভাষণ আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ ভাষণ আদি দিয়া হয়। মাজে মাজে গীত-মাত, দৃশ্য আদি পৰিবেশন কৰা হয়। সভাত সেই বছৰত অভিনয় কৃতকাৰ্যতা দেখুওৱা ছাত্ৰ- ছাত্ৰীসকলক পঢ়াৰ বাবে, খেল-ধেমালিৰ বাবে, সাংস্কৃতিক আদি দিশত কৃতিত্ব দেখুওৱা বাবে বঁটা প্ৰদান কৰা হয়। সভাৰ শেষত সভাপতিৰ ভাষণেৰে সভাৰ কাম সামৰা হয় । তাৰ পিছতে লঘু আহাৰ বিতৰণ কৰি সভাৰ অন্ত পেলোৱা হয় ৷ 

সুফলঃ বঁটা বিতৰণী সভাৰ যোগেৰে ছাত্ৰ, শিক্ষক আৰু অভিভাৱকৰ মাজত এটি ভাল সম্বন্ধ গঢ়ি উঠে। ছাত্ৰ-ছাত্ৰীয়ে বঁটা পোৱাসকলক দেখি নতুন প্ৰেৰণা লাভ কৰে। মনত প্ৰতিযোগিতাৰ ভাবৰ উদ্ৰেক হয়। শিশুসকলৰ ব্যক্তিত্ব বিকাশত সুবিধা হয়। অভিভাৱকসকলে নিজ সন্তানৰ উন্নতি-অৱনতিৰ কথা বুজিব পাৰে। শিক্ষক-ছাত্ৰ আৰু অভিভাৱকে এই সভাৰ জৰিয়তেই নিজৰ ভাবৰ আদান-প্ৰদান কৰিবলৈ সুবিধা পায়। 

সামৰণিঃ বঁটা বিতৰণী সভাখন ছাত্ৰ-ছাত্ৰীৰ বৰ আগ্ৰহৰ অনুষ্ঠান। ছাত্ৰ-ছাত্ৰীসকলে এই দিনটোলৈ বৰ আশাৰে বাট চাই থাকে। এই সভাত দিয়া বঁটাবোৰ তেওঁলোকৰ বাবে অতি মূল্যবান। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক সামাজিক স্বীকৃতি দিয়া বাবে তেওঁলোকৰ হিয়া আনন্দেৰে নধৰা হয়। এই বঁটাৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে নতুন পোহৰৰ সন্ধান পায়। উন্নতিৰ জখলাত আগবাঢ়ি যাবলৈ প্ৰেৰণা লাভ কৰে।

-- সমাপ্ত --


অন্যান্য ৰচনা:
Next Post Previous Post
No Comment
Add Comment
comment url