সৰস্বতী পূজা - অসমীয়া ৰচনা | Saraswati Puja - Assamese essay

সৰস্বতী পূজাৰ বিষয়ে ৰচনা: ইয়াত সৰস্বতী পূজাৰ বিষয়ে দুখন ৰচনা (Saraswati puja essay in Assamese) সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই সৰস্বতী পূজাৰ বিষয়ে ৰচনা কেইখনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।




সৰস্বতী পূজা (ৰচনা নং - ১)

আৰম্ভণিঃ সকলো মানুহেই আনন্দ উপভোগৰ হাবিয়াস কৰে। জীৱনত আচলতে সুখতকৈ দুখৰ ভাগ বেছি। তাৰে উপশম ঘটাবলৈ মানুহে আনন্দ কৰিবলৈ বিচাৰে। উৎসৱ-পার্বণে তেনে আনন্দ আনি দিয়ে। মানুহে তেতিয়া দুখ-বেজাৰ পাহৰি জীয়াই থকাৰ প্রেৰণা লাভ কৰে।

সৰস্বতী পূজাৰ উদ্দেশ্যঃ সৰস্বতী পূজাও এটা উৎসৱ। পৰম্পৰাগতভাৱে চলি অহা পূজাৰ ব্যৱস্থাটো অলপ কমিলেও ইয়াৰ লগত জড়িত থকা আধ্যাত্মিক আৰু নৈতিক তাৎপর্য হ্রাস হোৱা নাই। সৰস্বতী হ'ল বিদ্যাৰ অধিষ্ঠাত্রী দেৱী। সেইবাবে বিদ্যা আৰু জ্ঞান অধিকাৰীৰূপে শিক্ষার্থীসকলে সৰস্বতী পূজা পাতে। মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্রীপঞ্চমী পূজা বুলিও কয়।

সৰস্বতী পূজাৰ তাৎপর্যঃ বিদ্যাই মানুহৰ মনৰ অন্ধকাৰ দূৰ কৰে, জ্ঞানে তাক পৱিত্ৰ কৰে। সেই বাবে শুক্লবর্ণা সৰস্বতীক অকল ছাত্র-ছাত্রীয়েই যে পূজা কৰে তেনে নহয়, জ্ঞান অর্জনৰ বাবেব্ৰতী থকা সকলোৱেই প্রতীকি ৰূপত বিদ্যাৰ অধিষ্ঠাত্রী দেৱীক পূজা কৰে। পূজাৰ সুবিধাৰ বাবে সৰস্বতীৰ এটা সাকাৰ মূর্তি আমি দেখিবলৈ পাওঁ। সূক্ষ্মভাৱে চালে ইয়াক কলাৰ পূজা বুলিব পাৰি। সৰস্বতীৰ হাতত এহাতে বীণা আৰু আনহাতে কিতাপ থাকে। ইয়াৰ যোগেদি সাহিত্য, কলা আৰু সংগীতৰ মিলনক প্রতীকি ৰূপত গ্রহণ কৰিব পৰা যায়। সেইবাবেই কবি, সাহিত্যিক, চিত্ৰকৰ, গীতিকাৰ, গায়ক, শিক্ষক, ছাত্র ছাত্ৰী সকলোৱে ভক্তি আৰু শ্ৰদ্ধাৰে সৰস্বতীৰ বন্দনা কৰে। স্কুল, কলেজসমূহৰ ই এটা নিয়মীয়া বার্ষিক কাৰ্যসূচী।

