ভাৰতত স্ত্ৰী শিক্ষা - অসমীয়া ৰচনা

ভাৰতত স্ত্রী শিক্ষা


ভূমিকাঃ প্রাচীন কালৰ পৰা ভাৰতত নাৰীসকল শিক্ষাৰ ক্ষেত্ৰত বিশেষ আগবঢ়া আছিল। ভাৰতৰ প্রখ্যাত সাহিত্য বেদ উপনিষদবােৰত স্ত্রী শিক্ষাৰ প্রচলনৰ আভাস পােৱা যায়। তদুপৰি বহুতাে বিদুষী নাৰীয়ে তর্ক-দর্শন আদি শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰাৰ কথা জনা যায়। বেদৰ সুক্ত কিছুমান নাৰীয়ে ৰচনা কৰা। কিন্তু পৰাধীন দেশত স্ত্রী শিক্ষাৰ বিশেষ প্রসাৰ ঘটা দেখা নাযায়। বিদেশীসকলৰ হেন্দোলনিয়ে ভাৰতীয় নাৰীক যেন সংৰক্ষণশীল হ’বলৈ বাধ্য কৰায়। ইয়াৰ ফলত ভাৰতত নাৰী শিক্ষাৰ অৱস্থা পিছপৰা আৰু এতিয়াও সেই অৱস্থাৰ বিশেষ উন্নতি হােৱা নাই।

ইংৰাজ শাসনত স্ত্রী শিক্ষা : ইংৰাজসকলে ভাৰতীয় নাৰীৰ দুৰৱস্থা দূৰীকৰণ কৰাৰ কাৰণে বিশেষ সচেষ্ট হৈ উঠাৰ প্ৰমাণ পােৱা যায় সতীদাহ প্রথা নিবাৰণৰ সময়ৰ পৰা। নাৰীসকলৰ মাজত শিক্ষাৰ অভাৱেই যে এই ধৰণৰ সামাজিক ব্যাধি প্রসাৰিত কৰি তুলিছিল তাক তেওঁলােকে ভালদৰে বুজি পাইছিল আৰু নাৰী শিক্ষাৰ প্রতি তেওঁলােক সচেতন হৈ পৰিছিল। বিংশ শতিকাৰ আৰম্ভণিৰ লগে লগে স্ত্রী শিক্ষাৰ ক্ষেত্ৰত বিশেষ অগ্ৰসৰ লাভ কৰা হয়। ঠায়ে ঠায়ে স্কুল স্থাপন, ছােৱালীবিলাকৰ বাবে বিশেষ জলপানীৰ ব্যৱস্থা আদিৰে স্ত্রী শিক্ষাক আগবঢ়াই নিবলৈ প্ৰয়াস কৰা হয়। চৰকাৰী পক্ষৰ পৰা প্রকাশ কৰা শিক্ষানীতি ঘােষণাপত্ৰত নাৰী শিক্ষাৰ উন্নতিৰ কাৰণে বিশেষ আঁচনি লােৱাৰ কথা ঘােষণা কৰা হয়। অভিভাৱকসকলৰ মাজত বিশেষ সজাগতা এইসময়ছােৱাত পৰিলক্ষিত হয়। বাল্য বিবাহ ৰােধ কৰা হয়। সাৰদা আইন পাছ হােৱাৰ লগে লগে ছােৱালীবােৰক বিয়া নিদি স্কুললৈ পঠিয়াবলৈ আৰম্ভ কৰা হয়। তদুপৰি মহাত্মা গান্ধীৰ স্ত্রী প্রগতি সম্পৰ্কীয় নব্য চিন্তাধাৰাই অভিভাৱকসকলক বিশেষভাৱে অনুপ্রাণিত কৰিছিল। এইবিলাক কাৰণতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা মেট্রিক পাছ কৰা ছাত্রীৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি পাইছিল। আৰু এনেদৰে স্ত্রী প্রগতিৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিৱর্তনৰ সূচনা হৈছিল।
স্বাধীনতা আন্দোলনে ভাৰতীয় মানুহৰ মাজত জাতীয় চৈতন্যৰ প্ৰসাৰ ঘটায়। পুৰুষসকলে সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত বিশেষ সচেতনতা লাভ কৰে। পশ্চিমীয়া দেশবােৰত নাৰীমুক্তি প্রবল আলােড়নৰ কথা ভাৰতীয়সকলৰ সাহিত্য শিল্পৰ যােগেদি অৱগত হয়। ইয়াৰ ফলত পৰুষসকলে নাৰীসকলৰ শিক্ষা-দীক্ষাৰ প্রতি বিশেষ সচেতন হৈ পৰাৰ ফলত স্বাধীনতাৰ আগমুহূর্ত ভাৰতত নাৰী শিক্ষাৰ প্রতি বিশেষ সজাগতা পৰিলক্ষিত হয়।

