নিয়মানুৱৰ্তিতা ৰচনা | Discipline essay in Assamese

নিয়মানুৱৰ্তিতাৰ বিষয়ে ৰচনা: ইয়াত অসমীয়াত নিয়মানুৱৰ্তিতাৰ বিষয়ে দুখন ৰচনা (Discipline essay in Assamese) সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই নিয়মানুৱৰ্তিতাৰ বিষয়ে ৰচনা কেইখনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।




নিয়মানুৱৰ্তিতা (ৰচনা নং - ১)

আৰম্ভণিঃ নিয়ম অনুসৰি চলা, নিয়ম মানি চলা স্বভাৱেই হ’ল নিয়মানুৱর্তিতা। জীৱনৰ লক্ষ্য সাধনত সফল হ’বলৈ হ'লে নিয়মানুৱৰ্তিতা লাগিবই। একোজন মানুহে প্রতিদিনে যবোৰ কাম সমাপন কৰিব লাগে তাৰ বাবে নিয়ম-শৃংখলা থকা প্রয়োজন। নহলে খেলিমেলি হৈ কাম কেতিয়াও সম্পূর্ণ নহ'ব। মানুহৰ জীৱনটো কৰ্মৰে সমষ্টি। সৰুতে পঢ়ি-শুনি বিদ্যা অর্জন কৰিব লাগে। যৌৱনত শিক্ষা সাং কৰি মানুহে গার্হস্থ্য জীৱন আৰম্ভ কৰে, তাৰ আগতে অৱশ্যে কৰ্মজীৱন আৰম্ভ কৰে। বাৰ্ধক্যত উপস্থিত হৈ ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা মানুহে আধ্যাত্মিক চিন্তাত মনোনিৱেশ কৰে। এনেকৈ শিক্ষা, কর্মবৃত্তি গ্রহণ, সংসাৰ চিন্তা, আমোদ-প্রমোদ, আহাৰ নিদ্ৰাৰে সাধাৰণ মানুহৰ দৈনন্দিন কর্মসূচী নির্ধাৰিত হৈ থাকে। এই নিয়মৰ লগত সময় সাঙোৰ খাই থাকে। যথাসমত একোটা কাম সম্পন্ন কৰিব নোৱাৰিলে মানুহ অসফল হয়। তাৰ বাবে যেতিয়া অনুশোচনা হয় তেতিয়ালৈ শুধৰণিৰ সময় নাথাকে। সময় জ্ঞানৰ অভাৱে মানুহৰ জীৱনলৈ দুঃখ-কষ্ট কঢ়িয়াই আনে।

সময়ৰ ধাৰণাঃ নিয়মানুৱৰ্তিতাৰ লগত সময়ৰ পোনপটীয়া সম্পর্ক আছে। সেইবাবে সময়ৰ ধাৰণাটো স্পষ্ট হৈ নাথাকিলে মানুহে নিয়মানুৱৰ্তিতাৰ তাৎপর্যও উপলব্ধি কৰিব নোৱাৰে। এনেয়ে সময় বুলিবলৈ একো নাই; কিন্তু মানুহ কৰ্মশীল আৰু ক্রিয়াশীল হৈ থাকিবলৈ সময়ৰ চেতনা অনিবার্য। সময়ক পাখি লগা কাঁড়ৰ সতে তুলনা কৰা হয়। পাৰহৈ যোৱা সময়ক কেতিয়াও ঘূৰাই আনিব নোৱাৰি। সামান্য সময়ৰ ইফাল-সিফাল হলেই কেতিয়াবা কামত সিদ্ধি লাভ নহয়। নেপোলিয়নে নিচেই সামান্য সময়ৰ হেৰফেৰ হোৱাৰ কাৰণেই যুদ্ধত পৰাজয় বৰণ কৰিছিল।