বৰ্তমানৰ ৰূপঃ আজিকালি ঘাইকৈ স্কুল, কলেজসমূহত আনুষ্ঠানিকভাৱে বিভিন্ন আঁচনিৰে সৰস্বতী পূজা পতা হয়। ৰাজহুৱাভাৱেও নগৰবোৰত সৰস্বতী পূজা পতা দেখা যায়। দিনটীয়াকৈ পতা এনে উৎসৱৰ আগবেলা পূজা অথবা নাম প্রসঙ্গই প্রাধান্য লাভ কৰে। ছাত্র-ছাত্রীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি তাত অংশগ্রহণ কৰে। পুস্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল উপবাসে থাকে। পূজা অথবা নাম প্রসঙ্গ শেষ হোৱাৰ পাছত মাহ-চাউল বিলোৱা হয়। তাৰপাছতে অতিথিসকলক চাহ, লুচি আদিৰে আপ্যায়ন কৰা হয়। ছাত্র-ছাত্রী আৰু শিক্ষকসকলে একেলগে প্রীতিভোজন কৰে। | সুকুমাৰ কলাৰ সতে সম্পর্ক থকা আন বিভিন্ন কার্যসূচীও পতা হয়।বাণী সন্মিলন অথবা কবিতা পাঠৰ অনুষ্ঠান পতাও দেখা যায়। সন্ধিয়ালৈ কোনো কোনোৱে বিচিত্রানুষ্ঠানৰ আয়োজন কৰে। এটা সময়ত গুৱাহাটী মহানগৰীৰ স্কুল-কলেজৰ উপৰি হোষ্টেলে হোষ্টেলে সৰস্বতী পূজাৰ আয়োজন চলিছিল। কোনে কিমান ধুনীয়াকৈ মূর্তি স্থাপনত সাজ-সজ্জা কৰিব পাৰে সেই লৈ প্রতিযোগিতা হৈছিল। লগতে গে’ট সজালৈ প্রতিযোগিতা চলিছিল। এইসকলোবোৰ কথাই সৰস্বতী পূজাৰ লগত জড়িত থকা কলাসন্মত দিশলৈকে আঙুলিয়াই দিয়ে। পূজাৰ পাছদিনা বিয়লিভাগলৈ দেৱী বিসর্জন দিয়া হয়। ধূপ-ধুনাৰে সুবাসিত কৰি দেৱী-মূর্তিক লৈ ছাত্র-ছাত্রীয়ে শোভাযাত্রা কৰি সাধাৰণতে ডাঙৰ নদ-নদীত দেৱীক বিসর্জন দিয়ে। উৎসৱৰ আনন্দ এইদৰেই শেষ হয়।

সামৰণিঃ আন দেৱ-দেৱীৰ পূজাতকৈ সৰস্বতী পূজাৰ এটা সুকীয়া বৈশিষ্ট্য আছে। ইয়াৰ প্রথম কাৰণটো হল যে অধ্যয়নক তপস্যাৰূপে গ্রহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেই এক বিশিষ্ট উৎসৱ। ইয়াৰ লগত জড়িত প্ৰতিটো দিশৰে এটা কলাত্মক আৰু বিদ্যায়তনিক দিশ আছে। ই ছাত্ৰ-ছাত্ৰীৰ মনত পৱিত্ৰতাৰ ধাৰণা আৰোপ কৰি অধ্যয়নৰ প্রতি অধিক মনোনিৱেশ কৰাত তেওঁলোকক উদগনি যোগাব পাৰে। বর্তমান বিজ্ঞানৰ যুগত আমাৰ দেশত পূজাৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ অনুৰাগৰ বিষয়টোৱে বিতর্কৰ সূত্ৰপাত কৰা দেখা। যায়। আনহাতে কিন্তু সত্যনাৰায়ণ পূজা, গণেশ পূজাৰ প্রাধান্যও চকুত নপৰাকৈ নাথাকে। বিভিন্ন ধৰ্মৰ ছাত্র-ছাত্রী একগোট হৈ সৰস্বতীক উপাসনা কৰি এই উৎসৱ পালন কৰাটো নিশ্চয় আদৰণীয়। ছাত্ৰ-ছাত্ৰীসকলে মুকলি মনেৰে অংশগ্ৰহণ কৰা এই উৎসৱে তেওঁলোকৰ মনৰ দিগন্ত প্রসাৰিত কৰে। 




সৰস্বতী পূজা (ৰচনা নং - ২)

উৎসৱ, আনন্দ সকলো মানুহে ভাল পায়। বেদনা-ক্লিষ্ট মানৱে সংসাৰ-যাত্ৰাত নানা ঘাত প্রতিঘাতৰ মাজেদি আহোঁতে যেতিয়া কোনো উৎসৱত ভাগ ল'ব পাৰে, তেতিয়া খন্তেকৰ কাৰণে হ'লেও সেই উৎসৱৰ ৰেঙনিয়ে তেওঁলোকৰ অন্তৰৰ দুখ-বেজাৰ নিৰাময় কৰি তেওঁলোকক জীয়াই থকাৰ প্ৰেৰণা যোগায়। জীয়াই থকাৰ অনুপ্ৰেৰণা পায় বুলিয়ে আদিম যুগৰপৰা মানৱ-সমাজে নানা উৎসৱ পালন কৰি আহিছে। সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্রী দেৱী। তেওঁক বাগদেৱী বীণাপাণি বুলিও কোৱা হয়। শিক্ষার্থীয়ে তেওঁক বিদ্যা আৰু জ্ঞানৰ অধিকাৰী দেৱী বুলি জ্ঞান কৰি প্ৰতি বছৰে মাঘ মাহৰ পঞ্চমী তিথিত পূজা-অর্চনাৰ বাবে এই উৎসৱ পাতে। 