স্বাধীনতাৰ কালত স্ত্রী শিক্ষা: স্বাধীনতা লাভৰ পাছত স্ত্রী শিক্ষাৰ প্রতি জনগণৰ মাজত সচেতনতা আৰু অধিক বৃদ্ধি পায়। ১৯৪৮ চনৰ ৰাধাকৃষ্ণণ আয়ােগ, ১৯৫২-৫৩ চনত মুদালিয়াৰ আয়ােগ, ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগ আদিয়ে স্ত্রী শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ আগবঢ়ায়। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়বােৰত নাৰীসকলৰ উপযােগী বিভিন্ন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰি নাৰীসকলক শিক্ষাৰ বাবে বর্ধিত অর্থ আৰু সা-সুবিধাৰ ব্যৱস্থা কৰা হয়। সাধাৰণ শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰ দিশতাে নাৰীসকলে পুৰুষৰ লগত সমানে আগবাঢ়ি যায়। চৰকাৰী সহায় বিভিন্ন নাৰী সংস্থাৰ উদ্যোগ আদিৰ যােগেদি বর্তমান নাৰীসকলৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ প্রয়াস আৰম্ভ হৈছে।

অসমত স্ত্রী শিক্ষা: অসমীয়া সমাজত স্ত্রী শিক্ষাৰ প্রতি আগ্রহ জন্মােৱাত খ্রীষ্টিয়ান মিছনেৰিসকলে এক বিশেষ ভূমিকা লয়। তেওঁলােকে ঠায়ে ঠায়ে ছােৱালীৰ কাৰণে স্কুল পাতে আৰু অসমীয়া মানুহক স্ত্রী শিক্ষাৰ প্রতি আগ্রহী কৰি তুলিবলৈ চেষ্টা কৰে। আমেৰিকাৰ বেপটিষ্ট মিছনেৰিসকলৰ প্ৰচেষ্টাত শিৱসাগৰ, নগাঁও আৰু কামৰূপ জিলাত কেইবাখনাে ছােৱালীৰ প্রাথমিক স্কুল স্থাপিত হয়। ইয়াৰ লগে লগে ছােৱালীৰ বাবে বৃত্তিৰ ব্যৱস্থাও কৰা হয়। ইয়াৰ পাছত ছােৱালীৰ মাধ্যমিক স্কুল আৰু হাইস্কুলত স্থাপিত হ'বলৈ ধৰে। ১৯৩৩ চনত অসমৰ প্রথম ছােৱালী কলেজ লেডিকীন কলেজ চিলঙত স্থাপন হয়। তাৰ পাছত অসমৰ বিভিন্ন ঠাইত ছােৱালী কলেজ স্থাপন হ'বলৈ ধৰিলে। ইয়াৰ লগে লগে নাৰীৰ মাজত শিক্ষাৰ প্রতি আগ্রহ বাঢ়িবলৈ ধৰে। কলেজত সাধাৰণ শিক্ষা গ্রহণৰ উপৰিও নাৰীসকলে কাৰিকৰী শিক্ষাৰ দিশতাে প্রগতি লাভ কৰে। স্বাধীনােত্তৰ কালত চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনীয়াৰিং মহাবিদ্যালয়বােৰত ছাত্রীৰ সংখ্যা আশাজনকভাৱে বৃদ্ধি পালে আৰু সম্প্রতি মেধাবী ডাক্তৰ আৰু ইঞ্জিনীয়াৰ হিচাপে অসমীয়া নাৰীসকলে নিজৰ কৃতিত্বৰ পৰিচয় দাঙি ধৰিলে। বিদেশলৈ উচ্চ শিক্ষার্থে যােৱা অসমীয়া নাৰীৰ সংখ্যা এতিয়া তাকৰ নহয়।
বর্তমান চৰকাৰে স্ত্রী শিক্ষাৰ বিশেষ প্রসাৰৰ কাৰণে কিছুমান আঁচনি গ্ৰহণ কৰিছে। সেইবােৰৰ ভিতৰত উল্লেখযোগ্য হ’ল ছােৱালীক বিনামূলীয়াকৈ শিক্ষাদান, ছাত্রীসকলৰ কাৰণে বেছি সংখ্যক বৃত্তিৰ ব্যৱস্থা কৰা, বয়স্ক শিক্ষাৰ কাৰণে কনডেঞ্চ কুৰ্চ প্রচলন আদি।