সময় অনুসৰি নিয়মানুৱৰ্তিতাৰে কাম সম্পাদন কৰিব পাৰিলে জীৱন সুন্দৰ আৰু  সমৃদ্ধ হয়। দেশৰ উন্নতিৰ কথা ক’বলৈ যাওঁতে আমি সততে পশ্চিমৰ দেশবোৰৰ উদাহৰণ দিওঁ। তেনে দেশৰ প্ৰগতিৰ চাবিকাঠি হ’ল কঠোৰ নিয়মানুবর্তিতা। তাৰ মানুহে এলাহ আৰু তুচ্ছ আমোদ-প্রমোদত দিন কটাবলৈ নিবিচাৰে। উন্নত দেশৰ পুৰুষ-মহিলা, শিশু-বৃদ্ধসকলোৱেই সময়ৰ সতে উপযুক্তভাৱে জীৱন মিলাই আগবাঢ়ে। সময়ৰ টিকনিডাল সেইবাবে আগফালে থাকে বুলি কোৱা হয়। দুর্ভাগ্যৰ কথা আমাৰ দেশত এতিয়াও সময় অনুসৰি জীৱনক নিয়ন্ত্রণ কৰাৰ অভ্যাস ভালকৈ গঢ় লৈ উঠা নাই। জীৱনটো নিচেই চুটি আৰু কৰ্মৰেহে জীৱনক জোখা উচিত। এইকথা ভালদৰে বুজিব নোৱাৰিলে মানুহ পদে পদে সমস্যাৰ সন্মুখীন হয়। |

জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাঃ আন দেশৰ আৰ্হিৰ পৰা পোৱা অনুপ্ৰেৰণাৰ বাবে ভাৰতীয়সকলেও সম্প্রতি কৰ্মৰ মূল বুজিবলৈ লৈছে আৰু নিয়মানুৱৰ্তিতা জীৱনক গঢ় দিবলৈ শিকিছে। কিন্তু অসমত দুখ লগাকৈ এনে ধাৰণাৰ  অভাৱ চকুত পৰে। কাম কৰিবলৈ অসমীয়া মানুহক বাৰে বাৰে সকীয়নী দিব লাগে। মহৎলোকৰ জীৱনীৰ পৰা বহুত কথাই শিকিব পাৰি। কিন্তু তেনে শিকনি বহুতেই ল’ব নোখোজে। উদাহৰণ স্বৰূপে আমাৰ কৰ্মচাৰীসকলে সময় মতে অফিচলৈ নাহে আৰু  সময়ৰ কাম সময়ত নকৰে বুলি সঘনে অভিযোগ পোৱা যায়। এইটো এটা অপ্রিয় সত্য  যে তেনেলোকৰ অধিকাংশই  এলেহুৱা আৰু অকাৰণে সময় নষ্ট কৰাত অভ্যস্ত। মানহৰ জীৱনটো দুর্লভ। আমি সকলোৱেই সচেতনভাৱে মানৱ কল্যাণৰ হকে নিজকে নিয়োগ কৰা উচিত। মনত ৰাখিব লাগিব যে ব্যক্তি জীৱনৰ উন্নতিৰ লগতে সমাজ, জাতি আৰু দেশৰ উন্নতিৰ হকে ব্ৰতী হোৱা প্রয়োজন। সেইবাবে এলাহ পৰিহাৰ কৰি চুটি জীৱনটোক অর্থপূর্ণ কৰি তুলিবলৈ জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন ঘটোৱাটো প্রয়োজন হৈ পৰিছে।

সামৰণিঃ জীৱনৰ অৰ্থ আৰু তাৎপর্য সম্পর্কে জনাবুজা হোৱাৰ পৰা এটা ধাৰণা থাকিব লাগে। তেতিয়া জীৱনৰ আদি পর্বতে নিয়মানুৱর্তিতাৰ পাঠ আহৰণ কৰিব পাৰি। এই ক্ষেত্ৰত স্বাভাৱিকতে অভিভাৱকসকলেও উপযুক্ত দায়িত্ব আৰু কর্তব্য পালন কৰিব লাগে। এই বিষয়ে পাঠ্যপুথিৰ পৰা শিকা কথাবোৰ ব্যৱহাৰিক জীৱনত ছাত্র-ছাত্রীয়ে যাতে প্রয়োগ কৰিব পাৰে আভিভাৱকে তালে চকু দিয়া উচিত। সৰুৰে পৰা সময়জ্ঞান শুদ্ধভাবে আহৰণ কৰিব পাৰিলেহে জীৱনজুৰি তাৰ পৰা ভাল ফল লাভ কৰিব পাৰি। সেয়ে নহ'লে মানহে  উন্নতিৰ জখলাত বগাবলৈ সমর্থনহয়।