সৰস্বতীৰ আন নাম ‘বাণী’। বাণী জ্ঞান আৰু বিদ্যাৰ প্রতীক। বিদ্যাক আর্য ঋষি মুনিসকলে শুক্লৰূপে কল্পনা কৰিছিল। কাৰণ বিদ্যা সকলো মলিনতা আৰু কলুষতাৰ ওপৰত। বিদ্যাই মানুহৰ অন্তৰৰ সকলো অন্ধকাৰ দূৰ কৰি জ্ঞান-পৱিত্ৰতাৰে অন্তৰ শুদ্ধ কৰে। সেই দেখিয়ে বোধ হয় তেওঁলোকে এইজনা দেৱীক শুক্ল বস্ত্র পৰিধান কৰাই শ্বেত-পদ্ম আসনত বহৱাই, হংসবাহন দি পূজা-অর্চনা কৰিছিল। প্রতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমীতে তেওঁৰ পূজা কৰা হয় বাবে সৰস্বতী পূজাক শ্রীপঞ্চমী পূজা বুলিও কোৱা হয়। 

সৰস্বতী অকল ছাত্ৰৰে দেৱী, তেনে নহয়। কিয়নো দেৱীৰ হাতত থকা বীণা আৰু কিতাপে জ্ঞান, বিদ্যা আৰু সঙ্গীতৰ মাজত যে এক গভীৰ সম্বন্ধ আছে, তাকে বুজাইছে। সাহিত্য, সঙ্গীত আৰু আন সুকুমাৰ কলা এডাল সূতাৰে গঁথা—এটাক বাদ দি আনটো পূর্ণ নহয় দেখিয়ে তেওঁৰ মূৰ্তিত বীণা আৰু কিতাপ অংকিত কৰা হৈছে। সেই দেখিয়ে কবি, সাহিত্যিক, চিত্ৰকৰ, গীতিকাৰ, গায়ক, শিক্ষক, ছাত্র-ছাত্রী আদিয়ে ভক্তি আৰু শ্ৰদ্ধাৰে তেওঁৰ পূজা-অর্চনা কৰে। তথাপি উৎসৱ হিচাপে প্রধানতঃ ই ছাত্ৰসৱৰে উৎসৱ। স্কুল, কলেজ আৰু আন সকলো শিক্ষানুষ্ঠানৰ বিদ্যার্থীয়ে তেওঁলোকৰ এই উৎসৱটো নিজৰ বুলি বিৱেচনা কৰি আদিৰ পৰা অন্তলৈ ইয়াত ভাগ লয়। 

ছাত্ৰ-ছাত্ৰীয়ে পূজাৰ কেইদিনমান আগৰেপৰা দেৱীৰ মন্ডপ সজাত ব্যস্ত থাকে। দেৱীৰ পূজাৰ আগদিনাখন সন্ধিয়া তেওঁৰ গুণ-গান গাই মন্ডপত প্রতিষ্ঠা কৰে। পূজা-অর্চনাৰ বাবে আৱশ্যকীয় সকলো বস্তুৰে সেইদিনাই জা-যোগাৰ কৰি ৰখা হয়। পূজাৰ সকলো কাম সুকলমে সমাধা কৰিবৰ বাবে এখন পূজা-কমিটিও গঠন কৰা হয়। সেই কমিটিত এজন সভাপতি, এজন সম্পাদক, এজন ধন-ভঁৰালী আৰু কেইজনমান সদস্য থাকে। পূজাৰ সকলো দায়িত্ব তেওঁলোকৰ ওপৰতে ন্যস্ত থাকে। পূজাৰ দিনাৰাতিপুৱাৰপৰাই ছাত্ৰ-ছাত্ৰীৰ মনত উখল-মাখল লাগে। পৰিষ্কাৰ সাজ-পাৰ পিন্ধি তেওঁলোকে পূজাৰ আদিৰেপৰা অন্তলৈকে ব্যস্ত হৈ থাকে। পূজাৰ দিনা পুস্পাঞ্জলি নিদিয়ালৈকে তেওঁলোকে কোনো আহাৰ নাখায়। ছাত্ৰৰ বাবে যেন ই এটা উপবাস। উপবাসে অন্তৰ শুদ্ধ কৰে। সেই দেখিয়ে এখন শুদ্ধ অন্তৰেৰে পৱিত্ৰ ভাব মনত লৈ বিদ্যাৰ অধিষ্ঠাত্রী দেৱীক ফুল, তুলসী আৰু বেলপাত হাতত লৈ পুৰোহিতৰ লগে লগে ‘সৰস্বতৈ নমো নিত্যং ভদ্রকল্যৈ নমো নমঃ’ মন্ত্র উচ্চাৰণ কৰি তেওঁৰ শ্ৰীচৰণলৈ পুষ্পাঞ্জলি অর্পণ কৰে। পুৰোহিতে বিহিত ব্যৱস্থা মতে তেওঁৰ পূজা কৰে আৰু মন্ত্রও উচ্চাৰণ কৰে। দেৱীৰ সন্তোষৰ বাবে ‘হোম’ বা যজ্ঞও কৰে। সেই যজ্ঞৰ ছাইৰ ফোঁট সকলো বিদ্যার্থীৰ কপালত দিয়া হয়। বিদ্যার্থীসকলেও ভক্তিৰে সৈতে তেওঁক যেন দেৱীয়ে জ্ঞান, বিদ্যা দিবলৈ তেওঁৰ কণ্ঠত থাকে, সেই আশাৰে তেওঁৰ প্রতি শতবাৰ প্রণাম জনায়। পূজাৰ অন্তত ছাত্র-ছাত্রী তথা সভাসদ ৰাইজে মাহ-প্ৰসাদ খায়। সেইদিনাই শিক্ষানুষ্ঠানৰ শিক্ষক-ছাত্ৰই একেলগে প্রীতিভোজন কৰে। এই ভোজনত আছে এক অনাবিল আনন্দ আৰু ছাত্ৰৰ মাজত জগাই তোলে ভাতৃত্বৰ ভাব। 