অসমত স্ত্রী শিক্ষাৰ সমস্যা: অসমৰ গাঁৱলীয়া সমাজখনত স্ত্রী শিক্ষাৰ বিশেষ প্রসাৰ লাভ কৰিব পৰা নাই। নগৰত থকা ছােৱালীবােৰে যিবােৰ সুবিধা পায় গাঁৱত সেই সুবিধাবােৰৰ পৰা তেওঁলােক বঞ্চিত। সেয়ে গাঁৱলীয়া ছােৱালীবােৰে খুব কম সময়তে পঢ়া-শুনা বাদ দি গার্হস্থ্য জীৱনত সােমাবলৈ বাধ্য হৈ পৰে। ইয়াৰ মূল কাৰণ হ'ল অর্থনৈতিক অনগ্ৰসৰতা। অভিভাৱকসকল আর্থিকভারে পিছপৰা কাৰণে ছােৱালীবােধক ঠিকমতে শিক্ষা দিব নােৱাৰে। ৰক্ষণশীল মনােভাবেও তেওঁলােকক ছােৱালীক পঢ়োৱাতকৈ বিয়া দিয়াৰ প্ৰতিহে বিশেষ আগ্রহী কৰি তােলে। ছােৱালীবিলাকক পঢ়োটো এটা ডাঙৰ সমস্যা বুলিয়ে বহু অভিভাৱকৰ ধাৰণা। তেওঁলােকক পঢ়িবলৈ দিয়াতকৈ ঘৰুৱা কামত পাগত কৰি তােলাৰ ওপৰতহে তেওঁলােকে বিশেষ গুৰুত্ব দিয়ে আৰু এনে ঘৰুৱা কামৰ মাজত আবদ্ধ হৈ তেওঁলােকে পঢ়া-শুনাৰ প্রতি মনােযােগ হেৰুৱাই পেলায়। গতিকে চৰকাৰৰ পক্ষৰ পৰা সহায়ৰ হাত আগবঢ়াবলৈও অভিভাৱকসকলৰ অদূৰদর্শিতাৰ কাৰণেই বহু ছােৱালীয়ে পঢ়া-শুনা কৰাৰ পৰিৱর্তে অবয়সতে কষ্টকৰ গার্হস্থ্য জীৱন চলাবলগীয়া হয়। পিছপৰা অনুন্নত ঠাইৰ পৰা স্কুল-কলেজলৈ অহা - যােৱা কৰাৰ অসুবিধাও অসমৰ নাৰী শিক্ষাৰ এক অন্তৰায় স্বৰূপ। সু যােগাযােগ ব্যৱস্থা, নিৰাপত্তাৰ অভাৱ আদিৰ কাৰণে বহু ছােৱালীৰ মাক - বাপেকে তেওঁলােকক পঢ়োৱাটো পছন্দ নকৰে।
গতিকে যেতিয়ালৈকে দৰিদ্রতা দূৰীকৰণ তথা আর্থিক উন্নয়ন আৰু অভিভাৱক সকলৰ মনৰ পৰা ৰক্ষণশীল মনােভাৱ আঁতৰ কৰিব পৰা নাযাব তেতিয়ালৈকে অসমত স্ত্রী শিক্ষাৰ সুষম বিকাশ নহয়।

সামৰণি: স্ত্রী শিক্ষাৰ ওপৰতেই এখন সমাজৰ প্রগতি নিৰ্ভৰ কৰে। নাৰীয়ে হ’ল ভৱিষ্যতৰ নাগৰিকসকলক গঢ় দিওতা। গতিকে নাৰীসকলৰ মাজক শিক্ষাৰ প্ৰসাৰ ঘটোৱা এক সামাজিক দায়িত্ব হিচাপে প্রত্যেকে গ্রহণ কৰিব লাগে। অসমত নাৰী শিক্ষাৰ দিশলৈ চৰকাৰে যথেষ্ট উৎসাহজনক বৰঙণি আগবঢ়ালেও তাক গ্ৰহণ কৰিবলৈ অভিভারক তথা নাৰীসকল আগবাঢ়ি অহা নাই। এই ক্ষেত্ৰত বিশেষ প্রচাৰ সূচীৰাে দৰকাৰ। নাৰী প্রগতিয়েহে যে দেশৰ সর্বাঙ্গীণ উন্নতিৰ চাবিকাঠি এই কথা সজোৰে প্ৰচাৰিত নােহােৱালৈকে ধী শিক্ষাৰ বিকাশ আৰু প্ৰসাৰ সম্ভৱ নহয়। সেয়ে এই দিশলৈ চকু দিয়াৰ সময় হৈছে।

Next Post
3 Comments
  • Unknown
    Unknown 2/25/2021 11:40 AM

    Thank you so much .....

  • Anonymous
    Anonymous 4/20/2021 9:15 AM

    Fine. I like your essays.

  • Unknown
    Unknown 10/03/2021 7:08 PM

    🙏🙏🙏🙏 thankyou sir

Add Comment
comment url