নিয়মানুৱৰ্তিতা (ৰচনা নং - ২)

জগতৰ সৃষ্টিৰ প্রক্রিয়া বা ঘটনা প্রবাহলৈ লক্ষ্য কৰিলে বুজা যায় যে এই গোটেই  জগতখন কিছুমান নিদিষ্ট নিয়মৰদ্বাৰা পৰিচালিত। নিয়মৰ সামান্য হীন-ডেঢ়িতে একো একোটা ডাঙৰ অঘটন ঘটিছে। প্রকৃতি-জগৎ নতুবা প্রাণী-জগততো দেখোঁ নিয়মৰ ৰাজত্ব। মানুহো ইয়াৰ ব্যতিক্রম হ’ব নোৱাৰে। ঘৰ-সমাজ-দেশ সুচাৰুৰূপে পৰিচালিত হৈছে কিছুমান নিয়মৰ মাজেদিহে। নিয়ম-শৃঙ্খলাৰ মাজেৰে যি গতি, দৰাচলতে সেয়ে প্রগতি, সেয়ে সভ্যতা ; গতিকে নিয়ম-শৃঙ্খলা মানুহে মানিবই লাগিব। অৱশ্যে সময় উপযোগীকৈ নিয়ম পৰিৱৰ্তন কৰি ল'ব লগা হ'ব পাৰে। নির্দিষ্ট নিয়ম-শৃঙ্খলাৰ প্ৰতি - আনুগত্যই হ’ল নিয়মানুৱৰ্তিতা।

মানৱ জীৱনৰ সকলো ক্ষেত্ৰত নিয়মানুৱৰ্তিতাৰ বিশেষ উপযোগিতা আছে। উচ্ছৃঙ্খল লোকে জীৱনত কোনো দিনে উন্নতি কৰিব নোৱাৰে, বৰং উচ্ছৃঙ্খলতাই জীৱন ধ্বংসহে কৰে। যিখন ঘৰত নিয়ম-শৃঙ্খলা নাই, সেইখন ঘৰ গুচি বাঁহ-তল হয়। আটোমটোকাৰিকৈ সজোৱা বাৰী-ঘৰ দেখিলে যেনেকৈ ভাল লাগি যায়, তেনেকৈ নিয়ম-শৃঙ্খলাৰ মাজেৰে পৰিচালিত পৰিয়ালতো সুখ-শান্তিয়ে বিৰাজ কৰে। নিয়ম-শৃঙ্খলা নোহোৱা সমাজ সমাজেই নহয়। নিয়ম-শৃঙ্খলাহীন হলে দেশ অৰাজক হয় আৰু নাগৰিকৰ জীৱন বিপদাপন্ন হয়। নিয়ম-শৃঙ্খলা ভঙ্গ কৰিলে স্কুল-কলেজতো পঢ়াৰ পৰিৱেশ নষ্ট হয় আৰু ফলত ছাত্র ছাত্ৰীৰ অনিষ্ট হয়। খেলপথাৰত খেলিবলৈ গৈ খেলৰ নিয়ম-শৃঙ্খলা নামানিলে খেল গৈ কাজিয়াতহে পৰিণত হ'ব। শৃঙ্খলাৰে কাম কৰি গ'লে কঠিন কামো উজু হয়,বহুত কামেও জুমুৰি দি ধৰিব নোৱাৰে আৰু তেতিয়া সকলো কাম সুকলমে সমাধা হয়। সৈন্যবাহিনী, আৰক্ষীবাহিনী আদিলৈ লক্ষ্য কৰিলেই আমি নিয়ম-শৃঙ্খলাৰ আৱশ্যকতা কিমান তাক সহজে বুজিব পাৰোহঁক। এই দুয়োটা বিভাগতে ওপৰৱালাৰ আদেশ তলতীয়া কৰ্মচাৰীয়ে , বিনা বাক্যে পালন কৰিব লাগে এনে নহ'লে দেশৰক্ষা বা দেশৰ শান্তিৰক্ষা হ'ব নোৱাৰে। সেনাপতি বা তেনে জাতীয় বিষয়াই যদি তলতীয়া সৈনিকক আদেশ মনাব নোৱাৰে বা সৈনিকসকলেই যদি আদেশ অমান্য কৰে, তেনেহ'লে সেই সৈন্যদলে দেশ ৰক্ষা কৰা দূৰৈৰ কথা, নিজেহে অচিৰাৎ শত্ৰুৰ কবলত পৰিব। সেইদৰে আৰক্ষী বাহিনীৰ নিজৰ মাজতে শৃঙ্খলা নাথাকিলে, সেই আৰক্ষীদলে দেশৰ নিয়ম-শৃঙ্খলা কিদৰে ৰক্ষা কৰিব?