পূজাৰ দিনা আবেলি ছাত্র-ছাত্রীয়ে নিমন্ত্রিত বিশিষ্ট অতিথিবর্গক চাহ-জলপান আদিৰে আপ্যায়িত কৰে। গধূলি দেৱীৰ সন্মুখত তেওঁৰ সন্তুষ্টিৰ বাবে আৰতিৰ ব্যৱস্থা কৰে। ৰাতিলৈ ছাত্র-ছাত্রীসকলে নাটক, ভাওনা, বিচিত্রানুষ্ঠান, সঙ্গীতানুষ্ঠান আদিৰ ব্যৱস্থা কবে। ইয়াৰ যোগেদি তেওঁলোকৰ সুকুমাৰ কলা বিকাশৰ সুবিধা হয়। পাছদিনা দেৱী বিসর্জনৰ দিন। দেৱীক ধূপধূনাৰে পূজা কৰি তেওঁৰ মূর্তি লৈ শোভাযাত্রা কৰে। দেৱী বিসর্জনৰ শোভাযাত্রাই উৎসৱৰ শেষ আনন্দ। এই আনন্দৰ দিনতে দেৱীৰ নামত বিভিন্ন ধ্বনি, গীত মাতেৰে তেওঁক কোনো জলাশয়ত বিসর্জন দি পূজাৰ সামৰণি মাৰে। 

দুর্গাপূজাৰ দৰে সৰস্বতী পূজাত বেছি জাকজমকতা নাই যদিও এই পূজাত ছাত্ৰ-ছাত্ৰীৰ অন্তৰত এক পৱিত্ৰ ভাবে ঠাই পায়। দেৱীৰ শুক্ল পৰিধানে, তেওঁৰ ৰঞ্জিত হাতত থকা বীণা আৰু কিতাপে, তেওঁৰ ভৰিৰ তলত থকা শুভ্র পদুম পাহে আৰু ওচৰতে নীলা পানীত চৰি থকা শুভ্র শুকুলা হাঁহজনীয়ে বিদ্যার্থীৰ মনত এক শান্ত সৌন্দর্যৰ ৰেখাপাত কৰে। জ্ঞান আৰু বিদ্যাৰ প্রতি শিক্ষার্থীৰ অন্তৰত ধাউতি জন্মায়। শিক্ষক বা গুৰুজনাৰ প্রতি শ্রদ্ধাভাৱৰ উদ্রেক হয়। ছাত্ৰই পৰস্পৰে পৰস্পৰক ভাতৃত্বৰ ডোলেৰে আঁকোৱালি লোৱাৰ সুবিধা পায়। দেৱীৰ পূজা-অর্চনাৰ কামৰ মাজেদি ছাত্রই আদর্শ ল’ব পাৰে সমাজ সেৱাৰ আৰু জাগ্রত কৰে তেওঁলোকৰ কোমল অন্তৰত থকা কর্মচেতনা।


অন্যান্য ৰচনা:
Next Post Previous Post
No Comment
Add Comment
comment url