সমাজৰ সকলো মানুহৰ বুদ্ধিবৃত্তি সমান নহয়। সকলোৱে সমাজক নেতৃত্বও দিব নোৱাৰে। উপযুক্ত নেতাৰ পৰিচালনাত সমাজ আৰু দেশ আগবাঢ়ি যায়। এনেকুৱা নেতাৰ নেতৃত্ব সমাজৰ সকলোৱে মানি চলা উচিত। প্রত্যেকেই যদি নেতা হয়, আদেশ মানিব কোনে ? ‘কেৱে কাকো নোবোলে ককা, আটাইৰে দাঢ়ি-চুলি পকা’ হলে সমাজ বা দেশৰ উন্নতি কেনেকৈ হ'ব?

গতিকে জীৱনক নিয়মিত কৰি সমাজ আৰু দেশৰ শৃঙ্খলা অটুট্‌ ৰাখি নিজৰ সমাজ আৰু দেশৰ উন্নতিৰ কাৰণে সকলোৱে যত্নপৰ হোৱা উচিত। তাকে কৰিবলৈ হ'লে ছাত্র অৱস্থাৰপৰাই নিয়মানুৱর্তী হ’বলৈ অভ্যাস কৰিব লাগিব। ছাত্ৰই ঘৰত অভিভাৱকৰ আৰু স্কুলত শিক্ষকৰ অনুশাসন মানি চলাটো নিতান্ত উচিত। সামাজিক নিয়ম-শৃঙ্খলা ৰক্ষা কৰাটোও তেওঁলোকৰ কর্তব্য।

এইটোও ঠিক যে সৈন্য-বিভাগ, আৰক্ষী বিভাগ, স্কুল-কলেজ আৰু সমাজৰ নিয়ম-নীতি একে পর্যায়ৰ নহয়। সৈন্য-বিভাগ, আৰক্ষী-বিভাগ আৰু বিদ্যালয়সমূহৰ নিয়ম নীতিবোৰ দেশ পৰিচালনাৰ দায়িত্বত থকা লোকসকলে বিশেষ বিচাৰ-বিবেচনা কৰি নিৰ্ধাৰণ কৰে। সময় সাপেক্ষে সেইবোৰ নিয়ম শুধৰায়ো লোৱা হয়; কিন্তু সমাজৰ প্রচলিত নিয়মবোৰ তেনে নহয়। এই নিয়মবোৰ গতানুগতিক আৰু সময়ত গৈ ই কেতিয়াবা প্ৰগতিৰ অন্তৰায় হৈও দেখা দিয়ে। এই নিয়ম-নীতিবোৰত অভ্যস্ত অভিভাৱকসকলে ছাত্ৰসকলৰপৰাও তাৰ প্রতি আনুগত্য বিচাৰে। এনে ক্ষেত্ৰত এই নিয়মনীতিক প্রত্যাহ্বান জনোৱাৰ আৱশ্যক হৈ পৰে আৰু এই প্রত্যাহবান তৰুণ বা ছাত্ৰসকলৰপৰাই অহাটোৱে স্বাভাবিক। কিন্তু তাকে কৰোঁতে ছাত্ৰসকলে বিনয় আৰু যুক্তি বিৱেচনাৰে আগবঢ়া উচিত। ভঙা সহজ, গঢ়াহে টান’। নীতি-নিয়ম ভাঙিবলৈও নীতি-নিয়ম লাগে। শৃঙ্খলাৰ দ্বাৰাহে শৃঙ্খলা ঘূৰাই আনিব পাৰি এই কথাষাৰ আমাৰ ছাত্ৰসকলে পাহৰিব নালাগিব।


Next Post Previous Post
No Comment
Add Comment
comment url